মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / ২০১৭ বৰ্ষত আপোনাৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকে কি কয়?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

২০১৭ বৰ্ষত আপোনাৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকে কি কয়?

২০১৭ বৰ্ষত আপোনাৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকে কিছুমান পৰামৰ্শ আগবঢ়াইছে এই আলোচনাটিত।

পৰিৱেশ, পৰিস্থিতি আৰু বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ স্বাস্থ্যজনিত সমস্যাসমূহো সলনি হয়। পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ আমাৰ শৰীৰটোৱে বহু সময়ত বুজা পৰা কৰিবলগীয়া হয়, যাৰ বাবে আমাৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ ৰেহ-ৰূপ সময়ে সময়ে সলনি হোৱা দেখা যায়। সুস্বাস্থ্য ৰক্ষাৰ বাবে এনে পৰিৱৰ্তনসমূহৰ বিষয়ে আমি সজাগ হোৱা প্রয়োজন| স্বাস্থ্য সমস্যাৰ প্রতি আমি সজাগ হোৱাটো চিকিৎসকসকলেও মনে মনে বিচাৰে। ২০১৭ বৰ্ষটোত স্বাস্থ্যৰ বিভিন্ন সমস্যা আৰু ইয়াৰ প্ৰতিৰোধ তথা প্রতিকাৰৰ বাবে দেশৰ কেইজনমান আগশাৰীৰৰ চিকিৎসকে কি পৰামর্শ দিছে, তাকে এবাৰ চাওঁ আহকচোন।

‘ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন’ৰ ৰাষ্ট্রীয় সভাপতি তথা পদ্মশ্ৰীৰে সন্মানিত চিকিৎসক ডাঃ কে. কে. আগৰৱালাৰ মতে মানুহে সঘনাই কৰা এটা স্বাস্থ্যজনিত ভুল হৈছে, কেৱল নিমখেহে ৰক্তচাপ বৃদ্ধি কৰা বুলি ভবাটো। চিকিৎসকজনৰ মতে নিমখ নহয়, ৰিফাইণ্ড ছুগাৰহে বর্তমান ৰক্তচাপ বৃদ্ধিৰ মূল কাৰক ৰূপে চিহ্নিত হৈছে। ২০১৭ বৰ্ষত স্বাস্থ্যৰক্ষাৰ বাবে তেওঁৰ পৰামৰ্শ হৈছে এনেধৰণৰ-

এই বছৰ সকলো লোকে চি.পি.আৰ.বা কাৰ্ডিয়াক পালম'নেৰী ৰিজুচিয়েচন’ নামৰ জীৱন ৰক্ষাকাৰী কৌশলবিধৰ প্ৰশিক্ষণ লোৱা উচিত। দুটা কথা সকলোৱে মনত ৰখা উচিত যে, উশাহ লৈ থকা, হৃদস্পন্দন স্বাভাৱিক হৈ থকা আৰু চিকিৎসকৰ মতে জীৱিত এজন ব্যক্তিৰ ওপৰত চি.পি.আৰ. প্রয়োগ কৰিব নালাগে। এজন লোকৰ মৃত্যুৰ দহ মিনিটৰ ভিতৰতে চি.পি.আৰ. প্ৰয়োগ কৰিব লাগে আৰু ইয়াক এম্বুলেন্স আহি নোপোৱা পর্যন্ত বা ব্যক্তিজন জী উঠা পর্যন্ত অব্যাহত ৰাখিব লাগে। ‘কাৰ্ডিয়াক এৰেষ্ট’ যিকোনো মুহুৰ্তত যিকোনো লোকৰ ক্ষেত্রত সংঘটিত হ’ব পাৰে আৰু এই সাধাৰণ সূত্ৰটো জানি থ’লে এজন লোকৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ফৰ্টিছ কল্যাণৰ ইণ্টাৰভেন্সনেল হৃদৰোগ বিশেষজ্ঞ ডা: জাকিয়া খানে কয় যে, ৰোগীসকলৰ মাজত তেওঁ দেখা পোৱা আটাইতকৈ সাধাৰণ ভুলটো হৈছে তেওঁলোকে পেচাদাৰী চিকিৎসকৰ পৰামৰ্শতকৈ ইণ্টাৰনেট আৰু মিডিয়াৰ স্বাস্থ্য পৰামৰ্শৰ ওপৰত অধিক নিৰ্ভৰশীল হয়।

২০১৭ বৰ্ষত স্বাস্থ্যৰ সুৰক্ষাৰ বাবে তেওঁ দিয়া পৰামৰ্শটো হৈছে-৬-৮ মাহৰ মূৰে মূৰে এটা দিন স্বাস্থ্য পৰীক্ষাৰ বাবে নির্দিষ্টকৈ ৰাখক। সেই দিনটোত কলেষ্টেৰল, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা, তেজৰ শৰ্কৰা আদি সকলোবোৰ পৰীক্ষা কৰাওক। আমি এনে এটা যুগত বাস কৰি আছো, য’ত হৃদৰোগৰ বাবে বয়সৰ কোনো নিম্নসীমা নাই। তেওঁৰ আন এটা পৰামৰ্শ হৈছে স্বাস্থ্য ৰক্ষাৰ ৰুটিনত প্রযুক্তিৰ সদব্যৱহাৰ কৰক। স্বাস্থ্যবান হৈ থাকিব খোজা আজিৰ ব্যস্ত পেচাদাৰীসকলৰ বাবে “ফিটনেছ এপ' আৰু হাট ৰে’ট মনিটৰসমূহ উৎকৃষ্ট সঁজুলি বুলি তেওঁ ক’ব খোজে।

কোচিৰ ‘অমৃতা ইনষ্টিটিউট অব মেডিকেল চায়েন্স’ৰ গেষ্ট্ৰ’ইনটেষ্টিনেল ছাৰ্জাৰী বিভাগৰ অধ্যাপক ডা: এছ সুধিন্দ্রণে কয় যে, তেওঁ এনে বহু মাতৃ দেখিছে, যিসকলে সন্তানক প্রয়োজনাধিক খাদ্য খুৱায়। চিকিৎসকজনৰ মতে মাতৃসকলে সন্তানক অকলে এৰি দিয়াৰ অভ্যাস কৰিৰ লাগে, কাৰণ শিশুসকলক কেতিয়া কিমান খাদ্যৰ প্ৰয়োজন, সেয়া সিহঁতে নিজে জানে। ২০১৭ বৰ্ষৰ বাবে তেওঁ দিয়া স্বাস্থ্য ৰক্ষাৰ পৰামৰ্শটো হৈছে- খাদ্যত চেনিৰ পৰিমাণ যিমান পাৰি সিমান কাম কৰক। চেনি সুৰাৰ সমানেই ক্ষতিকাৰক।

বাংগালুৰুৰ বিক্রম হস্পিতালৰ কনচালেণ্ট, মেৰুদণ্ডৰ শল্য চিকিৎসক ডাঃ অমৃতলাল এ. মাছকাৰেনহাছৰ ভাষ্য এই যে, বর্তমান সময়ত মানুহে কাৰো পৰামৰ্শ নোলোৱাকৈ সূৰ্য নমস্কাৰ, জিম ৱৰ্কআউট আদি কৰা দেখা যায়। এনেধৰণৰ ব্যায়ামসমূহ খৰখেদাকৈ কৰাৰ পৰিণতিত বহু লোকৰ পেশী সংকোচন, শ্লিপ ডিস্ক আদি হৈ চিকিৎসালয়লৈ আহিবলগীয়া হয়। ২০১৭ বৰ্ষত স্বাস্থ্য ৰক্ষাৰ বাবে তেওঁ দিয়া পৰামৰ্শটো হৈছে-সকলো লোকে নিয়মিত পিঠিৰ ব্যায়াম কৰি পিঠিৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।

এই কাম তেওঁ কোনো দক্ষ প্ৰশিক্ষকৰ তত্বৱধানত কৰাবলৈ কয়, কিয়নো ইয়াৰ দ্বাৰা পিঠিৰ সৈতে জড়িত সমস্যাসমূহৰ পৰা সকাহ পাব পাৰি।

ফ’টিছৰ এছ.এল. ৰাহেজা হস্পিতালৰ কনচালটেন্ট, ডায়েবেট’ল’জিষ্ট ডা: অনিল ভোৰাস্কাৰৰ মতে যুৱ ৰোগীসকলে কৰি অহা সকলোতকৈ সাধাৰণ ভুলটো হৈছে, তেওঁলোকে ২০ বছৰৰ অনুৰ্ধৰ হোৱা বাবে বা পৰিয়ালৰ ইতিহাসত মধুমেহ বা ৰক্তচাপৰ সমস্যা নথকা বাবে তেওঁলোকে এইসমূহ ৰোগৰ আশংকাৰ পৰা নিজকে মুক্ত বুলি ভাবে। এই সন্দৰ্ভত তেওঁ এজন ২৪ বছৰীয়া উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ উদাহৰণ দি কয় যে, তেওঁ নিজৰ স্বাস্থ্য সমস্যাৰ ভুকে নাপায়। ২০১৭ বৰ্ষৰ বাবে তেওঁ দিয়া স্বাস্থ্য ৰক্ষাৰ পৰামৰ্শটো হৈছে-স্বাস্থ্য পৰীক্ষাৰ বাবে আপুনি বুঢ়া হোৱালৈ বা বেমাৰী হোৱালৈকে অপেক্ষা নকৰিব। বিছ বছৰ অতিক্ৰম কৰা লোকসকলেও বছৰত কমেও এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

গুৰগ্ৰামৰ ফ’ৰ্টিছ মেম’ৰিয়েল ৰিছাৰ্চ ইনষ্টিটিউটৰ ইণ্টাৰনেল মেডিচিন বিভাগৰ অতিৰিক্ত সঞ্চালক ডাঃ অমিতাভ পাৰটিৰ মতে সময় অতিবাহিত হোৱাৰ লগে লগে বয়স বাঢ়ে আৰু তেওঁলোকৰ পৰিয়ালক ভাৰাক্ৰান্ত কৰিব খোজে। পৰিৱেশ সম্পৰ্কীয় ৰোগ, দুর্ঘটনা আৰু পৰিয়ালত নতুন সদস্যৰ সংযোজনক বাদ দি আন স্বাস্থ্যজনিত বিষয়বোৰ পৰৱতী বছৰটোৰ বাবে আমি গুৰুত্ব সহকাৰে ল’ব লাগে। ২০১৭ বৰ্ষত স্বাস্থ্য ৰক্ষাৰ বাবে চিকিৎসকজনে এইদৰে পৰামর্শ দিয়ে-জৰুৰীভাৱে বিচাৰি উলিয়াবলগীয়া আৰু সমাধান কৰিবলগীয়া সমস্যাটো হৈছে ২০১৭ বৰ্ষৰ পৰা স্বাস্থ্য বীমা কৰি থোৱা আছেনে নাই, পৰীক্ষা কৰক আৰু নাথাকিলে শীঘ্ৰে পৰিয়ালৰ সকলোৰে বাবে স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰক। দিনক দিনে বাঢ়ি অহা হস্পিতালত ভর্তিকৰণ আৰু ঔষধৰ দাম, নতুন নতুন পৰীক্ষা আৰু জীৱন ৰক্ষাৰ কৌশল, নতুন সঁজুলি আৰু জীৱন ৰক্ষাকাৰী ‘ছাপোর্ট’ ছিষ্টেমৰ অনিবাৰ্য প্রয়োজনৰ সম্ভাৱনা আৰু এই মুদ্রাস্ফীটিৰ কথা মনত ৰাখি স্বাস্থ্য বীমা কৰোৱাটোক গুৰুত্ব সহকাৰে ল’বলৈ তেওঁ পৰামর্শ দিয়ে| বর্তমান সময়ত জীৱনচৰ্যাৰ অৰ্থ কেৱল আপুনি কেনেকৈ খাইছে, কেনেকৈ জীয়াই আছে, কেনেকৈ ব্যায়াম কৰিছে,- সেয়াই নহয়, আপুনি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে, সেই কথাও ইয়াৰ ভিতৰত অন্তর্ভুক্ত হৈ আছে। আমি এতিয়াও টিকাকৰণ অভিযানসমূহৰ বাবে সজাগতাৰ সৃষ্টি কৰিব লগা হয়। চাফ-চিকুণতা আৰু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমি বেয়াকৈ বিফল হৈছো। অনাময় আৰু খোৱা পানীজনিত সমস্যাসমূহৰ প্ৰতি গুৰুত্ব দিয়াৰ প্রয়োজন এতিয়াও আছে।

“ছাউথ এছিয়ান ফেডাৰেচন অব এণ্ড’ক্রাইন ছ’চাইটি’ৰ উপ-সভাপতি তথা কার্নালৰ ভাৰতী হস্পিতালৰ কনচালটেণ্ট, এণ্ড’ক্রিন’ল’জিষ্ট ডাঃ সঞ্জয় কালৰাৰ মতে ২০১৬ বৰ্ষত মানুহে টিভি, বাতৰি কাকত, গণমাধ্যমৰ আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন সামঞ্জস্যহীন ঔষধ সেৱন কৰিলে। চিকিৎসকে প্রদান কৰা প্ৰতিৰোধমূলক ঔষধৰ পৰামৰ্শকো বহুতে গুৰুত্ব নিদিলে। ই সম্ভৱতঃ চিকিৎসক আৰু ৰোগীৰ মাজত যোগাযোগৰ ব্যৱধানৰে ফল। ২০১৭ বৰ্ষৰ বাবে চিকিৎকজনে স্বাস্থ্য ৰক্ষাৰ পৰামর্শ এনেদৰে দিছে-

যোগাযোগ শক্তিশালী কৰাটো প্রয়োজনীয়। কেৱল বৈধ/প্রমাণভিত্তিক স্বাস্থ্য সুৰক্ষাৰ পেচাদাৰী লোকে প্রদান কৰা 'থেৰাপিহে গ্রহণ কৰিব। তদুপৰি সদায়ে তথ্য বিচাৰিব। কাৰণ এইবিলাক একান্তই আপোনাৰ স্বাস্থ্য তথা জীৱনৰ প্ৰসংগ।

ডাঃ শিখাজ নিউট্রি হেল্‌থ পিপল’ৰ প্রতিষ্ঠাপক ডাঃ শিখা শৰ্মাই কয় যে, মানুহে ওজন হ্রাস কৰিবলৈ কম কেলৰিযুক্ত খাদ্য গ্রহণ কৰি আহিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ খাদ্য তালিকাত বিশেষকৈ মহিলাসকলে প্রোটিন যোগ দিয়াটো বেছি উপযোগী| কাৰণ এটা নির্দিষ্ট বয়সৰ পিছত মহিলাসকল প্রোটিনৰ অভাৱত ভোগে আৰু কার্বোহাইড্রেট খাবলৈ ধৰে। এই অভাৱৰ ফলত পেশী দুর্বল হৈ পৰে।

২০১৭ চনৰ বাবে তেওঁৰ পৰামৰ্শ-ওজন কমোৱাৰ সংজ্ঞাবদ্ধ পদ্ধতি যেনে- জিম, ব্যায়াম আদিৰ উপৰিও মহিলাসকলে ওজন কমাবৰ বাবে নৃত্যৰ অনুশীলনৰ সহায় ল’ব পাৰে। ই কেৱল তেওঁলোকৰ শৰীৰ আৰু মনলৈ আনন্দ আৰু উৎসাহ কঢ়িয়াই অনাৰ লগতে নৃত্য প্রতিভা অর্জন কৰাতো সহায় কৰিব।

মুলুন্দৰ ফৰ্টিছ হস্পিতালৰ জেনেৰেল ফিজিচিয়ান ডাঃ প্রদীপ শ্বাহৰ মতে তেওঁ বিগত দিনত মানুহৰ মাজত দেখা পোৱা এটা সাধাৰণ ভুল হৈছে, পেইনকিলাৰ আৰু পেৰাচিটামলৰ অত্যধিক ব্যৱহাৰ। এই ঔষধসমূহ দীর্ঘদিন ধৰি আৰু সঘনাই সেৱন কৰাৰ ফলত মানুহৰ শৰীৰ ঔষধবিধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, ফলত ঔষধ সেৱনৰ পৰিমাণ বঢ়াবলগীয়া হয়। তাতকৈ বেয়া কথাটো হৈছে যে, ৰোগীসকলে পৰীক্ষাৰ প্ৰয়োজন থকা বিষৰ বাবেও চিকিৎসকৰ পৰামৰ্শ নিবিচাৰে। আপোনাক চিৰদিনৰ বাবে দুর্বল কৰি পেলাব পৰা লক্ষণসমূহে দেখা দিয়াৰ সময়ত নিজে কিনি আনি ঔষধ সেৱন কৰাটো মুঠেও ভাল কথা নহয়। আপোনাক কেতিয়া চিকিৎসকৰ পৰামৰ্শৰ প্রয়োজন, সেই কথা জানিবলৈ চেষ্টা কৰক|

২০১৭ বৰ্ষৰ বাবে পৰামৰ্শ- নিজৰ বাবে সময় উলিয়াওক। ব্যায়াম আৰু চাপমুক্তিৰ বাবে কিছু সময় ৰাহি কৰক।

ছেইফী হস্পিতালৰ কনচালটেণ্ট চেষ্ট ফিজিচিয়ান ডাঃ ৰাজেশ শৰ্মাৰ মতে ইণ্টাৰনেট আৰু শোৱাৰ সময়ত ছ'চিয়েল মিডিয়াত কৰা চাটিং নিদ্রাহীনতা আৰু দিনৰ ভাগত অৱসাদৰ কাৰণ বুলি প্রমাণ দিয়া তথ্য দিনক দিনে বৃদ্ধি পাইছে। ২০১৭ বৰ্ষৰ বাবে তেওঁ দিয়া পৰামর্শ কিছু এনেধৰণৰ— শুবলৈ যোৱাৰ প্ৰায় এঘণ্টা পূৰ্বে মোবাইল, টিভি, আইপেডকে ধৰি সকলো স্ক্ৰীণ বন্ধ কৰক।

আৰ.এক্স.ডি.এক্স. আৰু টেলি ৰেডিঅ’ল’জী ছ’লিউচনৰ সহ-প্রতিষ্ঠাপক তথা জ্যেষ্ঠ কনচালটেন্ট ডাঃ সুনীতা মহেশ্বৰীয়ে কয় যে, অপর্যাপ্ত নিদ্রাই ওজন বৃদ্ধি কৰা বুলি সাধাৰণতে জনা যায়। এজন লোক যিমানেই প্রয়োজনীয় নিদ্ৰাৰ পৰা বঞ্চিত হয়, সিমানেই বেছি কৰ্টিছল নামৰ ষ্ট্ৰেচ হৰমোনবিধ শৰীৰত বৃদ্ধি পায়| ই মেটাবলিক পৰিৱৰ্তনৰ সৃষ্টি কৰে আৰু ভোক বৃদ্ধি কৰি এজন লোকৰ ওজন বঢ়ায়। ২০১৭ বৰ্ষত এনে সমস্যাৰ পৰা আঁতৰি থাকিবলৈও তেওঁ এনেদৰে পৰামৰ্শ দিয়ে।

প্রয়োজন অনুসৰি শোৱক। টিভি তথা ডিজিটেল সামগ্ৰীৰ সৈতে পাৰ কৰা সময় কমাওক আৰু শোৱাৰ সময় বৃদ্ধি কৰক| প্রাপ্তবয়ষ্কসকলক নিশা একেৰাহে কমেও সাত ঘণ্টা আৰু শিশুসকলক ৯-১০ ঘণ্টা নিদ্ৰাৰ প্রয়োজন| কাৰণ শোৱাৰ সময়তে শিশুৰ পেশী আৰু শৰীৰৰ বিকাশ ঘটে।

নয়ন্দাৰ ফ’ৰ্টিছ ইন্টাৰনেচনেল অংক’লজি চেন্টাৰৰ মেডিকেল অংক’লজি বিভাগৰ ছিনিয়ৰ কনচালটেণ্ট ডাঃ দেৱব্ৰত আৰ্যৰ মতে মানুহে কৰি অহা আটাইতকৈ ডাঙৰ ভুলটো হৈছে কৰ্কট ৰোগৰ বাবে “স্ক্ৰীণিং টেষ্ট’ নকৰোৱাটো। কৰ্কট ৰোগৰ স্ক্ৰীণিং টেষ্টত হোৱা খৰচ এখন ৰেষ্টোৰাত হোৱা খৰচতকৈ কম বুলি তেওঁ ক’ব খোজে। দীর্ঘদিন জীয়াই থাকিবলৈ হ’লে আৰম্ভণিতে কৰ্কট ৰোগ চিনাক্ত কৰাটো জৰুৰী। এই পৰীক্ষা সকলো লোকে বছৰত এবাৰকৈ কৰাব লাগে। ২০১৭ বৰ্ষৰ বাবে তেওঁ প্রদান কৰা স্বাস্থ্যৰ পৰামৰ্শটোত তেওঁ সকলোকে এটা ভাৰসাম্য থকা খাদ্যাভাস বজাই চলিবলৈ উপদেশ দিয়ে। এক স্বাস্থ্যসন্মত জীৱনশৈলী বৰ্তাই ৰখাৰ লগতে দৈনিক ব্যায়াম কৰিবলৈ সকলোকে পৰামৰ্শ দিয়ে। তেওঁৰ মতেই ই কেৱল হৃদৰোগ আৰু মধুমেহৰ পৰা বচাই ৰখাই নহয়, কৰ্কট ৰোগো প্রতিৰোধ কৰিব পাৰে।

ইন্দ্রপ্রস্থ এপ’ল’ হস্পিতালৰ জ্যেষ্ঠ কনচালটেন্ট ডাঃ সীমা গ্রোভাৰৰ মতে বহু লোকে সুস্বাস্থ্যক সহজভাৱে লয়। শুই-বহি জীৱন-নিৰ্বাহ কৰোঁতে তেওঁলোকে পাহৰি যায় যে, এনে স্থবিৰ জীৱন বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে। ২০১৭ বৰ্ষত স্বাস্থ্য ৰক্ষাৰ বাবে চিকিৎসকজনে দিয়া পৰামর্শ এনেধৰণৰ—

সুস্বাস্থ্যক আমাৰ দৈনন্দিন মানসিক অৱস্থালৈ লৈ আহক| দিনটোত আপুনি সকলোতকৈ অধিক উদ্যম অনুভৱ কৰা সময়খিনিত আপোনাৰ উপভোগ্য যিকোনো এটা শাৰীৰিক ব্যায়াম অনুশীলন কৰক।

‘ডাঃ বাট্ৰাজ পজিটিভ হেল্‌থ ক্লিনিক প্ৰাইভেট লিমিটেড’ৰ পৰিচালন সঞ্চালক ডা: অক্ষয় বট্ৰাৰ মতে বিগত বৰ্ষত চুলিত ৰং কৰাটো সকলোতকৈ জনপ্রিয় ট্ৰেণ্ড হৈ পৰিছিল যদিও এই অভ্যাস চুলি আৰু ছালৰ সকলোতকৈ ডাঙৰ শত্ৰু। ইফালে বিদ্যালয়সমূহে চুলিৰ ৰং কৰাত অনুমতি দিবলৈ আৰম্ভ কৰাৰ পৰা ১২-১৩ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়েও এই ট্ৰেণ্ড অনুসৰণ কৰিবলৈ লোৱা দেখা গৈছে। এই কাৰণতে বিগত বৰ্ষত তেওঁলোকে চুলিত ৰং কৰাৰ ফলত ছালত ঘা আৰু খজুৱতি হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো উদ্বেগেৰে লক্ষ্য কৰিছিল। লগতে মুখাবয়ব ফুলি উঠা ৰোগীৰো সমাগম প্রত্যক্ষ কৰিছিল। শেহতীয়া ট্ৰেণ্ডৰ সৈতে তাল মিলাই চলিবলৈ যুৱপ্ৰজন্মৰ হাবিয়াসৰ কথা বুজি পোৱা বুলি ব্যাখ্যা কৰি চিকিৎসকজনে চুলিত ৰং কৰাৰ পূর্বে এটা সাধাৰণ ছালৰ পৰীক্ষা কৰিবলৈ সকলোকে আহবান জনায়। তেওঁ কয়— হেয়াৰ কালাৰটো প্রথমে কাণৰ পিছফালে বা চুলিৰ গুৰিত কোনো এটা ক্ষুদ্র অংশত লগাই চাওক। যদিহে ৭২ ঘণ্টাৰ ভিতৰত ইয়াত কোনো বিৰূপ প্রভাৱ নপৰে, তেন্তে ৰংটো চুলিত লগাবৰ বাবে নিৰাপদ বুলি জানিব। তদুপৰি সদায়ে এটা এমোনিয়ামুক্ত হেয়াৰ কালাৰ লগাব আৰু চুলিৰ গুৰিৰ পৰা কমেও দুই ইঞ্চি ওপৰত ৰং লগোৱাৰ চেষ্টা কৰিব। ইয়াৰ ফলত চুলি কমকৈ নষ্ট হয়।

২০১৭ বৰ্ষৰ বাবে তেওঁ পৰামৰ্শ দিয়ে এনেদৰে— আজিৰ দিনত চুলি সৰাটো হৈছে আটাইতকৈ সাধাৰণ সমস্যা| এনে সময়ত আমি চুলি সৰা বন্ধ কৰাৰ প্ৰতিশ্রুতি দিয়া ‘চুলি গজোৱা’ সামগ্রী ব্যৱহাৰৰ প্রলোভন আৰু ছেলুনৰ প্রতিশ্রুতিৰ মাজত হেৰাই যোৱাটো স্বাভাৱিক। এটা কমকৈ জনাজাত তথ্য এয়ে যে, চুলি সৰাটো হৈছে এক স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ বাবে চিকিৎসকৰ পৰামর্শ লোৱা উচিত। বিভিন্ন স্বাস্থ্য অৱস্থা যেনে- ৰক্তাল্পতা, পি.চি.অ’.ডি থাইৰয়ড আদিৰ ফলত বেছিকৈ চুলি সৰিব পাৰে। সেয়েহে, চুলি সৰা বন্ধ কৰিবলৈ হ’লে এই ৰোগসমূহৰ চিকিৎসা কৰাটো জৰুৰী। চিকিৎসকজনে চুলি সৰাটো এটা কছমেটিক সমস্যা হিচাপে নল’বলৈ আৰু ইয়াক আওকাণ নকৰিবলৈ উপদেশ দিয়ে।

ইন্দোৰৰ মোহক বেৰিয়েট্ৰিক এণ্ড ৰ’ব’টিকছৰ সঞ্চালক মিনিমেল এচেছ অ’বেচিটি এণ্ড ডায়েবেটিছ ছাৰ্জন ডাঃ মোহিত ভাণ্ডাৰীৰ মতে বিবাহ বা আন কোনো ব্যক্তিগত গুৰুত্বপূর্ণ উপলক্ষ্যৰ সময়ত বিভিন্ন লোক তেওঁৰ ওচৰলৈ ওজন কমোৱাৰ কৌশল বা পৰামৰ্শ বিচাৰি আহে। তেওঁৰ মতে এই পদক্ষেপ সঠিক যদিও উদ্দেশ্যটো সঠিক নহয়। আমি বুজিব লাগিব যে, মেদবহুলতাই আমাৰ যিমান অপকাৰ কৰিব পাৰে বুলি আমি ভাবো, তাতকৈ বহুত বেছি ক্ষতি ই আমাৰ শৰীৰত কৰে। দুৰ্ভাগ্যজনক যে, মানুহে পুৰণি কাপোৰ গাত নোসোমালেহে ওজন বাঢ়িছে বুলি ভাবে আৰু সেই ওজন কমাব লাগে বুলি অনুভৱ কৰে। উশাহ লোৱাৰ সমস্যাত ভুগিলে বা মধুমেহ হ’লে এনেদৰে নাভাবে।

২০১৭ বৰ্ষৰ বাবে তেওঁ দিয়া পৰামৰ্শটো হৈছে – আপোনাৰ মনোযোগ ওজন কমোৱাৰ পৰা ওজন কমোৱা ব্যৱস্থাপনালৈ সলনি কৰক। নিয়মিত ব্যায়াম কৰক আৰু তেতিয়া আপুনি নৱবৰ্ষৰ পাৰ্টিৰ আগে আগে ওজন কমোৱাৰ কথা চিন্তা কৰিব নালাগে। তদুপৰি এটা ভাল অভ্যাস গঢ়ি তুলিবলৈ বছৰৰ প্রথম বা শেষৰ দিনটোলৈ অপেক্ষা কৰাৰ প্রয়োজন নাই। সেই অভ্যাস আপুনি এতিয়াই গঢ়ি তুলিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top