মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / জলফাই পাতৰ ৰসৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলফাই পাতৰ ৰসৰ উপকাৰিতা

জলফাই পাতৰ ৰসৰ উপকাৰিতা

 

জলফাই টেঙা এবিধ প্ৰায় সকলো মানুহৰে সুপৰিচিত স্বাস্থ্যৰ বাবে উপকাৰী ঔষধি উদ্ভিদ । গাঁৱৰ প্ৰতিঘৰ মানুহৰ বাৰীৰ পিছফালে এজোপা জলফাই টেঙাৰ গছ থকাটো পৰিলক্ষিত হয় । সেইবাবে ইয়াক বিচাৰি পোৱাটো বৰ সহজ । ইয়াক মানুহে খাদ্য হিচাপেও ব্যৱহাৰ কৰে, ঔষধ হিচাপেও ব্যৱহাৰ কৰে । ইয়াৰ ফল আৰু কোমল পাত দুয়োটাকে মানুহে খাদ্য আৰু ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰে । বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাত এই জলফাইৰ তেল ব্যৱহাৰ কৰা হয় । এই উদ্ভিদজোপাই মানুহৰ দেহৰ ৰোগ নাশ কৰাৰ উপৰি সৌন্দৰ্য বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । জলফাই টেঙাৰ পৰা বিভিন্ন ঔষধি খাদ্য প্ৰস্তুত কৰা হয় । বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ মিঠাতেল , ৰিফাইন আদিৰ পৰিৱৰ্তে জলফাই টেঙাৰ তেল ব্যৱহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়োৱা প্ৰায়ে শুনিবলৈ পোৱা যায় । ইয়াৰ উপৰি শীতকালত ছাল কোমল কৰি ৰাখিবলৈ জলফাইৰ তেল ব্যৱহাৰ কৰা হয় । জলফাইৰ পাতৰ ৰস বহু ৰোগৰ বাবে ঔষধি কাৰক যদিও ইয়াৰ গুণাগুণৰ বিষয়ে আজিও মানুহে ভালদৰে বুজি উঠা নাই । প্ৰাচীন কালত মিছৰত জলফাই পাতৰ ৰস বিভিন্ন ৰোগত ঔষধি হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি তথ্য পোৱা যায় । সেই সময়ত জ্বৰৰ পৰা সকাহ পাবলৈ মানুহে জলফাইৰ পাতৰ ৰস ব্যৱহাৰ কৰিছিল । বিভিন্ন গৱেষণাৰ পৰা এইটো প্ৰমাণিত হৈছে যে জলফাই টেঙাৰ পাতৰ ৰসত এণ্টি-ফাংগেল, এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেলৰ উপাদান থাকে । জলফাইৰ পাতৰ ৰসত থকা এই এণ্টি-অক্সিডেণ্ট, এণ্টি-ফাংগেল আদি উপাদানবোৰে আমাৰ ছালখন সতেজ আৰু স্বাস্থ্যৱান কৰি ৰাখে । ইয়াৰ ফলত আমাৰ ছালখন প্ৰতিকূল বতৰতো উজ্জ্বল আৰু সুন্দৰ হৈ থাকে ।

জলফাই পাতৰ ৰসৰ কেইটামান স্বাস্থ্য উপকাৰিতা -

সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে :- যদি আমি দিনটোৰ অধিক সময় সূৰ্যৰ পোহৰৰ পোনপটীয়া সংস্পৰ্শত থাকো, তেতিয়া আমাৰ ছালখন সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে । সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত আমাৰ ছালৰ স্থিতিস্থাপকতা গুণ হ্ৰাস পায় । জলফাই পাতৰ ৰস ব্যৱহাৰ কৰিলে এনে ক্ষতিৰ পৰা বহুখিনি ৰক্ষা পাব পাৰি । এক গৱেষণাৰ পৰা জনা গৈছে যে  জলফাইৰ পাতৰ ৰসত থকা অলিউৰোপেইন নামৰ উপাদানবিধে ছালক সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধ কৰে ।

কেন্সাৰ ৰোগৰ প্ৰতিৰোধক হিচাপে -

ছালৰ কেন্সাৰ ৰোগ প্ৰতিৰোধত জলফাইৰ পাতৰ ৰসৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । এক গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে জলফাইৰ পাতৰ ৰসে ছালৰ কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে । বিশেষকৈ মহিলাৰ স্তন কেন্সাৰত জলফাই পাতৰ ৰসে ক্ষিপ্ৰ কাৰ্যকৰী নিৰাময়ক হিচাপে কাম কৰে ।

বয়স প্ৰতিৰোধক উপাদান হিচাপে -

জলফাইৰ পাতৰ ৰসে যিহেতু আমাৰ ছালৰ স্থিতিস্থাপকতা গুণ অটুট ৰখাত সহায় কৰে, সেইবাবে ক’ব পাৰি যে আমাৰ ছালত অকালতে দেখা দিয়া সংকোচন প্ৰতিৰোধ কৰি ছালত দেখা দিয়া অকাল বাৰ্ধক্য আৰু বলিৰেখাৰ পৰা আমাৰ ছালখন দীৰ্ঘকাল সতেজ, সুন্দৰ কৰি ৰাখি আমাক তৰুণ হৈ থকাত সহায় কৰে ।

ক্ষতস্থান ভাল কৰে :- বিভিন্ন কাৰণত আমাৰ শৰীৰত বহু সময়ত ঘা-ফোঁহাই দেখা দিয়ে । এই ঘা-ফোঁহা নিৰাময়ত সাধাৰণ মলমতকৈ জলফাই পাতৰ ৰসে অধিক কাৰ্যকৰী হিচাপে কাম কৰে । জলফাইৰ পাতৰ ৰসত উচ্চ মাত্ৰাৰ এণ্টি-অক্সিডেণ্ট থকা বাবে ই আমাৰ শৰীৰৰ ঘা-ফোঁহাৰ দ্ৰুত নিৰাময়ত সহায় কৰে ।

চুলিৰ বাবে উপকাৰী :- জলফাইৰ ৰস চুলিৰ বাবে বৰ উপকাৰী । ই চুলিৰ ৰং উজ্জ্বল কৰাৰ লগতে চুলি মসৃণ কৰি ৰাখে । চুলিত নিয়মিত জলফাই পাতৰ ৰস লগালে চুলি ঘন হয় । জলফাইৰ পাতৰ ৰসেৰে চুলি মালিচ কৰিলে ই চুলিৰ গুৰি শক্তিশালী কৰাৰ ফলত চুলি দীৰ্ঘস্থায়ী হোৱাত সহায়ক হয় ।

ৰোগ প্ৰতিৰোধকাৰক হিচাপে -

জলফাই টেঙা তথা জলফাই পাতৰ ৰসৰ বহু ৰোগ প্ৰতিৰোধী ক্ষমতা আছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে । বিভিন্ন দেশত বিভিন্ন ৰোগ প্ৰতিৰোধক হিচাপে জলফাইৰ পাতৰ ৰস ব্যৱহাৰ কৰা হৈ আহিছে । বয়সজনিত বহু ৰোগত জলফাই পাতৰ ৰস গুৰুত্বপূৰ্ণ ঔষধ হিচাপে বিবেচিত হৈ আহিছে । ডিমেনচিয়া, আলঝেইমাৰ আদি বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে জলফাই পাতৰ বিশেষ ভূমিকা আছে । তদুপৰি উচ্চ ৰক্তচাপ, কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ জলফাই পাতৰ ৰস ব্যৱহাৰ কৰা হয় । ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত জলফাই পাতৰ ৰসে বিশেষভাৱে সহায় কৰে । আৰ্থ্ৰাইটিছৰ প্ৰাকৃতিক চিকিৎসাতো জলফাই পাতৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱা যায় । কেইখিলামান জলফাই পাত ভালদৰে ধুই লৈ পাতখিনি ৰ’দত শুকাই গুড়ি কৰি সেইখিনি চাহৰ লগত সেৱন কৰিলেও বহু ৰোগত উপকাৰ পোৱা যায় ।

লেখিকা :- কৰবী গোস্বামী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top