অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ গুণী নিম

শ গুণী নিম

মাটিত হোৱা শস্য পোক ৰোগৰ পৰা ৰক্ষা কৰাৰ অৰ্থে ঘৰৰ চৌহদত এটা নিমপুলি ৰোৱা উচিত। কৃষি বিজ্ঞানী আৰু চাহ জনগোষ্ঠীৰ বনুৱাসকলে এই কথা দৃঢ়ভাৱে বিশ্বাস কৰে। নিমগছৰ গুটি বা পাত মাটিত সদায় পৰে। সেইবোৰ সাৰ হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ তিতা গুণৰ ফলত মাটিত থকা অনিষ্টকাৰী পোক-পৰুৱা আদি মৰে। ঔষধি গছ হিচাপে জনাজাত নিমগছ অসমৰ মানুহৰ অতি চিনাকি। বিশেষকৈ যিকোনো চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰৰ চৌহদত নিম থকাটো নিয়মেই। বাগানৰ বনুৱাৰ ঘৰৰ পদূলিত নিমগছ দেখাটো এক পৰিচিত দৃশ্য। সম্প্ৰতি অধিক লাভৰ আশাত বহুতেই শাক-পাচলি, ফল-মূলৰ পুলিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। ফলত বিভিন্ন ৰোগৰ প্ৰকোপ অধিক দেখা যায়। কৃষি বিজ্ঞানীসকলৰ মতে নিমপুলি ৰোৱাৰ দুবছৰ পিচৰ পৰাই নিম গছৰ পাত আৰু ফলৰ ঔষধি গুণ পোৱা যায়। নিমগছ যিমানে পুৰণি হয়, সিমানে ইয়াৰ গুৰিয়ে মাটি খামুচি মাটিকো দূষিত হোৱাৰ পৰা ৰক্ষা কৰে। আনকি নিমগছৰ বতাহো মানুহৰ কাৰণে অত্যন্ত উপকাৰী।

উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate