অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডালচেনি: শক্তিশালী ঔষধি মছলা

ডালচেনি: শক্তিশালী ঔষধি মছলা

ডালচেনি এবিধ গছৰ ছাল যি অলপ সোৱাদ আৰু জলা। এই গছজোপাৰ বৈজ্ঞানিক নাম হ’ল চিনাম’মাম জেলেনিকাম (Cinnamomum Zeylanicum)। ইংৰাজীত ইয়াক পৰম্পৰা অনুসাৰে চিনামন (Cinnamon) বুলি জনা যায়। এই গছজোপাক ‘The Sweet of the world’ বুলি বিশ্বত জনাজাত আৰু ইয়াক প্রকৃত চিনামন (true cinnamon) বুলিও কোৱা হয়। ডালচেনিৰ বিশেষ গোন্ধ, ৰং আৰু ফ্লেভাৰৰ কাৰণে ইয়াক বিশ্বতে এটা শক্তিশালী মচলা বুলি গণ্য কৰা হয়। ইয়াক ঔষধি দ্রব্য হিচাপেও ব্যৱহাৰ কৰা হয়। পুৰণি গ্ৰীচৰ চিকিৎসকসকলে খ্রীষ্টপূর্ব ২৭০০ৰ আগৰ পৰা ৰোগৰ চিকিৎসাত ডালচেনি ব্যৱহাৰ কৰিছিল। চীনাসকলে দৰবৰ লগত ইয়াক আৱশ্যকীয় এডিটিভ (additive) হিচাপে ব্যৱহাৰ কৰিছিল। ৰোমানসকলেও ডালচেনি বেমাৰ আৰোগ্যৰ ব্যৱস্থাপনাবোৰত ব্যৱহাৰ কৰিছিল বুলি জনা গৈছে।

  • ডালচেনিৰ পুষ্টিকৰ উপাদান: জলীয় বাষ্প, প্ৰ’টিন, সংপৃক্ত ফেট, ওমেগা-৩ ফেটি এচিড, ওমেগা-৬ ফেটি এচিড, কার্বহাইড্রেট, আঁহযুক্ত খাদ্য দ্রব্য, শর্কৰা।
  • ভিটামিন: ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, ৰিবফ্লেভিন (ভিটামিন বি-২), নিয়াচিন (ভিটামিন বি-৩)।
  • খনিজ দ্রব্য: কেলচিয়াম, আইৰন, মেগনেচিয়াম, ফচফৰাচ, পটাচিয়াম, চ’ডিয়াম, জিংক, কপাৰ, মেংগানিজ, চেলেনিয়াম। ডালচেনিত ১৮টা এমিন’ এচিড আৰু কিছুমান ফ্লেভ’নইড ৰাসায়নিক দ্রব্য থাকে।
  • ডালচেনিৰ বহুতো ঔষধি গুণ আছে, কিছুমান হ’ল এনে ধৰণৰ-

ডালচেনি এন্টি অক্সিডেন্টৰ এটা চহকী উৎস

ডালচেনিত বিভিন্ন শক্তিশালী এন্টি অক্সিডেণ্টবিলাক থকাৰ কাৰণে মুক্তমূলকবোৰে (Free radical) কৰিব পৰা দেহৰ ক্ষতিবিলাক কম কৰিব পাৰে আৰু বুঢ়া হোৱাৰ গতি কমাই ৰাখিব পাৰে।

প্রদাহ প্রতিষেধক হিচাপে ডালচেনি

ডালচেনিত থকা এণ্টি অক্সিডেণ্টবিলাকৰ প্রদাহ প্রতিষেধক গুণ আছে, যিবিলাকে হাৰ্টৰ অসুখ, কেনছা্‌ৰ, ব্ৰেইনৰ কার্যক্ষমতা হ্রাস পোৱা আদি ৰোগৰ ভয়াৱহতা কম কৰাত সহায় কৰিব পাৰে। গৱেষকসকলে ডালচেনিত ৭টাতকৈ বেছি ফ্লেভ’নইড ৰাসায়নিক দ্রব্য বিচাৰি পাইছে, যিবিলাকে সমস্ত দেহত হোৱা ভয়াৱহ প্রদাহবিলাকৰ লগত যুঁজ দিব পাৰে। ডালচেনিয়ে যিহেতুকে উখহা আৰু প্ৰদাহ কম কৰিব পাৰে, গতিকে ইয়াক বিষ নিৰাময়ৰ ব্যৱস্থাপনাবিলাকত ব্যৱহাৰ কৰিব পাৰি।

হাৰ্টৰ সুস্বাস্থ্যৰ বাবে ডালচেনি

উচ্চ স্তৰৰ কলেষ্টেৰল, উচ্চ স্তৰৰ ট্ৰাইগ্লিচাৰাইড আৰু উচ্চ ৰক্তচাপ হাৰ্টৰ ৰোগবিলাকৰ প্ৰধান কাৰক। ডালচেনিয়ে এই কাৰকবিলাকৰ স্তৰ কমাই ৰাখি হাৰ্টৰ ৰোগবোৰ হোৱাত বাধা দিব পাৰে। ডালচেনিত থকা বিশেষ দ্ৰব্যবোৰে মুঠ কলেষ্টেৰল, বেয়া কলেষ্টেৰল (LDL, bad cholesterol) আৰু ট্রাইগ্লিচাৰাইডৰ স্তৰ কমাই ৰাখে আৰু ভাল কলেষ্টেৰলৰ (Good cholesterol, HDL) স্তৰ একে ৰাখি বা বৃদ্ধি কৰি হাৰ্ট এটেক বা ষ্ট্র’ক হোৱাত বাধা দিব পাৰে। ডালচেনিয়ে তেজ চলাচলৰ গতি বৃদ্ধি কৰি দেহৰ নষ্ট হোৱা পেশীবোৰ পুনৰ গঠনত সহায় কৰিব পাৰে। এইটো গুণৰ কাৰণে ডালচেনিয়ে হাৰ্ট এটেক, হার্টৰ অসুখবোৰ আৰু ষ্ট্ৰ’কৰ ফলত ক্ষতি হোৱা অংগবোৰ পেশীবিলাকৰ পুনৰ গঠন হোৱাত সহায় কৰিব পাৰে। ডায়েবেটিছৰ লগত যুঁজ দিয়াত ডালচেনি

ডালচেনিৰ ডায়েবেটিছ প্ৰতিষেধক গুণ আছে বুলি জনা গৈছে। ই তেজৰ শৰ্কৰাৰ স্তৰ কম কৰাত সহায় কৰে আৰু লগতে ইনচুলিন হৰম’নৰ স্পৰ্শকাতৰতা বৃদ্ধি কৰে। তেজৰ শৰ্কৰাৰ স্তৰ সন্তুলিত কৰি ৰাখিবলৈ ইনচুলিনৰ অতিকে আৱশ্যক। তেজত থকা শৰ্কৰা দেহৰ বিভিন্ন কোষবোৰলৈ পঠিয়াবৰ বাবে ইনচুলিনৰ আৱশ্যক। ডালচেনিয়ে ডায়েবেটিছ ৰোগীৰ কাৰণে কৰা এটা ভাল কাম হ’ল যে ই বেয়া কলেষ্টেৰলৰ স্তৰ কম কৰি হাৰ্টৰ ৰোগ হোৱাত বাধা দিব পাৰে, যিটো ৰোগ ডায়েবেটিছ ৰোগীৰ বাবে অতি ভয়াৱহ। ডালচেনিয়ে ইনচুলিনৰ কার্যক্ষমতাৰ প্ৰতি থকা বাধা দূৰ কৰিব পাৰে।

বোধগম্যতা হ্রাস প্ৰতিৰোধ কৰা আৰু মস্তিষ্কৰ কাৰুকার্য ভালে ৰখাত ডালচেনি

গৱেষণাৰ ফালে দেখুৱাইছে যে ডালচেনি এণ্টি-অক্সিডেন্ট গুণসম্পন্ন হোৱাৰ বাবে ই স্নায়ৱিক (neurological) অসুবিধাবোৰৰ কাৰণে সৃষ্টি হোৱা ৰোগ, যেনে— পাৰ্‌কিনশ্বন্‌ছ (Parkinson's) আৰু এল্‌জেইমাৰ্ছ (Alzheimer's) হোৱাত বাধা দিব পাৰে। ডালচেনিয়ে স্নায়ুবিলাক ৰক্ষা কৰি থকা (neuro-protective) প্রটিনবোৰৰ কার্যক্ষমতা বৃদ্ধি কৰি মস্তিষ্কৰ কোষবিলাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে। পাৰকিনশ্বন্‌ছ আৰু এল্‌জেইমাৰ্ছ ৰোগৰ আৰোগ্যৰ বাবে এতিয়ালৈকে কোনো দৰৱ ওলোৱা নাই। গতিকে নিয়মিত ভাৱে ডালচেনি খাই থাকি এই ৰোগ দুবিধ হোৱাত বাধা দিব পাৰি। ডালচেনিত বহুতো এন্টিঅক্সিডেণ্ট আৰু প্ৰদাহ প্রতিষেধক দ্রব্য থকাৰ কাৰণে ই স্নায়ুবিলাক নষ্ট হৈ বয়সত হোৱা অৱক্ষয়জনিত ৰোগবোৰক প্রাকৃতিকভাৱে বাধা দিব পাৰে।

কেনছা্‌ৰ হোৱাৰ ভয়াৱহতা কম কৰাত ডালচেনি

ডালচেনিত শক্তিশালী এন্টিঅক্সিডেণ্টবিলাক থকাৰ কাৰণে ডালচেনিয়ে DNA-বিলাকৰ ক্ষতি, কোষৰ পৰিৱৰ্তন (mutation) আৰু কেনছা্‌ৰযুক্ত টিউমাৰবোৰৰ গঠনত বাধা দিব পাৰে। গৱেষণাৰ ফলবোৰে জানিবলৈ দিছে যে ডালচেনিৰ ঔষধি গুণৰ কাৰণ হ’ল ইয়াত থকা চি না মে ল ডি হাই ড (Cinnamaldehyde) নামৰ এটা ৰাসায়নিক দ্রব্য যি কেনছা্‌ৰ। প্রতিৰোধ কৰে আৰু DNA বিলাকক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। এই দ্রব্যটোৱে কেনছা্‌ৰযুক্ত কোষবোৰক আত্মহত্যা কৰিবলৈ প্ৰেৰণা যোগায়। ইয়াকে কোষ এপ’ল্টছিছ (Cell apoptosis) বুলি কোৱা হয়।

সংক্ৰমণ আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত ডালচেনি

ডালচেনি হ’ল এটা প্ৰাকৃতিক এন্টি মাইক্ৰ'বায়েল, এণ্টিবায়’টিক, ভেঁকুৰ প্রতিষেধক আৰু ভাইৰাছ প্ৰতিষেধক দ্রব্য। ডালচেনিৰ সুগন্ধি তেলে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে। কিছুমান গৱেষণাই জনাইছে যে ডালচেনিয়ে HIV ভাইৰাছৰ সংস্পৰ্শৰ ভয়াৱহতাও কম কৰিব পাৰে।

দাঁত ভালে ৰখাত আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত ডালচেনি

গৱেষণাৰ ফলবিলাকে দেখুৱাইছে যে ডালচেনিৰ ৰসে (extract) মুখৰ ভিতৰত হোৱা বেক্টেৰিয়াৰ লগত যুঁজি এইবিলাকৰ পৰা হোৱা মুখৰ দুৰ্গন্ধ, দাঁতৰ অৱক্ষয়, দাঁতত হোৱা গাঁত আৰু মুখত হোৱা সংক্ৰমণবিলাক বাধা দিব পাৰে। ডালচেনিৰ সুগন্ধি তেল অতি কার্যক্ষম আৰু সেই কাৰণে ইয়াক প্ৰাকৃতিক বেক্টেৰিয়া প্রতিৰোধক মাউথৱাছ (mouth wash) হিচাপে ব্যৱহাৰ কৰিব পাৰি।

কেনডিডা প্ৰতিৰোধ বা আৰোগ্যত ডালচেনি

কিছুমান গৱেষণাৰ ফলে দেখুৱাইছে যে ডালচেনি এটা শক্তিশালী ভেঁকুৰ প্রতিৰোধক আৰু ৰোগ-প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰা দ্ৰব্য হোৱাৰ বাবে ই হজমী নলীত হোৱা ভয়াৱহ কেনডিডা ইষ্টৰ (yeast) গঠনত বাধা দি হজমীৰ অসুবিধাৰ পৰা হ’ব পৰা বিভিন্ন অসুখবিলাক হোৱাত বাধা দিব পাৰে।

ছাল ভালে ৰখাত ডালচেনি

ডালচেনিৰ এণ্টিবায়’টিক আৰু এন্টি মাইক্ৰ’বায়েল গুণ থকাৰ বাবে ই ছালক জ্বলন, উখহি ৰঙা পৰা, এলাৰ্জিৰ বিক্ৰিয়া আৰু সংক্ৰমণ আদিৰ পৰা ৰক্ষা কৰিব পাৰে। ডালচেনিৰ সুগন্ধি তেল ছালত লগাই প্রদাহ, উখহা, বিষ আৰু ছাল ৰঙা পৰা কমাব পাৰি। ডালচেনি মৌৰ লগত মিহলাই ছালত সানিলে ছাল স্বাস্থ্যৱান হৈ থাকে আৰু শালমইনা হোৱাৰ পৰা ৰক্ষা কৰে।

এলাৰ্জিৰ বিৰুদ্ধে যুঁজাত ডালচেনি

ডালচেনিয়ে দেহত হোৱা প্রদাহ কম কৰি আৰু হিষ্টামিন (histamine) দ্ৰব্যৰ বিক্ৰিয়াৰ লগত যুঁজি সাধাৰণতে হোৱা এলার্জিবিলাকৰ আৰোগ্যত সহায় কৰিব পাৰে। এই গুণৰ কাৰণে ডালচেনিয়ে এজমা ৰোগৰ আক্রমণ কম কৰিব পাৰে।

ব্যঞ্জনত চেনিৰ পৰিমাণ কম কৰাত ডালচেনি

ডালচেনিৰ প্ৰাকৃতিকভাৱে সোৱাদ গুণ থকাৰ বাবে ইয়াক খাদ্যদ্রব্য আৰু বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰি চেনিৰ পৰিমাণ কম কৰিব পাৰি। ডালচেনিত অতি কম পৰিমাণৰ শর্কৰা আৰু কেল’ৰি থাকে, যেনেকুৱা খাদ্য দ্রব্য সকলো মানুহে সু-স্বাস্থ্যৰ বাবে খাবলৈ বিচাৰে। গতিকে আমি চাহ, কফি, বেক্‌ কৰা খাদ্য, ফল আদিত চেনিৰ পৰিৱৰ্তে ডালচেনি মিহলাই খাব পাৰোঁ, যিটোৱে আমাক প্রদাহ, বেছি ওজন বঢ়া, কেনডিডাৰ আক্রমণ, ডায়েবেটিছ ৰোগ আদি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

প্রাকৃতিকভাৱে খাদ্য সংৰক্ষণত ডালচেনি

ডালচেনি বেক্টেৰিয়া প্ৰতিৰোধক আৰু এণ্টি-অক্সিডেন্ট গুণসম্পন্ন হোৱাৰ বাবে ডালচেনি ৰাসায়নিক দ্রব্য ব্যৱহাৰৰ পৰিৱর্তে প্রাকৃতিকভাৱে খাদ্য দ্রব্য সংৰক্ষণত ব্যৱহাৰ কৰিব পাৰি।

সাৱধানতা

অতি বেছি পৰিমাণে ডালচেনি খোৱা স্বাস্থ্যৰ বাবে হানিকাৰক, বিশেষকৈ গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা, ইতিমধ্যে ডায়েবেটিছ আৰু লিভাৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে।

লিখক: ড° ৰবীন্দ্ৰ নাথ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate