অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চজিনাৰ ঔষধি গুণ

 

চজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই । আমাৰ সমাজত এইবিধ পাচলিৰ প্ৰচলন কালৰ পৰাই আছে । কিন্তু প্ৰাসংগিক কথাটো হ’ল এইবিধ পাচলিৰ ঔষধি গুণৰ আলোচনা কমকৈ হোৱাটোহে । চজিনাৰ আদি উৎপত্তিস্থান আফ্ৰিকা আৰু এছিয়া মহাদেশ । এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাৰ পাদদেশসমূহত ইয়াৰ বিস্তৃতি দেখা যায় । প্ৰাপ্ত তথ্য অনুসৰি চজিনাৰ চৈধ্যবিধ প্ৰজাতি আছে । তাৰে মাথোঁ দুটা প্ৰজাতিহে ভাৰতবৰ্ষ আৰু হিমালয় পৰ্বতমালাৰ পাদদেশসমূহত পোৱা যায় । বাকী এঘাৰটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ বিস্তৃত অঞ্চলত উপলব্ধ । অৱশ্যে বৰ্তমান এইবোৰ প্ৰজাতিৰো কিছু তাৰতম্য দেখা গৈছে । গোলকীকৰণৰ ফলত আৰু নতুন কৃষিবিজ্ঞানৰ উন্নতিৰ ফলত আমাৰ দেশত এতিয়া বহু প্ৰজাতি উপলব্ধ । যদিও এইবিধ পাচলিৰ উৎপত্তিস্থান ভাৰতবৰ্ষ, নেপাল আৰু আফ্ৰিকা মহাদেশৰ কেইখনমান দেশ, তথাপি আজি পৃথিৱীৰ উষ্ণ জলবায়ু আৰু নাতিশীতোষ্ণ জলবায়ুৰ দেশসমূহত ইয়াৰ প্ৰচলন আৰু খেতি দেখিবলৈ পোৱা যায় । ব্ৰহ্মদেশ, থাইলেণ্ড, ইণ্ডোনেছিয়া, কোৰিয়া আদিকে সামৰি চীনদেশৰ বহু অঞ্চলত ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে । আফ্ৰিকা মহাদেশৰ কেনিয়া, ছোমালিয়া আদি দেশেও ইয়াৰ পাত-ফুল, ছাল, শিপা আদি আমেৰিকা , মেক্সিকো আদি দেশলৈ ৰপ্তানি কৰিবলৈ লৈছে । মানৱ শৰীৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ভাৰতবৰ্ষতো ইয়াৰ খেতি বানিজ্যিকভাৱে কৰিব পাৰি ।
ভাৰতবৰ্ষৰ ঔষধৰ বজাৰখনত বিদেশৰ পৰা আমদানিকৃত বহু ঔষধি সামগ্ৰী দেখা যায় । তাৰে কিছুমান জুলীয়া আৰু কিছুমান চূৰ্ণাকৃতিত পোৱা যায় । এইবোৰৰ মূল্যও বহুত । সেয়ে ভাৰতীয় নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকে এনেবোৰ ঔষধি সামগ্ৰী কিনিব নোৱাৰে ।
চজিনাৰ বৈজ্ঞানিক নাম Moringa Oleifera  । অসমীয়া ভাষাত প্ৰচলিত নাম হ’ল- চজিনা, চজনা, তাৰে এবিধক ৰজিনা বুলিও কয় । বাংলা ভাষাত সজনা বুলি কয় ।  হিন্দীভাষী লোকে সহজন ডাঠা বুলি কয় । আজি ভাৰতীয় পাচলিৰ বজাৰত ই এবিধ বহুল সমাদৃত পাচলি । দামো তেনেদৰে চকুত লগা বিধৰ আকাশলংঘী । তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ খেতিয়ক সমাজ আৰু কৃষি মন্ত্ৰালয়ে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত ।
চজিনাৰ ফল, পাত, শিপা, ছাল, ফুল, গুটি সকলোবিধেই উপকাৰী । মানুহৰ বিভিন্ন প্ৰকাৰৰ দৈহিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধস্বৰুপ । ইয়াৰ ব্যৱহাৰে মধুমেহ, হৃদৰোগ, ৰক্তাল্পতা, যকৃতৰ ৰোগ, শ্বাস- প্ৰশ্বাসজনিত সমস্যা, চৰ্মৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদি ৰোগত সুফল লাভ কৰিব পাৰি । তদুপৰি ই এণ্টি-ইনফ্লেমেটৰী, এণ্টি-অক্সিডেণ্ট আৰু কোষৰ সুৰক্ষাকাৰী হিচাপেও সমাদৃত ।
চজিনাৰ পাত নিয়মিতভাৱে খাব পাৰিলেও যথেষ্ট উপকাৰ পোৱা যায় । চজিনাৰ পাত কেঁচা বা শুকান উভয় অৱস্থাতে খাব পাৰি । অৱশ্যে চজিনাৰ পাতৰ কেঁচা বা শুকান এই দুই অৱস্থাত লাভ কৰা উপকাৰৰ মাত্ৰা সুকীয়া সুকীয়া । উভয় অৱস্থাত চজিনাৰ পাতৰ পৰা পাব পৰা উপকাৰিতা তলত দিয়া ধৰণেৰে ৰিজাই চাব পাৰি ।

চজিনাৰ কেঁচা পাতৰ গুণাগুণ -

১) ১০০ গ্ৰাম গাজৰত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-ক পোৱা যায়, তাতকৈ ৪০ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
২) ১০০ গ্ৰাম সুমথিৰাত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-গ পোৱা যায়, তাতকৈ ৭ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
৩) ১০০ গ্ৰাম গাখীৰত যিমান পৰিমাণৰ কেলচিয়াম পোৱা যায়, তাতকৈ ৪ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
৪) ১০০ গ্ৰাম কলত যিমান পৰিমানৰ পটাছিয়াম পোৱা যায়, তাতকৈ ৩ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
৫) ১০০ গ্ৰাম পালেং শাকত যিমান পৰিমানৰ আইৰন পোৱা যায়, তাতকৈ ৩-৪ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
৬) ১০০ গ্ৰাম দৈৰ ঘোলত যিমান পৰিমাণৰ প্ৰটিন পোৱা যায়, তাতকৈ দুগুন বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।
পিছে চজিনাৰ শুকান পাতৰ গুণাগুণৰ পৰিমাণো কোনো প্ৰকাৰে কম নহয় । উদাহৰণ স্বৰুপে –
ক) ১০০ গ্ৰাম গাজৰত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-ক পোৱা যায়, তাতকৈ ১০ গুণ বেছি পোৱা যায় সম-পৰিমানৰ চজিনাৰ শুকান পাতত ।
খ) ১০০ গ্ৰাম সুমথিৰা টেঙাত যিমান পৰিমানৰ খাদ্যপ্ৰাণ-গ পোৱা যায়, তাতকৈ দুগুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ শুকান পাতত ।
গ) ১০০ গ্ৰাম গাখীৰত যিমান পৰিমানৰ কেলচিয়াম পোৱা যায়, তাতকৈ ১৭ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ শুকান পাতত ।
ঘ) ১০০ গ্ৰাম কলত যিমান পৰিমানৰ পটাছিয়াম পোৱা যায়, তাতকৈ ১৫ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ শুকান পাতত ।
ঙ) ১০০ গ্ৰাম পালেং শাকত যিমান পৰিমানৰ আইৰন পোৱা যায়, তাতকৈ ২৫ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ শুকান পাতত ।
চ) ১০০ গ্ৰাম দৈৰ ঘোলত যিমান পৰিমাণৰ প্ৰটিন পোৱা যায়, তাতকৈ ৯ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ শুকান পাতত ।
ইমানবোৰ গুণৰ আকৰ চজিনাক নিশ্চিতভাৱে মৰ্ত্যৰ অমৃত বুলিব পাৰি । আমাৰ গাঁৱে-ভূঞে সহজলভ্য এইবিধ পাচলিৰ বহুল ব্যৱহাৰেৰে আমি আমাৰ শৰীৰক সুস্থ-সবল কৰি ৰাখিব পাৰো । বজাৰৰ পৰা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা খাদ্যপ্ৰাণ, আইৰন, কেলচিয়াম আদি ব্যৱহাৰ কৰাতকৈ বাৰীতে থকা চজিনাজোপাৰ পৰাই আমি তাৰ প্ৰয়োজনীয়তা পূৰাব পাৰো । বাৰীতে থকা চজিনাজোপাৰ পৰাই আমি আমাৰ শৰীৰৰ প্ৰতি লাগতিয়াল ফল-ফুল-পাত-শিপা আদি আহৰণ কৰিব পাৰো । এই প্ৰতিবিধ উপাদানেই অতি উপকাৰী, তাৰে ভিতৰত পাতৰ অংশই জনপ্ৰিয়তা লাভ কৰি আহিছে । কিয়নো, ইয়াক ব্যৱহাৰ কৰিবলৈ সহজ ।
আমি পাতবোৰ দুই ধৰণে ব্যৱহাৰ কৰিব পাৰো । কেঁচা পাতৰ ৰস আৰু শুকান পাতৰ গুড়ি । কুঁহিপাতবোৰ আমি শাক হিচাপে ব্যৱহাৰ কৰিব পাৰো । এই শাক কোনোবাই নিয়মিতভাৱে খাব বিচাৰিলেও কোনো অপকাৰিতাই দেখা নিদিয়ে । আদহীয়া আৰু পূৰঠ পাতবোৰ যতনাই লৈ ছাঁত শুকুৱাই আমি তাৰ পৰা চূৰ্ণ তৈয়াৰ কৰিব ল’ব পাৰো । এই চূৰ্ণ এটা পাত্ৰত সযতনে ভেঁকুৰ নলগাকৈ সংৰক্ষণ কৰি থ’ব লাগে । চজিনাৰ শুকান পাতৰ চূৰ্ণৰ পৰা তৈয়াৰ কৰিব পৰা কেইবিধমান খাদ্য প্ৰকৰণ তলত উল্লেখ কৰা হ’ল ।

চজিনাৰ পাতৰ চাহ -

পুৱা আমি আমাৰ সাতামপুৰুষীয়া চাহকাপ খোৱাতকৈ চজিনাৰ পাতেৰে তৈয়াৰ কৰা চাহকাপ খাই চাওক, বহু উপকাৰ পাব । প্ৰথমে একাপ পানী উতলাই লৈ কাচৰ বা চীনা মাটিৰ কাপত পানীখিনি নমাই লওক । চজিনা পাতৰ এচামুচ শুকান গুড়ি দি ঢাকি দিয়ক । ৪-৫ মিনিট পিছত ছেকি লৈ তাত মৌ মিহলাই খাওক । এই চাহ প্ৰত্যেকবিধ ৰোগৰ বাবেই উপকাৰী । ডায়েবেটিছ ৰোগীয়ে মৌৰ সলনি মৌ-তুলসী শাকৰ গুড়ি অথবা বড়ি ব্যৱহাৰ কৰিব ।
চজিনা পাতৰ ৰস :-
এমুঠি আদহীয়া পাত বটি লৈ তাৰ পৰা ৰসখিনি উলিয়াই ছেকি লওক । এইবাৰ তাত প্ৰয়োজন অনুসৰি পানী মিহলাই নিমখীয়া অথবা মিঠা জুতিৰ কৰি লৈ পুৱা পান কৰক । এইবিধ পানীয় বিশেষকৈ ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে অতি উপকাৰী ।
চজিনাৰ ৰুটী :-
প্ৰতি ৪ খন ৰুটীত দুচাহ চামুচ শুকান পাতৰ গুড়ি মিহলাই লওক । আটাখিনি মথোতেই গুড়িখিনি মিহলাই মথিব । তাৰ পিছত ৰুটী বনাব । এই ৰুটী সকলো ব্যক্তিৰ বাবেই অতি উপকাৰী ।
চজিনাৰ পকোৰা :-
২:১ অনুপাতক বেছন আৰু পাতৰ গুড়ি মিহলাব । দুভাগ বেছনৰ লগত এভাগ পাতৰ গুড়ি । ফেটি লৈ পকোৰা বনাওক । ই এবিধ স্বাস্থ্যসন্মত মুখৰোচক খাদ্য । এইবিধ সকলো ব্যক্তিয়েই খাব পাৰিব ।
চজিনা পাতৰ মাছৰ জোল :-
যিকোনো মাছৰ জোলত চজিনাৰ পাতৰ গুড়ি দি জোলখন ৰান্ধিব পাৰি । এনেধৰণে জোল অম্লপিত্ত ৰোগত ভোগা ব্যক্তিৰ বাবে অতি উপাদেয় ব্যঞ্জন । লগতে মুখলৈ ৰুচিও আনে ।
চজিনা পাতৰ শুকান ভাজি :-
চজিনা পাতৰ শুকান ভাজিখনে আকালৰ ব্যঞ্জন হিচাপে ধৰা দিব পাৰে । প্ৰসংগক্ৰমে উনুকিয়াই থওঁ যে আফ্ৰিকা মহাদেশৰ বহুতো জাতিৰা মাজত চজিনা গছৰ পুলি দান দিয়াটো এটা উল্লেখনীয় কৰ্মৰ ভিতৰত পৰে । এই প্ৰসংগক লৈ বহুতো সংগঠন গঢ়ি উঠিছে ।
প্ৰয়োজন অনুপাতে কুঁহিপাত গোটাই লওক । ধুই- বাছি শাক কুটা দি  কুটি লওক ।  এতিয়া এইখিনি অকলে বা সৰু আলুৰ লগত মিহলি কৰি ভাজিব পাৰে । এই ব্যঞ্জন ৰক্তহীনতাত ভোগা ব্যক্তি আৰু কৃমিৰ কবলত পৰা ব্যক্তিৰ বাবে অতি উপকাৰী ।

চজিনাৰ কুঁহিপাতৰ চাটনি -

এবিধ ঔষধি চাটনি হিচাপে খাব পাৰি । অম্লপিত্ত ৰোগত ভোগা ৰোগীয়ে, কৃমিৰ কবলত পৰা ৰোগী, ৰক্তহীনতাত ভোগা ৰোগী, পয়ালগা শিশুৰ বাবে অতি আৱশ্যকীয় চাটনি হয় ।
সতেজ কুঁহিপাত গোটাই লৈ ধুই-বাছি বটি লওক । বটোতে তাত আজৱাইনৰ গুটি অলপ, জালুক অলপমান, প্ৰয়োজন অনুসৰি আদা, নহৰু আদিও মিহলাই ল’ব পাৰি । সকলোখিনি মিহলাই চাটনি তৈয়াৰ কৰি এই চাটনি সকলো প্ৰকাৰৰ খাদ্যৰ লগত খাব পাৰি ।
চজিনাৰ ফুলৰ বৰভাজি :-
চজিনাৰ ফুলবোৰ গোটাই লৈ এদিন ৰ’দত দিয়ক । তেনে কৰিলে ইয়াৰ পৌষ্টিক উপাদানবোৰৰ আভ্যন্তৰীণ বিক্ৰিয়া ঘটি ঔষধি হৈ পৰে ।
এইবাৰ ইয়াৰ বৰভাজি তৈয়াৰ কৰিব পাৰি । এই বৰভাজি সকলো ব্যক্তিয়েই খাব পাৰে । ইয়াৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই । কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাযায় । কিন্তু ইয়াৰ ছাল আৰু শিপা উপযুক্ত বিধি-বিধান নমনাকৈ কোনেও যেন ব্যৱহাৰ নকৰে । এইবোৰৰ প্ৰয়োগ আয়ুৰ্বেদাচাৰ্য আৰু পুষ্টি বিশেষজ্ঞসকলৰ দিহা-পৰামৰ্শ অনুসাৰেহে প্ৰয়োগ কৰা উচিত ।
শেষত আমাৰ সমাজৰ সচেতন নাগৰিক আমি অনুৰোধ কৰো যে ইমান গুণসম্পন্ন এবিধ পাচলি আমাৰ হাততে থকাৰ পিছতো আমি বিদেশী বিক্ৰেতাৰ পৰা চজিনাৰ বিভিন্ন প্ৰকাৰে তৈয়াৰী ঔষধবোৰ দামেৰে কিনি খোৱাতকৈ আমাৰ প্ৰত্যেকৰে চৌহদত এজোপাকৈ চজিনাৰ গছ ৰোৱাত মনোনিৱেশ কৰে যেন ।

লেখক :- হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate