অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘনচিৰিকা

ঘনচিৰিকা

আমাৰ চোতালত ঘনচিৰিকা চৰায়ে উমলি থকা, জপিয়াই জপিয়াই ঘূৰি ফুৰা, জাক মাৰি উৰি অহা আমি সকলোৱে দেখিছোঁ। ঘনচিৰিকা এটি সৰু চৰাই, দেখিবলৈ মুগা-বাদামী ৰঙৰ, বগা চিন থকা এইবিধ চৰাইৰ গড় আয়ুস মাত্ৰ তিনি বছৰ। ইয়াৰ ওজন গড়ে ২৪ গ্ৰাম আৰু ই ঘন্টাত প্ৰায় ৪৬ কিলোমিটাৰ গতিৰে উৰিব পাৰে। চিৰিক-চিৰিক সৰু মাতটোৰ লগে লগে ইয়াৰ চুটি নেজডাল দুলি থাকে। দুই ভৰিৰে সমানে জপিয়াই যায়। দেখিবলৈ বৰ সুন্দৰ। তুমি অপকাৰ নকৰা বুলি যদি সিহঁত নিশ্চিত হয়, তেন্তে সিহঁতে আহি হাততে খাবহি। ঘনচিৰিকাৰ বৈজ্ঞানিক নাম ‘পেছাৰ ডমেছটিকাছ’।

১৮৫০ চনৰ মাজভাগত কিছুমান ইউৰোপীয় লোকে ইউৰোপৰ স্মৃতি হিচাপে ঘনচিৰিকা চৰাই উত্তৰ আমেৰিকালৈ নিছিল। ইয়াৰ পিছত আমেৰিকাৰ খেতিয়কসকলে কীট-পতংগৰ বৃদ্ধ ৰোধ কৰাৰ বাবে ঘনচিৰিকা চৰাই আমদানি কৰিবলৈ ধৰিলে, সেই একে উদ্দেশ্যেৰেই ১৮৬০ চনৰ শেষভাগত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ঘনচিৰিকা চৰাই আহে। চৰাইবিধ দক্ষিণ আমেৰিকালৈ নিয়া হয় ১৮৭২ চনত। বুন এবিছ নামৰ ঠাইত মাত্ৰ বিশযোৰ এনে চৰাই তাত এৰি দিয়া হৈছিল। কালক্ৰমত অতি দ্ৰুতভাৱে বংশ বৃদ্ধি হৈ গোটেই দক্ষিণ আৰু মধ্য আমেৰিকাত এই চৰাইবিধ বিয়পি পৰে। ঘনচিৰিকাই গ্ৰীষ্মপ্ৰধান অঞ্চলৰ পৰা আফ্ৰিকাৰ বিভিন্ন অঞ্চলকে ধৰি সমগ্ৰ ইউৰোপ বিয়পি পৰিল আৰু দক্ষিণ-পূব এছিয়াৰে গৈ প্ৰাচ্য পালেগৈ।

এই পক্ষীবিদৰ লগত আমাৰ সমাজ জীৱনৰ বহু কথাই জড়িত হৈ আছিল। সেই সময়ৰ সাহিত্য-সংস্কৃতিত ইয়াৰ উৎকৃষ্ট নিদৰ্শন পোৱা গৈছিল। পুৰণা কিছুমান প্ৰৱচনতো ঘনচিৰিকাৰ কথা কৈছে-ৰ’দো দিছে, বৰষুণো দিছে, খঁৰা শিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া’।

জাক পাতি থাকি ভালপোৱা এইবিধ চৰাইৰ প্ৰধান খাদ্য হ’ল, ধান-মাহৰ সৰু সৰু অংশ, শস্য চপোৱাৰ পিছৰ ৰৈ যোৱা অংশ আদি। ই বাহ সাজিবলৈ চালৰ খেৰৰ কুটা, নৰাৰ অংশ আদি ব্যৱহাৰ কৰে। প্ৰায়বোৰ চৰায়ে আৰু জীৱ-জন্তুৱে প্ৰতিটো ঋতুতে নতুন লগৰীয়া বাছি লয়। ঘনচিৰিকাই গোটেই জীৱনৰ বাবে লগৰীয়া বিচাৰি লয়। ঘনচিৰিকাই সিহঁতৰ যেতিয়া এটা মৰে, আনটোৱে ঠিক মানুহৰ দৰে শোক বেজাৰ কৰে। ঘনচিৰিকাই অতি সোনকালে পোৱালি জগায়; মাইকী ঘনচিৰিকাই অতি সোনকালে পোৱালি জগায়; মাইকী ঘনচিৰিকাই বছৰেকত চাৰিবাৰ কণী দিয়ে। পিছে ঘনচিৰিকাৰ শক্ৰ বহুত, যেনে-কাউৰী, শেন, মেকুৰী, এন্দুৰ, ফেঁচা ইত্যাদি। সেয়ে যিদৰে কণী পাৰে, সিমান সংখ্যক চৰাই জীয়াই নাথাকে, বহুসংখ্যক ঘনচিৰিকাই ধুমুহা, শিল-বৰষুণ আৰু শীতপ্ৰধান দেশত তুষাৰপাতৰ চিকাৰ হ’বলগীয়া হয়। গড় হিচাপত আঠোটা পোৱালিৰ ঘনচিৰিকাৰ এটাহে জীয়াই থাকে।

কিন্তু কম সময়ৰ ভিতৰতেই এই চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে। হেৰাই যাবলৈ ধৰা কাৰণবোৰ ব্যাখ্যা কৰিলে দেখা যায়, মানুহৰ আৱাসস্থলীৰ আকৃতিৰ পৰিৱৰ্তন অৰ্থাৎ আজিকালি খেৰৰ ঘৰ নাইকিয়া হ’ল, তাৰ ঠাইত কংক্ৰিটৰ ঘৰ হ’ল। আগেয়ে এই চৰাইবোৰে মানুহৰ ঘৰৰ চালত, চুকত বাহ লৈছিল। বৰ্তমান সেউজীয়া ভূমি নাইকিয়া হৈছে। প্ৰচুৰ পৰিমাণে কৃষিক্ষেত্ৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, বতাহত প্ৰদূষণ ইত্যাদি নানা কাৰণত ঘনচিৰিকা চৰাই লাহে লাহে বিলুপ্তিৰ পথলৈ গৈছে। এই ধুনীয়া সৰু চৰাইবিধক প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ দিব নোৱাৰি, সেয়ে ইয়াৰ গুৰুত্ব বুজি বিশ্বব্যাপি ২০ মাৰ্চৰ দিনটো ‘বিশ্ব ঘনচিৰিকা দিৱস’ হিচাপে পালন কৰি অহা হৈছে।

লেখিকা: ৰুমু বেগম, দৈনিক অসম।

2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top