মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / এণ্টিবায়’টিক খোৱাৰ প্ৰসংগত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এণ্টিবায়’টিক খোৱাৰ প্ৰসংগত :

এণ্টিবায়’টিক খোৱাৰ প্ৰসংগত :

 

১) চিকিৎসকে এণ্টিবায়’টিক কিয় দিছে ?

কিছুসংখ্যক চিকিৎসকে জধে-মধে এণ্টিবায়’টিকৰ নিদান-পত্ৰ দিয়ে । গতিকে এণ্টিবায়’টিক খোৱাৰ আগতে চিকিৎসকক সোধক, কিয় দিয়া হৈছে এই ঔষধ । এণ্টিবায়’টিকে বেক্টেৰিয়াৰ বিৰুদ্ধেহে ক্ৰিয়া কৰে , ভাইৰাছৰ বিৰুদ্ধে ক্ৰিয়া কৰিব নোৱাৰে । আপোনাৰ যদি ভাইৰাছজনিত ৰোগ হৈছে, তেনেহ’লে এণ্টিবায়’টিকৰ প্ৰয়োজন নাই । তদুপৰি কেতবোৰ সংযুক্ত (Combination)এণ্টিবায়’টিক নিষিদ্ধ কৰা হৈছে । তেনে এণ্টিবায়’টিক সম্পৰ্কে বিত্ংকৈ জানি লোৱা উচিত । বিশ্বজুৰি এণ্টিবায়’টিকৰ অপব্যৱহাৰ কৰা হয় । এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতত সৰ্বাধিক এণ্টিবায়’টিকৰ অপব্যৱহাৰ কৰা হয় । এই কথাও জানিব পৰা গৈছে যে জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এণ্টিবায়’টিকৰ ব্যৱহাৰ বৃদ্ধি হয় । কিয়নো, এই সময়ত ডেংগু, মেলেৰিয়া, চিকুণগুণীয়া, ভাইৰাছজনিত ডায়েৰীয়া আদিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় । এইবোৰ ৰোগত এণ্টিবায়’টিকৰ কোনো কাম নাই । অৱশ্যে এণ্টিবায়’টিকৰ অপব্যৱহাৰৰ আন এটা কাৰণ হ’ল চিকিৎসকৰ নিদান-পত্ৰ অবিহনেই ফাৰ্মাচিষ্টসকলে এণ্টিবায়’টিক বিক্ৰী কৰা ।

২) এণ্টিবায়’টিক খোৱাৰ সময় তালিকা কেনে ধৰণৰ?

চিকিৎসকৰ নিদান-পত্ৰত যদি আছে যে এণ্টিবায়’টিকবিধ ৮ ঘণ্টাৰ মূৰে মূৰে খাব লাগে, তেনেহ’লে আপুনি নিষ্ঠাৰে নিৰ্ধাৰিত সময়ত খাব ।তাৰ পৰিৱৰ্তে যদি দিনটোৰ যিকোনো সময়ত তিনিবাৰ খায়, তেনেহ’লে এণ্টিবায়’টিকে ঈপসিত ফল নিদিয়ে । নিৰ্ধাৰিত সময়ত খালেহে তেজত এণ্টিবায়’টিকৰ পৰিমাণ দিনটো জুৰি সম-মানত থাকিব ।

৩) যদি এপালি সময়মতে খাব নোৱাৰে, তেতিয়া কি কৰিব ?

কেতবোৰ এণ্টিবায়’টিক মনত পৰাৰ লগে লগে খাব পাৰে। আন কেতবোৰৰ ক্ষেত্ৰত পিছৰ পালিৰৰ সময়ত খাব লাগিব । চিকিৎসকৰ পৰা বিতংকৈ জানি ল’ব ।

৪) এণ্টিবায়’টিক খালে মদ খাব পাৰিনে ?

কেতবোৰ এণ্টিবায়’টিক খালে মদ খাব নোৱাৰিব । উদাহৰণ স্বৰুপে চেফাল’স্পৰিন, মেট্ৰ’নিডাজল, প্ৰাইছ’ফালৱিন আদি এণ্টিবায়’টিকে প্ৰবল বিৰুপ ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে । চিকিৎসকৰ পৰা বিতংকৈ জানি ল’ব।

৫) এণ্টিবায়’টিক খাই ৰ’দত ওলালে অসুবিধা হ’ব নেকি ?

হ’ব পাৰে । চিপ্ৰ’ফ্লক্সাচিন, অ’ফক্সাচিন আদি এণ্টিবায়’টিক খোৱাৰ পিছত বেছিকৈ ৰ’দত ঘূৰিলে ৰৌদ্ৰদগ্ধতা (Sunburn), পানীজোলা আদি হ’ব পাৰে । চিকিৎসকক সুধি ল’ব ।

৬) এণ্টিবায়’টিক খাই পুৱা এগিলাচ পানী খাব লাগে নেকি?

নিশ্চয় । পানীয়ে এণ্টিবায়’টিকৰ টেবলেট-কেপচুল পাকস্থলীৰ পৰা সোনকালে অন্ত্ৰলৈ পঠিয়ায় । যাতে পাকস্থলীত কোনো ধৰণৰ বিকাৰ নহয়, অথবা ওকালি নাহে । কেতবোৰ এণ্টিবায়’টিকৰ ক্ষেত্ৰত অৱশোষণ ত্বৰান্বিত কৰিবলৈ পানীৰ প্ৰয়োজন হয় ।

৭) কিবা খাদ্য পৰিহাৰ কৰিব লাগিব নেকি ?

চিকিৎসকক সুধি লওক, এণ্টিবায়’টিকবিধ খালী পেটত খাব লাগিব নে খাদ্য খোৱাৰ পিছত খাব লাগিব । কেতবোৰ খাদ্যই টেট্ৰাচাইক্লিনৰ কাৰ্যকাৰিতা হ্ৰাস কৰিব পাৰে । দুগ্ধজাত খাদ্যত থকা কেলচিয়াম টেট্ৰাচাইক্লিনৰ সৈতে সংযোজিত হয় । ফলত কাৰ্যকাৰিতা আৰু অৱশোষণ হ্ৰাস হয় ।

৮) এণ্টিবায়’টিকৰ সৈতে প্ৰ’বায়’টিক খাব লাগে নেকি ?

বেছিভাগ এণ্টিবায়’টিকে খাদ্যতন্ত্ৰৰ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ লগত প্ৰয়োজনীয় প্ৰ’বায়’টিক বেক্টেৰিয়াসমূহো ধ্বংস কৰে । ইয়াৰ ফলত পাকস্থলীত বিকাৰ, আভোক, মূত্ৰতন্ত্ৰৰ সংক্ৰমণ,ইষ্ট সংক্ৰমণ আদি হ’ব পাৰে । খাদ্যতন্ত্ৰৰ শতকৰা ৯০ ভাগ বেক্টেৰিয়া প্ৰ’বায়’টিক হোৱাটো স্বাস্থ্যসন্মত । গতিকে এণ্টিবায়’টিক ঔষধৰ লগতে প্ৰ’বায়’টিক ঔষধিও খাব লাগে । চিকিৎসকক সুধি ল’ব ।

৯) এণ্টিবায়’টিকৰ টেবলেট গুড়ি কৰি খাব পাৰি নেকি ?

গুড়ি কৰিলে ভালদৰে অৱশোষণ নহ’বও পাৰে । যদি আপোনাৰ টেবলেট যোৱাত অসুবিধা হয়, তেনেহ’লে চিকিৎসকক সুধি জুলীয়া বা চুপি খাব পৰা এণ্টিবায়’টিক নিদান-পত্ৰত লওক । অৱশ্যে সকলোবোৰ এণ্টিবায়’টিকৰ ক্ষেত্ৰত এনে সুবিধা নাথাকে।

১০) এণ্টিবায়’টিক খাই লেব’ৰেটৰী পৰীক্ষা কৰাত অসুবিধা আছে নেকি ?

কেতবোৰ এণ্টিবায়’টিকে লেব’ৰেটৰী পৰীক্ষাৰ ওপৰত প্ৰভাৱ পেলায় । উদাহৰণস্বৰুপে চিকাড্ৰক্সিন, চেফুৰ’ক্সিমাইন, ইক্টামিচিন আদি এণ্টিবায়’টিক খালে ডায়েবেটিছ নাথাকিলেও প্ৰস্ৰাৱত চেনি ওলাব পাৰে । চিকিৎসকক সুধিহে পৰীক্ষা কৰাব ।

লেখক: ডা: জীৱন দত্ত বৰুৱা

উৎস: জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top