শতমূল এবিধ কাইটীয়া লতাজাতীয় গছ। ইয়াৰ পাতবোৰ খিচখিচিয়া দীঘল। ই লতাৰ নিচিনাকৈ বগাই যায়। গছজোপা কাইটেৰে ভৰপুৰ। বাৰিষাকালত উপজি খৰালি এইবিধ লতা নিশ্চিহ্ন হৈ মৰি যায়। কিন্তু ইয়াৰ শিপা সজীৱ হৈ থাকে। শিপাৰ দ্বাৰা বাৰিষা আকৌ গজালি মেলি লহপহকৈ বাঢ়ি আছে। দৰবৰ বাবে শতমূল মানুহে সযত্নে ঘৰৰ চৌহদত প্ৰতিপালন কৰে। শতমূলক কিছুমানে শতাবৰীও বোলে। ইয়াৰ শাস্ত্ৰীয় নাম ইন্দীবৰী, বৰী, নাৰায়ণী শতমূলী, শতপদী, পীবৰী।
শতমূল বহুধা গুণসম্পন্ন। ইয়াৰ শিপা ৰসাল আৰু মঙহাল। শতমূলৰ শিপা দৰৱত আৰু পথ্যত ব্যৱহৃত হয়। কেঁচা শিপাৰ ৰস মিঠা আৰু তিতা ৰসযুক্ত। এই ৰস মেধাজনক, অগ্নি বৃদ্ধিকাৰক, দৃষ্টিশক্তি কাৰক, শুক্ৰবৃদ্ধিকাৰক, পুষ্টিসাধক, পিত্ত কফনাশক আৰু ধাতুদৌৰ্বল্যতানাশক। তদুপৰি অপস্মাৰ অৰ্থাৎ মৃগী বেমাৰত এপোৱা এৱাগাখীৰৰ লগত দুই তোলা শতমূলৰ ৰস মিহলাই নিতৌ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ক্ষয়ৰোগ, অতিসাৰ, গ্ৰহণী আদিতো শতমূলৰ ৰস ব্যৱহাৰ্য্য। অজীৰ্ণ বা শূলৰোগতো এই ৰস উপকাৰী। চকুৰ যিকোনো বেমাৰত ই মহৌষধ। দৃষ্টিশক্তি কমা, কুকুৰীকণা, চকুনমা, চকুফুলা, চকুৰ পানী পৰা, কেটেৰ ওলোৱা আদিত শতমূলৰ ৰস খাব লাগে। চকুনমা আদি বেমাৰত চকুৰ চৌকাশে শতমূল বটি অঞ্জণ ল’ব লাগে। তিৰোতাৰ সকলো প্ৰকাৰ প্ৰসৱজাত বা যৌনসঙ্গন্ধিয় ৰোগত শতমূল ৰস পৰম হিতকাৰক। তিৰোতাৰ মূৰ ঘূৰণী, নিদ্ৰাহীনতা, দুৰ্বলতা, গা-মূৰ বুকুৰ বিষ, জ্বলা-পোৰা কৰা আদি বেমাৰত শতমূলৰ ৰস নিতৌ ২ তোলা চেনি বা মৌৰ লগত খালে উপশম পোৱা যায়। উক্ত বিকাৰসমূহ প্ৰসৱৰ পিচত দেখা দিলেও উক্ত নিয়মত শতমূল ৰস সেৱন কৰা ভাল। কেঁচা শতমূল নাপালে শুকান শতমূলৰ চূৰ্ণও ব্যৱহাৰ কৰিব পাৰি। যিকোনো ধাতুৰ বেমাৰ গণোৰিয়া আদিত শতমূলৰ ৰস এতোলা বা দুতোলা নিতৌ এৱা গাখীৰ আধাপোৱাৰ লগতে খালে দেহৰ পৰিপুষ্টি সাধন হয়। পেচাব কঠিন হ’লে, বন্ধ হ’লে বা পেচাবৰ লগত তেজ ওলালে ২ তোলা শতমূলৰ ৰসৰ ৩ টোপা মৌ মিহলাই তিনি চাৰিদিন মান খালেই পেচাব নিয়মীয়া হ’বলৈ ধৰে। ৰক্তপিত্ত ৰোগত মুখ, নাক, কাণ বা শৌচদ্বাৰেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ শতমূলৰ নিয়মীয়া ব্যৱহাৰে নিৰাময় কৰিব পাৰে। কেচা শতমূল নাপালে শুকান শতমূলৰ শিপা চাৰিগুণ পানীত সিজাই কহ কৰিলেও সুফল পোৱা যায়। সুস্থ মানুহেও ৰোগ প্ৰতিৰোধৰ বাবে শতমূলৰ ৰস বা কহ মাজে মাজে খোৱা ভাল।
লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020