অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসী

তুলসী

তুলসীৰ পাত-ফুল ছাল-চুলিৰ পক্ষে ভাল। বিশেষকৈ যদি বীজাণু, কীটানু, ওকণি আদি হয়। কোনো সংক্ৰামক সমস্যা হয়। সংক্ৰামণ হ’লে চুলিৰ উফি হ’ব পাৰে, ছালৰ খজুৱতি হয়। শালমন- গুটি আদি ওলায়। চকলা-চকলকৈ ছালত বগা চুম পৰে। এনেবোৰ সমস্যাত তুলসীৰ গুণকাৰী উপাদানৰ সহয় ল’ব লাগে।

শালমন

 

তুলসী-চন্দন কাঠৰ লগত মিহিকৈ পিহিব। তুলসীৰ এই প্ৰলেপ ছালত ৰাখিব। ২০ মিনিটমান ৰাখি থ’ব। পানীৰে ধুব। দিনত দুবাৰকৈ লগাব। লগতে নিতৌ ৰাতিপুৱা খালি পেটত ২০ খিলাকৈ তুলসীৰ পাত খাব, এগিলাচ পানীৰ লগত।

বগা বেমাৰ(সংক্ৰামক)

তুলসীৰ পাত বা  ফুল গৰুৰ ঘীউৰ লগত মিহিকৈ পিহিব। ইয়াক বগাবোম পৰা অংশত লগাব ভাল পাব। লগতে ৰাতিপুৱা তুলসীৰ ফুল খালি পেতত ছাগলীৰ গাখীৰৰ লগত খাব। দহখিলাপাত দিনত তিনিবাৰকৈ খাব।

মূৰৰ উফি হ’লে তুলসী পাত পিহি চুলিৰ গুড়িত ভৰণ দিব। ১/২ ঘণ্টা ৰাখি পানীৰে ধুব। উফিৰ বাবে চুলি সৰিলেও এই ভৰণ লগালে সুফল পোৱা যায়।

চুলিৰ ওকণি

১/২ কাপ নাৰীকলৰ তেলত ২ মুঠি তুলসীৰ পাত ডুবাই থ’ব। কমেও আধাঘণ্টা ৰাখিব। এই তেল চুলিত লগাব। ১/২ ঘণ্টা ৰাখি মণিছালৰ গুটিৰে চুলি ধুব। চুলিৰ পৰা ওকণি নোহোৱা হ’ব।

মূৰৰ দুৰ্গন্ধ বা গাৰ দুৰ্গন্ধ হ’লেও উপৰোক্ত তুলসী তেল লগাই ১/২ ঘণ্টা ৰাখিব। পনী আৰু নীমযুক্ত চাবোনেৰে ধুলে দুৰ্গন্ধ নোহোৱা হ’ব।

নখত কণ পৰা

নখত কণ পৰিলে তুলসীৰ পাত আৰু জেতুকাৰ পাত আৰু জেতুকাৰ পাত সমপৰিমাণত মিহলাই কণপুকে মৰা মৰা নখত ১৫ নিশা লগাই ৰাখিব। সুফল পাব।

লিখকঃ শিৱাঙ্গী কাশ্যপ

2.90566037736
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top