অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিকিৎসাৰ খৰচ আৰু জেনেৰিক দৰৱ

চিকিৎসাৰ খৰচ আৰু জেনেৰিক দৰৱ

কিছুদিনৰ আগতে ভাৰত চৰকাৰৰ ফালৰ পৰা এখনি সূচনা বিভিন্ন বাতৰিকাকত আৰু স্ংবাদমাধ্যমত প্ৰকাশ পাইছিল। এই সূচনাৰ দ্বাৰা চৰকাৰে ৰোগীৰ চিকিৎসাৰ লগত জড়িত হাস্পতাল, চিকিৎসক, ৰোগী আৰু জনসাধৰনক চিকিৎসাৰ বাবে জেনেৰিক মেডিচিনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। চৰকাৰৰ সূচনাখনে চিকিৎসাৰ লগত জড়িত স্ংশ্লিষ্ট ব্যক্তিসকলক বৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাই। আমাৰ বহুতেই হয়তো ইয়াৰ গুৰুত্ব উপলব্ধিও কৰিব পৰা নাই। আমি সকলোৱে স্পষ্টভাৱে দেখিছো যে চিকিৎসাৰ ব্যয় আকশলংঘী হৈছে। বছৰি ছয় নিযুত পৰিয়াল ভাৰতবৰ্ষতে দাৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হয় কেৱল চিকিৎসা-ব্যয়ৰ বাবেই। এই চিকিৎসা ব্যয়ৰ অন্যতম কাৰণটো হ’ল দৰবৰ দাম। ৰোগৰ চিকিৎসাৰ বাবে একোটা দৰৱ উদ্ভাৱন কৰোতে একোটা কোম্পানীক বহুত সময় আৰু অৰ্থৰ প্ৰয়োজন। একোটা দৰৱ উদ্ভাৱন কৰোতে বিনিয়োগ কৰা সকলো অৰ্থ তেওঁলোকে এই দৰৱটো বিক্ৰি কৰি ৰোগীৰ পৰাই আদায় কৰিব লাগিব। লগতে কোম্পানীবোৰে পাৰ্যমানে লাভো কৰিব লাগিব। নহ’লে তেওঁলোকে দৰৱৰ উদ্ভাৱনতৰ্থ বিনিয়োগ নকৰিব। ইয়াৰ ফলত ৰোগীৰ চিকিৎসাত ব্যাঘাত জন্মিব। সেয়ে একোটা কোম্পানীয়ে এটা নতুন দৰৱ উদ্ভাৱন কৰাৰ পিছত বহু বছৰলৈ সেই দৰৱটো যাতে অন্য কোম্পানীয়ে বজাৰত বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে কঢ়া আইনৰ ব্যৱস্থা আছে। বজৰৰ একচত্ৰী অধিকাৰৰ সময়সীমা বিভিন্ন দেশত বেলেগ বেলেগ হয়। একোটা নতুন দৰৱ বজাৰত ওলোৱাৰ লগে লগে ইয়াৰ দামো আকশলংঘী হয়। কাৰণ দৰৱটোৰ দাম নিৰ্দ্ধাৰণত উদ্ভাৱনকাৰী কোম্পানীটোক সম্পূৰ্ণ স্বাধীনতা দিয়া যায়। দৰৱটোৰ যিমানে বেছিকৈ বিক্ৰি হ’ব কোম্পানীটোৰ সিমানে বেছি লাভ হ’ব। আৰু দৰৱটোৰ ব্যৱহাৰৰ প্ৰক্ৰিয়াটো ঘটে চিকিতসকৰ জৰিয়তে। কাৰণ ৰোগীয়ে দৰবটো কিনে চিকিতসকৰ নিদান-পত্ৰৰ জৰিয়তে।চিকিতসকসকলক দৰৱবোৰ লিখাত সন্মত কৰাবৰ বাবে কোম্পানীবোৰে বিভিন্ন ব্যৱস্থা হাতত লয়।উদ্ভাৱনকাৰী কোম্পানীবোৰৰ একোটা দৰৱৰ বজাৰৰ একছত্ৰী অধিকাৰৰ ম্যাদ শেষ হোৱাৰ লগে লগে অন্যান্য কোম্পানীয়ে সেই দৰৱটো উতপাদন কৰিব পাৰে আৰু বজাৰত বিক্ৰী কৰাৰো অধিকাৰ পায়। এই দ্বিতীয় পৰ্যায়ৰ কোম্পানীবোৰৰ দৰৱটো আৱিস্কাৰ কৰাৰ খৰছ নাই। তেওঁলোকে নতুনকৈ ব্যয়বহুল ক্লিনিকেল ট্ৰায়েলবোৰো কৰিব নালাগে। ফলত এই দৰৱবোৰৰ দামো উদ্ভাৱনকাৰী কোম্পানীবোৰতকৈও প্ৰায় শতকৰা ৩০ ৰ পৰা ৮০ ভাগ দাম কমাই দিলেও কোম্পানীবোৰে যথেষ্ট লভ অৰ্জন কৰিব পাৰে। দ্বিতীয় পৰ্যায়ৰ কোম্পানীবোৰে উতপাদন কৰা দৰৱবোৰো যাতে উদ্ভাৱনকাৰী কোম্পানিবোৰৰ সমপৰ্যায়ৰ হয় তাৰো তাৰ বাবেও কঢ়া নিৰ্দেশনা আছে। এই নিৰ্দেশনাবোৰ পৃথিৱীৰ বিভিওন্ন দেশৰ ড্ৰাগ কণ্ট্ৰ’ল অথৰিটীবোৰে নিয়ন্ত্ৰণ কৰে। এই দৰৱবোৰক প্ৰচাৰৰ বাবে কোম্পানীবোৰে অতিৰিক্ত একো ব্যয় নকৰে। আমি সকলোৱে জনা উচিত যে একোটা কোম্পানীয়ে একোটাদৰৱৰ প্ৰচাৰৰ বাবে দৰবটোৰ দামৰ ৩৫ ৰপৰা ৫০ শতাংশ ভাগ খৰচ কৰে। এই পইচা খিনিও ধনী-দুখীয়া নিৰ্বিশেষে ৰোগীয়েই বহন কৰিব লাগে। উদ্ভাৱন, ক্লিনিকেল ট্ৰায়েল আৰু প্ৰচাৰৰ ব্যয় নথকা অথচ গুণগতভাৱে উদ্ভাৱনকাৰী কোম্পানীতোৰ একে বা সমপৰ্যায়ৰ মান বিশিষ্ট দৰৱবোৰকেই জেনেৰিক মেডিচিন বা দৰৱ বোলে। ৰোগীয়ে এই জেনেৰিক মেডিচিনবোৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ চিকিৎসা ব্যয় বহু পৰিমাণে কমি যাব। এই কথাখিনি বিশেষভাবে প্ৰযোজ্য, যেতিয়া ৰোগী এজন আই চি ইউত থাকে। আই চি ইউত থকা ৰোগী এজনক প্ৰতিদিনে বহু হাজাৰ টকাৰ ঔষধৰ প্ৰয়োজন হয়। এই ঔষধবোৰৰ জেনেৰিক ফৰ্মূলাবোৰ ব্যৱহাৰ কৰিলে ৰোগীৰ দৰৱৰ খৰচ আধামান কমি যাব। ঠিক সেইদৰে বহুতো ৰোগৰ চিকিৎসা বহু বছৰ ধৰি চলাই থাকিব লাগে। যেনে- উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, এজ্‌মা, এপিলেন্সী, পাৰ্কিনচনচ ডিজিজ, আৰ্থ্ৰাইঅটিছ ইত্যাদি। এই ৰোগবোৰত দৰৱ কিনোতে প্ৰতিমাহত একোটা পৰিয়ালৰ বুজন পৰিমাণৰ পইচা খৰছ হয়। এই ৰোগকেইটাৰ চিকিৎসাত প্ৰয়োজন হোৱা প্ৰায়কেইটা দৰৱেই জেনেৰিক ৰুপত পোৱা যায়।এই জেনেৰিক ফৰ্মূলাবোৰ ব্যৱহাৰ কৰিলে ৰোগীৰ দৰবৰ খৰচ আধামান কমি যাব। ঠিক সেইদৰে বহুতো ৰোগৰ চিকিৎসাবহু বছৰ ধৰি চলাই থাকিব লাগে। যেনে-উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, এজ্‌মা, এপিলেন্সী, পাৰকিনচনচ, ডিজিজ, আৰ্থ্ৰাইটিছ ইত্যাদি। এই ৰোগবোৰত দৰৱ কিনোতে প্ৰতিমাহত একোটা পৰিয়ালৰ বুজন পৰিমাণৰ পইচা খৰচ হয়। এই ৰোগকেইটাৰ চিকিৎসাত প্ৰয়োজন হোৱা প্ৰায়কেইটা দৰৱেই জেনেৰিক ৰুপত পোৱা যায়। আৰু ইয়াৰ দামো আধামানতে পোৱা যাব। আনহাতে গুণাগুণৰ পৰাও অন্য দৰৱৰ সমপৰ্যায়ৰ। কেৱল সচেতনতাৰ অভাৱৰ বাবেই ৰোগী অযথা আৰ্থিকভাৱে জুৰুলা হয়। তেওঁলোকে দৰৱ কিনিবলৈ যাওঁতে ফাৰ্মাচীবোৰত জেনেৰিক্ মেডিচিনৰ খবৰ লোৱা উচিত আৰু জেনেৰিক মেডিচিনেই কিনিব লাগে। যইটো দৰৱ এশ টকাত পোৱ যায় তাৰ বাবে দুশ টকিআ খৰচ কৰাৰ অৰ্থ নাই। মোৰ সহকৰ্মী চিকিতসকলৰ  প্ৰতিও মোৰ বিনম্ৰ অনুৰোধ যে ভৰত চৰকাৰৰ সূচনাৰ প্ৰতি সঁহাৰি জনাই আমিও ৰোগীসকলৰ প্ৰতি মৰম আৰু স্ংবেদনশীল হৈ আমাৰ নিদান-পত্ৰবোৰত জেনেৰিক মেডিচিন লিখাৰ অভ্যাস কৰিব লাগে। মই যোৱা আঠাইশ বছৰে দৰব কোম্পানীৰ প্ৰতিনিধিসকলৰ লগত সাক্ষাত দিয়া নাই। ইয়াৰ ফলত ৰোগীৰ চিকিৎসাত মই কোনো অসুবিধা পোৱা নাই। নিয়মীয়াকৈ ওলাই থকা দৰবৰ পুস্তিকাবোৰ চালেই বিভিন্ন কোম্পানীৰ নতুন দৰববোৰৰ বিষয়ে জানিব পাৰি। দৰব কোম্পানীক সাক্ষাত নিদিয়াৰ বাবদ্ ৰাহি হোৱা সময়খিনি মই ৰোগীক দিব পাৰিছিলোঁ। এই লেখাটো শেষ কৰাৰ আগতে মই আপোনালোকক জনাব খোজো যে মি নিজে প্ৰতিদিনে ব্যৱহাৰ কৰা দৰববোৰো সদায়ে জেনেৰিকহে ব্যৱহাৰ কৰি আহিছোঁ। ইয়াৰ ফলত প্ৰতিমাহে তিনিহাজাৰ মান টকা কম খৰচ হয় আৰু গুণাগুণৰ ফালৰ পৰাও কোনো তাৰতম্য পোৱা নাই।

ডা: নোমল চন্দ্ৰ বৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate