অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিৰ কোলাৰ ঔষধি গছ টংলতি

প্ৰকৃতিৰ কোলাৰ ঔষধি গছ টংলতি

উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, অসমৰ ডিমা হাছাও (উত্তৰ কাছাৰ) জিলাকে ধৰি প্ৰায়বোৰ ঠাইতে বিস্তৃত হৈ থকা টংলতি গছ এজোপা ঔষধি বন। ই বৰ্ষজীৱী আৰু সাধাৰণতে বনৰীয়া সৰু শাক-বন জাতীয় গছ। কোনো কোনো ক্ষেত্ৰত বা অঞ্চলভেদে ইয়াৰ খেতিও কৰা হয়। পাত সৰু সদায় বিপৰীত পত্ৰ বিন্যাসত সজোৱা। মুণ্ডক পুষ্পবিন্যাসত সজোৱা পুষ্পিকাসমূহ (Florets) প্ৰায়েই নলী আকৃতিৰ আৰু উভয়লিংগ বৈশিষ্ট্যসমূচক। দলমণ্ডল কেতিয়াও হালধীয়া নহয়। ফুলৰ তলফালে থকা পেপাছবোৰ (Pappus)বৰ ঠৰঙা। উত্তৰ-পূব ভাৰতৰ উপৰি ই চীন দেশতো কম-বেছি পৰিমাণে বিস্তৃত। হিমালয় পৰ্বতৰ নাতিশীতোষ্ণ অঞ্চলৰ ৩০০০ ফুটৰপৰা প্ৰায় ১১০০০ ফুট পৰ্যন্ত উচ্চতাতো ইয়াৰ বিস্তাৰণ দেখা যায়। অসমৰ সকলো ঠাইতে থলুৱাভাৱে ইয়াক টংলতি বুলিয়েই জনা যায় যদিও ইয়াৰ সৰ্বজনীন উদ্ভিদ বৈজ্ঞানিক আন্তঃৰাষ্ট্ৰীয় নাম Eupatorium cannabinum আৰু উদ্ভিদ জগতৰ বৃহত্তম পৰিয়াল Asteraceae (Compositae) গোত্ৰৰ অন্তৰ্ভুক্ত।

টংলতিৰ প্ৰায় সকলোবোৰ অংগক লৈ সম্পূৰ্ণ গছজোপাই কম-বেছি পৰিমাণে ভেষজ গুণৰ অধিকাৰী। বিশেষকৈ ই মূত্ৰবৰ্দ্ধক, স্কাৰ্ভিনাশক, বমিকাৰক, শৌচ খোলোচাকাৰী, আনকি তিৰোতাৰ ৰজস্বলা নিয়মীয়া কাৰক বন দৰব। গছজোপাৰ পাত, কাণ্ডক লৈ বিটপাংশৰপৰা নিঃসৰিত ৰস ইউপেৰিন, ইউপেটো ৰিওক্ৰিন, ট্ৰাইটাৰ্পিন ইত্যাদি অনেক জৈৱ ৰাসায়নিক দ্ৰব্যৰে উৎস বা আধাৰ। তদুপৰি ইয়াত ইনুলিন, ৰেজিন প্ৰভৃতি দ্ৰৱ্যৰ উপস্থিতিৰ উমানো পোৱা যায়। কৃষিজাত টংলতিৰপৰা উৎপাদিত ডাল-পাতৰ ৰসত উৰ্দ্ধতম ০.৩৪ শতাংশ ইউপেৰিন থাকে। বেমাৰৰ বাবে ব্যৱহাৰোপযোগী গছ বিধৰপৰা উলিওৱা ৰস বৰ তিতা সোৱাদযুক্ত। ঘৰ্মবৃদ্ধি কাৰক, মূত্ৰবৃদ্ধি কাৰকে, বমন কাৰক ইত্যাদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই ৰস সেৱন কৰিলে অতি উত্তম ফল পোৱা যায়। এনেক্ষেত্ৰত ই এবিধ সুফলদায়ক দৰব। তদুপৰি খহুৱা ৰোগ (Scurvey), ছালত হোৱা এক ধৰণৰ  বিষধৰ ঘা বা বিষফোঁহা আদিৰ বেলিকাও ইয়াক প্ৰয়োগ কৰিব পাৰি। চীন আদি কেতবোৰ দেশত আকৌ তিৰোতাৰ ৰজস্বলাজৰিত ৰোগ নিৰাময়ক আৰু উদৰপীড়াজনিত ৰোগৰ ৰেচক দৰব হিচাপেও প্ৰয়োগ কৰা পৰিলক্ষিত হয়। টংলতি গছৰ শিপা আন আন উপাদান, যেনে- কঁঠালৰ শিপা, দীঘলতীৰ ছাল, জালুক আদি পিহি লেই (Paste)সদৃশ কৰি খালে কহ-জ্বৰ, বুকুৰ বিষৰ দ্বাৰা হোৱা লেং বেমাৰ নিৰাময় হয়। জলাত্ংক বেমাৰৰ ক্ষত্ৰত ইয়াৰ শিপা গাখীৰৰ লগত বটি খালে উপকাৰ পোৱা যায়। আনহাতে ভেদাইলতাৰ ৰসৰ লগত এই গছৰ শিপা (Dropsy) ভাল হয়। এনেধৰণে যিকোনো ভেষজ গুণ বিশিষ্ট বনৰীয়া বন বেমাৰত প্ৰয়োগ কৰোতে উচিত চিনাক্তকৰণ কৰি ল’ব লাগে।

লিখক: কবীন্দ্ৰ নাথ দাস।

শেহতীয়া উন্নীতকৰণ: : 1/29/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate