অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাৰ বিষত বনৌষধ :

গাৰ বিষত বনৌষধৰ বিষয়ে লিখা হৈছে ।

 

১) জাতি জালুক, আদা, নহৰু আৰু পিপলি সমজোখে লৈ মিহিকৈ বটি গৰুৰ ঘিউ সানি দুই চামুচকৈ দিনে ৩ বাৰকৈ খালে গাৰ বিষ নাইকিয়া হয়।

২) ভেদাইলতাৰ ৰসত ৪/৫ টা জাতি জালুক বটি মিহলাই ৩ চামুচ দিনে দুবাৰকৈ খালে গাৰ বিষ নোহোৱা হয়।

৩) ভীমকল বা আঠিয়া কলৰ খাৰ (কাতি মাহত পোৰা হ’লে ভাল) ৫০০ গ্ৰামত মৰাণ আদাৰ ৰস ১০০ গ্ৰাম, সৰিয়হৰ তেল ১০ গ্ৰাম আৰু মাটিমাহ ৫ গ্ৰাম একেলগে বটি মিশ্ৰণ কৰি বটলত ৰাখি পুৱা আৰু গধূলি ৩ চামুচকৈ খালে গাৰ, বিষ ভাল হয়।

৪)কপৌফুলৰ শিপাৰ ক্কাথ ৩ চামুচত এক গ্ৰাম জাতি জালুকৰ গুড়ি মিহলি কৰি মৌৰে সৈতে দিনে দুবাৰকৈ খালে ভাল ফল পোৱা যায়।

৫)  ভেদাইলতাৰ ৰসত সম পৰিমাণে এৰা গুটিৰ তেল মিহলাই মালিচ কৰিলে গাৰ বিষ কমে। বচ তেলেৰে মালিচ কৰিলেও ভাল উপকাৰ পোৱা যায়।

৬) অনন্তমূলৰ (দুধেলিলতা) শিপাৰ ৰস ৩ চামুচ দিনে দুবাৰকৈ খালে হাত- ভৰি, কঁকালৰ বিষ, মূৰৰ বিষ, গাৰ বিষ আদি নিৰাময় হয়।

৭) চেগুন গছৰ ছালৰ ৰস ৩ চামুচ মৌৰ সৈতে দিনে দুবাৰকৈ খালে শৰীৰৰ বিষ বা জ্বলা-পোৰা কমে। নৰসিংহৰ পাত, আদাৰ পাত, নহৰু, জাতি জালুক, গোন্ধচানা (জনাকী কচু) দুধ কচু, কণ জলকীয়া আদি একেলগে মিহিকৈ বটি জোল বনাই ভাতৰ লগত খালে গাৰ বিষ নাইকিয়া হয়।

৮) পচতীয়াৰ পাত বটি প্ৰলেপ দিলে নাইবা কাপোৰত টোপোলা কৰি সেক শৰীৰত হোৱা বিষ-বেদনা কমে।

৯) সোণাৰু ফুলৰ মজ্জাৰ ৰস ৩ চামুচত মৌ বা চেনি মিহলাই দিনে দুবাৰকৈ খালে জ্বৰ আৰু গাৰ বিষ কমে।

১০) সোলোঙা (সোলং টেঙা) টেঙাৰ ৰসত চেনি মিহলাই চৰ্বত কৰি দিনত ২/৩ বাৰ খালে গাৰ পোৰণি কমে।

উৎস : দেওবৰীয়া সম্ভাৰ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top