মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / পাকঘৰ শুৱনি মচলা আদাৰ গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাকঘৰ শুৱনি মচলা আদাৰ গুণাগুণ

পাকঘৰ শুৱনি মচলা আদাৰ গুণাগুণৰ বিষয়ে লিখা হৈছে ।

 

ৰান্ধনিশাল বা পাকঘৰত সদায় ব্যৱহাৰ হোৱা এবিধ মচলা হৈছে আদা। আদা অবিহনে যিকোনো ব্যঞ্জনৰ সোৱাদ যেন আধৰুৱা। মাংসৰ জোলখিনি, আমাৰ মনপচন্দৰ চাটনিখনত বা আচাৰ বনাওঁতে অকণমান আদা নহ'লেই কিবা সেৰেকা সেৰেকা লাগে। আদা দিয়া চাহকণৰ সোৱাদ কিযে অপূৰ্ব। মাতিদাইলৰ আঞ্জাত আদা, নহৰুৰ ফোৰণ নিদিলে আচল জুতি হেৰাই যোৱা যেন লাগে। অকণমান আদাৰ সংযোজনে এখন ব্যঞ্জনৰ সোৱাদ দুগুণে বঢ়াই তোলে।

আচলতে চাবলৈ গ'লে আমাৰ ভাৰতীয় ব্যঞ্জন সমূহ আদা অবিহনে অসম্পূৰ্ণ। প্ৰায়বোৰ ব্যঞ্জন বনাওঁতে ব্যৱহাৰ হোৱা প্ৰাথমিক মচলাৰ মিশ্ৰণটো (3 basic ingredients) হৈছে পিয়াজ, আদা নহৰু। 'আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা।' কথাষাৰৰ পৰা আদাৰ মহত্ব বুজিব পাৰি। সমগ্ৰ এছিয়াতে বিভিন্ন ব্যঞ্জনত আদাৰ ব্যৱহাৰ হোৱা দেখা যায়। কিছুমান ইউৰোপীয় খাদ্য সম্ভাৰতো আদাৰ ব্যৱহাৰ হয়।

ফলৰ ৰসৰ বিভিন্ন পানীয়, মকতেইল, চালাড আদিতো আদাৰ ব্যৱহাৰ হয় যিবোৰ কৈও শেষ কৰিব নোৱাৰি। এয়া বাৰু আমাৰ আখলঘৰৰ কথা। আনহাতেদি আমাৰ কিছুমান সৰু সুৰা অসুখ বিসুখ যেনে বদহজম হ'লে ক'লা নিমখ দি আদা খাবলৈ দিয়া হয়। সৰু সৰু ল'ৰা ছোৱালীৰ চৰ্দি কাহ আদি হ'লে আদাৰ ৰস, তুলসীৰ ৰস মৌ মিহলাই খাবলৈ দিয়া হয় আৰু আদা,জালুক দিয়া লোকেল মুৰ্গীৰ চুপ খাবলৈ দিয়া হয়।

ঠিক তেনেকৈ আন বহুতো ৰোগৰ ঘৰুৱা চিকিৎসাত আদা ঔষধি হিচাবে ব্যৱহাৰ হয়। মুঠৰ ওপৰত ক'বলৈ গলে আদাৰ অবিহনে আমাৰ নিত্য নৈমিত্যিক জীৱন যেন অচল। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্রতো আদাৰ বিষয়ে বিস্তৃত বিৱৰণ আছে। আয়ুৰ্বেদিক প্ৰসিদ্ধ শাস্ত্রীয় ঔষধি 'ত্ৰিকটু'ৰ অন্যতম মুখ্য উপকৰণ হৈছে আদা (শুকান আদা)। সম পৰিমাণৰ শুকান আদা (সংস্কৃতত সুন্থী বা Sunthi), পিপ্পলি (Piper longum) আৰু মৰিচ বা জালুকৰ গুৰিক একেলগে 'ত্ৰিকটু' বুলি কোৱা হয়। কেঁচা আদাতকৈ শুকান আদাৰ ঔষধি গুণাগুণ বেছি।

শুকান আদা বহুদিন সংৰক্ষণ কৰি ৰাখিবও পাৰি। আয়ুৰ্বেদ শাস্ত্র মতে আদা এবিধ দীপনীয় ঔষধি (Improves digestive strength) অৰ্থাৎ ই ভোক বঢ়োৱাত সহায় কৰে। বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ হোৱা বাবে বহুতো আয়ুৰ্বেদিক ঔষধৰ উৎপাদনত আদাৰ ব্যৱহাৰ হয়। ইয়াৰ বৈজ্ঞানিক নাম Zingiber officinale।

আদাত প্ৰচুৰ পৰিমাণে-

*আঁহ (dietary fiber),

*প্ৰটিন,

*আইৰণ,

*চডিয়াম,

*ফচফৰাছ,

*ভিটামিন চি,

*ভিটামিন B6,

*ফলেট,

*নিআচিন,

*ৰাইব'ফ্লেভিন আৰু জিনজাৰ'ল (gingerol),

*বিটা কেৰটিন আদি বিভিন্ন প্ৰকাৰৰ এন্টিঅক্সিডেন্ট পোৱা যায়। সহলভ্য আদাই কিদৰে আমাৰ স্বাস্থ্যৰক্ষা আৰু ৰোগ নিৰাময় কৰে অলপ চাওঁচোন আহক।

(১)আভোক বা অৰুচি (loss of appetite), বদহজম (indigestion), পেটত গেছ হ'লে, বমি বমি অনুভৱ হ'লে (nausea) কেঁচা আদা সৰু সৰুকৈ কাটি অকণমান ক'লা নিমখৰ লগত খালে সুফল পোৱা যায়। নাইবা আদাৰ ৰস এচামুছ, পদিনাৰ ৰস এচামুছ, এচিকুট ক'লা নিমখ দি খালে সুফল পোৱা যায়। আদাৰ লগত ক'লা নিমখ আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগত খালেও সুফল পোৱা যায়। আদাই লালটি গ্ৰন্থি সমূহ সক্ৰিয় কৰি তোলে।

(২)চৰ্দি, কাহ, ঋতু সলনি হোৱাৰ সময়ত হোৱা বিভিন্ন কফজনীত সমস্যাত আদা ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে তলত দিয়া দিহাকেইটা ব্যৱহাৰ কৰিব পাৰে।

(ক)একাপ পানীত এটুকুৰা সৰু আদাৰ টুকুৰা থেতেলাই লৈ দি উতলিবলৈ দিব লাগে। উতলি যেতিয়া আধা কাপ পানী থাকিব তেতিয়া জুইৰ পৰা নমাই অলপ ঠাণ্ডা হোৱাৰ পাছত নেমুৰ ৰস আৰু মৌ অকণমান দি সেৱন কৰক।

(খ)আদাৰ ৰস এচামুছ, তুলসীৰ ৰস এচামুছ, শেৱালি পাতৰ ৰস আধা চামুচ, মৌ এচামুছ দি দুভাগ কৰি দিনে দুবাৰ খাব। সৰু সৰু ল'ৰা ছোৱালীক পৰিমাণ বয়স অনুসৰি ৩ বা ৪ টোপাল বা ১/৪ চামুচ কৈ খুৱাব।

(৩)এন্টিঅক্সিডেন্ট জিনজাৰ'লৰ (gingerol) বাবে আদাই বিভিন্ন বীজাণুৰ সংক্ৰমন ৰোধ কৰে। যেনে দাঁত আৰু দাঁতৰ আলুৰ (gums) বীজাণু সংক্ৰমণত (Gingivitis, periodontitis) বাধা দিয়ে।

(৪)ই লিভাৰক সুৰক্ষা প্ৰদান কৰে আৰু ফেতি লিভাৰ (non alcoholic fatty liver) হোৱাত বাধা দিয়ে। যক্ষ্মা ৰোগৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ পৰাও ই লিভাৰক সুৰক্ষা প্ৰদান কৰে।

(৫)আদাত থকা বিশেষ কিছুমান উপদানে উচ্চ ৰক্তচাপ, অপকাৰী কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি নিয়ন্ত্রণ কৰাত সহায় কৰে।

(৬)ডায়েবেটিচ ৰোগীৰ বাবেও আদা উপকাৰী কাৰণ ই তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাত সহায় কৰে।

(৭)মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষতো (dysmenorrhea) আদা উপকাৰী।

(৮)গাঁঠিৰ বিষ,মাংস পেশীৰ বিষ আদি বিভিন্ন প্ৰকাৰৰ বিষত আদাই বিষহৰ (pain killer) হিচাবে কাম কৰে।

(৯)আদাত থকা বিশেষ কিছুমান এন্টিঅক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে ই এলজাইমাৰ (Alzheimer's disease) নামৰ ৰোগৰ পৰাও বচাই ৰাখে।

(১০)শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাষণ কৰি শৰীৰ শোধন (detoxification of body) কৰাতো আদাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বি:দ্ৰ:

বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ আদা কিছুমান ৰোগত অলপ সাৱধানে ব্যৱহাৰ কৰা উচিত।

যেনে-

*প্ৰসাৱ জ্বলা পোৰা কৰা সমস্যা,

*পেপটিক আলচাৰ,

*গৰ্ভৱতী মহিলা,

*অৰ্শ বা পাইলচ ৰোগীয়ে আদা অত্যাধিক মাত্ৰাত সেৱন নকৰাই ভাল। তদুপৰি কেতিয়াবা কিছুমান অন্য ঔষধৰ কাৰ্য্যত ই বাধা প্ৰদান কৰাও দেখা পোৱা যায়।

লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

গুৱাহাটী, 7399114617

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top