মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / নিম গছৰ উপকাৰীতাৰ বিষয়ে অলপ জানো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিম গছৰ উপকাৰীতাৰ বিষয়ে অলপ জানো আহক

নিম গছৰ উপকাৰীতাৰ বিষয়ে লিখা হৈছে ।

 

নিম এবিধ ঔষধি গছ। ইয়াৰ ডাল, পাত,ৰস,শিপা বা মুল সকলোখিনি উপযোগী। নিম এবিধ বহুবৰ্ষজীৱি ও চিৰহৰিৎ বৃক্ষ। ক্ৰিমিনাশক হিচাপে নিমৰ ৰস খুবেই কাৰ্য্যকৰি। নিম গছৰ কাঠ খুব টান আৰু কেতিয়াও ঘূনপোক নধৰে,উইপোকেও খাব নোৱাৰে আৰু এই কাৰণে আজিকালি নিমৰ আচবাব পত্ৰও তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰাই বাদ্যযন্ত্ৰ বনোৱাৰ কাৰণে নিম কাঠ ব্যৱহ্ৰত হৈ আছে।
নিমৰ এই গুনাগুনৰ কথা বিবেচনা কৰিয়েই বিশ্ব স্বাস্থ সংস্থা (WHO)ই একৈশ শতিকাৰ বৃক্ষ বুলি ঘোষণা কৰিছে।

ঔষধি গুনাগুন -


বিশ্বব্যাপী নিম গছ,ইয়াৰ পাত,মুল,ফল আৰু বাকলী ঔষধৰ কেঁচা সামগ্ৰী হিচাপে পৰিচিত। বৰ্তমান বিশ্বত ই antiseptic হিচাপেও পৰিচিত। ই বেক্টেৰিয়াৰোধক,ভাইৰাচৰোধক,কীটপতংগনাশক,মেলেৰিয়া নিৰাময়,দন্তচিকিৎসাত বিষমুক্তি,জ্বৰনাশক আৰু জন্ম নিয়ন্ত্ৰনত ব্যৱহাৰ কৰা হয়।

ব্যৱহাৰ -


1. কফজনিত বুকুৰ বিষ: 30 টোপাল নিম পাতৰ ৰস কুসুমীয়া গৰম পানীৰ লগত দিনত3-4 বাৰ খালে বুকৰ বিষ কমে। গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধৰ বাবে এইটো নিষেধ।
2. ক্ৰিমি: শিশুৰ ক্ৰিমিজনিত ৰোগৰ বাবে পেট ডাঙৰ হোৱা আৰু নানা ধৰণৰ শাৰীৰিক উপসৰ্গ দেখা দিয়ে। ইয়াৰ বাবে 50 মিগ্ৰা পৰিমাণ নিম গছৰ মূলৰ ছালৰ গুড়ি দিনত 3 বাৰ সামান্য গৰম পানীৰ লগত খালে উপষম পোৱা যায়।
3. ওকনি: নিমৰ পাত বটি পাতলকৈ মূৰত প্ৰলেপ দি এঘন্টা পিছত ধুব লাগে। 2-3 এনেকৈ লগালে ওকনি মৰি যায়।
4. কীটপতংগৰ বিষ: কীটপতংগ কামূৰিলে বা শুং ডবালে নিমগছৰ মূলৰ ছাল বাপাত বটি ক্ষতস্থানত লগালে বিষ উপষম হয়।
5. দাঁতৰ ৰোগ: নিমৰ পাত,ছালৰ গুড়ি কিংবা নিমৰ ছালেৰে নিয়মিত দাঁত মাজিলে দাঁত মজবুত নিৰোগী হয়।
6. জন্মনিয়ন্ত্ৰনত নিম: নিমতেল এবিধ শক্তিশালী শুক্ৰানুনাশক। ভাৰতীয় বিজ্ঞানীৰ অনুসন্ধানত পোৱা গৈছে যে নিমতেল মহিলাসকলৰ বাবে নতুন ধৰণৰ কাৰ্য্যকৰী গৰ্ভনিৰোধক হ'ব পাৰে। ই 30 ছেকেন্ডৰ ভিতৰত শুক্ৰানু ধ্বংস কৰিবলৈ সক্ষম।
এইবিলাকৰ উপৰিও মুখৰ দাগ দূৰ কৰাত সৰ্বোত্তম ঔষধ হ'ল নিম। মুখমন্ডলত ব্ৰণ(pimple/acne) হ'লে নিমপাতৰ প্যাক(facepack) ব্যৱহাৰ কৰিলে পৰিত্ৰাণ পোৱা যায়। নিমপাতৰ প্যাক কেনেকৈ তৈয়াৰ কৰিব জানি লওক:-

১) 3-4 টা নিমপাত ভালকৈ ধুই উপযোগী পাত্ৰ(মিক্সি)ত বটি লওক,ইয়াত এক চামুচ মূলতানি মাটি, অলপ গোলাপজল মিহলাই প্যাক তৈয়াৰ কৰক। প্যাক যদি গাঢ় হয় আৰু অলপ গোলাপজল মিহলাই লওক। এতিয়া প্যাকখিনি মুখত প্ৰলেপ দি কিছু সময় অপেক্ষা কৰক। অলপমান শুকাই যোৱাৰ পিছত কুষুমীয়া গৰম পানীৰে মুখখন ধুই লওক।

লেখক: ছফিকুল হক

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.83333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top