অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তহীনতা আৰু জণ্ডিচ ৰোগত শগুণীলতা বা গিলয়ৰ মহৌষধি গুণ

 

শগুণীলতা বা অমৰলতাক ইংৰাকী ভাষাত টিন’চপ’ৰা(Tinospora) বোলে। হিন্দী ভাষাত ইয়াক ‘গিলয়’ আৰু সংস্কৃত ভাষাত মধুপৰ্ণী বা কুণ্ডলিনী নামেৰে জনা যায়। এই গছজোপা অমৃত নামেৰে জনাজাত। ইয়াৰ অৰ্থ হ’ল ইয়াৰ যেতিয়াও মৃত্যু নহয়। গিলয় বা শগুণীলতা ভাৰতৰ কুমায়ুন, কৰ্ণাটক আৰু অসমৰ লগতে ম্যানমাৰ, শ্ৰীলংকা আদি দেশতো প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

‘গিলয়’ বা শগুণীলতা ত্ৰিদোষ নাশক। ই বাত নাশক, পিত্ত নাশক আৰু হজম শক্তি বৃদ্ধি কাৰক। ই হৃদযন্ত্ৰৰ অসুখ নিৰাময় কৰে আৰু তেজ পৰিষ্কাৰ কৰে। গিলয় জণ্ডিচ বেমাৰ, ব্ৰংকিয়েল এজমা, দুৰ্বলতা আৰু শৰীৰৰ বিভিন্ন ঠাইত হোৱা জ্বলা-পোৰা সমস্যা দূৰ কৰিব পাৰে। ই তেজত ইনচুলিনৰ পৰিমাণ বঢ়াই দিয়ে আৰু ব্লাড চুগাৰৰ পৰিমাণ হ্ৰাস কৰে।

‘গিলয়’ বা শগুণীলতাৰ বনৌষধি গুণবোৰ -

জণ্ডিচ ৰোগত গিলয়ৰ উপকাৰিতা:

*এই ৰোগত ২০ বা ৩০ গ্ৰাম পৰিমাণৰ শগুণীলতা গা-গছৰ চালৰ ৰস উলিয়াই তাত ২ চামুচ মৌজোল মিহলাই মিশ্ৰণখিনি দিনে ২ বাৰকৈ ১৫/২০ দিন খাব লাগে। সেই সময়ছোৱাত সিজোৱা খাদ্য খোৱা উচিত।

*গিলয় বা শগুণীলতাৰ ১৫ বা ২০ খিলা পাতৰ ৰস এগিলাচ গাখীৰৰ লগত মিহলাই প্ৰতি ৰাতিপুৱা মিশ্ৰণখিনি ২০/২৫ দিন পৰ্যন্ত খাব লাগে। এইদৰে খালে জণ্ডিচ অসুখটো সম্পূৰ্ণ নিৰাময় হয়।

*গিলয় লতা ১০/১৫ টুকুৰা লৈ(৩/৪ ইঞ্চি পৰিমাণৰ) এডাল মালা গাঁঠি ডিঙিত পিন্ধিব লাগে। ৪-৫ দিন ডিঙিত পিন্ধিলে জণ্ডিচ আৰোগ্য হয়।

ৰক্তহীনতা বেমাৰত ভোগা মানুহে গিলয় গছৰ ২০ খিলা পাত, নিমপাত ২০ খিলা, আদাৰ শিপা ৫ গ্ৰাম,  সকলো মিহলাই ৩২০ মিলিগ্ৰাম পানীত উতলাই ৮০ মিলিগ্ৰামত ৰাখি মিশ্ৰণখিনি ৰাতিপুৱা আৰু গধূলি কিছুদিন খালে ৰোগটো ভাল হয় আৰু তেজৰ পৰিমাণ বৃদ্ধি হয়।

গিলয় লতাৰ গাগছৰ ৪/৫ টা টুকুৰা ৰাতি ১ মগিলাচ পানীত তিয়াই থৈ পিচদিনা পানীখিনি খালী পেটত খাব লাগে ১ মাহ ধৰি। এইদৰে খালে ৰক্তহীনতা, বহুমূত্ৰ আৰু গেচৰ দোষ নাশ হয়।

প্ৰস্ৰাৱ সংক্ৰান্ত সমস্যা -

প্ৰস্ৰাৱ সংক্ৰান্ত অসুখ, যেনে- প্ৰস্ৰাৱ কম হোৱা, প্ৰস্ৰাৱদ্বাৰত বিষ হোৱা, জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱ থলীত অত্যন্ত বিষ হোৱা আদি লক্ষণত গিলয়লতাৰ পাতৰ ৰস ৫০ গ্ৰাম উলিয়াই তাত ২০ গ্ৰাম আমলখিৰ ৰস মিশ্ৰণ কৰি, দিনে ২/৩ বাৰকৈ ৪/৫ দিন খালে এই সমস্যাবোৰ দূৰ হয়। প্ৰস্ৰাৱ বেছি হয়, বিষো কমে। ১ গ্ৰাম গিলয়ৰ ৰসত ৩ গ্ৰাম মৌজোল মিহলাই প্ৰতিদিনে পুৱা আৰু গধূলি ৫/৬ দিন খালে প্ৰস্ৰাৱৰ অসুখ ভাল হয়।

লিভাৰৰ গণ্ডগোল আৰু ডিচপেপচিয়া -

এই অসুখত ১৮ গ্ৰাম সতেজ গিলায় লতাৰ পাতৰ ৰসৰ লগত জিৰাৰ গুড়ি ১ চামুচ মিহলাই তাত দুই জালুকৰ গুড়ি বা নিমৰ পাতৰ ৰস আধাচামুচ মিহলাই ২৫০ মিলিগ্ৰাম পানীত মোহাৰি চেকি মিশ্ৰণখিনি দিনে এবাৰকৈ ১৫ দিন ধৰি ব্যৱহাৰ কৰিলে লিভাৰৰ পৰা হোৱা বিষ তথা বদহজমৰ সমস্যা দূৰ হয়।

আৰ্থ্ৰাইটিচ ৰোগত -

এই ৰোগ হ’লে ৫ গ্ৰাম গিলয়ৰ গুড়ি গাখীৰৰ লগত মিহলাই দিন ২/৩ বাৰ খাব লাগে। এইদৰে ২০/২৫ দিন খালে আৰ্থ্ৰাইটিছ পৰা হোৱা বিষ কমি আহে।

*বাতবেমাৰ বা(Gout) ভৰি হাত ফুলাত(Swealling) গিলয়ৰ গুড়ি ৫ গ্ৰাম, মৌজোল ২ চামুচ মিহলাই মিশ্ৰণখিনি পুৱা আৰু গধূলি ব্যৱহাৰ কৰিব লাগে। ১০/১৫ দিন খালে বিষ কমে।

*শৰীৰৰ বিভিন্ন ঠাইত বিষ হ’লে লগতে জ্বৰ থাকিলে গিলয়ৰ শিপা আৰু চাল ৫+৫ গ্ৰাম পৰিমাণে লৈ ১০ গ্ৰাম পেষ্ট কৰি অলপ পনীয়া কৰি বিষ হোৱা ঠাইত সানিব লাগে।

*ব্লাড কেঞ্চাৰ বেমাৰী আৰোগ্য কৰিবৰ বাবে স্বামী ৰামদেৱে গিলয়ৰ ৰস খাবলৈ দি ৰোগী আৰোগ্য কৰাৰ কথা তেওঁৰ প্ৰধান সহযোগী বালাকৃষ্ণই প্ৰণয়ন কৰা গ্ৰন্থ ‘Secrets of Indian Herbs’ নামৰ গ্ৰন্থত উল্লেখ আছে।

খোৱাৰ নিয়ম -

১০ গ্ৰাম ঘেহুৰ পাতৰ ৰস উলিয়াই ৫ গ্ৰাম গিলয়ৰ পাতৰ ৰস মিহলাই কেঞ্চাৰ হোৱা ৰোগীক খাবলৈ দিব লাগে। মিশ্ৰণখিনি চেকি(পৰিষ্কাৰ বগা কাপোৰেৰে) খালী পেটত খাবলৈ দিব লাগে। ইয়াৰ লগত আয়ুৰ্বেদিক ঔষধ খাব পাৰে। এলোপেথিক দৰব খাব নালাগে। এই ব্যৱস্থাৰে ২/৩ মাহ খালে উপকাৰ হয়।

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate