অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বচ গছৰ ঔষধি গুণ :

বচ গছৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

বচ এবিধ সৰু তৃণজাতীয় উদ্ভিদ। এই উদ্ভিদ মাটিত বগাই যায়। ইয়াৰ বৈজ্ঞানিক নাম Acorus calamus।

এই গছৰ পাত দীঘল কিন্তু বহল কম। পাতৰ ৰং সেউজীয়া। ইয়াৰ ফুল সৰু।

ফল পাতল হালধীয়া ৰঙৰ। বোকাময় কোমল মাটিত এই গছ সাধাৰণতে হয়। সেয়ে জলাশয়ৰ কাষত বচ গছ দেখা পোৱা যায়।

বচ গছ প্ৰায় তিনি ফুট ওখ হয়। মাটিৰ তলত থকা আলু বা কাণ্ডৰ পৰা নতুন গজালি ওলায়। এইবিধ উদ্ভিদৰ পাত মোহাৰিলে পাতল গোন্ধ ওলায়।

ভাৰতৰ কিছুমান অঞ্চলত বচ গছৰ খেতি কৰা হয়। ইয়াৰ আলু বা কাণ্ড ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*বচ গছৰ কাণ্ড বা আলু পিহি ৰস উলিয়াই খালে বদহজম আঁতৰে আৰু ভোক বাঢ়ে।

*গেছ হ’লে বচ গছৰ আলু গুড়ি কৰি খালে আৰাম পোৱা যায়।

*বাত বিষৰ বাবে বচ গছৰ আলুৰ গুড়ি উপকাৰী।

*ঘনাই পায়খানা হ’লে কেইটামান নিমগছৰ পাত আৰু নহৰু দুই-তিনি ফোটা, বচৰ আলুৰ লগত পিহি খালে ৰোগ নিৰাময় হয়।

*পানীলগা জ্বৰ বা কাহ হ’লে বচৰ আলুৰ ৰস উলিয়াই কুহুমীয়া গৰম কৰি বুকুত মালিচ কৰিলে কাহ কমে অৰু ৰোগীয়ে আৰাম পায়।

*বিভিন্ন কাৰণত কেতিয়াবা পেট ফুলে আৰু বেয়া উগাৰ আহে। তেতিয়া বচ গছৰ আলু পেটফুলা ব্যক্তিৰ নাভিৰ ওপৰত ৰাখিব লাগে আৰু আৰাম নোপোৱালৈকে বচৰ আলু নাভিত ৰাখিব লাগে।

লেখকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top