মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / টনচিল ৰোগৰ হোমিও চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টনচিল ৰোগৰ হোমিও চিকিৎসা :

টনচিল ৰোগৰ হোমিও চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

মুখগহ্বৰৰ তলতে থকা আলজিভাৰ দুয়োকাষে বা এফালে এটা বুট মাহৰ সমানকৈ বা তাতকৈ ডাঙৰ হৈ ফুলি উঠিলে আৰু লগে লগে সেই অংশত বিষ হ’লে, সেপ গিলিলেও বিষ অনুভৱ কৰা ৰোগকে ‘টনচিলাইটিছ’ বোলে। সাধাৰণতে ঠাণ্ডা লাগিলে বা ঋতু পৰিৱৰ্তনৰ সময়ত এই ৰোগে দেখা দিয়ে। কিছুমান ৰোগীৰ হাত, ভৰিৰ তলুৱাৰ পৰা উঘাম ওলোৱা বন্ধ হয়। ৰোগ পুৰণি হ’লে মাজে সময়ে এই ৰোগ উক দিয়া দেখা যায়।

কিছুমান টনচিল নাকৰ ৰোগ, যেনে- পলিপি, এডিনয়ড আদি ৰোগৰ লগত জড়িত হৈ উৎপত্তি হোৱাৰ প্ৰমাণ পোৱা গৈছে।

চিকিৎসা -

*Hepar sulf 30:

টনচিল পকিলে আৰু তাৰ ফলত ভয়ানক বিষ হ’লে, সেপ গিলিবৰ সময়ত মাছৰ কাঁইট লাগি থকাৰ দৰে অনুভৱ কৰিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

*Ignatia 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ লক্ষণ হ’ল, সেপ গিলিলে মাছৰ কাঁইট লাগি থকাৰ দৰে বিষ হয়, কিন্তু কিবা খাদ্য খালে বিষ অনুভৱ নকৰে। পনীয়া বস্তুতকৈ চোবাই খোৱা গোটা খাদ্য সহজে খাব পাৰে অৰ্থাৎ অস্বাভাৱিক লক্ষণ থাকে।

*Baryta iod 30:

নতুন, পুৰণি টনচিলত প্ৰায়ে এই ঔষধৰ ব্যৱহাৰ হয়। দিনে দুবাৰকৈ খাব।

*Apis mel 30:

ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ডিঙিৰ ভিতৰত হুলে ফুটাৰ দৰে বিষ হয়। কেতিয়াবা বিষত চিঞৰি উঠে।

ডিঙিত কাপোৰ লাগিলে, হাত লাগিলে বিষ হয়। ডিঙিৰ ভিতৰৰ সকলো ধৰণৰ ৰোগত উশাহ-নিশাহ লোৱাৰ ভয়ানক কষ্ট হ’লে এই ঔষধ ব্যৱহাৰ কৰিলে লাগে।

*Myristica seb 30:

নতুন বা পুৰণি টনচিল পকিলে বা নপকা অৱস্থাত অতিৰিক্ত বিষ থাকিলে বিষ কমাই ল’বলৈ এই ঔষধ ব্যৱহাৰ হয়।

*Lachesis 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ বিশেষকৈ ৰাতি শুলে, বা টোপনি ধৰিবলৈ লওঁতে, শুই উঠাৰ পিছত উপসৰ্গবোৰ বাঢ়ে। ডিঙিত কাপোৰ লাগিলেই অসুবিধা বোধ কৰে। গৰম বস্তু খাব নোৱাৰে। চোবাই খোৱা বস্তুতকৈ পনীয়া বস্তু খালে বিষ অধিক হয়।

*Lac canium 30:

টনচিলত সোফাঁলে এবাৰ, বাওঁফালে এবাৰ- এইদৰে পৰিৱৰ্তন হৈ বিষ হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। চিকিৎসাত এনে ধৰণৰ ৰোগী প্ৰায়ে পোৱা যায়।

আকৌ যেতিয়া টনচিল ফুলে, ডিঙিত হাত দি চালে বা হাত লগালে বিষ হয়, সেপ গিলিলে ভয়ানক বিষ হয়, সকলো সময়তে সেপ গিলি থাকিবৰ ইচ্ছা কৰে, কিন্তু বিষৰ কাৰণে সেপ গিলিব নোৱাৰে, বিষ কাণৰ ভিতৰলৈকে পৰিচালিত হয়, তেতিয়াই Lac canium ব্যৱহাৰ কৰিব লাগে।

*Baryta card 30:

চিকিৎসাত এই ঔষধটো আন ঔষধবোৰতকৈ ঘনাই প্ৰয়োজন হোৱা দেখা পোৱা যায়। Baryta card ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰতিবাৰ ঠাণ্ডা লাগিলে টনচিল ফুলে, বিষ হয়। কিন্তু পনীয়া বস্তু খাব পাৰে। শৰীৰত বিষো থাকিব পাৰে। টনচিল পকি ঘা হ’লে আৰু লক্ষণ মিলিলে Baryta card ব্যৱহাৰ হয়। যিসকল লোকৰ হাতৰ আৰু ভৰিৰ তলুৱা ঘামে, চুটি-চাপৰ লোকসকলক প্ৰথমে Baryta card ব্যৱহাৰ কৰিব লাগে।

*Mercurius bin iodide 30:

বাওঁফালৰ টনচিল পকিলে, পকি ঘা হ’লেও এই ঔষধৰ দ্বাৰা আৰোগ্য হয়। বাওঁফালৰ ডিঙি ফুলিলেও আৰোগ্য হয়।

*Mercurius sol 30:

এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’লে সেপ গলিলে বিষ হয়, সেপ গিলিব নোৱাৰে যদিও সকলো সময়তে সেপ গিলি থাকিবৰ ইচ্ছা যায়। পনীয়া খাদ্যও খাব নোৱাৰা হয়। কিছুমান ৰোগীৰ টনচিল পকে। কিছুমান ৰোগীৰ টনচিলৰ লগত জ্বৰ থাকে আৰু বিশেষকৈ এবাৰ জাৰ, এবাৰ গৰম লাগি থাকে।

লেখিকা: ডাঃ এলিজা বেগম ইউছুফ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top