মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / গ্ৰহণী ৰোগৰ বনৌষধি চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰহণী ৰোগৰ বনৌষধি চিকিৎসা

গ্ৰহণী ৰোগৰ বনৌষধি চিকিৎসা

লক্ষণ

  • পেট গাজে,
  • পেট চিকুট মাৰি ধৰে,
  • ৰঙা-বগা শাওঁ পৰে,
  • পনীয়া শৌচ হয়।
  • শৌচত তেজ পৰে(তেজ গ্ৰহণী)।

কাৰণ

সাধাৰণতে খাদ্যজনিত কাৰণত বিশেষভাৱে প্ৰদূষণযুক্ত খাদ্য খালে গ্ৰ্হণী ৰোগ হয়। বিভিন্ন কাৰণত লিভাৰ দুৰ্বল হ’লেও গ্ৰহণী ৰোগ হয়। তেলত ভজা খাদ্য খালে, চৰ্বিজাতীয় খাদ্য খালে, অধিক মাত্ৰাত সহবাস কৰিলে, বেছিকৈ টোপনি খতি কৰিলে, ঘৰুৱা মদ খালে, গ্ৰহণী বা ক্ৰণিক ডিচেণ্ট্ৰি হ’ব পাৰে। নিয়মীয়াকৈ বনৌষধ ব্যৱহাৰ কৰি সঞ্চিত গ্ৰহণীজ সহজে নিৰাময় কৰিব পাৰি।

কণী, গাখীৰ, চাহ, মদ, তেলত বা ঘিউত ভজা ৰুটি, সঘন সহবাস, টোপনি খতি, অনাহাৰে থকা, বেঙেনা, ৰঙালাউ, পানীলাউ, অধিক ভোজন, চৰ্বিযুক্ত মাংস, মাছ আদিয়ে সঞ্চিত গ্ৰহণী (ক্ৰণিক ডিচেণ্ট্ৰী) বৃদ্ধি কৰে।

  • ধপাত তিতা গছৰ(ভেটেতিতা) কুমলীয়া পাত বা কুঁহিপাত, জাৰ্মানি বনৰ পাত, গেন্ধালিবনৰ পাত, মধুৰিয়ামৰ কুঁহি পাত, কেহৰাজ বন, ফুটকলা গছৰ পাত, টেঙা ডালিমৰ পাত, ক’লা তুলসী, মানিমুনি বটি ৰস খাব লাগে। ৰোগ বেছি হ’লে ঘনাই ঔষধ খাব লাগে।
  • গছবন জালুক গছৰ(মিঠাবৰিয়াল, চাপৰ জাতীয় গছ, ইয়াৰ পাত সৰু, খাজ কটা। স্বাদ মিঠা) শিপাৰ বাকলি, জালুক দুটামানৰ লগত খুন্দি ৰস খালে গ্ৰহণী ৰোগ, তেজ গ্ৰ্হণী ৰোগ, বমি, মোৰ(শৌচ-বমি)নিৰাময় হয়।

এই ঔষধ খোৱাৰ পিছত ধপাত তিতা গছৰ কুমলীয়া পাত, জাৰ্মানী বনৰ পাত খুন্দি ৰস সঘনাই খুৱালে ডায়েৰিয়া(পনীয়া শৌচ), শাওঁ পৰা শৌচ, পেট চিকুট মাৰি ধৰা শৌচ আদি নিৰাময় হয়।

  • কেহৰাজ বন, জাৰ্মানী বনৰ পাত, ফুটকলা গছৰ পাত, মধুৰিয়ামৰ কুঁহিপাত, ধঁপাততিতা গছৰ কুমলীয়া পাত, ভিমকল গছৰ শিপা দুটামান জালুকৰ লগত খুন্দি ৰস সঘনাই খালে তেজগ্ৰহণী, গ্ৰ্হণী আদি নিৰাময় হয়।
  • শুকান টেঙামৰা ফলৰ ৰঙা পাহি এমুঠি সামান্য পানীত সিজাই সঘনাই খালে তেজগ্ৰহণী

ঘৰৰ বাৰীখনতে আছে স্বাস্থ্য ৰক্ষাৰ উপায়

শৰীৰ মন আৰু স্বাস্থ্যই মানুহক সুস্থ আৰু সবল কৰি ৰাখিব পাৰে। দেহ আৰু মন সুস্থ কৰি ৰাখিবলৈ হ’লে সুষম আহাৰৰ অত্যন্ত আৱশ্যক। আমাৰ আহাৰ সুষম হোৱাৰ উপৰিও পৰিপুষ্টিৰে ভৰপুৰ হোৱা উচিত।

মানুহক সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হবলৈ লাগে কেলৰি, প্ৰোটিন, চৰ্বি, কাৰ্বোহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণযুক্ত আহাৰ। এনেবোৰ আহাৰে দেহৰ প্ৰয়োজনীয় পৰিপুষতি সমূহ যোগান ধৰে। উদ্ভিদজাত আৰু প্ৰাণীজ প্ৰোটিনসমূহে দেহক সুস্থ কৰি ৰখাত সহায় কৰে। উদ্ভিদজাত পৰিশোষক সমূহ আমি বিভিন্ন জাতৰ শাক-পাচলি, তৈল বীজ আদিৰ পৰা লাভ কৰো। এনেধৰণৰ পুষতি যোগানকাৰী উদ্ভিদ আমি খেতি-বাতিৰ পৰাই আহৰণ কৰিব পাৰো। সাধাৰণতে উদ্যান শস্য বুলি ক’লে ফলমুল, শাক-পাচলি, মছলা, টেঙা জাতীয় শস্য, তেলযুক্ত শস্য আদিকে কোৱা হয়।

দেহৰ পৰিপুষ্টি সাধনৰ বাবে ফলমূল, শাক-পাচলিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমাৰ এই ফলমূল, শাক-পাচলিত নিহিত হৈ থকা ভিটামিন, খনিজ পদাৰ্থ, কাৰ্বোহাইড্ৰেট, প্ৰোটিন আদি উপাদানেৰে দেহৰ চয়াপচয় প্ৰণালী সক্ৰিয় কৰি ৰখাত সহায় কৰে। এজন প্ৰাপ্তবয়স্ক লোকৰ খাদ্য তালিকাত প্ৰতিদিনে শাক-পাচলি ৮৫ গ্ৰামৰ পৰা ২৮০ গ্ৰামলৈ থাকিব লাগে। কিন্তু আমাৰ দেশৰ মানুহৰ দৈনিক খাদ্য তালিকাত মাত্ৰ ৪০ গ্ৰামহে শাক-পাচলি থাকে।

মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰতিজন মানুহে গড়ে ২০০ গ্ৰাম শাক-পাচলি খায়, ইংলেণ্ডত খায় গড়ে ১০০ গ্ৰামকৈ। এই শাক-পাচলি আৰু ফলমূলত পেকটিন, চেলুল’জ আৰু জৈৱিক এচিড থাকে।

অন্যান্য সৰ্বাধিক পুষ্টিকৰ খাদ্যসমূহ হ’ল—ফল, খেজুৰ(কাৰ্বোহাইড্ৰেট), কাজু বাদাম(প্ৰোটিন), মধুৰিয়াম(আয়ৰণ), লিচু(কেলচিয়াম, ফচফৰাচ) আদি।

কাজু বাদামত শতকৰা ২১.২ ভাগ প্ৰোটিন, ৪৬.৯ ভাগ স্নেহ পদাৰ্থ পোৱা যায়।

মানৱ দেহৰ গঠন, বাঢ়ন আৰু পৰিপুষ্টিৰ কাৰণে স্বেতসাৰ, প্ৰোটিন, চৰ্বি আদি খাদ্যৰ অতি আৱশ্যক।এই শ্বেতসাৰ, প্ৰোটিন, চৰ্বি আদি চাউল, মাহ, সৰিয়হ আদিৰ পৰা পাওঁ।

খাদ্যপ্ৰাণ আৰু খনিজ লৱণ পাওঁ—ফলমূল আৰু শাক-পাচলিৰ পৰা। খাদ্যপ্ৰাণ ‘ক’ থকা ফলবোৰ হৈছে-পকা আম, পকা অমিতা, কঠাল, সুমথিৰা টেঙা আদি। ভিটামিন ‘বি’ থকা ফলমূলৰ ভিতৰত- কাজু বাদাম, কল, বেল, অমিতা, লিচু, মাটি কঠাল, ডালিম ইত্যাদি। ইয়াৰ উপৰিও ভিটামিন ‘চি’ অৰ্থাত ‘গ’ থকা ফলমূলবোৰ হৈছে- আমলখি, মধুৰিয়াম, সুমথিৰা টেঙা, নেমু টেঙা, মাটি কঠাল, ৰবাব টেঙা আদি। তদুপৰি সকলোবোৰ ফলমূলত কমবেছি পৰিমাণে সকলোবোৰ খাদ্যপ্ৰাণ বা ভিটামিন পোৱা যায়।

গতিকে আমাৰ শৰীৰ স্বাস্থ্যবান, নিৰোগী আৰু সক্ষম কৰি ৰাখিবলৈ ভিটামিন আৰু খনিজ্ লৱন থকা খাদ্য খাব লাগে। প্ৰতিজন মানুহক প্ৰতিদিনে গড়ে ৮৫ গ্ৰাম ফলমূলৰ আৱশ্যক হয়।

দৈনন্দিন আহাৰত ফলমূল থকাৰ আৱশ্যক মাথোন মানৱ দেহৰ পুষ্টি সাধনৰ বাবেই নহয়, ইয়াৰ অন্যথা বহুতো উপকাৰিতা আছে। অন্যান্য শস্যৰ তুলনাত ফলমূল শস্যৰ খেতিৰ পৰা আৰ্থসামাজিক দিশৰ উন্নতিও সাধন হয়। এখন স্থায়ী ফলমূলৰ বাগিছাৰ পৰা প্ৰতিবছৰে এটা নিৰ্দিষ্ট উপাৰ্জনো লাভ কৰিব পাৰে।

ইয়াৰ উপৰি এজন মানুহৰ দৈনিক আহাৰৰ লগত থাকিবলগীয়া অন্যান্য খাদ্যৰ তালিকাখন এনেধৰণৰ-এজন প্ৰাপ্তবয়স্ক মানুহক আহাৰৰ লগত ৮৫ গ্ৰাম ফলমূল, ৭৫-১২৫ গ্ৰাম সেউজীয়া শাক-পাচলি, ৮৫ গ্ৰাম শিপা থকা বা আলুজাতীয় শাক-পাচলি, ৮৫ গ্ৰাম অন্য শাক-পাচলি।

ভিটামিন ‘এ’ থকা শাক-পাচলি: মৰিচা শাক, কচু শাক, ধনীয়া পাত, কোমল চজিনাৰ পাত, পদিনা, পালেং, লফা, সৰিয়হ শাক, মুলা শাক, খুতুৰা শাক, পিয়াঁজৰ পাত, মটৰ মাহ, গাজৰ ইত্যাদি।

ভিটামিন ‘বি’ থকা শাক-পাচলি হ’ল- লেচেৰা মাহ, জিকা, ভেণ্ডি, কেপচিকাম, কেৰেলা, ফুলকবি, বন্ধা কবি, বেঙেনা, বিন, ওলকবি, বিট, পালেং, পটল ইত্যাদি।

ভিটামিন ‘চি’ আৰু লৌহ পদাৰ্থ হকা পাচলি হ’ল- মূলা শাক, কোমল মৰিচা শাক, লেচেৰা মাহৰ কোমল অংশ, উৰহী, ফ্ৰেন্স বিন, কোমল চজিনাৰ পাত আদিত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। অৱশ্যে সকলো ধৰণৰ শাক-পাচলিত কম-বেছি পৰিমাণে সকলোধৰণৰ ভিটামিন আৰু খনিজ লৱন থাকেই।

এই উদ্যান শস্যৰ খেতি অতি সহজ। ঘৰৰ বাৰীখনতে কৰিব পাৰি। নিজৰ ঘৰৰ চৌহদত, পুখুৰীৰ পাৰত এইবোৰ শাক-পাচলিৰ বা ফলমূলৰ খেতি কৰি দৈনন্দিন জীৱনৰ পৰিপুষ্টি সাধন কৰাৰ লগতে আয় উপাৰ্জন বঢ়াব পৰা যায়।

লেখক: ধনেশ্বৰ হুজুৰী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.69696969697
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top