অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৱেষণাত আপোনাৰ পুৱাৰ চাহকাপ :

গৱেষণাত আপোনাৰ পুৱাৰ চাহকাপ :

পানীৰ পাছতেই মানুহে বহুলভাৱে ব্যৱহাৰ কৰা পানীয়বিধেই হ’ল চাহ। বহুতেই পুৱা চাহকাপ খাই দিনটোৰ বাবে সতেজ অনুভৱ কৰে। একপ্ৰকাৰে ক’বলৈ গ’লে চাহ আমাৰ বাবে সঞ্জীৱনীমূলক উপাদান।

একাপ চাহে কিছু সময়ৰ বাবে হ’লেও আমাৰ দেহলৈ সজীৱতা আনি দিয়ে। শৰীৰৰ দুখ-ভাগৰ, ক্লান্তি নিৰাময় কৰাত চাহকাপে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। কিন্তু চাহকাপৰ গুণাগুণ সম্পৰ্কে আমি বাৰু কিমান কথা জানো?

এই চাহকাপৰ পিছে চীনা সমাজত এক সুকীয়া সমাদৰ আছে। অতীজতে চীনাসকলে চাহপানীয়ে-

  • কিডনীৰ অসুখ,
  • জ্বৰ,
  • বুকুৰ ৰোগ,
  • মূৰৰ টিউমাৰ আদি ভাল কৰে অথবা বেমাৰ নোহোৱাকৈ ৰাখে বুলি কৈছিল।

পৃথিৱীৰ বিভিন্ন সভ্যতাত চাহৰ ঔষধীয় গুণাগুণ আছে বুলি কোৱা হৈছে। আধুনিক বিজ্ঞানে চাহৰ পৰা মানৱ দেহত হ’ব পৰা উপকাৰবোৰ গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে।

উল্লেখ্য যে পৃথিৱীত প্ৰায় ৩০০০ প্ৰজাতিৰ চাহগছ আছে। ভাৰত, আমেৰিকা আৰু ইউৰোপৰ দেশবোৰত সচৰাচৰ বিশেষভাৱে প্ৰস্তুত কৰা ক’লা চাহ খোৱা হয়।

জাপান, চীন আদি দেশত ‘গ্ৰীন টি’ আৰু কিছুমান দেশত ব্লেক লাৰু ‘গ্ৰীন টি’ৰ মাজৰ এবিধ সংশোধিত চাহ ব্যৱহাৰ কৰা হয়।

চাহত পলিফিনল নামৰ কিছুমান ৰাসায়নিক দ্ৰব্য থাকে। এই ৰসায়নবোৰ প্ৰতিজাৰক(এন্টি অক্সিডেন্ট) শ্ৰেণীৰ বাবে শৰীৰৰ কোষবোৰ নষ্ট নোহোৱাকৈ ৰখাত সহায় কৰে আৰু প্ৰায় ৫০ টা বেমাৰৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰি থাকে।

বিজ্ঞানীসকলে মন্তব্য কৰিছে যে দিনে চাৰি-পাঁচ কাপ চাহ খোৱা লোকৰ হৃদপিণ্ডৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা কম হয়।

দৈনন্দিন খাদ্য তালিকাত থকা শাক-পাচলি আৰু ফলমূলৰ লগতে চাহ খোৱাৰ অভ্যাস থকাসকলে কেন্সাৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰে বুলিও আন এক গৱেষণাত কোৱা হৈছে। ‘গ্ৰীন টি’ত থকা এবিধ বিশেষ ৰসায়নেও হাওঁফাওঁত কেন্সাৰ ৰোগ হোৱাত বাধা দিয়ে।

চাহত থকা পলিফিনল জাতীয় ৰসায়নবোৰে তেজৰ প্ৰবাহিকা নলীত কলেষ্টৰেল জমা হ’বলৈ নিদিয়াৰ বাবে শৰীৰত তেজ চলাচল কৰাত বাধাৰ সৃষ্টি নহয়।

শৰীৰৰ আৰু বহুতো উপকাৰ চাহ খোৱাৰ পৰা হয়। সেয়েহে নিয়মিত পৰিমাণে চাহ খোৱাৰ অভ্যাস কৰাটো স্বাস্থ্যসন্মত হিচাপে বিবেচিত হৈছে।

লেখিকা: টুনমণি মহন্ত(ৰাইজৰ বাতৰি)

ক’লাকচুৰ ঔষধি গুণ -

ক’লাকচু এবিধ বৰ্ষজীৱী বনজাতীয় ভেষজ গুণসম্পন্ন উদ্ভিদ। ক’লাকচু সাধাৰণতে পুখুৰীৰ পাৰত, ঘৰৰ বাৰীখনৰ সেমেকা মাটিত গজে। ক’লাকচু ঔষধি গুণবিশিষ্ট বনৰীয়া উদ্ভিদ।

ক’লা কচুৰ পাতবোৰ বহল বা ডাঠ সেউজীয়া। ক’লাকচু বাৰিষা কালত বেছিকৈ গজে। ক’লাকচুৰ বৈজ্ঞানিক নাম Calocasia esculenta। ই Araccae গোত্ৰৰ অন্তৰ্গত।

ক’লাকচুৰ ঔষধি গুণসমূহ আলোচনা কৰা হ’ল-

  • ক’লাকচুত প্ৰচুৰ পৰিমাণে আইৰন থকা বাবে ৰক্তহীনতা ৰোগত যথেষ্ট উপকাৰী।
  • ক’লাকচুৰ থুৰিৰ পাত কলপাতত জলকীয়া দি মেৰিয়াই লৈ জুইত সেকি সিদ্ধ কৰি নিমখ-তেল সানি পিটিকা কৰি অৰ্শৰোগীক খাবলৈ দিলে সুফল পোৱা যায়।
  • দেহৰ যিকোনো অংশত কাটিলে তাৰ পৰা তেজ ওলালে ক’লা কচুৰ ঠাৰিৰ আঠা লগালে তেজ ওলোৱা বন্ধ হয়।
  • ক’লাকচু খালে তেজ পৰিষ্কাৰ হয়।
  • উচ্চ ৰক্তচাপত আক্ৰান্তসকলৰ বাবে ক’লাকচু উপকাৰী।
  • চৰ্মৰোগত সুফলদায়ক।
  • গৰ্ভৱতী মাতৃসকলক ক’লাকচুৰ তৰকাৰী খাবলৈ দিলে গৰ্ভৰ শিশুৰ বিকাশ হয়।
  • গৰল ৰোগ, টনচিলাইটিছ ৰোগত ক’লাকচু সুপথ্য।
  • ক’লাকচুৱে চুলিৰ অকালপক্কতা দূৰ কৰাত সহায় কৰে।
  • দেহৰ যিকোনো ঠাইত হোৱা আচিনা আঁতৰ কৰিবলৈ ক’লাকচু ঠাৰিৰ ৰস লগাব লাগে।
  • ক’লাকচু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।
  • ক’লাকচু মাজে সময়ে খাই থাকিলে হৃদপিণ্ড সবল হয়। গতিকে আমি ক’লাকচুই খোৱাটো অতি জৰুৰী।

লেখিকা: সুল্লভী ফুকন(ৰাইজৰ বাতৰি)

অজীৰ্ণ নিৰাময়ত বনৌষধি -

অজীৰ্ণ সাধাৰণতে এক উপসৰ্গহে। কিন্তু আজিকালি অজীৰ্ণ হ’লে ইয়াক ৰোগ হিচাপে ধৰা হয়। অজীৰ্ণ সাধাৰণতে-

  • বেছি পৰিমাণে খাদ্য খালে,
  • মছলাজাতীয় খাদ্য খোৱাৰ ফলত,
  • চাহ-কফি আদি খালে,
  • গুৰুপাকী খাদ্য খালে,
  • মদ্যপান কৰিলেও হোৱা দেখা যায়।
  • মানসিক অশান্তিৰ ফলতো অজীৰ্ণ হ’ব পাৰে।

অজীৰ্ণ হ’লে-

  • ভোক কম হয়,
  • পেট ফুলে,
  • অনবৰতে উগাৰ আহি থাকে,
  • বমি ভাব হয়,
  • ৰোগী নিদ্ৰাহীনতাত ভোগে।

অজীৰ্ণ হ’লে মাজে-সময়ে আক্ৰান্ত ব্যক্তিজন এনিমিয়াত আক্ৰান্ত হোৱা দেখা যায়।

অজীৰ্ণ হ’লে বনৌষধিৰ যোগেদি পৰিত্ৰাণ পাব পাৰি। অজীৰ্ণত বনৌষধি-

  • শিলিখাৰ লগত নিমখ মিহলি কৰি খালে উপকাৰ পোৱা যায়।
  • আদা, নেমুৰ ৰস নিমখৰ লগত মিহলি কৰি খালে অজীৰ্ণ ৰোগ ভাল হয়।
  • দোৰোণ শাক যথেষ্ট উপকাৰী। ইয়াক পাতত দি খাব লাগে।
  • আমলখি ৰস আৰু আনাৰস ৰসৰ লগত মৌ মিহলি কৰি আহাৰ খোৱাৰ পিছত খালে অজীৰ্ণ আৰোগ্য হয়।
  • তুলসী পাতৰ সৈতে জালুক খালে সুফল পোৱা যায়।
  • মৰাণ আদা আৰু আমলখি পিচি তাৰ ৰস পোন্ধৰ দিনমান খালে অজীৰ্ণ ৰোগত উপকাৰ পোৱা যায়।
  • বেছিকৈ খোৱাৰ বাবে অজীৰ্ণ হ’লে ক’লা নিমখ খাব লাগে।
  • তেলজাতীয় বস্তু বেছিকৈ খালে অজীৰ্ণ হ’ব পাৰে। কাজি নেমুৰ ৰস খালে উপকাৰ হয়।
  • মাদক দ্ৰব্য সেৱন কৰাৰ ফলত অজীৰ্ণ হ’লে থেকেৰা খাব লাগে।
  • গাখীৰ বেছিকৈ খোৱাৰ ফলত অজীৰ্ণ হ’লে নহৰু খাব লাগে।
  • পিঁয়াজ কাটি নেমুৰ ৰসৰ লগত আহাৰ খোৱাৰ পিছত খালে অজীৰ্ণ নহয়।

অজীৰ্ণ হ’লে চাহ-কফি, দাইল, আলু, মাছ-মাংস-কণী, জলাজাতীয় খাদ্য, গুৰুপাকী বস্তু নাখাব। কাচকল, মানিমুনি, ভেদাইলতা খাব লাগে। ত্ৰিফলা অজীৰ্ণ ৰোগৰ মহৌষধ।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate