অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিথি শাক :

মিথি শাকৰ বিষয়ে লিখা হৈছে ।

 

মিথি স্নিগ্ধ, পাচক আৰু বলকাৰক। ই অগ্নিমান্দা, অজীৰ্ণ আৰু বাত বিষত ব্যৱহাৰ হয়। গছ, বীজ বা গুটি ৰজ: নি:সাৰক, যকৃত প্লীহা বৃদ্ধিত বিশেষভাৱে ব্যৱহৃত হয়।

মিথিৰ কেঁচাপাত বটি প্ৰদাহ আৰু পোৰাঘাঁত প্ৰলেপ দিবৰ বাবে ব্যৱহৃত হয়। ইয়াৰ উপৰি আমাশয়, কেশপতন, শুলৰ বিষ, পিত্ত বিকৃতজনিত পীড়া আদিত ব্যৱহাৰ কৰা হয়।

প্ৰসৱৰ পিছত হোৱা দুৰ্বলতাত মেথি -

প্ৰসৱৰ পিছত প্ৰসূতিৰ অলপতে ক্লান্তি, বেছি ঠাণ্ডা লাগিলে সমস্যাৰ সৃষ্টি হ’লে পাঁচ গ্ৰাম মিথি অলপ থেতালি আধাসেৰ কুহুমীয়া পানীত তিয়াই পিছদিনা পুৱা খালী পেটত চেকি গোটেই দিনটো অলপ অলপ পৰিমাণে খাব লাগে।

গ্ৰহণী ৰোগ হ’লে -

মিথি চূৰ্ণ দুই চামুচত আঠ চামুচ গাখীৰ আৰু তিনি চামুচ পানী মিহলাই মিশ্ৰণটো উতলাই এক কাপ মাত্ৰাত খাব লাগে। পুৱা আৰু আবেলি ছয়, সাত দিন খালে ৰোগ আৰোগ্য হয়।

বসন্ত ৰোগত (মাজু আই, সৰু আই) মিথি তিওৱা পানী খাব লাগে।  হাত-ভৰি পোৰণি হ’লে, বমি বমি ভাব হ’লে, শৰীৰৰ কোনো অংগত কামোৰণি, গাত ফোঁহা আদি হৈ ৰঙা পৰিলে পাঁচ, ছয় গ্ৰাম পৰিমাণৰ মিথি গুটি পানীত ১১/১২ ঘণ্টা তিয়াই সেই পানী ব্যৱহাৰ কৰিলে তেনেবোৰ সমস্যা দূৰ হয়। পানীৰ পৰিমাণ এক গিলাচ হ’ব লাগে । বুকুৰ ধৰফৰণি, উচ্চ ৰক্তচাপ, মূৰঘূৰণি হ’লে মিথি তিওৱা পানী গোটেই দিন ধৰি অলপ অলপকৈ খাই থাকিলে এনেবোৰ সমস্যা দূৰ হয়। দিনটোৰ ভিতৰত মিথি পানী আধালিটাৰ পৰিমাণৰ খাব লাগে।

অৰুচি হ’লে, ভোক কমি গ’লে মিথি শাক এশগ্ৰাম পানী উতলাই পিছত তাত অকণমান নিমখ দি খাব লাগে। দিনটোত দুবাৰ খালেই উপকাৰত আহিব।

অৰুচি হ’লে, বায়ুপ্ৰধান হ’লে-মুখৰ কেহা কেহা লাগিলে, পিত্তপ্ৰধান হ’লে ৰোগীৰ মুখ তিতা লাগে, শ্লেষ্মা প্ৰধান হ’লে মুখ লুণীয়া লাগে, এইক্ষেত্ৰত মিথিপানী গৰম কৰি এসপ্তাহকাল খালেই ৰোগ আৰোগ্য হয়।

অনিয়মিত ৰক্তস্ৰাৱ -

যি মহিলাৰ কেতিয়াবা পুৱা ৰক্তস্ৰাৱ হয় আবেলি কমি যায় বা নহয়। পিছদিনা পুনৰ পুৱা ৰক্তস্ৰাৱ হয় ৰক্ত ক’লা ক’লা, টুকুৰা টুকুৰ বা চকাচকা, যন্ত্ৰণা খুব বেছি হয়। ফলত দীৰ্ঘদিন হ’লে ৰক্ত প্ৰদৰ ৰোগ হ’ব পাৰে। এইক্ষেত্ৰত মিথিগুটি তিনি গ্ৰাম আৰু ধনীয়া তিনি-চাৰি গ্ৰাম একেলগে আগৰাতি এক গিলাচ চেঁচা পানীত তিয়াই থৈ পিছদিনা পুৱা সেইখিনি চেকি সেই পানীখিনি পুৱা আৰু আবেলি দুবাৰকৈ খাব লাগে। এইদৰে সাতদিন খালে ৰোগ আৰোগ্য হয়।

গাঁঠিৰ বাত বেমাৰত -

যিসকল লোকে সামান্য ঠাণ্ডা বস্তু খালেই গাঁঠি বিষত বেদনা অনুভৱ কৰে সেই ক্ষেত্ৰত মিথি চূৰ্ণ আধা গ্ৰাম মাত্ৰাত পুৱা আৰু আবেলি গৰম পানীৰে সৈতে খাব লাগে আৰু এইদৰে এসপ্তাহ বা অধিক সময় খালে গাঁঠি বাত লাহে লাহে কমি যাব। মিথিপানী পুৱা শুদা পেটত বা চাহ খোৱাৰ পিছত খাব পাৰিব।

ৰমণত অতৃপ্তি হ’লে মানসিক অৱস্থা বেয়া হয়। এইক্ষেত্ৰত দাৰুচেনি চূৰ্ণ আধাগ্ৰাম গাখীৰত উতলোৱা মিথিচূৰ্ণ আধাগ্ৰাম আৰু এক চামুচ চেনি একেলগে আধাকাপ গৰম পানীত মিহলাই পুৱা শুদা পেটত আৰু আবেলি খোৱাৰ আগত খাব লাগে। এইদৰে দুসপ্তাহ খালে এই সমস্যা দূৰ হয়।

লেখক: উপেন দত্ত ( আমাৰ অসম পুৰ্বাচল)

 

2.92307692308
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top