ই এবিধ দৰবৰ শাক। দোৰোণ ফুল দেৱকাৰ্য্যত ব্যৱহৃত হয় আৰু গছবোৰ সৰু অৱস্থাত শাক হিচাবে মানুহে খায়। ইয়াৰ শাস্ত্ৰীয় নাম দ্ৰোণপুষ্প বা দোণা। গছবোৰ মাটিৰ পৰা এক ডেৰ ফুটমান ওখ হয়।
দোৰোণ ফুলৰ শিপা, পাত আৰু ফুল তিনিবিধেই দৰবত ব্যৱহৃত হয়। ইয়াৰ পাত কলপাতেৰে মেৰিয়াই জুইত সেকি ৰস উলিয়াই দৰবৰ লগত ব্যৱহাৰ কৰিব লাগে। ই ৰুক্ষ, উষ্ণবীৰ্য্য, বায়ু আৰু পিত্তবৰ্দ্ধক। কফ, আম, শোথ আৰু ক্ৰিমিনাশক। দোৰোণ ফুল গছৰ পাতৰ ৰস এক তোলাৰ লগত জালুকৰ গুড়ি এক অনা মিহলাই খালে পালাজ্বৰ, তিয়াজ্বৰ আৰু বিষম জ্বৰ উপশম হয়। যকৃত, প্লীহা বৃদ্ধি হ’লে যি জ্বৰ হয় সেই জ্বৰ প্ৰশমিত কৰি শৰীৰ সবল কৰিবলৈও দোৰোণৰ পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰি। বাত, শ্লৈথিক জ্বৰ বা নিউমোনিয়া জ্বৰত কফৰ প্ৰকোপ বাঢ়িলে এই ৰস খালে বা তপতাই বুকু মালিচ কৰিলে উপকাৰ পোৱা যায়। দোৰোণ পাতৰ ৰস ক্ৰিমি, শৌচ, আৰু অৰ্শতো পৰম উপকাৰী। দোৰোণ ফুল সাপ বিষৰ এটি উৎকৃষ্ট দৰব বুলি বহুতেই কয়।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/27/2020