মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ৰোগ নিৰাময়ত কালমেঘ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ত কালমেঘ :

ৰোগ নিৰাময়ত কালমেঘৰ বিষয়ে লিখা হৈছে ।

কালমেঘ বা কল্পতিতা এবিধ একবৰ্ষীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Andrographis paniculata Nees আৰু ই Acanthaceae গোত্ৰৰ। ইয়াৰ পাত বল্লমাকাৰ সকলো মাটিতে হয় যদিও বালিচহীয়া মাটি কালমেঘৰ বাবে উপযোগী। কালমেঘ এক ফুটৰ পৰা তিনি ফুটলৈ ওখ হয়। বৰ্ষা ঋতুত কালমেঘ সোনকালে বাঢ়ে আৰু বৰ্ষা ঋতুৰ পাছত ফুল ফুলিবলৈ ধৰে। ই ভীষণ তিতা। কালমেঘৰ পাতৰ যথেষ্ট ঔষধি গুণ আছে।

ইয়াৰ কিছুমান ঔষধি গুন -

*যকৃতৰ সক্ৰিয়তাৱ বৃদ্ধিৰ ক্ষেত্ৰত কালমেঘৰ পাত উপকাৰী।

*গ্ৰহণী ৰোগত কালমেঘৰ পাত সিজাই ঘন কৰি সেই ৰস খালে ৰোগ নিৰাময় হয়।

*জ্বৰ হোৱাৰ পাছত শৰীৰৰ দুৰ্বলতা নোহোৱা কৰিবলৈ কালমেঘ খালে উপকাৰ পোৱা যায়।

*শিশুৰ পেটৰ অসুখ, বদহজম, ডায়েৰিয়া আদিত কালমেঘৰ পাত থেতেলিয়াই ৰস উলিয়াই খুৱালে ৰোগ নিৰাময় হয়।

*শিশুৰ পেট ফুলিলেও কালমেঘৰ পাতৰ ৰস খুৱালে পেট ফুলা কমে।

*কৃমি হ’লে কালমেঘৰ পাতৰ ৰস অকণমান গৰম কৰি খুৱালে কৃমি কমে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top