অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধি শোহনি বন :

বনৌষধি শোহনি বনৰ বিষয়ে লিখা হৈছে ।

 

অসম দেশ থলুৱা বনৌষধিত চহকী। ইয়াৰ গাৱেঁভুঁয়ে, পাহাৰে পৰ্বতে অগণন বনৌষধিৰ অক্ষয় ভাণ্ডাৰ আছে। প্ৰাচীন কালৰে পৰা পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত বিভিন্ন বনৌষধিৰ ব্যৱহাৰ হৈ আহিছে। ইয়াৰে বহুতো বনৌষধি বনশাক হিচাবে খোৱা হয়। অসমীয়া খাদ্য সম্ভাৰত এনে বহু বনৌষধিৰ জুতিলগা ব্যঞ্জন আছে।

যিবোৰ বনৌষধিৰ গুণ অতি উচ্চ মানদণ্ডৰ সেইবোৰক আমাৰ পূৰ্বজসকলৰ কেতবোৰ বিশেষ বনৌষধি হিচাবে সৰ্বসাধাৰণ গঞা ৰাইজৰ মাজত পৰিচিত কৰাই থৈছে যাতে প্ৰয়োজন সাপেক্ষে সকলোৱে এইবোৰ বনৌষধিৰ ব্যৱহাৰ কৰিব পাৰে।

উদাহৰণ হিচাবে বহাগ বিহুত খোৱা 'সাত শাকী' বা এশ এবিধ বন শাকৰ আঞ্জা বহু ৰোগৰ মহৌষধ। এই এশ এবিধ বনশাক ইমানেই উৎকৃষ্ট যে বছৰেকৰ মূৰত এদিন খালেও ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাত সহায় কৰে বুলি জনবিশ্বাস আছে।

এই এশ এবিধ শাকৰ আঞ্জাত দি খোৱা তেনে এবিধ বনৌষধি হৈছে 'শোহনি বন' বা 'শোহনি গুটি'। হালধীয়া ৰঙৰ গুটিবোৰ চোৱাই দিলে জিভাখন দেৰদেৰাই যোৱা এইবিধ বনৌষধিৰ নামেই শোহনি বন। অঞ্চলভেদে ইয়াৰ নাম বেলেগ বেলেগ।

ঘৰৰ বাৰীৰ চুকে কোনে অতি সহজতে পোৱা শোহনি বনৰ ইংৰাজী নাম Toothache plant। ব্ৰাজিল, থাইলেণ্ড, চীন, ভাৰত, বাংলাদেশ আদি দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত এইবিধ বনৌষধিৰ প্ৰচলন হোৱা দেখা যায়। পৃথিৱীৰ বহুতো দেশত দাঁত আৰু দাঁতৰ আলুৰ বিভিন্ন ৰোগৰ চিকিৎসাত এইবিধ বনৌষধিৰ ব্যৱহাৰ হয়।

বৈজ্ঞানিক নাম Acmella cilliata বা Acmella olaracea বা Spilanthes acmela। শোহনি বনৰ কেইবাটাও প্ৰজাতি আছে, এবিধৰ গুটিবোৰ অলপ ডাঙৰ আৰু এবিধৰ গুটিবোৰ অলপ সৰু। ঠিক তেনেকৈ পাতবোৰো সামান্যভাবে দেখাত কিছু বেলেগ বেলেগ।

বিদেশত এইবিধ বনৌষধিৰ যথেষ্ট সমাদৰ আছে। ব্ৰাজিল, থাইলেণ্ড আদি বহুতো দেশত শোহনি বনৰ পাত বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱা দেখা যায়। ব্ৰাজিলত ইয়াৰ গুটিৰ পৰা তৈয়াৰ কৰা এবিধ তেল দাঁতৰ বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়।

চিনদেশত এই বনৌষধিৰ পাত আৰথ্ৰাইটিছ, গাউৎ আদিৰ চিকিৎসাত ব্যৱহৃত হয়। আমাৰ পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিটো শোহনি বনৰ গুটিৰ ব্যৱহাৰ হোৱা দেখা যায়। বিশেষকৈ তনচিলাইটিছ, ফেৰিনজাইটিছ আদি সমস্যাত ভোগা লোকে শোহনি বনৰ গুটি চোৱাই চোৱাই থাকিলে যথেষ্ঠ উপশম লাভ কৰে।

গুটিবোৰে জিভাৰ লালটি গ্ৰন্থিসমূহ উত্তেজিত কৰি তোলে যাৰ বাবে চোৱাই দিয়াৰ লগে লগে লালটি ওলাবলৈ ধৰে। ইয়াত থকা স্পাইলেনথ'ল (spilanthol) নামৰ ৰাসায়নিক পদাৰ্থৰ বাবে ই বিষনাশক হিচাবে কাম কৰে।

তদুপৰি ই মুখশুদ্ধিকাৰক হিচাবেও কাম কৰা দেখা যায়। দাঁতৰ বিভিন্ন ভেষজ আৰু আয়ুৰ্বেদিক ঔষধিত সেয়েহে শোহনি বনৰ বহুল প্ৰয়োগ হোৱা দেখা যায়। ইয়াৰ পাতত ফলিক এচিড, ভিটামিন চি পোৱা যায় আৰু গুটিত স্পাইলেনথল পোৱা যায়।

দেখাত তেনেই সাধাৰণ কিন্তু অসাধাৰণ ঔষধি গুনেৰে ভৰপূৰ এই শোহনি বনৰ উপকাৰীতা সমূহ অলপ জানোচোন আহক।

*টনচিলাইটিছ, ফেৰিনজাইটিছ সমস্যাত শোহনি বনৰ গুটি অতি উপকাৰী। গুটি কেইটামান ভালকৈ ধুই কিছু সময় চোৱাই থাকিব লাগে। প্ৰথমে জিভাখন অলপ দেৰদেৰাব আৰু জিভাৰ পৰা লালটি ওলাবলৈ ধৰিব। মুখখনত কিছু সময় ৰখাৰ পিছত লালটি খিনি থুৱাই থুৱাই পেলাই থাকিব লাগে। এটা সময়ত লালটি ওলোৱা বন্ধ হ'ব।

এনেকৈ কেইদিনমান কৰিলে ফেৰিনজাইটিছ, টনচিলাইটিছ ৰোগ ভালেখিনি উপশম হয়। শোহনি গুটিৰ বেক্টেৰিয়ানাশক, ভেকুৰনাশক গুণ থকাৰ বাবে মুখ আৰু ডিঙিৰ বহু ৰোগত উপকাৰী।

*দাঁতৰ বিষ, দাঁতৰ আলুৰ ৰোগ, মুখৰ দুৰ্গন্ধ, মুখৰ ভিতৰত হোৱা ঘাঁত শোহনি বনৰ পাত আৰু গুটি একেলগে সিজাই তৈয়াৰ কৰা ক্ৱাথ অতি উপকাৰী।

এগিলাচ পানীত শোহনি বনৰ কেইটামান আগ আৰু গুটি সিজাই আধা গিলাচ ৰাখি অলপ ঠাণ্ডা হোৱাৰ পাছত সেই পানীৰে কুলিকুলি কৰিলে মুখগহ্বৰৰ যিকোনো ৰোগ আৰোগ্য হয়।

ইয়াৰ গুটি চোবালেও সুফল পোৱা যায়। পায়েৰীয়া ৰোগত শোহনি বন আৰু গুটি শুকুৱাই গুৰি কৰি লৈ মিঠাতেল দি দাঁতৰ আলুত লাহে লাহে মাছাজ কৰিলে সুফল পোৱা যায়।

*বহুতো দেশত শোহনি বন বিভিন্ন চালাড, ব্যঞ্জন আদিত দি খোৱা হয়। ই পুৰুষৰ যৌনক্ষমতা বৃদ্ধি কৰে আৰু হৰমনজনীত বিভিন্ন সমস্যা নিৰ্মূল কৰে বুলি জনবিশ্বাস আছে।

*মূৰৰ বিষ, চাইনাচাইটিছ, মাইগ্ৰেইন আদিৰ সমস্যাতো শোহনি বন উপকাৰী। ইয়াৰ বাবে শোহনি বনৰ পাত, গুটি একেলগে পিচি পেষ্ট বনাই কপালত লেপ দিব লাগে।

*খৰ, খজুৱতি, কটা ঘাঁ আদিৰ চিকিৎসাত ইয়াৰ পাত উপকাৰী। পাত পিচি আক্রান্ত অংশত লগালে সুফল পোৱা যায়। পৃথিৱীৰ বহু দেশত এনেকৈ চিকিৎসা কৰা যায়।

*বতৰ পৰিৱৰ্তনৰ সময়ত হোৱা কাহ,চৰ্দি আদিতো ইয়াৰ পাত, গুটি সিজাই তৈয়াৰ কৰা ক্ৱাথেৰে কুলিকুলি কৰিলে সুফল পোৱা যায়। এইদৰে কুলিকুলি কৰাৰ পাছত ৰোগীৰ ভোক বৃদ্ধি হোৱাও দেখা যায়। কাৰণ ই মুখ আৰু জিভা পৰিষ্কাৰ কৰে।

*ইয়াৰ উপৰিও বহু ৰোগত শোহনি বনৰ ব্যৱহাৰ হয়। কিন্তু পৰম্পৰাগত থলুৱা বনৌষধি চিকিৎসা পদ্ধতিত এতিয়াও প্ৰধানকৈ তনচিলাইটিছ, ফেৰিনজাইটিছ ৰোগৰ চিকিৎসাতহে ইয়াৰ বহুল প্ৰয়োগ হোৱা দেখা যায়। এই ৰোগসমূহত শোহনি বনে তাৎক্ষণিক ফলাফল দিয়ে আৰু ৰোগীক বহু পৰিমাণে সকাহ দিয়ে। সময়ৰ সলনি হোৱাৰ লগে লগে আমি এইবোৰ বনৌষধিৰ প্ৰয়োগ পাহৰি যোৱাৰ দৰে হৈ পৰিছে।

গাওঁবোৰতো বহুতেই এতিয়া এইবোৰ বনৌষধি চিনি নোপোৱাৰ ফলত এইবোৰ বাৰীৰ চুকত এলাগী হৈ পৰিছে। কেৱল 'সাত শাকী'ৰ পৰম্পৰা ৰক্ষাৰ চেষ্টাতহে বছৰেকৰ মূৰত এইবোৰ বনৌষধিয়ে আমাৰ আখলঘৰত স্থান পায়। বাকী সময়ত এইবোৰে আমাৰ পৰা যেন মাহী আইৰ দৰেহে ব্যৱহাৰ পায়। সুস্বাস্থ্যৰ বাবে পাৰ্শ্বক্ৰিয়াহীন এইবোৰ বনৌষধি আদৰি লোৱাৰ সময় আহি পৰিছে।

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617

3.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top