অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ বিভিন্ন ৰোগৰ বন দৰব

বগাস্ৰাৱ

মহিলাৰ বগাস্ৰাৱ ৰোগ হ’লে বাত বিষ, হৃদৰোগ, মূৰৰ বিষ, স্বপ্নদোষ, এলাৰ্জি আদি উপসৰ্গই দেখা দিয়ে। এই ৰোগ বেছি হ’লে দৃষ্টিশক্তি কমি যোৱা, ঋতু বন্ধ হোৱা আদি অৱস্থা হয়।

বন দৰৱ

এসপ্তাহমান ভাত ঘিলা গছৰ চালৰ ৰস, বা যমলাখুটি গছৰ আলুৰ ৰস খোৱাৰ পাছত আন বন দৰব খাব লাগে।

  • বৰ কণাশিমলা বন বটি তালমিচিৰিৰ সতে গৰুৰ গাখীৰৰ লগত এক মাহমান খাব লাগে। মাহেকীয়া নিয়মীয়া হয়।
  • গছ বন জালুকৰ আগ এমুঠি বটি এমাহ মান খাব লাগে। (পুৰুষৰ ধাতু দৰব)।
  • শিমলু গছৰ চালৰ ৰস এমাহ মান খাব লাগে। ই জণ্ডিজ ৰোগৰ দৰৱ।
  • ৰঙা জবাফুল তিনি পাহ বটি ডাব নাৰিকলৰ পানীৰ লগত এমাহমান খাব লাগে মাহেকীয়া নিয়মীয়া হয়।
  • সোণ পৰুৱা পৰা লতাৰ আলু, সৰু সোণ বৰিয়াল গছৰ শিপা, ভীমকলৰ গছৰ শিপা, তালমিচিৰিৰ সৈতে বটি গৰু গাখীৰৰ লগত খাব লাগে।

নিষেধ: কণী, মাংস, আলু, চেনি আদি।

পথ্য: কলমৌ শাক, চেংমৰা শাক, কেহেঁৰাজবনৰ ৰস মগুৰ দাইলত দি খাব লাগে।

মহিলাৰ গা চলা মহিলাৰ গা চলা (স্ৰাৱযোৱা)

  • মহিলাৰ ৰঙা স্ৰাৱ গ’লে বা গৰ্ভপাতৰ পাছত গা চলিলে উভোটাবনৰ শিপাৰ মাংস, দুবৰি বনৰ আগ জালুকৰ সৈতে বটি তিনিটা বড়ি কৰি এপালিত এটাকৈ পানী মিহলি নকৰা বিলাতী মদৰ (পঞ্চাশ গ্ৰামমান) লগত মিশ্ৰণ কৰি এদিনতে তিনি পালি খাব লাগে। বেছি পুৰণা ৰোগ হ’লে ২/৩ দিন দৰৱ খাব লাগে।
  • ববচা বনৰ শিপাৰ সৌতে জালুক দি ৰস খালে গা-চলা বন্ধ হয়।
  • ক’লা বা গোটা গোটাকৈ স্ৰাৱ গ’লে ক’লা তুলসীৰ আগ, ববচাবনৰ শিপা, কেঁহেৰাজ বন এমুঠি জালুকৰ সতে বটি ৰস দিনে ২/৩ বাৰকৈ খাব লাগে।
  • টংলতি গছৰ আগ, ৩/৪ বছৰীয়া পুৰণি চুপাৰিৰ লগত বটি বড়ি কৰি দিনে দুটাকৈ সাত দিনমান খাব লাগে।
  • বোৱাল গছৰ চাল জালুকৰ সৈতে পানীত সিজাই ৰস খাব লাগে।
  • বঁহত গছৰ চাল, বোৱাল গছৰ চাল, পুৰণা চুপাৰি, জালুকৰ সৈতে পানীত সিজাই ৰস খাব লাগে।
  • গা-চলা প্ৰসূতা হ’লে শিমলু গছৰ কোমল পাত, ধঁপাত তিতা গছৰ কোমল পাত, বৰকণা শিমলা এমুঠি জালুকৰ সৈতে বটি ৰস খাব লাগে।
  • হাগনি প্ৰসূতাত কঁঠালৰ কুঁহিপাত ৫ টা বটি খাব লাগে দুই-তিনি দিন।

চোৱা কামৰণি (ঋতু বেদনা)

  • মহিলাৰ মাহেকীয়াৰ সময়ত পেটত বিষ হ’লে মাটি কঠলুৱা গছৰ শিপাৰ মাংস জালুকৰ সৈতে বটি দিনে দুবাৰকৈ খাব লাগে।
  • ধপাত তিতা গছৰ কোঁহ বা কোমল পাত জালুকৰ সৈতে বটি খাব লাগে।
  • কাচি দৈয়াবন, জালুকৰ সৈতে বটি খাব লাগে। বা কাচি দৈয়াবন বৰ কণাশিমলা বনৰ লগত জালুক দি বটি খাব লাগে।
  • ক’লা বাওকচুৰ টেপু জালুকৰ সৈতে বটি খাব লাগে।
  • ৰঙা এৰা গছৰ কোঁহ কণাশিমলা জালুকৰ সৈতে বটি খাব লাগে।
  • আগেচিতাৰ শিপা এক ইঞ্চিমান, সৰু মানিমুনি বন, সেন্দুৰীয়া কচু গুটি এটা জালুক ছয়-সাতটা বটি সৰু সৰু বড়ি কৰি শুকুৱাই থৈ চোৱা কামোৰণী ৰোগত খাব লাগে।
  • প্ৰথমদিনা তিতা কচু গুটি তিনিটা, কেঞাবনৰ গুটি এটা, তুলসীৰ আগ তিনিটা, কণা শিমলাৰ আগ তিনিটা, জালুকৰ সৈতে বটি খাব লাগে। দ্বিতীয় দিবা দৰবত কেঞাবনৰ গুটি দুটা, তৃতীয় দিনা কেঞাবনৰ গুটি তিনিটা দিব লাগে।

সন্তান হোৱাত বিজুতি ঘটিলে

  • পুৰণা চোৱা কামোৰণী বা ধাতু (বগা স্ৰাৱ) ৰোগ থাকিলে মাটি কঠলুৱা গছৰ শিপাৰ মাংস জালুকৰ লগত বটি খাব লাগে আৰু ধাতু ৰোগত এমাহমান স্বামী-স্ত্ৰী উভয়ে (ধাতু দৰব) খাব লাগে।
  • সন্তান হোৱাত বিজুতি ঘটিলে গা-চাফা হোৱাৰ পাছত সৰু সোণবৰিয়ালৰ শিপাৰ মাংস, নিলাজী বনৰ শিপাৰ মাংস, কোৱামণি গছৰ শিপা, মাটি কঠলুৱা গছৰ শিপাৰ মাংস বটি বড়ি কৰি এপালিত এটা কৈ এদিনতে তিনি পালি খাব লাগে।

দুধ গছৰ বা দুধী বনৰ বগা ৰস খাব লাগে।

গাখিৰতী বন জালুকৰ সৈতে বটি খাব লাগে।

পিয়াহৰ সিৰা (স্তন সিৰা)

বৰ সোণবৰিয়াল গছৰ পাত আৰু বন নহৰু গছৰ আলু বটি স্তনত লেপ দিব লাগে।

ওদালগছৰ চাল বটি স্তনত লেপ দিব লাগে আৰু নিজৰ হাতৰ চাৰি আঙুল জোখৰ চাল (বৰ্গাকাৰৰ) খুন্দি ২/৩ পালি ঔষধৰ ৰস খাব লাগে। (কুকুৰে কামোৰাত ই এবিধ উত্তম দৰৱ)

সৌৰাগছৰ বাকলি নিজৰ হাতৰ মধ্য আঙুলি সমান জোখৰ (বহল আৰু দীঘল) দুডোখৰ বাকলি বটি গিলাচৰ পানীত এৰাতি তিয়াই পুৱা তালমিচিৰিৰ সৈতে খাব লাগে। ৰোগ ভাল হ’লে দৰব খোৱা বন্ধ কৰিব লাগে। (এই দৰব অণ্ডফুলা বা একসিৰা ৰোগৰ সৰ্বোত্তম বনৌষধ)।

লিখক: বিশ্বেশ্বৰ চুতীয়া, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate