ঋতু অনুযায়ী কিছুমান নীতি-নিয়ম পালন কৰিলে আমি সুস্বাস্থ্য অটুট ৰাখিব পাৰো। আয়ুৰ্বেদিক গ্ৰন্থ চৰক সংহিতা আৰু অষ্টাঙ্গ হৃদয়ত এই বিষয়ে উল্লেখ কৰা নীতি-নিয়ম পালন সংক্ষেপে এই লিখনিৰ জড়িয়তে বিশ্লেষণ কৰা হব । সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মিয়ে আমাৰ শৰীৰ নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে। সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মিৰ বলাবল ভেদে এটা বছৰক দুটা ভাগত ভাগ কৰিছে , উত্তৰায়ন আৰু দক্ষিণায়ন । এটা অয়নত তিনিটাকৈ ঋতু অন্তৰ্ভুক্ত কৰা হৈছে।
উত্তৰায়নত শিশিৰ বা শীত , বসন্ত আৰু গ্ৰীষ্ম ঋতু অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ দিশত সূৰ্য্য উদয় হোৱা অয়নক উত্তৰায়ন বোলা হয় আৰু এই সময়ত দিন দীঘলীয়া আৰু ৰাতি ছুটি হয়। প্ৰকৃতিৰ কাৰণবশত উত্তৰায়নত সূৰ্য্য আৰু বাযুৰ প্ৰখৰতা বাঢ়ে আৰু চন্দ্ৰৰ প্ৰখৰতা কমে। সেয়েহে এই কালত পৃথিৱীৰ মাটি শুকাই আৰু উত্তাপ বৃদ্ধি হয়। শৰীৰৰ ওপৰত সূৰ্য্য আৰু বায়ুৰ প্ৰভাৱ পৰাৰ ফলত শৰীৰৰ সপ্তধাতু শোষণ হয় বাবে স্বাস্থ্যৰ অৱনতি হয়। উত্তৰায়নক আদান কাল নামেৰেও জনা যায়। উত্তৰায়নৰ সময়ত তিতা , কেহা,জ্বলা সোৱাদ অধিক সক্ৰিয় হয় ।
দক্ষিণায়নত বৰ্ষা, শৰৎ আৰু হেমন্ত ঋতু অন্তৰ্ভুক্ত কৰা হৈছে। এই কালত সূৰ্য্যৰ উদয় দক্ষিণ দিশত হয় , দিন ছুটি আৰু ৰাতি দীঘলীয়া হয়। সূৰ্য্যৰ প্ৰখৰতা কম আৰু চন্দ্ৰৰ প্ৰখৰতা বেছি হয়। সূৰ্য্যই নিজ শক্তি মানুহক প্ৰদান কৰা বাবে মানুহ শাৰীৰিক ভাৱে বলৱান হয়। চন্দ্ৰৰ প্ৰভাৱৰ কাৰণে পৃথিৱী শীতল হয়,ডাৱৰ ,বৰষুণ , ঠাণ্ডা বতাহ বলিবলৈ ধৰে। মধুৰ, স্নিগ্ধ ,টেঙা, নিমখীয়া সোৱাদ অধিক সক্ৰিয় হয় । দক্ষিণায়নক বিসৰ্গ কাল নামেৰেও জনা যায়।
হেমন্ত কালত আকাশত অগস্ত্য নক্ষত্ৰ ওলায়। হেমন্ত কালত এটা পাত্ৰত পানী ভৰাই দিনত ৰদত ৰাখিব লাগে যাতে পানীত সূৰ্য্যৰ ৰশ্মি ভালদৰে পৰে। ৰাতি একেখিনি পানী চন্দ্ৰৰ ৰশ্মি পৰাকৈ ৰাখিব লাগে। এই দৰে কেবাদিনো সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মিৰ সংস্পৰ্শত ৰখা পানীক হংসোদক বোলা হয়।হংসোদক খালে শৰীৰ নিৰোগী হোৱাৰ উপৰিও অফুৰন্ত শক্তি পোৱা যায়।
গ্ৰীষ্মকালত সূৰ্য্যৰ তাপ প্ৰখৰ হয় বাবে শাৰীৰিক দূৰ্বলতা আহে।এই সময়ত জ্বলা, নিমখীয়া আৰু টেঙা সোৱাদ বিশিষ্ট খাদ্য খাব নালাগে। শৰীৰত বেছিকৈ সূৰ্য্যৰ তাপ নলগাব আৰু কঠোৰ পৰিশ্ৰম নকৰিব।
মিঠা সোৱাদ বিশিষ্ট ,সহজে হজম হোৱা, স্নেহ বা চৰ্বিযুক্ত, ঠাণ্ডা আৰু পনীয়া আহাৰ এই সময়ত খালে শৰীৰ নিৰোগী হয় । মহৰ গাখীৰৰ লগত চেনী মিহলাই খালে যথেষ্ট শক্তি পোৱা যায়। ঠাণ্ডা পানীৰে গা ধুই উঠাৰ পিছত ঠাণ্ডা পানীৰ সৈতে আখৈ আৰু চেনী খোৱাটো উপকাৰী। এই সময়ত বেছিকৈ মদ্যপান কৰিলে স্বাস্থ্য অৱনতি হয়। মাংস ৰস আৰু দৈত জালুক মিহলাই খালে বল-শক্তি বাঢ়ে । কিচমিচ,খেজুৰ, গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত বস্তু সদায় খাব। শৰীৰ ঠাণ্ডা কৰি ৰখাৰ বাবে পাতল আৰু কোমল কাপোৰ পিন্ধিব লাগে।
বৰষুণ আৰু ডাৱৰীয়া বতৰৰ কাৰণে হজম শক্তি কমি যায় , জাঠৰাগ্নি দূৰ্বল হয় । মাজে সময়ে ঠাণ্ডা বতাহ বলে , পানী অপৰিস্কাৰ হয় , কৃমিৰ দ্বাৰা আক্ৰান্ত হয় আৰু দোষ বিকৃতি হোৱা বাবে নানান শাৰীৰিক ৰোগ হয়। বৰ্ষা কালত পুৰণি চাউলৰ ভাত, মাংস ৰস , দাইল, আঙুৰৰ পৰা তৈয়াৰ কৰা আসৱ বা অৰিষ্ট (দ্ৰাক্ষাৰিষ্ট) খাব লাগে। উতলা পানী ঠাণ্ডা কৰি খাব লাগে। ৰদত বেছি সময় থাকিব নালাগে। নদীৰ পানী বৰ্ষাকালত খাব নালাগে বুলি অষ্টাঙ্গ হৃদয় গ্ৰন্থত বিশেষকৈ উল্লেখ কৰিছে। উল্লেখযোগ্য যে গ্ৰীষ্ম আৰু বৰ্ষাকালত মানুহ শক্তিহীন হৈ পৰে। বৰ্ষা কালত অগ্নিমাণ্ডৰ পৰা উপসম পোৱাৰ বাবে বমন আৰু বিৰেচন প্ৰয়োগকৰি শৰীৰ শোধন কৰিব লাগে।
বৰ্ষাকালত শৰীৰত সঞ্চিত হোৱা পিত্ত এই ঋতুত প্ৰকোপিত হয়। সেয়েহে তিতা ,কেহা আৰু মিঠা বস্তু শৰৎকালত খোৱাটো ভাল। শালি চাউলৰ ভাত , মগু দাইল, চেনী , আমলখি, পটল , মৌ আৰু মাংস ৰস খোৱাটো শৰীৰৰ কাৰণে উপকাৰী। শৰৎ কালত ক্ষাৰ নাখাব । এই ঋতুত সম্পূৰ্ণ পেটভৰাই আহাৰ খাব নালাগে । শৰৎকালত শৰীৰত বেছিকৈ ৰদ লগাব , দৈ আৰু চৰ্বি খাব , কাড়া আসৱ ( মূত সঞ্জীৱনী সুৰা) খাব আৰু দিনত শুব লাগে।
হেমন্ত ঋতুত মানুহৰ বেমাৰ-আজাৰ কম হয় আৰু স্বাস্থ্যৰ উন্নতি হয় বাবে শাৰীৰিক ভাৱে শক্তিশালী হৈ পৰে। হজম শক্তি বাঢ়ে কাৰণে পেটৰ গণ্ডগোল নহয়। হেমন্ত ঋতুত দিনতকৈ ৰাতি দীঘলীয়া হোৱা বাবে ৰাতিপুৱাই ভোক লাগে গা ধোৱাৰ আগতে শৰীৰৰত ভালকৈ তেল মালিছ কৰি , মূৰত ঔষধিযুক্ত তেল সানি পিছত ভালদৰে গা ধুব লাগে। এই সময়ত মিঠা , টেঙা আৰু নিমখীয়া আহাৰ বেছিকৈ খাব লাগে। মাংসৰসৰ লগত চৰ্বি , গুৰৰ পৰা তৈয়াৰী সোমৰস খোৱাটো ভাল। ঘেহু, মাটিমাহ , কূহিয়াৰৰ পৰা তৈয়াৰ কৰা বস্তু, গাখীৰ, তেল আৰু চৰ্বিযুক্ত আহাৰ বেছিকৈ খাব। শৰীৰত ৰদ লগাব আৰু জুই পূৱাব লাগে। হেমন্ত ঋতুত গৰম পানী আৰু গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে যাতে শৰীৰত ঠাণ্ডা নালাগে।
হেমন্ত ঋতুতকৈ শিশিৰ বা শীত ঋতুত বেছি ঠাণ্ডা পৰে যদিও পালনীয় নিয়ম হেমন্ত ঋতুৰ সৈতে একে। এই দুয়োটা ঋতুত শৰীৰত কফ সঞ্চিত হবলৈ ধৰে । সেয়েহে শৰীৰত ঠাণ্ডা লগাব নালাগে।শীতকালত মানুহে সৰ্বাধিক শক্তি পায় কাৰণে বেমাৰ-আজাৰ কম হয়।
শীতকালত শৰীৰত সঞ্চিত হোৱা কফ বসন্ত কালত সূৰ্য্যৰ তাপ পাই গলিবলৈ আৰম্ভ কৰে। জাঠৰাগ্নি দূৰ্বল হোৱা বাবে হজম আৰু বিপাক ভালদৰে হব নোৱাৰে বাবে পেটৰ নানান ৰোগ হয়। কফ বাহিৰ কৰাৰ বাবে বমন প্ৰয়োগ কৰিব লাগে । কিছুমান নিৰ্দিষ্ট আয়ুৰ্বেদিক ঔষধ এজন ৰোগীক খুৱাই হাওঁফাওঁৰ পৰা কফবোৰ সম্পূৰ্ণ ৰূপে নিৰ্গত কৰাক বমন বোলা হয়। বসন্ত কালত বমন কৰিলে শ্বাস-প্ৰশ্বাস জনিত ৰোগ যেনে ব্ৰঙ্কাইটীছ, হাপানী, চাইনোচাইটিচৰ উপৰিও মাইগ্ৰেইন ইত্যাদি বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। শাৰীৰিক পৰিশ্ৰম অলপ বেছিকৈ কৰিলে আৰু কফনাশক ঔষধৰে নস্য ললে কফদোষ প্ৰশমিত হোৱাৰ লগতে জাঠৰাগ্নি বৃদ্ধি হয় ।
পুৰণি যৱ আৰু ঘেহুৰ পৰা তৈয়াৰী খাদ্য , মৌ, মাংস ৰস , জুইত পোৰা মাংস , পকা আমৰ ৰস খোৱাটো বিশেষ উপকাৰী। গৰম পানীত মৌ মিহলাই আৰু পকা আমৰ ৰস খালে হজম শক্তি বাঢ়ে। বসন্ত কালত সহজে হজম নোহোৱা ঠাণ্ডা , টেঙা , মিঠা, আৰু চৰ্বিযুক্ত খাদ্য নাখাব। দিনত কেতিয়াও শুব নালাগে। এই নিয়ম পালন কৰিলে ৰোগমুক্ত হৈ সুস্বাস্থ্যৰ অধিকাৰী হব পাৰি।
লেখক: ডা:মনোজ কুমাৰ শইকীয়া
মবাইল নম্বৰ-9435209704
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 7/12/2020