মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঘাঁ আৰু কটা-ছিঙাত হালধিৰ উপকাৰীতা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘাঁ আৰু কটা-ছিঙাত হালধিৰ উপকাৰীতা:

ঘাঁ আৰু কটা-ছিঙাত হালধিৰ উপকাৰীতাৰ বিষয়ে লিখা হৈছে ।

প্ৰাচীন কালৰে পৰা ভাৰতীয় সংস্কৃতিত হালধি অতি জনপ্ৰিয় বস্তু হিচাপে পৰিগণিত হৈ আহিছে। পাকঘৰৰ বিভিন্ন ব্যঞ্জনৰ পৰা আৰম্ভ কৰি সৌন্দৰ্য্যচর্চালৈকে হালধিৰ ব্যৱহাৰ হৈ আহিছে। বিভিন্ন সৰু-সুৰা ৰোগত ঘৰুৱা উপশমকাৰী দৰৱ হিচাপেও ইয়াৰ ব্যৱহাৰ অতীজৰে পৰা হৈ আহিছে। আয়ুৰ্বেদত বিভিন্ন ৰোগৰ ঔষধ হিচাপে হালধি ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ চৰ্মৰোগ, প্ৰমেহ, ৰক্তজনীত বিভিন্ন ৰোগ, এলাৰ্জী, কৃমিনাশক হিচাপে, যকৃত- প্লীহাৰ ৰোগ আদি বহুতো ৰোগত হালধি অতি উৎকৃষ্ট দৰৱ হিচাপে পৰিগণিত হৈ আহিছে। আজি আমি ইয়াত শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ ঘাঁ আৰু কটা- ছিঙাত হালধি কিমান উপকাৰী আৰু ঘাঁ এটুকুৰা শুকোৱাত ইয়াৰ কি কি গুণেনো সহায় কৰে সেই বিষয়ে আলোচনা কৰিম। আমাৰ সকলোৰে পৰিচিত হালধিৰ বৈজ্ঞানিক নাম হৈছে curcuma longa. ই Zingiberaceae family ৰ অন্তৰ্ভুক্ত। ইয়াক সংস্কৃতত হৰিদ্ৰা, অসমীয়াত হালধি আৰু ইংৰাজীত Turmeric বুলি কয়।

ৰাসায়নিক সংগঠন(chemical composition)

হালধিত 5-8% উৰণশীল তেল(volatile oil) থাকে। ইয়াত curcumin নামৰ এবিধ পীতৰঞ্জক পদাৰ্থ থাকে যাৰ বাবে ইয়াৰ ৰং হালধীয়া হয়। ইয়াৰ উপৰিও ইয়াত ভিটামিন 'এ', প্ৰটিন, স্নেহদ্ৰব্য, শৰ্কৰা, খনিজ দ্ৰব্য আদি থাকে।

  • হালধিৰ গুণ: হালধি হৈছে ৰুক্ষ আৰু লঘু গুণ যুক্ত। ইয়াৰ ৰস হৈছে কটু আৰু তিক্ত, বিপাক কটু আৰু বীৰ্য্য উষ্ণ।এই গুনবোৰৰ বাবে হালধিয়ে শৰীৰৰ বিভিন্ন ৰোগ আৰু দোষ নিৰ্মূল কৰাত সহায় কৰে।

উষ্ণ বীৰ্য্য হোৱাৰ বাবে ই কফ-বাত শামক আৰু পিত্তৰেচক হিচাপে কাম কৰে। তিক্তৰস হোৱাৰ বাবে ই পিত্তশামক হয়। এইবোৰ গুণৰ বাবে হালধিয়ে বিভিন্ন ধৰণৰ ঘাঁ বা ব্ৰণ (ulcer), কটা- ছিঙা আদি নিৰাময় হোৱাত সহায় কৰে।

ব্যৱহৃত অংগ: সাধাৰণতে হালধিৰ কন্দ(Rhizome) ব্যৱহাৰ কৰা হয়।

ঘাঁ আৰু কটা-ছিঙাৰ নিৰ্মূলক হিচাপে হালধিৰ ব্যৱহাৰ: যিবোৰ ঔষধিয়ে ঘাঁ এটুকুৰা শুকাই নিৰ্মূল কৰে সেইবোৰক আয়ুৰ্বেদত ব্ৰণৰোপক( wound healer) ঔষধি বুলি কয়। হালধি হৈছে এবিধ উৎকৃষ্ট ব্ৰণৰোপক।হালধিয়ে শোথহৰ(anti inflammatory) হিচাপে কাম কৰে। শৰীৰৰ কোনো স্থানত আঘাত পালে বা কাটিলে সেই ঠাইডোখৰ ফুলি উঠে। সেই স্থানত হালধিৰ লেপ লগালে তাৰ ফুলি উঠা বা শোথ নাইকিয়া হয়।

হালধিৰ বেদনা স্থাপক

(Analgesic) গুণৰ বাবে ঘাঁ লগা বা কটা ঠাইত ইয়াৰ লেপ লগালে বিষ উপশম হয়।ঘাঁ বা ব্ৰণত যাতে কোনো সংক্ৰমণ নহয় তাৰ বাবে ইয়াক কিছুমান ব্ৰণশোধক আৰু বীজানুনাশক(Antiseptic) ঔষধিৰে প্ৰক্ষালন আৰু পৰিস্কাৰ কৰাটো জৰুৰী। হালধি এবিধ উত্তম ব্ৰণশোধক আৰু বীজাণুনাশক। নির্দিষ্ট পৰিমাণৰ পানীত কেঁচা হালধি বা হালধি চূৰ্ণ(powder) লৈ উতলাই যেতিয়া আধা বা এক চতুৰ্থাংশ পানী বাকী ৰয় তেতিয়া জুইৰ পৰা নমাই দিব লাগে। এইদৰে হালধিৰ ক্বাথ তৈয়াৰ কৰা হয়। এই ক্বাথেৰে প্ৰক্ষালন কৰিলে বহুদিন পুৰণি নুশুকুৱা ঘাঁও শুকায়। ঘাঁ এটুকুৰা নিয়মিত পৰিস্কাৰ নকৰিলে তাৰ পৰা নিঃসৰিত হোৱা কিছুমান আঠা জাতীয় পদাৰ্থ(serous fluid),পূজ(pus) বা মৃতকোষ সমূহে ঘাঁ টুকুৰা সোনকালে শুকোৱাত বাধা দিয়ে আৰু তাক বেছি জটিল কৰি তোলে। হালধিৰ লেখন(Scrapping) গুণে ঘাঁ এটুকুৰাত থকা মৃতকোষ সমূহ পৰিস্কাৰ কৰি নতুন কোষ(New granulation tissue) সৃষ্টি হোৱাত সহায় কৰে। এনেকুৱা ঘাঁত নিয়মিত হালধিৰ লেপ লগালে বা হালধিৰ ক্বাথেৰে প্ৰক্ষালন কৰিলে নতুন কোষৰ সৃষ্টি হৈ জটিল ৰূপ ধাৰণ কৰা ঘাঁও নিৰ্মূল হয়।

কেতিয়াবা কিছুমান ঘাঁ অৱহেলা বা উপযুক্ত যত্নৰ অভাৱত বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ পৰিস্থিতি জটিল কৰি তোলে। আকৌ ছালৰ ভেঁকুৰজনীত সংক্ৰমণৰ ফলটো ছালত ঘাঁৰ সৃষ্টি হব পাৰে। হালধি এবিধ উত্তম কৃমিঘ্ন(Anti bacterial and Anti fungal). এই কৃমিঘ্ন গুণৰ বাবে হালধিৰ স্থানিক প্ৰয়োগে এনেকুৱা সংক্ৰমণ ৰোধ কৰিব পাৰে।

লেখিকা :- ডাঃ বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য হেলথ দি ছলিউশ্যনছ

3.08333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top