অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধি: তুলসী

বনৌষধি: তুলসী

অসমীয়া গ্ৰাম্য সমাজত তুলসীক লৈ অনেক কাহিনী, উপ-কাহিনী আছে। সকলোৰে চিনাকী সেই তুলসীজোপাৰ যে ব্যৱহাৰিক দিশ বা ঔষধি গুণ আছে তাক আমি ভালকৈ নাজানো। ইয়াৰ গুণাগুণ, মানুহৰ শাৰীৰিক দিশত ইয়াৰ উপকাৰিতা বহুত। দৰাচলতে ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰ কিছু সালসলনি, বায়ুমণ্ডলৰ আৰ্দ্ৰতা ইত্যাদি কাৰকবিলাকেও মানুহৰ শৰীৰত ক্ৰিয়া নকৰাকৈ নাথাকে।

উদ্ভিদ বিজ্ঞানৰ পৰিভাষা মতে তুলসীক Ocimum Sanctum বুলি জনা যায়। আনহাতে Ocimum gratissimum অৰ্থাৎ ৰাম তুলসীও মানুহৰ ব্যৱহাৰোপযোগী। ঔষধি হিচাপে ইয়াৰ শিপাৰ পৰা পাতলৈকে গোটেই গছডালেই ব্যৱহৃত হৈ আহিছে। গা-গছৰ পৰা তৈয়াৰী তুলসীৰ মালা লৈ জপ কৰা, ডিঙিত পৰিধান কৰা লোকে অনেক সুফল পাইছে। তুলসীৰ গোটেই গছডালত উদ্বায়ী তেল বা Volatil Oil থাকে। কিন্তু পাতত ইয়াৰ পৰিমাণ বেছি। শতকৰা হিচাপত ০.৪ ৰ পৰা ০.৮ ভাগ উৰণশীল তেল থাকে। উৰণশীল তেলত ৭০% Eugenol R=H, ২০% Methyleugenol R=H3, ৩% Carvacrol আৰু ১% Caryophylin থাকে। তুলসীৰ এণ্টিবেক্টেৰিয়েল, Insecticidal, Antiprotozoal, ঘাম নিঃসাৰক আৰু কফ নিঃসাৰক গুণ আছে।

আয়ুৰ্বেদত তুলসীৰ বহুতো ব্যৱহাৰৰ কথা উল্লেখ আছে। সৰু ল’ৰা-ছোৱালীৰ চৰ্দি-কাহ, হাঁপানী, পাৰ্শ্ববেদনা অৰ্থাৎ শৰীৰৰ দুকাষৰ বিষত ইয়াৰ ব্যৱহাৰ হয়। খাটি মৌৰ লগত ইয়াৰ পাতৰ ৰস সঘনাই খালে কাহ-কফৰ পৰা উপশম পোৱা যায়। অৱশ্যে কলীয়া তুলসীৰ গুণাগুণ বেছি বুলি জনা যায়। নিয়মিত ইয়াৰ তিনি-চাৰি খিলা পাত খাই থাকিলে কাহ-কফ হোৱাৰ ভয় নাথাকে। ই বায়ুনাশক আৰু কৃমিনাশক। হজমশক্তি বঢ়োৱাত ই সহায় কৰে। আনহাতে, বায়ুশোধন কৰাত সহায় কৰে। আয়ুৰ্বেদিক ঔষধত তুলসীৰ ব্যৱহাৰ অতি বেছি। ইয়াৰ ভিতৰত যেনে- Kofol, Cufdyl, Cufex, Tulsi-expectorant, Cosaca, Honitus, Ocinael, Koflet ইত্যাদি। বিশ্ব স্বাস্থ্য সংস্থায়ো ইয়াক স্বীকৃতি দিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে তুলসীক মলম বা ৰস হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে বিদেশত ইয়াৰ আদৰ লক্ষ্য কৰিবলগীয়া। লণ্ডন, কেলিফৰ্ণিয়া, জাৰ্মান আদি দেশত ফুলনি বাগিচাৰ সলনি শাৰী শাৰীকে তুলসীৰ বাগিচা পতাটো এক তাৎপৰ্য্যপূৰ্ণ বিষয়। হয়তো ইয়াৰ গুণাগুণৰ বিষয়ে নিশ্চয় গৱেষণা হৈছে।

গতিকে আহক আমি সকলোৱে বায়ুমণ্ডল বিশুদ্ধকৰণ কৰা, ৰোগ নিৰাময় কৰা এই তুলসীক যত্নসহকাৰে প্ৰতিপালন কৰি পৰিৱেশ প্ৰদূষণমুক্ত কৰাত আগভাগ লওঁহক।

লেখক:  জিতুল গগৈ, খবৰ।

শেহতীয়া উন্নীতকৰণ: : 6/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate