অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট প্ৰতিৰোধী পাচলি ব্ৰক’লি :

 

বহু ঔষধি গুনবিশিষ্ট তথা ৰোগ প্ৰতিৰোধী উপাদানেৰে ভৰা ব্ৰক’লি(Broccoli) এবিধ ফুলকবি জাতীয় সেউজীয়া পাচলি। ইয়াৰ একাধিক প্ৰজাতি আছে। এইবিধ পাচলি তুলনামূলকভাৱে আমাৰ গাঁও অঞ্চলৰ বাবে নতুন। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘ব্ৰেচিকো ওলেৰাচিয়া’(Brassico oleracea)। এইবিধ পাচলিৰ উৎপত্তিস্থল হৈছে ইটালি। ইয়াক দেখিবলৈ ফুলকবিৰ দৰে। ইয়াৰ ৰং সাধাৰণতে সেউজীয়া যদিও বগা আৰু বেঙুনীয়া ৰঙৰো ব্ৰক’লি পোৱা যা।

ব্ৰক’লি এবিধ অত্যন্ত পুষ্টিকাৰক পাচলি। এইবিধ পাচলিত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ এ, চি, কে, ই আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ, প্ৰোটিন, কেলচিয়াম, কাৰ্বোহাইড্ৰেট, পটাছিয়াম, মেগনেছিয়াম, জিংক, ফছফৰাছ, ছডিয়াম, ফলেট, ক্ৰনিয়াম আদি বিভিন্ন খনিজ মৌল পোৱা যায়। ব্ৰক’লিৰ বাহিৰে ইমান পৌষ্টিক উপাদান একেলগে অন্য পাচলিত পোৱা নাযায়।

এইবিধ পাচলিত ‘গ্লুক’ছিন’লেটছ’ আৰু ‘ছালফ’ৰাফেন’ নামৰ একাধিক গুৰুত্বপূৰ্ণ উপাদান থাকে, যিয়ে দুৰাৰোগ্য কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীৰ পৰীক্ষাত প্ৰমাণিত হৈছে। কুমলীয়া অৱস্থাৰ ব্ৰক’লিত এই ‘ছালফ’ৰাফেন’ নামৰ উপাদানবিধ যথেষ্ট পৰিমাণে পোৱা যায়।

বহুগুণী ব্ৰক’লিৰ বিভিন্ন গুণসমূহ -

অন্যান্য পাচলিৰ তুলনাত ব্ৰক’লিৰ কৰ্কট প্ৰতিৰোধী গুণ বহুগুণে বেছি বুলি আজি সমগ্ৰ বিশ্বতে ইয়াৰ আদৰ আৰু জনপ্ৰিয়তা বাঢ়িছে। ব্ৰক’লিত পোৱা কিছুমান উপাদানে শৰীৰৰ বাবে উপকাৰী এনজাইমৰ পৰিমাণ বৃদ্ধি কৰি কৰ্কট সৃষ্টিকাৰী উপাদানসমূহ ধ্বংস কৰি শৰীৰৰ বিভিন্ন অংগ, যেনে- হাওঁফাওঁ, বৃহদান্ত্ৰ, স্তন, প্ৰোষ্টেট, খাদ্যনলী, মূত্ৰনলী আদিৰ কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে কমাব বা প্ৰতিৰোধ কৰিব পাৰে বুলি বিজ্ঞানীসকলে সহমত প্ৰকাশ কৰিছে।

ব্ৰক’লিত থকা ছালফ’ৰাফেন নামৰ উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ দৰে এইবিধ পাচলিত পোৱা অইন কিছুমান উপাদানে যন্ত্ৰণাদায়ক সন্ধিবাত ৰোগৰ যন্ত্ৰণা প্ৰশমিত কৰিব পাৰে।

হাড়ৰ শক্তি বৰ্ধন -

এইবিধ পাচলিত পোৱা কেলচিয়াম, মেগনেছিয়াম আদি উপাদানবোৰে হাড়ৰ শক্তি বৃদ্ধি কৰি বয়োবৃদ্ধ লোকৰ সচৰাচৰ হোৱা অষ্টিঅ’পৰোচিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

ৰক্তচাপ আৰু ক’লেষ্টেৰল নিয়ন্ত্ৰণ  -

ব্ৰক’লিত পোৱা আঁহ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ওমেগা-৩ ফেটি এচিড আদিয়ে ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰক্তচাপো নিয়ন্ত্ৰণ কৰি দেহ সুস্থ-সবল কৰি ৰখাত যথেষ্ট অৰিহণা যোগাব পাৰে।

স্নায়ু সবলীকৰণ:

ব্ৰক’লিত থকা পটাছিয়ামে স্নায়ুতন্ত্ৰ সবল কৰি দেহৰ সুস্থতা অটুট ৰখাত অৰিহণা যোগায়।

ছাল আৰু চুলিৰ সৌন্দৰ্য বৰ্ধন -

ব্ৰক’লিত ছাল আৰু চুলিৰ বাবে উপকাৰী উপাদান যথেষ্ট পৰিমাণে থাকে বাবে ই ছাল আৰু চুলিৰ স্বাস্থ্য অটুট ৰাখি ছালৰ উজ্জ্বলতা বঢ়ায় আৰু চুলিৰ গুৰি শক্তিশালী কৰি চুলি সৰা বন্ধ কৰে।

দৃষ্টিশক্তিৰ উন্নয়ন:

ব্ৰকা’লিত পোৱা খাদ্যপ্ৰাণ ‘ক’ৰ প্ৰ্চুৰতাই দৃষ্টিশক্তি অক্ষুণ্ণ ৰাখে আৰু চকুত ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে।

গৰ্ভৱতী মাতৃৰ বাবে উপকাৰী -

ব্ৰক’লিত পোৱা খাদ্যপ্ৰাণ ‘ক’ প্ৰচুৰতাই দৃষ্টিশক্তি অক্ষুণ্ণ ৰাখে আৰু চকুত ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে।

হতাশা বা ডিপ্ৰেছন দূৰীকৰণ:

ব্ৰক’লিত নিহিত ভিটামিন ‘বি’ আৰু ফোলেটে হতাশা বা ডিপ্ৰেছন দূৰ কৰি সকলো সময়তে ‘মুড’ ভালে ৰখাত সহায় কৰে।

শৰীৰৰ দূষিত পদাৰ্থ নিষ্কাশন -

ব্ৰক’লিত এনেকুৱা কিছুমান দেহৰ বাবে আৱশ্যকীয় উপাদান থাকে, যিবোৰে দেহৰ পৰা দূষিত পদাৰ্থ দূৰ কৰি দেহ সুস্থ আৰু সবল কৰি ৰাখে।

লেখক: ভুৱনেশ্বৰ ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate