মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / তুলসীৰ উপকাৰিতা বহুতো নজনা কথা ঔষধিগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসীৰ উপকাৰিতা বহুতো নজনা কথা ঔষধিগুণ

তুলসীৰ উপকাৰিতা বহুতো নজনা কথা ঔষধিগুণৰ বিষয়ে লিখা হৈছে ।

তুলসীৰ উপকাৰিতা বহুতো নজনা কথা ঔষধিগুণ

শিশুৰ চর্দি কাহৰ বাবে ই এটি মহৌষধ হলেও যিকোনো বয়সৰ মানুহে ইয়াৰ পৰা উপকাৰ পায়। কেৱল পুজা -অর্চনাত বাহিৰেও তুলসী পাতৰ বহুত গুণ আছে ৷

* জ্বৰ হলে তুলসী পাত, জালুক আৰু মিচিৰি পানীৰ লগত মিহলাই ভালদৰে গৰম কৰি, অথবা তিনিওবিধ দ্রব্য মিহলাই বড়ি বনাই লব লাগে ৷ দিনে তিনি -চাৰি বাৰ এটাকৈ বড়ি পানীৰ লগত খালে জ্বৰ খুব কম সময়ৰ ভিতৰতে কমি যায়।

* কাহ যদি নকমে, তুলসী পাত আৰু আদা বটি মৌৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়৷

* পাতল পায়খানা হলে তুলসীৰ ১০ টা পাত সামান্য জিৰাৰ সৈতে বটি ৩-৪ বাৰ খালে পায়খানা বন্ধ হৈ যায়।

* মুখৰ দুর্গন্ধ দূৰ কৰিবলৈ দিনে ৪-৫ বাৰ তুলসীৰ পাত একোটা চোবাব লাগে ৷

* ঘা দ্রুত কমাবলৈ হলে তুলসীৰ পাত আৰু ফিটকিৰি একেলগে বটি ঘা হোৱা স্থানত লগালে ,সোনকালে শুকাই যায় ৷

* শৰীৰৰ কোনো অংশত পুৰিলে তুলসীৰ ৰস আৰু নাৰিকলৰ তেল ফেটি লগালে , জ্বলন কমে ৷ পোৰা ঠাইডোখৰ সোনকালে শুকায়, আৰু কোনো ডাগ নাথাকে ৷

* ছালৰ চমক (glazing) বঢ়োৱাৰ বাবে, ইয়াৰোপৰি ছালত পৰা বয়সৰ ছাপ আৰু ব্রণ দূৰ কৰিবলৈ তুলসীৰ পাত বটি মুখমণ্ডলত লগাব লাগে ৷

* বুদ্ধি আৰু স্মৰণ শক্তি বঢ়োৱাৰ বাবে প্ৰতিদিনে ৫-৭ টা তুলসীৰ পাত চোবাওক ৷

* প্ৰস্ৰাব জ্বলিলে তুলসীৰ পাতৰ ৰস ২৫০ গ্রাম গাখীৰ আৰু ১৫০ গ্রাম পানীৰ লগত মিহলাই পান কৰিলে উপকাৰ পোৱা যায় ৷

* ছালৰ সমস্যা দূৰ কৰিবলৈ তিল তেলৰ লগত তুলসী পাতৰ ৰস মিহলাই অলপ গৰম কৰি ছালত লগালে ভাল ৷

*তুলসীৰ পাত আৰু দুবৰি বন বটি গাত লগালে ঘামচি আৰু খজুৱতি ভাল হয়।
দাদ আৰু অন্যান্য চৰ্মৰোগত স্থানীয়ভাবে তুলসী পাতৰ ৰস দাদ আৰু অন্যান্য চৰ্মৰোগত ব্যৱহাৰ কৰিলে বহু উপকাৰ পোৱা যায়। তুলসী পাতৰ ৰস ফোঁটা ফোঁটা কৈ কানত দিলে কানৰ বিষ কমি যায়।

*পাত আৰু শিপাৰ ক্বাথ মেলেৰিয়া জ্বৰৰ বাবে বহু উপকাৰী । মেলেৰিয়াৰ প্রতিষেধক হিচাপে প্রতিদিনে ৰাতিপুৱা জালুকৰ লগত তুলসীৰ পাতৰ ৰস যিমানদিন সম্ভৱ খাব দিয়া হয়।

* বসন্ত ওলালে তুলসীৰ পাতৰ ৰস খালে সোনকালে শুকাই যায়।

* তুলসীৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই খালে ক্রিমি ৰোগত ভাল উপকাৰ পোৱা যায়। শুকান তুলসী পাতৰ ক্বাথ চর্দি, স্বৰভঙ্গ, বক্ষপ্রদাহ, উদাৰাময় প্রভৃতি ৰোগ নিৰাময় কৰে।

*অজীর্ণজনিত পেটৰ বিষত তুলসী পাতে খুব ভাল কাম কৰে। ই হজম কাৰক । প্ৰতিদিনে ৰাতিপুৱা ১৮০ গ্রাম পৰিমানৰ তুলসী পাতৰ ৰস খালে পুৰণি জ্বৰ , ৰক্তক্ষয়, আমাশয়, ৰক্ত অর্শ আৰু অজীর্ণ কমে।

* বাত বিষত আক্রান্ত স্থানত তুলসী পাতৰ ৰসত সৰু কাপোৰ এখন ভিজাই পট্টি দিলে বিষ কমি যায়।
* কীট-পতংগ মৌমাখি ,কোদোবৰল , বিছা প্রভৃতি বিষাক্ত জীৱে কামুৰিলে, কামোৰা স্থানত তুলসী পাতৰ ৰস গৰম কৰি লগালে জ্বালা-যন্ত্রণা কমি যায়।

*যি সহজতেই চর্দিৰ দ্বাৰা আক্রান্ত হয় (বিশেষকৈ শিশু) তেওঁলোকক কিছুদিন ৫ ফোঁটা মৌৰ লগত ১০ ফোঁট তুলসীৰ ৰস খুৱালে তর্দি প্রবণতা দূৰ হয়।

তুলসী মূল(শিপা) শুক্র গাঢ়কাৰক আৰু বাজীকৰ। তুলসী পাতৰ ক্বাথ, ইলাচি গুড়ি আৰু এক তোলা পৰিমাণৰ মিছিৰি পান কৰিলে ধাতুপুষ্টি সাধন হয়। ই অত্যন্ত ইন্দ্রিয় উত্তেজক। প্ৰতিদিনে এক ইঞ্চি পৰিমাণৰ তুলসী গছৰ শিপা পানৰ লগত খালে যৌনদূর্বলতা কমি যায়। কোনো কাৰণত তেজ দূষিত হলে কলা তুলসী পাতৰ ৰস কিছুদিন খালে উপকাৰ পোৱা যায়।শ্লেষ্মা বা কফৰ কাৰণে নাক বন্ধ হৈ কোনো গোন্ধ নোপোৱা হলে তুলসীৰ শুকান পাতৰ চূর্ণৰ নস্য ললে নাক খুলি যায়। পাতৰ চূর্ণ দুই আঙুলিৰে টিপি ধৰি নাকেৰে উশাহ টানাকে নস্য বুলি কোৱা হয় ।

*তুলসী পাত চাহৰ নিচিনা খালে দীর্ঘদিন সুস্থ জীৱন যাপন কৰিব পাৰি। তুলসী চাহ হিচাবেও বহু স্থানত জনপ্রিয়। তুলসী পাতৰ ৰসত নিমখ মিহলাই দাদ খুজলিত লগালে উপশম হয়।

* তুলসীৰ বীজ পানীত তিয়াই থলে পিছল হয়। এই পানীত চেনী মিহলাই চৰবতেৰ নিচিনা খালে প্রস্রাবজনিত জ্বালা যন্ত্রনাত বিশেষ উপকাৰ হয়।

* মুখত বসন্তৰ কলা দাগ হলে তুলসীৰ ৰস লগালে দাগ নাইকিয়া হয়। শিশুৰ শৰীৰত কল দাগ হলে তুলসী পাতৰ ৰস লগাই থাকিলে গালৈ স্বাভাবিক ৰং ঘুৰি আহে ।

*তুলসীত Eugenol অধিক পৰিমাণে থকা বাবে ই Cox-2 Inhibitor ৰূপে কাম কৰে অৰ্থাৎ ই বিষনাশক হিচাপে ব্যৱহাৰ হয়।

*তেজস্ক্রিয়তাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কোষসমুহক তুলসীয়ে মেৰামতি কৰে।

*তুলসীয়ে বহুধৰণৰ Phytochemicals (যেনে oleanolic acid, beta caryophyllene ইত্যাদি) বহন কৰে বাবে কেঞ্চাৰৰ চিকিৎসাতো ব্যবহাৰ হয়।

*তুলসীয়ে Immune system ৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে ।

*তুলসী স্নায়ুটনিক আৰু স্মৃতিবর্ধক।

*দাঁতৰ ৰোগত উপকাৰী কাৰণে টুথপেস্টত বনোৱাৰ বাবে তুলসী ব্যবহাৰ কৰা হয়।

লেখক :- মনোজ কুমাৰ গোস্বামী

 

3.15
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top