অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুচিবায়ুগ্ৰস্ততা :

শুচিবায়ুগ্ৰস্ততাৰ বিষয়ে লিখা হৈছে ।

 

দৃশ্যপট-১ -

৩৩ বছৰীয়া এগৰাকী ভদ্ৰ মহিলা। বিয়াৰ আগতে শিক্ষকতা কৰিছিল। সন্তান জন্মৰ পিছত চাকৰি বাদ দিবলগা হ’ল। কাৰণ স্বামীৰ মতে- ‘তেওঁ সকলো জঞ্জাল সময়মতে মাৰিব নোৱাৰে, বৰ লেহেমীয়া, খুব চিক-চাক, গা-ধোৱাতে ৩ ঘন্টামান লাগে’ ইত্যাদি। এইবাৰ মহিলাগৰাকীৰ লগত অকলে কথা পাতিলোঁ। তেওঁ কৈ গ’ল সমস্যাসমূহৰ বিষয়ে- কিবা যেন লেতেৰা লেতেৰা লাগি থাকে। গা ধোৱা ঘৰত সোমালে ভাব হয় অসাৱধানবশতঃ লেট্ৰিনৰ পানী গাত ছিটিকি পৰিব নেকি? গাটো এবাৰ/দুবাৰ পানী ঢালিলে শান্তিয়ে নালাগে। মনত সন্দেহ থাকি যায় ক’ৰবাত চাবোন লাগি লাগি থাকিব নেকি? পাকঘৰত বাচন-বৰ্তনবোৰ ধুব লওঁতেও তেনেকুৱা। মুঠতে মনত অনবৰতে সন্দেহ ক’ৰবাত লেতেৰা আছে নেকি, তেনেকৈ খাবলৈ দিলে ল’ৰা-ছোৱালীকেইটাৰ অসুখ-বিমুখ হ’ব নেকি? মনত হাজাৰটা প্ৰশ্ন উদয় হোৱাৰ পিছত কামবোৰ কৰিবলৈ সময়ে নহয়। সেয়ে চাকৰি এৰিবলৈ বাধ্য হ’ল।

দৃশ্যপট-২ -

১৬ বছৰীয়া ল’ৰা এজন। দেউতাকে লৈ আহিছিল। সমস্যা- ‘পঢ়া-শুনাত বেয়া। বুদ্ধিও কম। সোধাকে সুধি থাকে, কৰাকে কৰি থাকে। কিবা এটা লিখিলে দহবাৰ কাটিব। আকৌ খোজকাঢ়ি গ’লে কিবা চিন্তা কৰি থাকে। দুখোজ আগুৱাই তিনি খোজ পিছুৱাই থাকে’। লৰাজনৰ মতে, ঘৰৰ মানুহখিনিক কিবা কথা সোধাক পিছত আকৌ সুধিবলৈ মন গৈ থাকে। এবাৰ লিখা হ’লে মনত সন্দেহ থাকে ভালকৈ লিখিলোঁনে নাই। ক’ৰবাত গ’লেও দহবাৰ ঘৰৰ দুৱাৰ-খিৰিকী, গেছৰ বাৰ্নাৰ আদি চেক কৰি আশ্বস্ত হৈহে লয়, সকলো ঠিকে আছেনে নাই, ৰাস্তাত খোজ কাঢ়িলে কেনেবাকৈ দুৰ্ঘটনা হ’ব নেকি ভয় লাগি থাকে।

দৃশ্যপট-৩ -

২১ বছৰীয়া তৰুণী এগৰাকী। জুন-জুলাই মাহৰ ভৰ গৰমতো মূৰটো স্কাৰ্ফ এখনেৰে ঢাকি আহিছে। ৰুমৰ ভিতৰত সোমাই কাপোৰখন গুচাই দিওঁতে দেখা পালোঁ খপলা-খপলকৈ ঠায়ে ঠায়ে চুলি নাই। টেনচন হ’লে বোলে হাতখন আপোনা-আপুনি মূৰলৈ যায় আৰু চুলি উখালি থাকে। নিজেই ক’লে আগতকৈ বোলে অন্ধবিশ্বাসী হৈছে। মনটোৱে কোৱা মতে কামবোৰ হৈ নুঠিলে ভয় খায় মাক-দেউতাকৰ কিবা অনিষ্ট হ’ব বুলি। শনিবাৰে কোনো কাৰণতে ঘৰৰ পৰা নোলায়।

আজিকালি প্ৰয়োজনতকৈ বেছি লিষ্ট বনাই কামবোৰ কৰা হৈছে। মনত প্ৰায়ে এক শংকা থাকে, কিবা সৰু-সুৰা বেমাৰতো মনলৈ বেয়া চিন্তাবোৰ আহি থাকে। নিজকে আইনাত চাবলৈ ভাল লগা হৈছে। মনত ভাব এটা আহি থাকে যে অন্য ছোৱালীতকৈ তাইৰ গাল দুখন বেছি ফুলা, দেখাত ভাল নহয় ইত্যাদি।

ওপৰত উল্লেখ কৰা ঘটনাকেইটাত যিমানখিনি সমস্যাৰ কথা কোৱা হৈছে, তাৰ উৎস হ’ল এক মানসিক ৰোগ, যাক কোৱা হয় শুচিবায়ুগ্ৰস্ত্তা বা Obsessive Compulsive Disorder(চমুকৈ OCD) OCDত ভোগা ৰোগীসকলৰ মতে নেৰানেপেৰাকৈ বহুতো অলাগতিয়াল চিন্তা আহি থাকে আৰু মন কৰিবলগীয়া কথা এই চিন্তাসমূহ সময় ক্ষতিকাৰক, অশান্তিদায়ক তথা দৈনিন্দন জীৱনৰ কাম-কাজত ব্যাঘাত জন্মোৱা বিধৰ।

ৰোগীজনে ইচ্ছা কৰিও এই চিন্তা বা ভাবসমূহ মন-মগজুৰ পৰা আঁতৰ কৰিব নোৱাৰে। মনত অবিৰতভাৱে আহি থকা এই অদৰকাৰী চিন্তাবোৰকে Obsession আৰু যেতিয়া এই চিন্তাবোৰ দূৰ কৰিবৰ বাবে ব্যক্তি এজন কৰা কামটোকে বাৰে বাৰে কৰি থাকে, তাকে বোলে। প্ৰথমে উল্লেখ কৰা ঘটনাকেইটাত বৰ্ণোৱা লক্ষণসমূহ হ’ল সঘনাই চকুত পৰা বিধৰ।

এই ৰোগৰ সমস্যাসমূহ বহু গুৰুতৰ স্তৰলৈ যাব পাৰে। কোনো কোনো লোকৰ কেৱল Obsession থকা দেখা যায়, আনহাতে আন কিছু লোকৰ Compulsive কাৰ্যটো বেছি হোৱা দেখা যায়। Mixed Obsessive Compulsive ত ভোগা ব্যক্তিসকলৰ দুয়োটা লক্ষণ সমান পৰিমাণে থাকে।

অ’চিডি ৰোগৰ আৰম্ভণি সাধাৰণতে ক্ৰমাগতভাৱে হোৱা দেখা যায়। যদিও পুৰুষ-মহিলা উভয় সকলোৰে এই ৰোগ হ’ব পাৰে, কিন্তু দেখা যায় পুৰুষৰ অনুপাতে মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। প্ৰাপ্তবয়স্কসকলৰ দৰে শিশুসকলৰ ক্ষেত্ৰতো এই ৰোগ দেখিবলৈ পোৱা যায় আৰু ছোৱালীতকৈ ল’ৰাবোৰৰ লক্ষণসমূহ(শিশু অৱস্থাত) সোনকালে দেখা দিয়ে।

ইয়াৰ লগতে বিভিন্ন সমীক্ষাই ইয়াকো ক’ব খোজে যে কিছুমান বিশেষ জীৱন পৰিৱৰ্তনকাৰী কাৰ্য যেনে-

*প্ৰথমবাৰ ঘৰৰ পৰা দূৰত থকা,

*গৰ্ভাৱস্থা,

*সন্তান জন্মৰ নাইবা গৰ্ভপাতৰ পিছত,

*ছোৱালীসলকৰ প্ৰথম মাহেকীয়াৰ সময়ত,

*জীৱনত দায়িত্ব বাঢ়ি যোৱাৰ পিছত,

*শাৰীৰিক অসুস্থতা আৰু নিকটাত্মীয়ৰ বিয়োগৰ লগতো এই ৰোগৰ সম্পৰ্ক আছে।

অ’চিডি ৰোগৰ আৰম্ভণিৰ কোনো এক বিশেষ কাৰণ ক’ব নোৱাৰি যদিও ছিগমণ্ড ফ্ৰয়েডৰ মনোবৈজ্ঞানিক ভাষাত ক’বলৈ গ’লে অৱচেতন মনত হৈ থকা কিছু মানসিক দ্বন্দ্বৰ বহিঃপ্ৰকাশৰ ফল হ’ল অ’চিডি ৰোগ।

কিন্তু বৈজ্ঞানিকসকলৰ মতে, অ’চিডি বিশেষকৈ মানুহৰ মগজুত থকা চেৰ’টনিন নামৰ এক ৰাসায়নিক পদাৰ্থৰ সালসলনিৰ ফলতহে অ’চিডি ৰোগ হয়। লগতে এই ৰোগ বংশগতভাৱে অহাও দেখা যায়।

যিহেতু এই ৰোগত আক্ৰান্ত ৰোগীৰ বাবে এই লক্ষণসমূহ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে, সেয়েহে প্ৰায়ে অ’চিডি ৰোগৰ লগত আনুষংগিক আন কিছু মানসিক সমস্যাও দেখা যায়। তাৰ ভিতৰত প্ৰধানকৈ-

*বিষাদগ্ৰস্ততা,

*উদিগ্নতা,

*ছালৰ সমস্যা,

*মাদক দ্ৰব্যৰ বশৱৰ্তী হোৱা,

*আত্মহত্যাৰ চিন্তা বা চেষ্টা ইত্যাদি।

অৱশ্যে সুখৰ কথা এয়ে যে সঠিক চিকিৎসাৰ ফলত এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। এনে ৰোগত ভোগা ৰোগীসকলে অনতিপলমে মনোৰোগ চিকিৎসকৰ ওচৰত পৰামৰ্শ লোৱাটো ভাল। ঔষধৰ লগতে বিভিন্ন Psychological Therapy ৰ দ্বাৰাও ৰোগীসকল লাভৱান হ’ব পাৰে।

মনত ৰাখিব শাৰীৰিক ৰোগৰ দৰে মানসিক ৰোগো যিকোনো বয়সত যিকোনো মানুহৰ হ’ব পাৰে। ইয়াৰ লুকুৱাই নাৰাখি চিকিৎসকৰ কাষ চপাটো নিতান্তই প্ৰয়োজনীয়।

লেখিকা: গায়ত্ৰী বৰা কলিতা(নিয়মীয়া বাৰ্তা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top