অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰকলিৰ উপকাৰিতা

স্বাস্থ্যৰ বাবে উপকাৰী সেউজীয়া শাক-পাচলিবোৰৰ ভিতৰত এক ঔষধি অন্যতম খাদ্য হৈছে ব্ৰকলি । স্বাস্থ্যৰ বাবে উচ্চ গুণগত মানবিশিষ্ট সুস্বাদু খাদ্য ব্ৰকলি । ব্ৰকলিত স্বাস্থ্যৰ বাবে উপকাৰী বহু উপাদান পোৱা যায় । সেইবাবে কবিজাতীয় সেউজীয়া পাচলিৰ ভিতৰত ব্ৰকলিক সদায় আগত স্থান দিয়া হয় ।

ব্ৰকলিৰ বিভিন্ন উপকাৰিতা -

কেন্সাৰ প্ৰতিৰোধক :-

কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্ৰকলি এক প্ৰভাৱশালী খাদ্য । কেন্সাৰৰ সৈতে যুঁজ দিব পৰাকৈ ব্ৰকলিত যথেষ্ট উপাদান থাকে । আন আন পাচলিৰ দৰে ব্ৰকলিতো কেন্সাৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন উপাদান নিহিত হৈ থাকে । গৱেষণাৰ পৰা প্ৰমাণ পোৱা হৈছে যে স্তন কেন্সাৰ আৰু জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধত ব্ৰকলিয়ে বিশেষভাৱে কাম কৰে ।

কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে :-

শৰীৰত জমা হোৱা কলেষ্টৰেল শৰীৰৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰত ব্ৰকলিৰ যথেষ্ট ভূমিকা আছে । ব্ৰকলিত যথেষ্ট পৰিমাণৰ সঞ্চিত হৈ থকা ফাইবাৰে এই কাৰ্যত সহায় কৰে । এক খাদ্য গৱেষণাৰ জৰিয়তে এইটো জানিব পৰা গৈছে আমাৰ পাচন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা একপ্ৰকাৰ এচিডৰ সহায়ত ব্ৰকলিয়ে তেজত থকা এল ডি এল কলেষ্টৰেলৰ মাত্ৰা ৬ শতাংশ পৰ্যন্ত হ্ৰাস কৰে ।

এলাৰ্জি নিৰাময়ত :-

মানৱ দেহত এলাৰ্জিৰ সমস্যা উপশমৰ বাবে ব্ৰকলি এক উত্তম খাদ্য । ব্ৰকলিত থকা যথেষ্ট পৰিমাণৰ ওমেগা ফেটি এচিডে শৰীৰত এলাৰ্জি সৃষ্টি কৰিব পৰা উপাদানবোৰ নাশ কৰে । তদুপৰি আমাৰ শৰীৰটো আৰ্থাইটিছ ৰোগৰ পৰা ৰক্ষা কৰাত ব্ৰকলিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । ব্ৰকলিত থকা Sulforaphane নামৰ ৰাসায়নিক দ্ৰব্যবিধে শৰীৰত আৰ্থাইটিছ ৰোগ সৃষ্টি কৰিব পৰা এনজাইম নি:সৰণত বাধাৰ সৃষ্টি কৰে ।

এণ্টিঅক্সিডেণ্ট হিচাপে :-

ব্ৰকলিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট পোৱা যায় । ইয়াত থকা বিভিন্ন এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন –চিয়ে আমাৰ শৰীৰক যথেষ্ট শক্তি প্ৰদান কৰে । ব্ৰকলিক এণ্টিঅক্সিডেণ্টৰ উৎস বুলি ক’ব পাৰি ।

হাড়ৰ গঠনত :-

ব্ৰকলিত উচ্চ মাত্ৰাত কেলছিয়াম আৰু ভিটামিন কে থাকে । সেইবাবে এই কেলচিয়াম আৰু ভিটামিন- কেযুক্ত ব্ৰকলিয়ে হাড়ক মজবুত কৰি ৰাখে । তদুপৰি ব্ৰকলিত মেগনেচিয়াম, জিং, ফছফৰাছ আদি শৰীৰৰ বাবে  অতি প্ৰয়োজনীয় বহু খনিজ দ্ৰব্যও পোৱা যায় । অষ্টিঅ’প’ৰছিছৰ দৰে হাড়ৰ ৰোগত আক্ৰান্তসকলৰ বাবে   ব্ৰকলি খাদ্য হিচাপে গ্ৰহণ কৰাটো অতি উপকাৰী । সেইদৰে হাড় মজবুত কৰিবলৈ শিশু আৰু বুঢ়া বয়সৰ লোকৰ বাবে  ব্ৰকলি এবিধ অত্যন্ত উপকাৰী খাদ্য ।

ব্ৰকলি এবিধ উচ্চ ফাইবাৰযুক্ত সুষম খাদ্য । ই আমাৰ পাচন প্ৰক্ৰিয়া ভালে ৰখাৰ ফলত আমাৰ কোষ্ঠকাঠিন্য ৰোগ দূৰ কৰে ।তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণতো ব্ৰকলিয়ে সহায় কৰে । শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ব্ৰকলিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । উচ্চ ফাইবাৰযুক্ত হোৱাৰ উপৰি ব্ৰকলিত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে । সেইবাবে ব্ৰকলিক আমাৰ খাদ্য তালিকাত মূলত: চালাদ হিচাপে এক সুকীয়া দিব পাৰি ।

ছালৰ সুৰক্ষাত :-

ব্ৰকলিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট , ভিটামিন-চি আৰু জিংক, কপাৰ আদি খনিজ পদাৰ্থ থকা হেতু ই আমাৰ ছালৰ বাবে এক উপকাৰী খাদ্য । ইয়াত থকা উপাদানবোৰে আমাৰ ছালখন সুস্থ আৰু সতেজ কৰি ৰাখে ।

শেহতীয়া এক তথ্য অনুসৰি ব্ৰকলিত বিটা কেৰোটিন, ভিটামিন-এ, ফছফৰাছ , ভিটামিন-চি, ভিটামিন-ই আদি বহু শৰীৰৰ বাবে দৰকাৰী উপাদান পোৱা যায় । এইবোৰে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে । বিশেষকৈ তেজৰ দূষিত পদাৰ্থ নাশ কৰি শৰীৰক শক্তি প্ৰদান কৰে । ব্ৰকলিয়ে চকুৰ দৃষ্টিশক্তি অটুট ৰখাতো বিশেষভাৱে সহায় কৰে । এক সুস্থ আৰু নিৰোগী জীৱন যাপনত ব্ৰকলিৰ আছে গুৰুত্বপূৰ্ণ অৱদান । সেইবাবে দীৰ্ঘজীৱী হ’বলৈ খাদ্য তালিকাত ব্ৰকলিৰ প্ৰৱেশ অতি দৰকাৰী ।

লেখক :- জীৱন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate