মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ভাৰতীয় লোক সংস্কৃতিত জেতুকাৰ ব্যৱহাৰ আৰু ইয়াৰ বনৌষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতীয় লোক সংস্কৃতিত জেতুকাৰ ব্যৱহাৰ আৰু ইয়াৰ বনৌষধি গুণ :

ভাৰতীয় লোক সংস্কৃতিত জেতুকাৰ ব্যৱহাৰ আৰু ইয়াৰ বনৌষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতীয় লোক সংস্কৃতিত অতি প্ৰাচীন কালৰে পৰা জেতুকাৰ ব্যৱহাৰ হৈ আহিছে। পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত সামাজিক আৰু সাংস্কৃতিক দিশত জ্জেতুকাৰ ব্যৱহাৰে গুৰুত্ব লাভ কৰা দেখা যায়।

জেতুকাই মানুহৰ মন পুলকিত কৰে, ই সৌন্দৰ্যবৰ্ধনতো সহায় কৰে। ইয়াৰ বহুতো বনৌষধি গুণ  আছে। ভাৰতীয় বিভিন্ন ভাষাত জেতুকাৰ নাম বেলেগ বেলেগ।

অসমীয়া ভাষাত ইয়াৰ নাম জেতুকা, হিন্দীত মেহেন্দি, মাৰাঠিত মেহাদী, তামিলত মেইলান্সি, তেলেগুত গৰন্টো, মালায়ালামত মেইলান্সি আৰু ইংৰাজীত হেন্না বোলে। ইয়াৰ বৈজ্ঞানিক নাম লাউচ’নিয়া ইন্টাৰমিচ(Lawsonia intermis)।

অসম তথা ভাৰতীয় লোক সংস্কৃতিত প্ৰাচীন কালৰে পৰা জেতুকা ব্যৱহাৰ হৈ আহিছে। ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ মহিলাসকলে তেওঁলোকৰ হাত-ভৰিৰ তলুৱাত, নখ আৰু কপালত, বিভিন্ন উৎসৱ-পাৰ্বনত জেতুকা ব্যৱহাৰ কৰে। দুয়োখনে দেশৰ সন্তান সম্ভৱা মহিলাই ৯ মাহ পৰ্যন্ত ভৰি আৰু গাত জেতুকাৰ ৰং ব্যৱহাৰ কৰে। এই ব্যৱস্থা কৰিলে তেওঁলোকৰ সেই সময়ছোৱাত কোনো অপায় অমঙ্গল নহয় আৰু স্বাস্থ্যও ভালে থাকে বুলি বিশ্বাস কৰে।

গুজৰাট, পশ্চিমবঙ্গৰ মহিলাসকলে জেতুকাৰ ৰঙেৰে হাত বোলায়। ৰাজস্থানী দৰা-কইনাই মুখত জেতুকাৰ ৰং সনাটো অপৰিহাৰ্য বুলি গণ্য কৰে।

উত্তৰ প্ৰদেশ, বিহাৰ আৰু কাশ্চীৰত দৰা-কইনাই মুখত জেতুকাৰ ৰং সানিব লাগে। সেই দেশৰ মহিলাই শাওন। আৰু ভাদ মাহত জেতুকা বোলেৰে শৰীৰত নানা চিত্ৰ অংকন কৰি আনন্দৰ পৰিৱেশ সৃষ্টি কৰে। অসমৰ লোক সংস্কৃতিৰ উৎসৱ ৰঙালী আবাল-বৃদ্ধ –বনিতাই অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হয়। ব’হাগৰ বিহুৰ আগদিনা অৰ্থাৎ চ’ত মাহত দোমাহীৰ দিনা ৰাতি আহাৰ খোৱাৰ পিছত জেতুকা পাত বটি লৈ হাত আৰু ভৰিত সানে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জেতুকা প্ৰসাধন হিচাপে ব্যৱহাৰ কৰা দেখা যায়। জেতুকা মহিলাৰ বাবে বৰ আদৰৰ। অৱশ্যে নাৰী-পুৰুষ উভয়ে জেতুকাৰ ৰং শৰীৰত ব্যৱহাৰ কৰে।

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত ডেকা-গাভৰুৱে হাত-ভৰিত জেতুকাৰ ৰং বোলাই ৰূপত ৰহণ চৰাই মন-প্ৰাণ জেতুকাৰ দৰে সজীৱ কৰি নতুন আশাৰ সপোন ৰচে।

জেতুকা সনাৰ নিয়ম -

জেতুকাৰ কুমলীয়া পাত ২০০ বা ২৫০ গ্ৰাম খুন্দি তাত কেহৰাজ, ডালিমৰ কুমলীয়া পাত, বৰথেকেৰা এটুকুৰা, এৰাপাতৰ কোঁহ ৫টা, পাণৰ পিপলি ৪/৫টা মিশ্ৰণ কৰি তাত সামান্য চূণ আৰু কেঁচাহালধিৰ ৰস ২ চামুচ,  চাহপাতৰ ৰস ১/২ চামুচ মিহলাই হাতৰ৪ তলুৱাত ৰাতিটো বান্ধি ৰাখিব লাগে। এই ব্যৱস্থাৰে জেতুকা বান্ধিলে হাত কুমতীয়ে নেখায়, নখচুকীয়া নহয়, নখ ফটা বন্ধ হয়।

জেতুকাৰ ৰস ব্যৱহাৰ কৰিলে চুলিৰ সৌন্দৰ্য বৃদ্ধি হয়। শৰীৰৰ ছালত জেতুকাৰ ৰং ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। চুলিত সানিলে চুলি পকে, অকালতে চুলি নসৰে।

ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ কেঁচাপাত খুন্দি ভৰিৰ পতাত লগালে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়। ঘামচি নাইকিয়া হয়। পায়োৰিয়া ৰোগত জেতুকা পাতৰ ৰস খয়েৰৰ লগত মিহলি কৰি দাঁতৰ আলুত লগালে ৰোগ ভালৱ হয়। মুখত ঘা হ’লে জেতুকাৰ পাত পানীত সিজাই(৩০ টা পাত) অলপ চেঁচা হ’লে সেই পানীৰে কুলকুলি কৰিলে ২/৩ দিনৰ ভিতৰতে ভাল হয়। দিনে ২/৩ বাৰ কুলি কৰিব লাগে।

*কাণৰ অসুখত বিশেষকৈ কাণেদি পুঁজ ওলালে জেতুকা পাতৰ ২০ খিলা পাতৰ ৰস উলিয়াই ২ টোপালকৈ ৰস কাণত দিব লাগে।

*চকুনমা অসুখত জেকুকাপাত থেতেলিয়াই গৰম কৰি অলপ ঠাণ্ডা হ’লে চকুব ধুব লাগে।

*জণ্ডিচ(Jundiceq) ৰোগত জেতুকা ফুলৰ ৰস আধা চামুচ ৰসৰ লগত ১০ চাউচ চাউলৰ ধোৱা পানী মিহলি কৰি খাব লাগে। দিনে এবাৰকৈ এসপ্তাহ খাব।

*শুক্ৰমেহ ৰোগত ভোগা ৰোগীয়ে জেতুকাপাতৰ ৰস এচামুচৰ লগত ৫০ গ্ৰাম পৰিমাণৰ গাখীৰ মিহলাই তাত আধাচামুচ পানী দি খাব লাগে। দিনে দুবাৰকৈ ৫ দিন খাব লাগে।

*গাৰ ছাল সংকুচিত হ’লে জেতুকাপাতৰ ৰস উলিয়াই তাত সামান্য সৰিয়হ তেল মিহলাই ছালত কিছুদিন সানিলে ছাল নিমজ হ’ব।

*শৰীৰৰ পৰা ঘাম ওলাই দুৰ্গন্ধ হ’লে জেতুকাপাতৰ ৰস মিহলোৱা পানীৰে গা ধুলে এই সমস্যা দূৰ হয়।

*ছালৰ বেমাৰ আৰু খৰ খজুৱতি হ’লে জেতুকাপাতৰ ৰসেৰে খৰ-খজুৱতি ধুলে ভাল হয়।

*পাথৰি ৰোগত জেতুকাপাতৰ ৰস আধাকাপ পৰিমাণে দিনে এবাৰকৈ ১০ দিন খালে পাথৰি ৰোগ ভাল হয়।

*ভৰিৰ তলুৱাত পোৰণি হ’লে জেতুকাপাতৰ ৰস সানিলে ভাল হয়।

*মৃগীৰোগত(Epilepsy) জেতুকাপাতৰ ৰস আধাকাপত ১০ গ্ৰাম গাখীৰ মিহলাই দিনে ২ বাৰকৈ এসপ্তাহ খুৱালে মৃগী বেমাৰ ভাল হয়।

*উচ্চ ৰক্তচাপত জেতুকাপাত খুন্দি ভৰণ দিলে ৰক্তচাপ নিয়মীয়া হয়।

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top