ছাইনাছ ৰোগৰ প্ৰধান লক্ষণ হ’ল সঘনে হাঁচি অহা, মাকেৰে পানী ওলাই থকা, চকুৰ পৰা আঠাজাতীয় পানী ওলোৱা, মূৰ বিষোৱা আদি। লাই জাবৰি আৰু কালজীৰা এই ৰোগৰ ক্ষেত্ৰত বৰ উপকাৰী।
লাই জাবৰি এবিধ সৰু লতাজাতীয় ঔষধি গুণযুক্ত উদ্ভিদ। সাধাৰণতে বাৰিষাকালত এই উদ্ভিদ অধিক হয়। অসমৰ গাঁও অঞ্চলৰ বাৰীত, আলিৰ কাষ আদিত এইবিধ উদ্ভিদ হোৱা দেখা যায়। লাই জাবৰি মাটিৰ পৰা এক ফুটমান ওখ হয়। ইয়াৰ পাতবোৰ সৰু আৰু প্ৰায় গোলাকৃতি। ফুলবোৰ সৰু সৰু আৰু হালধীয়া। সোৱাদত লাই জাবৰি সামান্য তিতা আৰু জলা। ছাইনাছ ৰোগ হ’লে জাবৰিৰ কোমল আগ চাৰি-পাঁচটামান মোহাৰি লোৱাৰ পাছত নাকেৰে দীঘলকৈ উশাহ লৈ শুঙিলে এই ৰোগ উপশম হয়। আনহাতে লাই জাবৰিৰ কুমলীয়া আগ দহ-বাৰটামান ৰসালকৈ ভাজি খালেও ছাইনাছ ৰোগ নিৰাময় হয়।
কালজীৰা গুটিৰ ছাইনাছ ৰোগ নিবাৰণ কৰিব পৰা ক্ষমতা আছে। ইয়াৰ ৰং ক’লা আৰু তিলসদৃশ হয়। সাধাৰণতে মছলাৰূপে ইয়াক ব্যৱহাৰ কৰা হয়। ছাইনাছ ৰোগত কালজীৰা দুই বা তিনি গ্ৰামমান এখন পৰিষ্কাৰ কপাহী কাপোৰেৰে টোপোলা বান্ধি, সেইখিনি টোপোলাটোতে অলপ মোহাৰি লোৱাৰ পাছত নাকৰ বিন্ধাৰ নিচেই ওচৰত ধৰি দীঘলকৈ উশাহ লৈ শুঙিলে উপশম পোৱা যায়। নাইবা কালজীৰা দুই গ্ৰামমান চাট্নি কৰি খালেও ছাইনাচ ৰোগ নিৰাময় হয়। ছাইনাছ ৰোগৰ ক্ষেত্ৰত সহজলভ্য এই বনৌষধ দুবিধ যথোচিতভাৱে ব্যৱহাৰ কৰি ছাইনাছ ৰোগৰ পৰা মুক্ত হ’ব পাৰি।
লেখিকাঃ মালতী কলিতা, অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/10/2020