অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষত বনৌষধ :

মূৰৰ বিষত বনৌষধ :

 

১) নহৰু বা পিঁয়াজ থেঁতেলাই নাকেৰে শুঙিলে মূৰৰ বিষ কমে। নাইবা পূৰৈ শাকৰ গুটি কপালত ঘঁহিলে মূৰৰ বিষ নোহোৱা হয়।

২) দোৰোণ শাকৰ ৰস ২/৩ টোপাল নাকেৰে উজালে মূৰৰ বিষ নোহোৱা হয়। নাইবা সিজুৰ পাতৰ ৰসত কালজীৰা বটি কপালত লেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।

৩) পচতীয়াৰ পাত মোহাৰি শুঙিলে মূৰৰ বিষ কমে, নিশা শোৱাৰ সময়ত গাৰুৰ তলত পচেতীয়াৰ পাত ৰাখিলে ভাল কাম দিয়ে।

৪) এৰা গছৰ শিপা বটি মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয়। নাইবা ৰক্ত কৰৱীৰ শিপা কাটি কপালত প্ৰলেপ দিলে মূৰৰ বিষ নাশ হয়।

৫) বকুলৰ ফুল, পাত বা ফল বটি নাকেৰে ঘ্ৰাণ ল’লে মূৰৰ বিষ নোহোৱা হয়। নাইবা কেঁচা পাণ এখিলা কপালত লগাই ৰাখিলে অথবা ৰুমালেৰে বান্ধি ৰাখিলে মূৰৰ বিষ নোহোৱা হয়।

৬) ছালকুঁৱৰীৰ পাত বটি মূৰত ভৰণ দিলে নাইবা নেমু টেঙা এটা দুফাল কৰি কপালত ঘঁহিলে মূৰৰ বিষ নাইকিয়া হয়।

৭) ৰক্ত চন্দন পতাত ঘঁহি চন্দন তুলি কপালত লগালে মূৰৰ বিষ কমে। ভূতমূলাৰ আগ মোহাৰি কপালত ঘঁহিলেও আদকপালি মূৰৰ বিষ নোহোৱা হয়।

৮) শতমূলৰ ৰস এৱাঁ গাখীৰ আৰু চেনি মিহলাই খালে আদকপালি মূৰৰ বিষ ভাল হয়।

৯) কেহেৰাজ বা ভৃংগৰাজৰ ৰস ছাগলীৰ গাখীৰ মিহলাই ৰ’দত তপতাই তপত থাকোতেই নাকেৰে উজালে আদকপালি বা সূৰয কপালি মূৰৰ বিষ নাইকিয়া হয়।

১০) নীলা অপৰাজিতাৰ শিপা বা পাতৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। নাইবা নিচাদলত চূণ মিহলাই শুঙিলেও মূৰ কামোৰণি ভাল হয়।

১১) গাখীৰেৰে ক’লা তিল বটি নাকেৰে উজালে আদকপালি বা সূৰ্য কপালি মূৰৰ বিষ ভাল হয়।

১২) ডালচেনি, য’খাৰ আৰু নাৰিকলৰ ফুল সমানে লৈ মিহিকৈ বটি কপাল বা কুমত লেপন দিলে মূৰৰ বিষ নাইকিয়া হয়।

১৩) সূৰুযক্ৰান্তি ফুলৰ শিপা আৰু চন্দ্ৰমালতী ফুলৰ শিপা বটি মূৰত লেপ দিলে সুৰুয কপালি মূৰৰ বিষ নোহোৱা হয়।

১৪) কৰ্পূৰ আৰু বগা চন্দন পিহি কুমত লগালে মূৰৰ বিষ ভাল হয় নাইবা তেজপাত গছৰ ছাল বটি লেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।

১৫) বৰ মানিমুনিৰ পাত আৰু সামান্য লোণ বটি লেপ দিলে আদকপালি মূৰৰ বিষ নোহোৱা হয়।

১৬) গুটি নোহোৱা কোমল ডিমৰু আৰু দূবৰিবন ঘিউৰে ভাজি খালে মূৰ ঘূৰণি ভাল হয়। তুলসীৰ ৰস চেনি মিহলাই খালে মুৰঘূৰণি ভাল হয়।

১৭) লং পুৰি ধোঁৱা শুঙিলে মূৰ ঘূৰণি ভাল হয়। নাইবা ভোটোৰাৰ ছালৰ ৰস পানী মিহলাই খালে বা ছাল বটি মূৰত ভৰণ ল’লে মূৰঘূৰণি ভাল হয়।

১৮) শুঠ (শুকান আদাৰ গুড়ি) গাখীৰৰ লগত মিহলাই নাকেৰে উজালে বা নস্য ল’লে মূৰঘূৰণি ভাল হয়।

১৯) ধপাতৰ পাতত চূণ লগাই কাণৰ দুয়োফালে চাপ দি ৰাখিলে মূৰৰ বিষ কমে।

২০) শুকান নিমপাত, জাতি জালুক আৰু চাউল সমানে লৈ গুড়ি কৰি যিফালে মূৰৰ বিষ, সেইফালে সূৰ্য উদয়ৰ আগতে নাকেৰে শুঙিলে পুৰণি আদকপালি মূৰৰ বিষ ভাল হয়।

২১) পদিনাৰ পাতৰ ৰসত মৌ মিহলাই কপাল আৰু কুমত লগালে মূৰৰ বিষ নাইকিয়া হয়।

২২) পুঁই শাকৰ পাত বটি কপালত প্ৰলেপ দিলে মূৰৰ বিষ নোহোৱা হয়। চম্পা ফুলৰ পাত বা ফুল সৰিয়হৰ তেলেৰে বটি কপালত প্ৰলেপ দিলে মূৰৰ বিষ নোহোৱা হয়।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate