অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এণ্টিবায়’টিকৰ কথা

এণ্টিবায়’টিকৰ কথা

১৯২৮ চনৰ কথা এইটো….

ইংলেণ্ডৰ ছেণ্ট মেৰি হস্পিটেলত অণুজীৱ বিষয়ৰ পৰীক্ষা আৰু গৱেষনা চলাইছিল আলেকজেণ্ডাৰ ফ্লেমিং (Alexander Fleming) নামৰ বিজ্ঞানী এগৰাকীয়ে | শৰীৰত হোৱা নানান ঘা-ফোঁহাত পূজ হোৱাত আগভাগ লোৱা ষ্টেফাইল’কক্কাচ অৰিয়াছ (Staphylococcus aureus ) নামৰ বেক্টেৰিয়া বিধৰ কৰ্ষন কৰিছিল ফ্লেমিঙে | কৰ্ষন কৰা পাত্ৰটোৰ এঠাইত এইবিধ বেক্টে্ৰিয়াৰ পৰিবৰ্ত্তে সেউজীয়া ৰঙৰ ভেঁকুৰ জন্মা দেখি ফ্লেমিঙৰ মনত তাৰ কাৰণ জানিবলৈ আগ্ৰহ জন্মিল | বেক্টেৰিয়া জন্মাত প্ৰতিবন্ধকৰূপে পোৱা সেই সেউজীয়া ভেঁকুৰবিধ অণুবীক্ষণযন্ত্ৰৰ সহায়ত পৰীক্ষা কৰি পেনিছিলিয়াম বৰ্গৰ বুলি চিনাক্ত কৰি তাক পেনিছিলিন( penicillin) নাম দিছিল তেওঁ|

এক অণুজীৱৰপৰা উদ্ভৱহোৱা পদাৰ্থৰদ্বাৰা অইন এক অণুজীৱৰ বংশ বৃদ্ধি ৰোধ অথবা ধ্বংস কৰিবলৈ ২৫০০ বছৰ আগৰেপৰা নানাজনে চেষ্টা চলাইছিল প্ৰকৃততে ! ছয়াবিনৰপৰা প্ৰস্তুত কৰা দৈত উত্পত্তি হোৱা ভেঁকুৰ ঘা-ফোঁহা আৰোগ্য কৰিবলৈ চীনদেশৰ চিকিত্স্কসকলে তাহানিয়ে ব্যৱহাৰ কৰিছিল |
লুই পেষ্টৰ (Louis Pasteur ) আৰু জুলফ্ৰাঁক’ৱা জুবাৰ্ট (Jules Francois Joubert )নামৰ ফান্সৰ বিজ্ঞানী দুগৰাকীয়ে ১৮৭৭ চনত অণুজীৱ বা জীৱাণু আবিষ্কাৰ কৰাৰ পাছতে অণুজীৱ ধংসকাৰী পদাৰ্থৰো আবিষ্কাৰ হৈএক নতুন যুগ আৰম্ভ হৈছিল বুলি ক’ব পাৰি | এই দুয়োগৰাকী বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱাইছিল যে প্ৰস্ৰাৱত অ‍ইন অণুজীৱৰ অনুপস্থিতিতহে এনথ্ৰাক্স (anthrax ) ৰোগৰ সৃষ্টিকাৰী অণুজীৱৰ বংশ বৃদ্ধি হয় কিন্তু বতাহত থকা অণুজীৱৰ সংস্পৰ্শলৈ আহিলে এনথ্ৰাক্স ৰোগৰ অণুজীৱ ধ্বংস হয় |

একজীৱিত প্ৰাণী ধ্বংস কৰিবলৈ ব্যৱহৃত অ‍ইন জীৱিত প্ৰাণীৰ বা প্ৰাণীৰ পৰা লব্ধ পদাৰ্থক এণ্টিবায়’টিক (antibiotic) বুলি কোৱা হয় | এণ্টিবায়’ছিছ (antibiosis) শব্দৰপৰা এণ্টিবায়টিক শব্দৰ জন্ম | ভুইলেমিন (Vuillemin) নামৰ বিজ্ঞানী এজনে এণ্টিবায়ছিছ শব্দৰ ব্যৱহাৰ ১৮৮৯ চনত পোনপ্ৰথমে কৰে | একে বছৰতে ৱাৰ্ড (Ward) নামৰ বিজ্ঞানীগৰাকীয়ে এণ্টিবায়’ছিছৰ অৰ্থ ‘অণুজীৱীয় বিৰোধিতা’ (microbial antagonism) বুলি ব্যাখ্যা কৰে | ৱাক্সমেন (Waksman) নামৰ বিজ্ঞানী গৰাকীয়ে এণ্টিবায়’টিক শব্দৰ ব্যৱহাৰ পোনপ্ৰথমবাৰৰ বাবে কৰে | বেনিডিক্ট (Benedict) আৰু লেংলিকি (Langly kee)নামৰ বিজ্ঞানী দুগৰাকীৰ মতে আকৌ এণ্টিবায়’টিক অকল অণুজীৱৰ দ্বাৰা তৈয়াৰী নহৈ উদ্ভিদ আৰু জন্তুৰ দ্বাৰা তৈয়াৰী বেক্টেৰিয়া আদি অণুজীৱ বিনাশকাৰক বা বংশবৃদ্ধি ৰোধক পদাৰ্থ | এণ্টিবায়’টিক আদিতে জীৱিত জীৱকোষৰ দ্বাৰা প্ৰস্তুত হ’লেও পাছলৈ সাংশ্লেষিক প্ৰক্ৰিয়াৰেও তৈয়াৰী হয় | ১৯২৮ চনত ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিছিলিয়াম ভেঁকুৰৰপৰা পেনিছিলিন আবিষ্কাৰ কৰাৰ পাছৰেপৰা এণ্টিবায়’টিক চিকিত্সাম বিজ্ঞানত এক যুগান্তৰ আনে | পেনিছিলিনৰ পাছতেই ষ্টেপ্ট’মাইছিন এণ্টিবায়’টিকৰ আবিষ্কাৰ মানৱ কল্যাণৰ কামত এক মহান অৱদান |

বৰ্তমানে ৩০০০ তকৈও অধিক এণ্টিবায়’টিক প্ৰাকৃতিক অথবা আংশিক সাংশ্লেষণৰ দ্বাৰা তৈয়াৰ হৈছে | প্ৰতিবিধ এণ্টিবায়’টিকৰ জৈৱৰাসায়নিক যৌথ আৰু ৰাসায়নিক গঠন পৃথক | পেনিছিলিন , ষ্টেপ্ট’মাইছিন আদি কিছুমান এণ্টিবায়টিকৰ ক্ৰিয়া সীমিত আৰু সীমিত সংখ্যক বেক্টেৰিয়াৰ বিৰুদ্ধে হে কাৰ্য্যকৰী | টেট্ৰাছাইক্লিন, ক্ল’ৰ’মাইছেটিন আদি অ‍ইন কিছুমান এণ্টিবায়’টিকৰ ক্ৰিয়া বিস্তৃত আৰু ইহঁতক বহুবিধ অণুজীৱ, বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতা আছে |

এণ্টিবায়’টিক ঔষধৰ প্ৰয়োগ কৰি ৰোগকাৰক অণুজীৱ নিৰ্মূল কৰি ৰোগীক আৰোগ্য কৰাহয় | কিন্তু প্ৰাণীৰ বাবে এণ্টিবায়’টিক যিদৰে উপকাৰী , সেইদৰে সকলো এণ্টিবায়’টিক কম বেছি ৰূপে অনিষ্টকাৰীও |অবাঞ্চিত ক্ৰিয়া নকৰা এণ্টিবায়’টিকৰ এতিয়াও আবিষ্কাৰ হোৱা নাই | সাধাৰণভাৱে ক’বলৈ হ’লে এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ বাবে তিনি প্ৰকাৰৰ অবাঞ্চিত ক্ৰিয়া হয় | প্ৰায় সকলো এণ্টিবায়’টিকেই বিষাক্ত গুণদায়ক আৰু শৰীৰত কম –বেছি ৰূপে অতি সংবেদনশীলতা প্ৰক্ৰিয়া ঘটায় | দীৰ্ঘকাল ব্যাপি আৰু উচ্চ মাত্ৰাত এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ ফলত অন্ত্ৰত বসতি কৰা বহুতো অণুজীৱ ধ্বংস হয়, এই অণুজীৱসমুহ শৰীৰৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰী |অন্ত্ৰত বাসকৰা কৰা কিছুমান অণুজীৱই শৰীৰৰ ভিতৰতে ভিনভিন খাদ্যপ্ৰাণ গঠন কৰে, অন্ত্ৰত থকা অণুজীৱ এণ্টিবায়’টিক ব্যৱহাৰৰ ফলত বিনষ্ট হ’লে শৰীৰটো প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত হয় আৰু দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে | বহুদিন জুৰি এণ্টিবায়’টিক ব্যৱহাৰ কৰি থাকিলে পাছলৈ অণুজীৱৰ ওপৰত তাৰ ক্ৰিয়া নাইকীয়া হয় | পেনিছিলিন এসময়ত মলম হিচাপেগঘা- খজুৱতিত ব্যৱহাৰ কৰা হৈছিল | মলম হিচাপে ব্যৱহাৰ কৰি থাকিলেও কৰি থাকিলেও শৰীৰৰ ভিতৰলৈ কম পৰিমাণত পেনিছিলিনৰ অৱশোষণ হয় আৰু পৰবৰ্ত্তী কালত অণুজীৱ পেনিছিলিন প্ৰয়োগৰদ্বাৰা ধ্বংস কৰিব নোৱাৰি |

বেক্টেৰিয়া জীৱকোষৰ ওপৰত ক্ৰিয়াকাৰী অ‍ইন কিছুমান এণ্টিবায়’টিক

১. ভেনক’মাইছিন ( ব্যৱহাৰৰ ফলত খজুৱতি আৰু কাচ্চিত কাণ আৰু বৃক্কৰ ওপৰত অনাকাংখিত প্ৰভাৱ পৰিব পাৰে)

২. ছাইক্ল’ছিবিন

৩. টেট্ৰাচাইক্লিন ( ব্যৱহাৰৰ ফলত বমিৰ ভাৱ , মূৰ ঘূৰণি আৰু যকৃতৰ বিকাৰ হোৱাৰ সম্ভাৱনা আছে )

৪. ক্ল’ৰ’ফেনিকল ( অত্যাধিক ব্যৱহাৰে তেজ গঠনকাৰী হাৰৰ মজ্জা ভাঙি পেলায় আৰু উপযুক্ত হাৰত তেজ গঠিত নোহোৱাৰ বাবে প্ৰায়েই ৰক্তহীনতাত ভোগা দেখা যায় , খজুৱতি পেটচলা ,চকুৰে কমদেখা আদি উপসৰ্গও হ’ব পাৰে|)

৫. এৰিথ্ৰমাইছিন

৬. লিন’মাইছিন

৭. নভ’বায়’ছিন

৮. ষ্ট্ৰেপ্ট’মাইছিন

৯. নিঅ’মাইছিন

১০. কেনামাইছিন

১১. জেণ্টিমাইছিন

১২. পলিমিক্সিন ইত্যাদি

এণ্টি বায়’টিকৰ অন্য ব্যৱহাৰ

চিকিত্সাযবিজ্ঞানত যুগান্তৰ অনাৰ ওপৰিও এণ্টিবায়টিকে অ‍ইন বিভিন্নদিশতো যথেষ্ট উপকাৰ আনিছে | মূৰ্গী, কুকুৰা আৰু গাহৰিৰ আহাৰত সামান্য পৰিমাণত এণ্টিবায়’টিক যোগ কৰি খাবলৈ দিলে সিহঁত সোনকালে বাঢ়ে, বেমাৰত মৃত্যু হোৱাৰ সংখ্যা হ্ৰাস পায়, কম দিন খুৱাই ডাঙৰ মূৰ্গী- গাহৰি বিক্ৰী কৰিব পৰা হয় আৰু আহাৰৰ বাবে কৰা খৰছ কমে | অৱশ্যে আহাৰত এণ্টি বায়’টিক খুওৱাই নোদোকা কৰাৰ কুকুৰা গাহৰি মানুহে খোৱা কাৰণেই বিভিন্নপ্ৰকাৰৰ এলাৰ্জিক প্ৰতিক্ৰিয়া হোৱা বুলি এই পদ্ধতিৰ বিৰুদ্ধে মতবাদ গঢ়ি উঠিছে |

প্ৰকৃতিৰ সতে আৰু প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ সংগ্ৰাম চিৰকলীয়া | তাৰ মাজতেই জীয়াই থকাটোৱেই জীৱন |

বৰ্ণালী হাজৰিকা

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate