অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ চৌপাশ

আমাৰ চৌপাশ

কোনো এক জীৱ প্ৰজাতিৰ চৌপাশে থকা সকলো ধৰণৰ জীৱিত আৰু অজীৱিত কাৰক সমূহক তাৰ পৰিৱেশ বুলি কোৱা হয়। পৰিৱেশৰ সম্পৰ্কে বিশেষ অধ্যয়নকে পৰিৱেশ বিজ্ঞান বোলে। কোনো এক অঞ্চলত থকা জীৱিত জীৱবোৰৰ পৰস্পৰ সম্পৰ্ক আৰু তাৰ ভৌগোলিক অৱস্থাই সেই অঞ্চলৰ পৰিৱেশ সূচায়। পৰিৱেশ বিজ্ঞানত জীৱবোৰ যি বসতিত বাস কৰে সেই বসতিৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত জীৱিত জীৱবোৰৰ সম্পৰ্ক আৰু সেই বসতিত বাস কৰা জীৱিত আন আন জীৱবোৰৰ পৰস্পৰৰ লগত প্ৰতিষ্ঠিত সম্পৰ্ক সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াত পাৰিপাৰ্শ্বিকতা হ’ল সেই বসতিত থকা মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীসমূহক বুজায়। কেৱল জীৱজগতেই নহয়, জীৱজগতক আৱৰি যি সামগ্ৰিক প্ৰকৃতি আছে সেয়াই হ’ল আমাৰ পৰিৱেশ। পৰিৱেশৰ বিভিন্ন উপাদানসমূহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাত্ এটা নাথাকিলে আনটো থাকিব নোৱাৰে। এই নিৰ্ভৰশীলতাই মানুহ আৰু প্ৰকৃতিৰ মাজত এক সমতাৰ সৃষ্টি কৰে। যিটো জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয়।

প্ৰাকৃতিক পৰিৱেশক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি- ভৌতিক পৰিৱেশ আৰু জৈৱিক পৰিৱেশ। ভৌতিক পৰিৱেশ বুলিলে আমি বায়ু, পানী আৰু মাটিৰ কথাকে বুজো। ভৌতিক পৰিৱেশক নিয়ন্ত্ৰণ কৰে সৌৰশক্তিয়ে। ই অহৰহ বায়ু, পানী আৰু মাটিৰ লগত ক্ৰিয়া-বিক্ৰিয়া চলাই থাকে। জৈৱিক পৰিৱেশ হ’ল কোনো এটা অঞ্চলত বসবাস কৰা সকলো জীৱ-জন্তু, চৰাই-চিৰিকতি আৰু গছ-গছনি আদি।

পৰিৱেশৰ উপাদান

পৰিৱেশৰ মূল উপাদান চাৰিটা। যেনে-

(১) বায়ুমণ্ডল,

(২) জলমণ্ডল,

(৩) অশ্ম মণ্ডল আৰু

(৪) জীৱ মণ্ডল।

পৃথিৱীখনক চাৰিওফালে বেঢ়ি থকা গেছীয় আৱৰণটোকে বায়ুমণ্ডল বোলা হয়। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৬০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। বায়ুমণ্ডলত সবাতোকৈ অধিক পৰিমাণে থকা গেছীয় পদাৰ্থটি হ’ল নাইট্ৰ’জেন। ইয়াৰ পৰিমাণ প্ৰায় শতকৰা ৭৮ ভাগ। ইয়াৰ পিছতে অক্সিজেনৰ পৰিমাণ অধিক। ইয়াৰ পৰিমাণ শতকৰা প্ৰায় ২১ ভাগ।

সাগৰ-মহাসাগৰ, নদ-নদী, জান-জুৰি, হ্ৰদ, হিমবাহ মেৰু অঞ্চলত থকা বৰফ আৰু মাটিৰ তলত থকা পানী ভগক জলমণ্ডল বোলে। জীৱৰ অস্তিত্বৰ বাবে পানী অপৰিহাৰ্য্য।

পৃথিৱীৰ খোলাটোৰ ওপৰভাগকে অশ্মমণ্ডল বোলা হয়। ই শিল আৰু খনিজ পদাৰ্থৰে গঠিত। শিলবোৰ বিচূৰ্ণীভৱন প্ৰক্ৰিয়াৰে ক্ষয় হৈ মাটিলৈ সলনি হয়। এই মণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় গড়ে ১০০ কিলোমিটাৰ তললৈ বিস্তৃত।

ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৬ কিলোমিটাৰ ওপৰলৈ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭ কিলোমিটাৰ গভীৰতালৈকে জুৰি থকা এই অঞ্চলটোকে জীৱমণ্ডল বোলা হয়। গছ-গছনি, জীৱ-জন্তু, মাছ-কাছ, অণুজীৱকে আদি কৰি সকলো জীৱই এই মণ্ডলত বসবাস কৰে।

পৰিৱেশ তন্ত্ৰ (ইক’চিষ্টেম)

পৰিৱেশ তন্ত্ৰ বুলিলে জৈৱ আৰু অজৈৱ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেদি এককভাৱে সৃষ্টি হোৱা আত্মনিৰ্ভৰশীল, স্বতন্ত্ৰ আৰু প্ৰয়োজন সাপেক্ষে অভিযোজনশীল একোটা সীমিত পৰিৱেশক বুজায়। এই সীমিত পৰিৱেশতে ইয়াৰ বিভিন্ন জৈৱ আৰু অজৈৱ উপাদানসমূহ এনেভাৱে সম্পৰ্কিত হয় যে সিহঁতৰ মাজেদি পুষ্টিৰ চক্ৰ আৱৰ্তিত হয় যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ বিভিন্ন পুষ্টি স্তৰৰ মাজেৰে শক্তিৰ প্ৰৱহন সম্ভৱ হয়। প্ৰতি স্তৰতে শক্তি প্ৰৱহনৰ সময়ত শক্তিৰ পৰিমাণ হ্ৰাস পায়। ‘ইক’চিষ্টেম’ শব্দটো ব্যৱহাৰ কৰিছিল টেণ্সলেএ।

পৰিৱেশ তন্ত্ৰৰ উপাদানঃ এইবোৰ দুটা থুপত বিভক্ত হয়-

(ক) জৈৱ বা জীৱিত উপাদান।

(খ) অজৈৱ বা মৃত উপাদান।

(ক) জৈৱ বা জীৱিত উপাদানঃ- এইবোৰৰ প্ৰকাৰ তলত উল্লেখ কৰা হ’ল-

(১) উৎপাদকঃ ইহঁত স্বপোষী। সৌৰশক্তি ব্যৱহাৰ কৰি সিহঁতে সিহঁতৰ নিজৰ খাদ্য সংশ্লেষণ কৰে। সিহঁতে বিকিৰিত শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে, যাৰ ওপৰত খাদ্যৰ বাবে এটা পৰিৱেশ তন্ত্ৰৰ সকলো জৈৱ সম্প্ৰদায় প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল হয়।

(২) উপভোক্তাঃ যি জৈৱ উপাদানে স্বপোষীক খাদ্য হিচাবে খায় তাকে উপভোক্তা বোলে। উপভোক্তা তিনি প্ৰকাৰৰ হয়-

  • প্ৰাথমিক উপভোক্তাঃ এইবোৰ তৃণভোজী আৰু সিহঁতে প্ৰত্যক্ষভাৱে স্বপোষীৰ পৰা খাদ্য গ্ৰহণ কৰে। উদাহৰণ- শহাপহু, পতঙ্গ, ফৰিং।
  • গৌণ উপভোক্তাঃ সিহঁতে প্ৰাথমিক উপভোক্তাক ভক্ষণ কৰে। সিহঁতবোৰ মাংভোজী প্ৰাণী। উদাহৰণ- বনৰীয়া কুকুৰ, পানীভেকুলী, সাপ ইত্যাদি।
  • সৰ্বোচ্চ উপভোক্তাঃ এইবোৰ আটাইতকৈ ডাঙৰ মাংসভোজী প্ৰাণী। সিহঁতে গৌণ উপভোক্তাবোৰক ভক্ষণ কৰে। উদাহৰণ- সিংহ, বাঘ ইত্যাদি।

(৩) বিয়োজকঃ এইবোৰ পৰিৱেশ তন্ত্ৰৰ সদস্য। সিহঁতে খাদ্যৰ বাবে মৃত জৈৱ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। ইহঁত অণুজীৱ আৰু সিহঁতে মৃত উদ্ভিদ বা প্ৰাণীসমূহৰ জৈৱ পদাৰ্থক অজৈৱ পদাৰ্থলৈ ৰূপান্তৰিত কৰে। উদাহৰণ- বেক্টেৰিয়া, ভেঁকুৰ আদি।

অজৈৱ উপাদান

বায়ু, পানী, উষ্ণতা, পোহৰ ইত্যাদিবোৰেই হ’ল অজৈৱ উপাদান।

খাদ্য শৃংখল

সকলো জৈৱিক সম্প্ৰদায়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে একেভাৱে বসতি কৰে আৰু খাদ্যৰ বাবে সম্প্ৰদায়টোৰ জৈৱ উপাদানসমূহৰ পৰস্পৰৰ মাজত সংযোগ স্থাপন হয়। পৰিৱেশ তন্ত্ৰৰ খাদ্য প্ৰথমতে সংশ্লেষিত হয় সেউজীয়া উদ্ভিদৰ দ্বাৰা। খাদ্য শক্তি বিভিন্ন ক্ৰমত সকলো উপভোক্তালৈ প্ৰৱহণ হয় যেতিয়ালৈকে এই শক্তি সম্পূৰ্ণৰূপে শেষ নহয়। অৱশেষত পচনকাৰীয়ে উত্পাদক আৰু উপভোক্তাৰ দেহৰ বিয়োজন কৰি শক্তি আহৰণ কৰাৰ উপৰি দেহকোষত জমা হৈ থকা জৈৱিক উপাদানসমূহক খনিজীভৱন কৰি পৰিৱেশত মুক্ত কৰি দিয়ে। এনেকৈয়ে খাদ্য উৎপাদকৰ পৰা ক্ৰমে স্তৰে স্তৰে গৈ বিয়োজকে ভোগ কৰিবলৈ পায়। খাদ্যৰ এই গতি বা প্ৰৱাহক খাদ্য শৃংখল বোলে। খাদ্য শৃংখলৰ খাদ্য স্তৰক পৰিপুষ্টি স্তৰ বুলি জনা যায়।

খাদ্য শক্তিৰ প্ৰৱহণ তলত দেখুওৱা হ’ল

খাদ্য শৃংখলৰ উদাহৰণ-

ঘাঁহ  → পতঙ্গ   → জেঠী     → চৰাই

ঘাঁহ  → ফৰিং   → পানীভেকুলী → সাপ

ঘাঁহ  → শহাপহু  → ৰাংকুকুৰ  → বাঘ

খাদ্যৰ জাল

পৰিৱেশ তন্ত্ৰৰ খাদ্য শৃংখল একমুখী নহয়। সিহঁতৰ এটাই আনটোৰ সৈতে সংযোগ হৈ থাকে। পৰিৱেশ তন্ত্ৰত জড়িত একাধিক জটিল খাদ্য শৃংখলে খাদ্যৰ জাল তৈয়াৰ কৰে।

জীৱমণ্ডলত

ভূগৰ্ভৰ সাত কিলোমিটাৰ তলৰ পৰা পৃথিৱীৰ ওপৰভাগৰ ছয় কিলোমিটাৰ ওপৰলৈ জীৱমণ্ডল বিস্তৃত। অৱশ্যে, ইয়াৰ এনেদৰে স্পষ্ট সীমাৰেখা নিৰ্ধাৰণ কৰিব নোৱাৰি। কিয়নো, ভৌতিক পৰিৱেশ আৰু আন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বায়’স্ফিয়াৰৰ প্ৰসাৰতা কম-বেছি হ’ব পাৰে।

জীৱমণ্ডলত থকা জীৱবোৰক দুটা ভাগত ভগোৱা হৈছে- উদ্ভিদ আৰু প্ৰাণী। উদ্ভিদবোৰ সাধাৰণতে স্থলভাগত ওপজে। পিছে, কিছুমান উদ্ভিদ পানীতো ওপজে। একেদৰে প্ৰাণীবোৰৰ সৰহভাগে স্থলভাগত বাস কৰে। পানীতো কিছুমান প্ৰাণী বাস কৰে। কিছুমান জীৱই প্ৰতিকূল পৰিৱেশৰ লগত প্ৰতিযোজন ঘটাই জীয়াই থাকে। মৰুভূমিত আৰু অতি শীতল তুন্দ্ৰা অঞ্চলত থকা জীৱে প্ৰকৃতিৰ লগত প্ৰতিযোজন ঘটাই বৰ্তি থাকে। জীৱমণ্ডলত প্ৰতিটো প্ৰজাতিৰ জীৱ আন আন প্ৰজাতিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা নিৰ্ভৰ কৰে পৃথিৱীত থকা জীৱৰ ওপৰত। সেউজীয়া উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি নিশাহত অক্সিজেন এৰি দিয়ে। আনহাতে প্ৰাণীবোৰে উশাহত অক্সিজেন গ্ৰহণ কৰি নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। এনেদৰে জীৱমণ্ডলত থকা জীৱজগতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ আদান-প্ৰদান চলাই থাকে। তদুপৰি সকলো জীৱ প্ৰাণহীন পদাৰ্থ বায়ু, পানী আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰাণহীন অজৈৱ পদাৰ্থবোৰে জীৱৰ গঠন আৰু জীৱন ধাৰণত সহায় কৰে। শক্তি প্ৰবাহৰ জৰিয়তে অজৈৱ পৰিৱেশে জীৱৰ লগত সম্পৰ্ক স্থাপন কৰে। কোনো অঞ্চলৰ জলবায়ু নিৰ্ভৰ কৰে সেই অঞ্চলৰ বায়ু আৰু মেঘৰ চলাচলৰ ওপৰত। পানীৰ পৰাই মেঘৰ সৃষ্টি হয়। জীৱমণ্ডলক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। প্ৰতিটো ভাগকে ‘জৈৱ-ভৌগোলিক অঞ্চল’ বোলা হয়। প্ৰতিটো জৈৱ-ভৌগোলিক অঞ্চলত নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ উদ্ভিদ আৰু প্ৰাণী বাস কৰা দেখা যায়। অৰ্থাত্ বেলেগ বেলেগ জৈৱ-ভৌগোলিক অঞ্চলত বাস কৰা জীৱ-জন্তুবোৰৰ বৈশিষ্ট্য ভিন ভিন। প্ৰতিটো অঞ্চলতে জন্তুবোৰে চলাচল কৰিব পাৰে যদিও কিছুমান প্ৰাকৃতিক বাধাৰ বাবে সিহঁতে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাব নোৱাৰে।

দুটা বা ততোধিক অঞ্চলৰ জলবায়ু, উষ্ণতা আৰু মাটিৰ প্ৰকৃতি একে হ’ব পাৰে আৰু সেয়ে হ’লে সেই অঞ্চলবোৰৰ বাসিন্দাবোৰৰ প্ৰকৃতিৰ লগত প্ৰতিযোজন কৰাৰ ক্ষেত্ৰত যথেষ্ট মিল দেখা যাব। এইক্ষেত্ৰত আমি মৰুভূমিৰ কথাকে ক’ব পাৰো। পৃথিৱীৰ সকলো অঞ্চলতে থকা মৰুভূমিৰ বৈশিষ্ট্য একে। ইয়াত বৰষুণ অতি কম হয়। মাটি বালিয়া। ইয়াত খেতি-বাতি নহয়। দিনৰ ভাগত ইয়াৰ উষ্ণতা অত্যন্ত বেছি, প্ৰায় ৫০ ছেলছিয়াছ। আনহাতে ৰাতি সেই অনুপাতে ঠাণ্ডা। সেয়েহে মৰুভূমিত গঁজা উদ্ভিদে কিছুমান বৈশিষ্ট্য বহন কৰে। অৰ্থাত্ উদ্ভিদৰ প্ৰকৃতিৰ লগত প্ৰতিযোজন ঘটে। গছ-গছনিৰ পাতৰ ৰূপান্তৰ ঘটাৰ ফলত পাতবোৰ কাঁইটযুক্ত হয় আৰু শিপাবোৰ দীঘল হয়। আনহাতে কাণ্ডই পানী ধৰি ৰাখিব পৰা ব্যৱস্থা ৰাখে। যিকোনো মৰুভূমিৰ ক্ষেত্ৰত এই কথা খাটে। প্ৰাণীবোৰেও প্ৰকৃতিৰ লগত প্ৰতিযোজন ঘটাই জীয়াই থাকে। উদাহৰণস্বৰূপে, আমি তুন্দ্ৰা অঞ্চলৰ কথাকে ক’ব পাৰো। এই অঞ্চলত ঠাণ্ডা বেছি। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবৰ বাবে প্ৰাণীবোৰৰ গাত দীঘল নোম থাকে। অৰ্থাৎ জীৱিত প্ৰাণীয়ে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকিব বিচাৰে।

বিভিন্ন দেশ-মহাদেশ জুৰি থকা সম প্ৰকৃতিৰ অঞ্চলক ‘বায়’ম’ বুলি কোৱা হয়। প্ৰতিটো ‘বায়’ম’ বিশেষ ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি। আৰ্কটিক (উত্তৰ মেৰু অঞ্চল) আৰু এণ্টাৰ্কটিকাৰ তুন্দ্ৰা অঞ্চল, ঘাঁহনি, মৰুভূমি, অলুণীয়া জলভাগ (নৈ, বিল, খাল, হ্ৰদ আদি), লুণীয়া জলভাগ (সমুদ্ৰ), সৰল জাতীয় গছৰ অৰণ্য আদি প্ৰত্যেকে একো একোটা ‘বায়’ম’। তুন্দ্ৰা অঞ্চলত অতিপাত ঠাণ্ডা সহ্য কৰিব পৰা গছ-গছনি আৰু প্ৰাণীহে দেখা পোৱা যায়। আনহাতে মৰুভূমিত প্ৰখৰ তাপ আৰু বৃষ্টিহীন অৱস্থা যিবোৰ প্ৰাণী আৰু উদ্ভিদে সহ্য কৰিব পাৰে, তেনেবোৰকহে দেখা পোৱা যায়। একেদৰে সাগৰৰ লুণীয়া পানীত জীয়াই থাকিব পৰাকৈ সাগৰীয় প্ৰাণীবোৰে কিছুমান বৈশিষ্ট্য বহন কৰে। অৰ্থাত্ জীৱিত প্ৰাণীবোৰে পৰিৱেশৰ লগত প্ৰতিযোজন ঘটাই বৰ্তি থাকে।

প্ৰাণীজগত

আজিৰ পৰা ৭০০ নিযুত বছৰ পূৰ্বে পানীত প্ৰাণীৰ সৃষ্টি হয়। এককোষী জীৱবোৰেই হ’ল পৃথিৱীৰ প্ৰথম প্ৰাণী। ‘এমিবা’ হ’ল অতি সৰল এককোষী প্ৰাণী। ইয়াকে মৰণহীন প্ৰাণী বুলি কোৱা হয়। প্ৰাণীবোৰৰ জীৱনকাল কেইঘণ্টামানৰ পৰা কেইবাশ বছৰো হ’ব পাৰে। ইহঁতৰ কিছুমান অটল মহা- সমুদ্ৰৰ জলধাৰাত, কিছুমানে মৰুভূমিত, কিছুমানে মেৰু অঞ্চলৰ বৰফৰ মাজত বাস কৰে। প্ৰাণ শব্দৰ পৰাই প্ৰাণীৰ উদ্ভৱ হৈছে। পৃথিৱীত থকা বিভিন্ন প্ৰাণীগোষ্ঠীৰ সমষ্টিকে প্ৰাণীজগত বুলি কোৱা হয়। পৃথিৱাৰ জল, স্থল, বায়ুমণ্ডল সকলোতে প্ৰাণীবোৰ বিৰাজমান। এতিয়াও নতুন নতুন প্ৰাণীৰ আৱিষ্কাৰ হৈয়ে আছে। এককোষী প্ৰাণীসমূহৰ বাদে সকলো প্ৰাণীয়ে প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত। এতিয়ালৈকে পৃথিৱীত প্ৰায় ১২ লাখ প্ৰাণী প্ৰজাতি আছে।

প্ৰাণীৰ বৈশিষ্ট্য

  • বহুকোষী কলাৰ দ্বাৰা গঠিত অংগতন্ত্ৰৰ জৰিয়তে বিভিন্ন কাম কৰে।
  • কোষবোৰ কোষকেন্দ্ৰযুক্ত, কোষবেৰ নাথাকে, কোষৰ বাহিৰৰ আৱৰণক কোষাৱৰণ বোলে।
  • ইহঁতে সদায় খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হয়।
  • প্ৰায়বোৰ প্ৰাণীয়েই চলাচল কৰিব পাৰে।
  • যৌন প্ৰথাৰে বংশ বিস্তাৰ কৰে।
  • প্ৰত্যেক প্ৰাণীয়ে মৰণশীল।
  • শ্বসন প্ৰক্ৰিয়াত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন-ডাই-অক্সাইড বৰ্জন কৰে।
  • অক্সিজেন পৰিবহণৰ বাবে দেহত তেজ বা দেহতৰল থাকে।
  • সাময়িক বৃদ্ধি আৰু বিকাশ সম্পন্ন।
  • প্ৰাণীকোষত হৰিত্কণা নাথাকে।

প্ৰাণীজগতৰ শ্ৰেণী বিভাজন

চৰিত্ৰসমূহৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক বিভিন্ন প্ৰজাতিত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাণীৰ এই প্ৰজাতিসমূহৰ আকাৰ, আকৃতি আদি বিভিন্ন লক্ষণসমূহ বৈচিত্ৰপূৰ্ণ। অধ্যয়নৰ সুবিধাৰ বাবে প্ৰাণী ৰাজ্যক শ্ৰেণী বিভাজনৰ নিয়ম অনুযায়ী কেইবাটাও ভাগত বিভাজন কৰা হৈছে। ইয়াৰ প্ৰধান ভাগ দুটা হ’ল- মেৰুদণ্ডী আৰু অমেৰুদণ্ডী প্ৰাণী।

উদ্ভিদ জগত

বৰ্তমানলৈ পোৱা উদ্ভিদসমূহৰ ভিতৰত ৩,৩৫,০০০ বিধ প্ৰজাতি চিনাক্তকৰণ কৰি নামকৰণ কৰা হৈছে। সকলো উদ্ভিদকে উদ্ভিদ ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছে। ইহঁত বহুকোষী। পৃথিৱাৰ প্ৰায় সকলোতে উদ্ভিদ পোৱা যায়। শেলাইৰ পৰা বৃক্ষলৈ বিভিন্ন উদ্ভিদৰ শাৰীৰিক আৰু বাহ্যিক গঠন ভিন্ন হ’লেও সিহঁতৰ কিছুমান চৰিত্ৰ একে।

উদ্ভিদৰ বৈশিষ্ট্য

  • উচ্চতা, কাণ্ড আৰু ডালসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক সাধাৰণতে তৃণ, গুল্ম, বৃক্ষ আৰু লতা জাতীয় উদ্ভিদত ভাগ কৰা হৈছে।
  • কাণ্ডই পাত, ফুল আৰু ফল ধাৰণ কৰে।
  • এখিলা পাতৰ সাধাৰণতে ঠাৰি আৰু ফলক থাকে।
  • পাতত সিৰাৰ সাজোনকে সিৰাবিন্যাস বোলা হয়। ই জাল বা সমান্তৰাল সিৰাবিন্যাস হ’ব পাৰে।
  • পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে পানী, বাষ্প আকাৰত উলিয়াই দিয়ে।
  • সেউজীয়া পাতে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন-ডাই-অক্সাইড আৰু পানী ব্যৱহাৰ কৰি সালোক-সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে।
  • শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে।
  • শিপা প্ৰধানত দুই প্ৰকাৰৰ- মুখ্যমূল আৰু গুচ্ছমূল।
  • যিবোৰ উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত সেইবোৰত মুখ্য মূল আৰু যিবোৰ পাতৰ সমান্তৰাল সিৰাবিন্যাস সেইবোৰ উদ্ভিদৰ শিপা গুচ্ছ মূল।
  • কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিবহন কৰে (অন্যান্য অংশলৈ) আৰু পাতৰ পৰা খাদ্য উদ্ভিদজোপাৰ আন অংগবোৰলৈ যায়।
  • এপাহ ফুলৰ অংশবোৰ হৈছে- বেটুপাত, পাহি (বা দল) পুংকেশৰ আৰু গৰ্ভকেশৰ।

কাণ্ড

কাণ্ড হ’ল বিটপ তন্ত্ৰৰ এটা মুখ্য অংশ। শাখা-প্ৰশাখা, পাত, ফুল আৰু ফলৰ সৈতে একেলগে বিটপ তন্ত্ৰ গঠিত হয়। এইটো হ’ল ভ্ৰূণৰ জন্ম কাণ্ডৰ পৰা ওপৰলৈ বৃদ্ধি হোৱা বায়ৱীয় অংশ। ই গাঁঠি, পাত আৰু শাখাসমূহেৰে গঠিত।

কাণ্ডৰ বৈশিষ্ট্যসমূহ

(১) কাণ্ড হ’ল জন্মকাণ্ডৰ পৰা ওলোৱা ঊৰ্দ্ধকামী অংশ।

(২) ইহঁত অভিগভূ কেন্দ্ৰাৱতী হয়।

(৩) ইয়াৰ শীৰ্ষ মুকুল আছে যাৰ কাৰণে কাণ্ডডাল দীঘল হৈ গৈ থাকে।

(৪) কাণ্ডক গাঁঠি আৰু পাবত বিভক্ত কৰিব পাৰি।

(৫) পৈণত অৱস্থাত কুমলীয়া কাণ্ড সেউজীয়া হয় আৰু সেয়েহে উদ্ভিদে ইয়াৰ সহায়ত সালোক-সংশ্লেষণ ঘটাব পাৰে।

(৬) কাণ্ডৰ গাঁঠিত পাত থাকে।

(৭) কাণ্ড শাখাযুক্ত বা শাখাবিহীন হ’ব পাৰে।

(৮) কাণ্ডত থকা ৰোমবিলাক বহুকোষী হয়।

(৯) এডাল পৈণত কাণ্ড বা ইহঁতৰ শাখাই প্ৰজনন ফুল বহন কৰে।

কাণ্ডৰ কাৰ্য

(১) কাণ্ডই পাত, ফুল আৰু ফল বহন কৰে।

(২) পানী আৰু খনিজ দ্ৰব্যক উদ্ভিদৰ বিভিন্ন অংশলৈ বহন কৰাত সহায় কৰে আৰু জৈৱ খাদ্যক পাতৰ পৰা নিম্ন অংশলৈ পৰিবহণ কৰাত সহায় কৰে।

(৩) সাগৰফেনা, শতমূল ইত্যাদিৰ বায়বীয় ৰূপান্তৰিত কাণ্ডই সালোক সংশ্লেষণৰ দ্বাৰা শ্বেতসাৰ সংশ্লেষিত কৰে।

(৪) দূৰন্তত থকা শাখাকন্তক বা পত্ৰকণ্টকে সুৰক্ষাৰ বাবে ৰক্ষণাত্মক অংগ হিচাপে কাৰ্য কৰে।

(৫) ৰূপান্তৰিত কাণ্ডই খাদ্য সঞ্চয় কৰে। যেনে- আলু, আদা ইত্যাদি।

(৬) ৰাইয’মৰ নিচিনা কিছুমান ৰূপান্তৰিত কাণ্ডৰ অৰ্থ হ’ল প্ৰতিকূলজীৱিতা।

কাণ্ডৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কৰা উদ্ভিদৰ শ্ৰেণী বিভাজন

(১) শাক-বনঃ এই প্ৰকাৰ উদ্ভিদৰ কাণ্ড সৰু আকৃতিৰ আৰু মিহি। শাক বনক তলত দিয়া প্ৰকাৰত শ্ৰেণী বিভাজন কৰিব পাৰি।

(ক)বৰ্ষজীৱীঃ ইহঁতৰ জীৱনকাল মাত্ৰ এক বছৰ। উদাহৰণ- ধান গছ, কুঁহিয়াৰ ইত্যাদি।

(খ) দ্বি-বৰ্ষীজীৱীঃ মাত্ৰ দুবছৰৰ বাবে জীয়াই থাকে। উদাহৰণ- গাজৰ, ফুলকবি ইত্যাদি।

(গ) বহু বৰ্ষীজীৱীঃ বহু বছৰৰ বাবে জীয়াই থাকিব পাৰে। উদাহৰণ- আমগছ, কঁঠাল গছ, পাৰিজাত ইত্যাদি।

(২) গুল্ম বা জোপোহাঃ এইবিধ উদ্ভিদৰ কাণ্ড টান, কাঠযুক্ত হয় আৰু শাখাযুক্ত কাণ্ড থাকে। উদাহৰণ- ৰঙা জৱা।

(৩) বৃক্ষঃ টান, কাঠযুক্ত ওখ উদ্ভিদ আৰু শাখাযুক্ত কাণ্ড থাকে। সেইবোৰ বহু বৰ্ষজীৱী হয়। উদাহৰণ- আম, আহত ইত্যাদি।

কাণ্ডৰ অংশসমূহঃ কাণ্ড তলত দিয়া অংশবোৰেৰে গঠিত-

(ক) গাঠি,  (খ) পাব,  (গ) পাত,  (ঘ) কক্ষ, (ঙ) মুকুল।

মুকুল

ই কাণ্ডৰ অবিকশিত সংকুচিত বিটপ অংশ। কাণ্ডৰ অগ্ৰভাগত আৰু পাতৰ কক্ষত মুকুল উত্পন্ন হয়। প্ৰথমবিধ মুকুল অগ্ৰমুকুল আৰু দ্বিতীয়বিধ মুকুলক কক্ষমুকুল বোলে। অগ্ৰমুকুলৰ বৃদ্ধিৰ ফলত কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হয় আৰু কক্ষমুকুলৰ বিকাশৰ ফলত শাখা আৰু ফুলৰ সৃষ্টি হয়।

মুকুল ৰূপান্তৰ

(১) শাখা কণ্টকঃ আত্মৰক্ষাৰ বাবে যেতিয়া কক্ষমুকুল টান জোঙা গঠন এটালৈ ৰূপান্তৰিত হয় তাক শাখা কণ্টক বোলে। উদাহৰণ- কাটাগছ, পণিয়ল, ডালিম ইত্যাদি।

(২) প্ৰজনন কণ্ডিকাঃ এইবোৰ খাদ্য সঞ্চয়ৰ কাৰণে হোৱা কক্ষ মুকুলৰ ৰূপান্তৰ। সিহঁতে অংগজ প্ৰজননতো সহায় কৰে। উদাহৰণস্বৰূপে- কাঠ আলুৰ কক্ষ মুকুল।

(৩) আকৰ্ষঃ আহোৰণৰ কাৰণে আঙুৰ, জুনুকালতা আদি উদ্ভিদৰ কক্ষ মুকুল আকৰ্ষলৈ ৰূপান্তৰিত হয়।

কাণ্ডৰ প্ৰকাৰ আৰু সিহঁতৰ ৰূপান্তৰসমূহ

অৱস্থান অনুসৰি এইবোৰক প্ৰধানকৈ তিনিটা প্ৰকাৰত শ্ৰেণী বিভাগ কৰিব পাৰি-

(ক) মৃদগত কাণ্ড,

(খ) অৰ্ধবায়ৱ কাণ্ড,

(গ) বায়বীয় কাণ্ড।

(ক) মৃদগত কাণ্ড: এইবিধ কাণ্ড মাটিৰ তলতে পোত খাই থাকে। ইহঁতৰ ৰূপান্তৰণৰ প্ৰধান অৰ্থ হ’ল প্ৰতিকূলজীৱিতা। সক্ৰিয় সময়খিনিত ইহঁতে খাদ্য সঞ্চয় কৰে আৰু বায়বীয় অংশসমূহ মৰি যোৱাৰ পাছত এইবোৰে মাটিৰ তলত সুপ্ত অৱস্থাত থাকে।

মৃদগত কাণ্ডৰ বৈশিষ্ট্যসমূহ

  • গাঁঠি আৰু পাব থাকে।
  • শল্ক পত্ৰ থাকে আৰু শল্ক পত্ৰত কক্ষমুকুল থাকে।
  • অগ্ৰমুকুল থাকে।
  • আভ্যন্তৰিক গঠন সাধাৰণ কাণ্ডৰ গঠনৰ লগত একে।

মৃদগত কাণ্ডৰ কাম

  • খাদ্য সঞ্চয়ন।
  • অংগজ বিস্তাৰণ।
  • প্ৰতিকূলজীৱিতা।

মৃদগত কাণ্ডৰ ৰূপান্তৰ

(১) ৰাইযমঃ এইবোৰ খাদ্য সঞ্চয়ৰ বাবে ৰূপান্তৰিত হয়। ইহঁতৰ গাঁঠিৰ পৰা অস্থানিক মূল ওলায়। সিহঁতৰ শল্ক পত্ৰ, মুকুল, গাঁঠি আৰু পাব থাকে। যেনে- আদা, হালধি ইত্যাদি।

(২) স্থূল কাণ্ডঃ এইবোৰ খাদ্য সঞ্চয়ৰ বাবে হোৱা শাখাবিহীন ৰূপান্তৰিত মৃদগত কাণ্ড। ইহঁতৰ মাটিৰ তললৈ উপলম্বভাৱে বৃদ্ধি হয়। গা অংশৰ পৰা অস্থানিক মূলৰ বিকাশ হয়। যেনে- ওল।

(৩) স্ফীত কন্দঃ এইবিধ মৃদগত কাণ্ডৰ পৰা শাখাৰ উৎপত্তি হয় আৰু মাটিৰ তলতে ঠাল-ঠেঙুলি মেলে। এই ঠাল-ঠেঙুলিবোৰৰ মাটিৰ তলতে বৃদ্ধি হ’বলৈ ধৰে। খাদ্য সঞ্চয়ৰ কাৰণে মূৰটো মাটিৰ তলতে ওফন্দি পৰে। যেনে- আলু।

(৪) কন্দঃ সংকুচিত পাবৰ সৈতে ইহঁত দেখাত থালৰ আকৃতিৰ আৰু একেবাৰে তলৰ পৰা শিপাৰ সৃষ্টি হয়। ইয়াৰ ওপৰা-উপৰিকৈ থকা বহুতো মঙহাল শল্ক পত্ৰ থাকে। যেনে- পিঁয়াজ, নহৰু ইত্যাদি।

(খ) অৰ্ধবায়ব কাণ্ড আৰু সিহঁতৰ ৰূপান্তৰসমূহ

এইবোৰ আংশিকভাৱে মৃদগত আৰু আংশিকভাৱে বায়বীয়। ইহঁতৰ প্ৰধান কাৰ্য হ’ল প্ৰতিকূল জীৱিতা আৰু অংগজ প্ৰজনন।

প্ৰকাৰ

(১) ধাৱকঃ দুৰ্বল কাণ্ড আৰু মাটিৰ ওপৰত বগায়। গাঁঠিৰ পৰা মূলৰ সৃষ্টি হয়। গাঁঠিৰ পৰাই পাৰ্শ্বীয় শাখাৰ বিকাশ হয় আৰু এডাল নতুন উদ্ভিদৰ সৃষ্টি হয়। উদাহৰণ- টেঙেচি টেঙা।

(২) ঊৰ্দ্ধধাৱকঃ এই ৰূপান্তৰণৰ প্ৰধান অৰ্থ হ’ল অংগজ প্ৰজনন। প্ৰধান কাণ্ডৰ মৃদগত অংশৰ পৰা এডাল বিশেষ শাখাৰ উৎপত্তি হয়, তাকে ঊৰ্দ্ধধাৱক বোলে। পাতযুক্ত বিটপৰ সৈতে ইহঁতৰ মাটিৰ ওপৰলৈ তিৰ্যকভাৱে বৃদ্ধি হয়। যেনে- কল, আনাৰস ইত্যাদি।

(৩) অধোধাৱকঃ ইহঁতৰ অনুভূমিকভাৱে বৃদ্ধি হয়। অধোধাৱকৰ প্ৰত্যেক গাঁঠিৰ পৰা এটা মুকুলৰ উৎপত্তি হয় যিয়ে পিছত এডাল স্বতন্ত্ৰ উদ্ভিদ হিচাপে বৃদ্ধি পায়। এনেকুৱা ধৰণৰ মৃদগত গঠনকে অধোধাৱক বোলে। যেনে- কচু।

(৪) খৰ্বধাৱকঃ এইবিধ ৰূপান্তৰিত কাণ্ড সাধাৰণতে জলজ উদ্ভিদতহে পোৱা যায়। গা-গছৰ গুৰিৰ পাতৰ কক্ষৰ পৰা ওলোৱা এইবোৰ চুটি আৰু শকত অনুভূমিক কাণ্ড। অতি কম দূৰত্বত ইহঁতৰ আগটোৱে পানীৰ উপৰিভাগত পাতৰ এটা থোপা বহন কৰে আৰু পানীৰ তলত গুচ্ছ শিপাৰ এটা থোপা থাকে। যেনে- পানীমেটেকা।

(গ) বায়বীয় কাণ্ড আৰু সিহঁতৰ ৰূপান্তৰসমূহ

(১) শাখাকণ্টক আৰু পত্ৰকণ্টকঃ শাখাকণ্টক হ’ল কক্ষ মুকুলৰ পৰা ওলোৱা টান জোঙা গঠন। সিহঁতৰ সংবহন তন্ত্ৰৰ সৈতে সংযোজন নাথাকে। পত্ৰকণ্টক হ’ল অধিস্তৰৰ সৰল বহিৰ্বৃদ্ধি। ইহঁতৰ প্ৰধান উদ্দেশ্য হ’ল ৰক্ষণাত্মক। যেনে- নেমুটেঙাৰ গছ।

(২) কাণ্ডাকষঃ এইবোৰ অতি লেহুকা, মিহি, দীঘল, তাঁৰৰ নিচিনা আৰোহী গঠনৰ। মুকুলৰ পৰা ইয়াৰ বিকাশ হয়। ইহঁতৰ মুখ্য কাৰ্য হৈছে উদ্ভিদৰ আৰোহণত সহায় কৰা। যেনে- আঙুৰ।

(৩) ফলক কাণ্ডঃ গাঁঠি আৰু পাবৰ সৈতে থকা এইবিধ সেউজীয়া, চেপেটা ৰূপান্তৰিত কাণ্ড। প্ৰস্বেদনক বাধা দিবলৈ পাতসমূহ পত্ৰকণ্টকলৈ ৰূপান্তৰিত হয়। এই প্ৰকাৰৰ ৰূপান্তৰিত কাণ্ড মৰুজ উদ্ভিদত পোৱা যায়। ইহঁতৰ মুখ্য কাৰ্য হৈছে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুতকৰণ আৰু সঞ্চায়ন। যেনে- সাগৰফেনা।

(৪) ক্লেড’ডঃ মাত্ৰ এটা পাব থকা এইবিধ এবিধ ফলক কাণ্ড। ইহঁতৰ বিকাশ হয় সেউজীয়া বা শল্ক পত্ৰৰ কক্ষৰ পৰা। উদাহৰণ- শতমূল।

(৫) প্ৰজনন কণ্ডিকাঃ অংগজ প্ৰজননৰ বাবে হোৱা এইবিধ এবিধ পুষ্প মুকুল বা অংগজ মুকুলৰ পৰা হোৱা ৰূপান্তৰ। যেনে- কাঠ আলুৰ প্ৰজনন কণ্ডিকা।

মূল

মূলৰ বৈশিষ্ট্য

(১) উদ্ভিদৰ অৱৰোহী অংগ যি অভিগ ভূকেন্দ্ৰাৱৰ্তী হয়।

(২) ই পত্ৰহৰিত্ নথকা এটা সেউজীয়া অংশ।

(৩) কিছুমান ব্যতিক্ৰমৰ বাহিৰে মূলত মুকুল, ফুল, ফল, বীজ, গাঁঠি আৰু পাব নাথাকে।

(৪) মূল বিলাক অভিগ ভূকেন্দ্ৰাৱতী আৰু প্ৰতিকূল আলোকানুৱৰ্তীত হয়।

(৫) মূলৰ পৰা এককোষীয় ৰোমৰ বিকাশ হয়।

(৬) মূলৰ অগ্ৰভাগত মূলত্ৰ আৰু মূলাধাৰ থাকে।

(৭) মূলে উদ্ভিদক মাটিত খামোচমাৰি থকাত সহায় কৰে।

(৮) পানী আৰু খনিজ পদাৰ্থৰ অৱশোষণত ই প্ৰধান ভূমিকা লয়।

মূলৰ কাম

(১) স্বাভাৱিক বা সাধাৰণ কামঃ যান্ত্ৰিক আৰু শৰীৰ বৃত্তীয় উদ্দেশ্যৰ কাৰণে মূলে দুটা স্বাভাৱিক কাৰ্য সম্পন্ন কৰে-

(ক) যান্ত্ৰিক কাৰ্যঃ মাটিত দৃঢ়ভাৱে লাগি থকাত সহায় কৰে, মূলে গছডালৰ কাণ্ডৰ কোনো অসুবিধা নোহোৱাকৈ স্থিৰ কৰি ৰাখিব পাৰে।, ঊৰ্দ্ধমূখী পৰিবহণৰ কাৰণে শিপাই শোষণ কৰা পানী আৰু খনিজ পদাৰ্থ কাণ্ডলৈ যায়।

(খ) শৰীৰ বৃত্তীয় কাৰ্যঃ শিপাই তলত উল্লেখ কৰা শৰীৰ বৃত্তীয় কাৰ্য কৰে। যেনে-

(১) অৱশোষণ,

(২) পৰিবহণ।

বিশেষ কাম

  • খাদ্য সঞ্চয়ন। উদাহৰণ- মূলা, গাজৰ ইত্যাদি।
  • শ্বাস-প্ৰশ্বাস। উদাহৰণ- ৰাইয’ফ’ৰা।
  • যান্ত্ৰিক ধাৰক। উদাহৰণ- বড়, আঁহত।
  • আৰোহণ। উদাহৰণ- পাণ, জালুক ইত্যাদি।
  • স্বাংগীকাৰ। উদাহৰণ- অমৰলতা, শিঙৰি ইত্যাদি।
  • শোষণ। উদাহৰণ- আকাশীলতা।

মূলৰ প্ৰকাৰ

উৎপত্তিৰ ওপৰত ভিত্তি কৰি মূল দুই প্ৰকাৰৰ হ’ব পাৰে-

(ক) প্ৰকৃত বা স্থানিক মূল।

(খ) অস্থানিক মূল।

(ক) স্থানিক মূলঃ ভ্ৰূণমূলৰ পৰা ইয়াৰ বিকাশ হয়। যেতিয়া বৰ্ধিত ভ্ৰূণমূল বাঢ়ি পোনে পোনে মাটিৰ তললৈ সোমাই যায়, তাক প্ৰাথমিক মূল বোলে। দ্বিবীজ পত্ৰী উদ্ভিদৰ এই মূলে পাৰ্শ্বীয় শাখাৰ উৎপত্তি কৰে মুখ্যমূল তন্ত্ৰ গঠন কৰিবলৈ।

(খ) অস্থানিক মূলঃ ভ্ৰূণমূলৰ বাহিৰে অন্য অংশৰ পৰা ওলোৱা মূলকে অস্থানিক মূল বোলে। ই দুই প্ৰকাৰৰ হয়।

(১) গুচ্ছমূলঃ একবীজপত্ৰী উদ্ভিদত, মুখ্যমূল তন্ত্ৰৰ বৃদ্ধি নোহোৱা হৈ গছডালৰ জন্মকাণ্ডৰ পৰা শিপাৰ এটা থোপাৰ বৃদ্ধি হয়, যাক গুচ্ছমূল বোলা হয়।

(২) পত্ৰমূলঃ এই প্ৰকাৰৰ পত্ৰমূলৰ উৎপত্তি হয় পাতৰ পৰা।

স্থানিক মূলৰ ৰূপান্তৰ

খাদ্য দ্ৰব্যৰ সঞ্চয়ৰ কাৰণে স্থানিক মূলৰ ৰূপান্তৰ হয়। এইবোৰক তলত দিয়া শ্ৰেণীত বিভাজন কৰিব পাৰি-  মূলাকৃতি মূল, যেনে-

(১)মূলা,

(২) চালগোমাকৃতি মূল, যেনে- চালগোম,

(৩) শাংকৱ মূল, যেনে- গাজৰ,

(৪) কন্দাল মূল, যেনে- গধূলি গোপাল।

অস্থানিক মূলৰ ৰূপান্তৰ

(ক) খাদ্য সঞ্চয়ৰ কাৰণে

  • কন্দল মূল। যেনে- মিঠা আলু।
  • গুচ্ছিত মূল। যেনে- ডালিয়া।
  • অৰ্ব্বুদিত বা টোপামূল। যেনে- আম, আদা।
  • মালাকৃত মূল। যেনে- ম’ম’ৰডিকা (ভাতকেৰেলা)।
  • বলয়ী মূল। যেনে- ইপেকাক।

যান্ত্ৰিক কাৰ্যৰ কাৰণে

  • স্তম্ভমূল। যেনে- আঁহত গছ।
  • জঁটামূল। যেনে- মাকৈ, কুঁহিয়াৰ ইত্যাদি।
  • আৰোহী মূল। যেনে- জালুক।
  • দৃঢ়সংলগ্নী মূল। যেনে- কপৌজাতীয় উদ্ভিদ।

(গ) যান্ত্ৰিক কাৰ্যৰ কাৰণে

  • স্বাংগীকাৰ মূলঃ এইবোৰ পত্ৰহৰিত্ থাকে আৰু সেয়েহে ইহঁত সেউজীয়া হয় আৰু সিহঁতৰ দ্বাৰাই গছডালৰ বাবে খাদ্য প্ৰস্তুত কৰে। যেনে- আমেলতা।
  • পৰাশ্ৰয়ী মূলঃ বতাহত এইবোৰ মুক্তভাৱে ওলমি থাকিব পাৰে আৰু পৰাশ্ৰয়ী হিচাপে পোৱা যায়। সিহঁতে কোনো খাদ্য দ্ৰব্যৰ শোষণ কৰিব নোৱাৰে কিন্তু বায়ুৰ পৰা আৰ্দ্ৰতা শোষণ কৰিব পাৰে। যেনে- কপৌ জাতীয় উদ্ভিদ।
  • শোষক মূলঃ পৰজীৱীয় উদ্ভিদে শোষকমূলৰ উৎপত্তি কৰে, তাকে হষ্ট’ৰিয়া বোলে। এইবোৰে সিহঁতৰ পোষকৰ পৰা খাদ্য শোষণ কৰি লয়। যেনে- আকাশীলতা, ৰঘুমলা।
  • শ্বাস মূলঃ জলজ উদ্ভিদত বায়ু সঞ্চয় কৰিবলৈ ইয়াৰ উৎপত্তি হয় যিয়ে শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে। এইবোৰক নিউমেট’ফ’ৰ বা শ্বাসছিদ্ৰও বোলা হয়। উদাহৰণ- পানীখুটুৰা।
  • প্ৰজনন মূলঃ এইবোৰৰ কাম হ’ল অংগজ প্ৰজনন। যেনে- মিঠা আলু।

উৎস: টেট গাইড বুক, অসম, ২০১১।

2.86363636364
যোগানন্দ দত্ত Dec 11, 2018 05:55 PM

আৰু অধিক আশা কৰিছোঁ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top