মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / ভুল কৰিলেও ৰোগীক মৰম আৰু আন্তৰিকতাৰে চিকিৎসা কৰিব লাগে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভুল কৰিলেও ৰোগীক মৰম আৰু আন্তৰিকতাৰে চিকিৎসা কৰিব লাগে :

ভুল কৰিলেও ৰোগীক মৰম আৰু আন্তৰিকতাৰে চিকিৎসা কৰিব লাগে,তাৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ পৰা পোন্ধৰ বছৰমান আগৰ কথা।চিকিৎসক হিচাপে মোৰ অৰ্হতা আৰু বিচাৰ-বিবেচনাক কটু ভাষাত সমালোচনা কৰি এখন বাতৰিকাকতত কেইবা পৃষ্ঠাজোৰা এটা লেখা ওলাইছিল।লিখনিটোৰ লেখক আছিল ইতিপুৰ্বে প্ৰায় দহ বছৰ ধৰি চিকিৎসা কৰা মৃগী ৰোগত ভোগা এটি ল’ৰাৰ পিতৃ।লিখনিটোৰ সাৰমৰ্ম আছিল এনেকুৱা।চিকিৎসা কৰা ল’ৰাটোৰ মই বেমাৰটো ধৰিব পৰা নাছিলো।মানে ভুলকৈ বেমাৰটোৰ চিকিৎসা কৰিছিলো।সেই সংক্ৰামত কৰা সকলো পৰীক্ষা-নিৰীক্ষাৰ কোনো প্ৰয়োজনেই নাছিল।যাৰ ফলত ৰোগীৰ হৰাশাস্তি হৈছিল আৰু অবাবত আৰ্থিক সংকটত পৰিছিল পৰিয়ালটো।মই তাৰ চিকিৎসাৰ বাবদ লিখা দৰববোৰো বোলে ভুল আছিল আৰু সেইবোৰ খোৱাৰ পিছত ল’ৰাটোৰ ৰোগ ক্ৰমান্বয়ে বেছিহে হৈছিল।একাধিকবাৰ মোক দেখুৱাবলৈ আহোঁতে মই বোলে তেওঁলোকক চিকিৎসক হিচাপে দেখুৱাব লগা সামান্যতম সৌজন্যও দেখুওৱা নাছিলোঁ।অকল সেয়ে নহয়,তেওঁলোকৰ একমাত্ৰ সন্তান ল’ৰাটোৰ পৰ্যাপ্ত চিকিৎসা সত্ত্বেও ভাল নোহোৱাৰ পিছত তেওঁলোকে মোৰ পৰা নুন্যতম সহৃদয়তাও অনুভৱ কৰা নাছিল।মই ল’ৰাটোক ভাল কৰিব নোৱাৰা সত্ত্বেও মই তেওঁলোকক বাহিৰলৈ যাবলৈ অনুমতি দিয়া নাছিলোঁ।অৱশেষত তেওঁলোকে নিজেই চেন্নাইলৈ গৈ এজন বিখ্যাত নিউৰ’লজিষ্টক দেখুৱালে আৰু তেওঁৰ পৰাহে মই কৰা বিয়াগোম ভুল আৰু ভুল চিকিৎসাৰ কথা উপলব্ধি কৰিব পাৰিলে।অকল সেয়ে নহয়,চেন্নাইৰ খ্যাতিসম্পন্ন চিকিৎসকজনে বোলে মোক তিৰস্কাৰ কৰি চিঠিও লিখিছিল।বৰ্তমান চেন্নাইৰ খ্যাতিসম্পন্ন চিকিৎসকৰ তত্ত্বাৱধানত ল’ৰাটিৰ চিকিৎসা চলি আছে আৰু সি সম্পুৰ্ণ সুস্থ হৈ উঠিছে।বাতৰিকাকতৰ লেখাটো পঢ়ি ৰোগী আৰু ৰোগীৰ পৰিয়ালক চিনাক্ত কৰাত মোৰ বেছি সময় নালাগিছিল।তেওঁলোকৰ লেখাটোৱে মোক অতিকৈ মৰ্মাহত কৰিছিল।কাৰণ লেখাটোত প্ৰকাশ পোৱা সকলোবোৰ কথাই আছিল মনেসজা আৰু কাল্পনিক।জনমানসত চিকিৎসক হিচাপে মোৰ ভাবমুৰ্তিক হেয় প্ৰতিপন্ন কৰিবৰ বাবেই এই লেখাটো যুগুতাই প্ৰকাশ কৰা হৈছিল।লেখাটোৱে মোক খুব মনোকষ্ট দিছিল।মই কিছু পৰিমাণে বিচলিত হৈ পৰিছিলোঁ।সেই মনোকষ্টত এটা কথাই মোক সান্ত্বনা দিছিল-ৰোগীৰ প্ৰতি মোৰ কৰণীয়খিনিৰ বিষয়ে মই সদা-সচেতন আৰু কোনো ৰোগীৰ ৰোগৰ বিষয়ে মই নিশ্চিত নহ’লে সদায়ে মোৰ হাস্পতলৰ বা প্ৰয়োজন হ’লে বাহিৰৰ চিকিৎসকৰো অকণো সময় নষ্ট নকৰাকৈ মতামত আৰু সহায় লওঁ।দুবছৰমান পিছত ল’ৰাটোক লৈ সেই পিতৃ-মাতৃ দুগৰাকী আকৌ মোৰ ওচৰত ওলালহি।যিকোনো ৰোগীৰ বাবে কৰা মোৰ স্বভাৱসুলভ ব্যৱহাৰেৰে ৰোগী আৰু ৰোগীৰ পিতৃ-মাতৃক ভাল-বেয়াৰ খবৰ সুধিলোঁ।খুটি-নাটি মাৰি ল’ৰাটোৰ অসুখৰ বিষয়ে জানি লৈ মোৰ স্বভাৱসিদ্ধ প্ৰকৃতিৰে অতি মৰমেৰে ল’ৰাটোক পৰীক্ষা-নিৰীক্ষা কৰি তাৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিলোঁ।তেওঁলোক মোৰ কোঠাত আৰু সান্নিধ্যত থকা সময়খিনিত এক ছেকেণ্ডৰ বাবেও এসময়ত তেওঁলোকৰ মনেসজা জঘন্য লিখনিটোৱে মোক আমনি নকৰিলে।মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ।তেওঁলোকৰ প্ৰতি মোৰ কোনো খং বা অনুযোগ মোৰ ব্যৱহাৰত প্ৰকাশ নাপালে।তাৰ পিছতো ল’ৰাটোক লৈ অনেকবাৰ তেওঁলোক মোৰ ওচৰলৈ আহিছে।প্ৰতিবাৰেই মই তেওঁলোকক মোৰ জ্ঞান আৰু অভিজ্ঞতাৰে অকণো হাত নধৰাকৈ সহায় কৰিছোঁ।আৰ্থিক অনাটনৰ বাবে মাজতে তেওঁলোকে দৰব-পাতি কিনাত অসুবিধা হওঁতে মই আৰ্থিকভাৱেও সহায় কৰি দিছিলোঁ।অকল সেয়ে নহয়,দুবছৰমান বয়সতে চিকিৎসা কৰা ল’ৰাটো বৰ্তমান প্ৰায় ২৭-২৮ বছৰীয়া চফল ডেকা।তাৰ জীৱনত জীৱিকাৰ পথ নিৰ্ধাৰণতো মই বহুখিনি সহায় কৰি দিছোঁ।মোৰ বিৰুদ্ধে মনেসজা কাহিনী লিখি বাতৰিকাকতত প্ৰচাৰ কৰি মোক দিয়া মনোকষ্টখিনিৰ স্মৃতি মই নাপাহৰিলেও ল’ৰাটোৰ সৈতে পিতৃ-মাতৃ মোৰ ওচৰত চিকিৎ সা সংক্ৰান্তত থকা সময়খিনিত মোৰ মনত আজিলৈকে মুহুৰ্তৰ বাবে হ’লেও সেই অতীতৰ তিক্ততাখিনিয়ে ভুমুকি নমাৰে।বৰ্ং তেওঁলোকক মোৰ চিকিৎসা সেৱাখিনি অকপটে আগবঢ়াই মই এক বিমল আনন্দ অনুভৱ কৰিছিলোঁ।

এইখিনিতে আৰু এটা এনেধৰণৰ অভিজ্ঞতাৰ কথা মই আপোনালোকক আজি ক’বলৈ ওলাইছোঁ।দ্বিতীয় অভিজ্ঞতাটো হৈছে-আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগতে মুমুৰ্ষ অৱস্থাত ৭০-৭৫ বছৰমান বয়সৰ এজন লোক জিএনআৰচিত চিকিৎসাৰ বাবে ভৰ্তি হৈছিল।ৰোগীজন ভৰ্তি হওঁতে মই গুৱাহাটীত নাছিলোঁ।কিন্তু ঘুৰি আহি চাই দেখিলোঁ যে ৰোগীজনে পাব লগা সমস্ত চিকিৎসা ঠিকেই পাইছে।ৰোগীৰ পৰিয়ালক ৰোগৰ জটিলতাৰ বিষয়ে বুজাই কোৱা হ’ল।লগতে খুবেই সংকটজনক অৱস্থাত থকা ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা যে অতি ক্ষীণ এই কথাখিনিও বুজই কোৱা হ’ল।এনে ৰোগী ভাল হ’লে যে ব্যয়বহুল দীঘলীয়া চিকিৎসাৰ দৰকাৰ সেই কথাও বুজাই কোৱা হ’ল।সকলোখিনি জানি-বুজি তেওঁলোকে জিএনআৰচিতে চিকিৎসা ব্যৱস্থাটো চলাই যোৱাৰ সিদ্ধান্তৰ বিষয়ে আমাক জনালে।চিকিৎসকৰ চিকিৎসা,নাৰ্ছৰ পৰিচৰ্যা,বিভিন্ন দৰব-পাতি আৰু অত্যাধুনিক যন্ত্ৰপাতিৰে কৰা পৰীক্ষা-নিৰীক্ষা সত্ত্বেও ৰোগীৰ অৱস্থা বেয়াৰ ফালেহে যাবলৈ ধৰিলে আৰু সকলোৰে চেষ্টা ব্যৰ্থ কৰি এই সংসাৰৰ পৰা বিদায় ল’লে।ৰোগীৰ সমস্ত খৰচ তেওঁৰ কাম কৰা বিভাগটোৱে বহন কৰিব বুলি চুক্তিপত্ৰ থকা সত্ত্বেও বিভাগটোৰ মুৰব্বীজনে ৰোগীৰ চিকিৎসাৰ বিলখন দিবলৈ অস্বীকাৰ কৰিলে।তেওঁৰ যুক্তি হ’ল-এদিন তেওঁৰ সুবিধা মতে কাকো নজনোৱাকৈ আইচিইউত ৰোগীজনক দেখা কৰিবলৈ আহিছিল।আইচিইউত সেই সময়ত ভালেকেইজন ৰোগীৰ প্ৰতি প্ৰয়োজনীয় কেইবাটাও পেক্ৰিয়া চলি থকৰ বাবে এই অফিচাৰজনৰ দাবীক স্বীকাৰ কৰিও তেওঁক আইচিইউত সোমাবলৈ দিব পৰা নগ’ল।আইচিইউত থকা এজন ৰোগীক চিকিৎসা কৰোঁতে প্ৰতিদিনে কমেও ১৭০ টা প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে।এই প্ৰক্ৰিয়াসমুহ সম্পাদন কৰোঁতে অতি সাৱধানতা অৱলম্বন কৰা যায়-যাতে ৰোগীৰ সংক্ৰমণ (infection)আদি নহয়।সেয়েহে আইচিইউৰ ভিতৰত দৰ্শনাৰ্থীৰ প্ৰৱেশ ৰোগীৰ স্বাৰ্থতে নিয়ন্ত্ৰণ কৰিব লগা হয়।বিভাগটোৰ মুৰব্বীজনে এই কথাটো উপলব্ধি কৰিবতো নাজানিলেই,বৰ্ং আৰু এখোজ আগুৱাই গৈ এটা প্ৰতিশোধপৰায়ণ মনোভাবেৰে চিকিৎসালয়ৰ চিকিৎসকৰ ফীজ,পৰীক্ষা-নিৰীক্ষাৰ খৰচ-পাতি,দৰবৰ পইচা আদিৰ বাবদ হাস্পতালৰ প্ৰাপ্যখিনি দিবলৈ অস্বীকাৰ কৰিলে।হাস্পতালৰ একাধিক অনুৰোধ অফিচৰ মুৰব্বীজনে ৰুক্ষভাৱে অগ্ৰাহ্য কৰিলে।উপায়ান্তৰ হৈ হাস্পতাল কৰ্তৃপক্ষ আদালতৰ কষ চাপিবলৈ বাধ্য হ’ল আৰু আদালতৰ নিৰ্দেশত হাস্পতালক পইচাখিনি সাত বছৰৰ পিছত আদায় দিলে।এই দীঘলীয়া সময়ছোৱাত ৰোগীৰ পৰিয়ালেও মুৰ-পোলোকা মাৰিলে।তেওঁলোকেও হাস্পতালৰ বিলখন পৰিশোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আগ্ৰহেই নেদেখুৱালে।এই পৰিয়ালৰে আৰু কেইবাজনো লোক ইতিমধ্যে জিএনআৰচিতে চিকিৎসা লৈ ভাল হৈ গৈছে।তেওঁলোকৰ প্ৰতি কৰা ব্যৱহাৰত হাস্পতালৰ প্ৰাপ্য ধনখিনি সাত বছৰ ধৰি পৰিশোধ নকৰা আৰু সেইখিনিকে পাবৰ বাবে আদালতৰ কাষ চাপিব লগা হোৱা তিক্ত অভিজ্ঞতাই ৰোগী,ডাক্তৰ আৰু হাস্পতালৰ মাজত থাকিব লগা মৰম,চেনেহ আৰু সন্মানখিনি যাতে অক্ষুণ্ণ থাকে তাৰ প্ৰতি বিশেষ চকু দিয়া হৈছিল।

মই ব্যক্তিগতভাৱে ভাবোঁ যে ৰোগী আৰু পৰিয়ালে লোৱা সিদ্ধান্ত সদায়ে শুদ্ধ আৰু গ্ৰহণযোগ্য নহ’ব পাৰে।তেওঁলোকৰ বিচাৰ-বিবেচনা সদায়ে শুদ্ধও নহ’ব পাৰে,কিন্তু চিকিৎসক আৰু হাস্পতালৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষই ৰোগীক সদায় মৰম আৰু অনুকম্পাৰে ব্যৱহাৰ কৰিব লাগে।কোনো কাৰণতে ৰোগীক ৰুক্ষ ব্যৱহাৰ কৰিব নালাগে।

উৎস: জি এনআৰ চি স্বাস্থ্য

3.06818181818
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top