অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডাৱৰ-বিস্ফোৰণ

ডাৱৰ-বিস্ফোৰণ

‘ক্লাউদ বাৰ্স্ত’ বা ‘ডাৱৰ-বিস্ফোৰণ’ (cloudburst) মানে হ’ল অতিপাত মাত্ৰাত পৃথিৱীলৈ নামি অহা বৰষূণৰ ঢল। কেতিয়াবা ই শিলাবৃষ্টি আৰু গাজঁনি-ঢেৰেকণিৰ সৈতেও আহে। সাধাৰণতে কেইমিনিটমান টিকি থাকে যদিও ই ভয়ানক বানপানীৰ সৃষ্টি কৰিব পৰাৰ ক্ষমতা ৰাখে। সাধাৰণ কথাত ডাৱৰ বিস্ফোৰণ মানে হ’ল হঠাতে ভয়ঙ্কৰ ৰূপত,ক’ম সময়ৰ বাবে, অনিয়মিত ৰূপত কোনো এক বিশেষ স্থানত হোৱা প্ৰৱল বৰষূণ। বৰষূণৰ পৰিমান প্ৰতি ঘন্টাত ১০০ মিঃমিঃ বা ৩.৯৭ ইঞ্চিৰ সমান বা তাৰো ওপৰত হ’লে ডাৱৰ বিস্ফোৰণ হৈছে বুলি কোৱা হয়। ইয়াৰ বাবে পঞ্জীভূত ডাৱৰ মাটি-পৃষ্ঠৰ পৰা ১৫ কিঃমিঃ পৰ্যন্ত ওপৰলৈ ব্যাপি পৰিব পাৰে।

ডাৱৰ বিস্ফোৰণৰ সময়ত ২০ মিঃমিঃ বৰষূণ কেইমিনিটমানৰ ভিতৰতে নামি আহিব পাৰে। যাৰ ফল অতি ভয়ানক হৈ উঠে আৰু ই ভয়ঙ্কৰ বানপানীৰ সৃষ্টি কৰে।ডাৱৰ বিস্ফোৰণ মানে যে, কেৱল ডাৱৰে আহি পাহাৰৰ দৰে কঠিন বস্ত্তত খূন্দা মাৰিলেই হ’ব বুলি কোনো কথা নাই।কেতিয়াবা গৰম পানীৰ-বাষ্পই হঠাতে আহি চেচাঁ বতাহৰ সংস্পৰ্শ পালে ই ঘনীভূত হৈও এই অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

ভাৰতত সাধাৰণতে ডাৱৰ-বিস্ফোৰণ হয় যেতিয়া গৰ্ভৱতী মৌচুমী বতাহে আৰৱ আৰু বঙ্গোপসাগৰৰ পৰা সৃষ্টি হোৱা ডাৱৰবোৰ উত্তৰ দিশৰ ফালে কঢ়িয়াই লৈ আহে আৰু সাধাৰণতে হিমালয় পৰ্বতত খূন্দা মাৰি ডাৱৰ-বিস্ফোৰণ ঘটাই। যাৰ ফলত এঘন্টাতে ৭৫ মিঃমিঃ পৰ্যন্ত বৰষূণ নামি আহে।

ভাৰতত ডাৱৰ-বিস্ফোৰণৰ কেইটামান ৰেকৰ্ড চাওঁ আহক:

১৯০৮ চনৰ চেপ্তেম্বৰ মাহৰ ২৮ তাৰিখে এক ডাৱৰ-বিস্ফোৰণৰ ফলত ঘটা বানপানীত মূছী নদীৰ জলপৃষ্ঠ ৩৫ মিটাৰ পৰ্যন্ত উঠিছিল। ১৫,০০০ লোকৰ মৃত্যু হোৱাৰ লগতে ৮০,০০০টা ঘৰ ই ধ্বংস কৰি দিছিল। 
১৯৭০ চনৰ জুলাই মাহত উত্তৰাখণ্ডৰ ওপৰৰ ঠাইবোৰত ডাৱৰ-বিস্ফোৰণ ঘটি অলকানন্দা নদীৰ জলপৃষ্ঠ ১৫ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল।বদ্ৰীনাথৰ তীৰ্থস্থান হনুমানচট্টিৰ পৰা হৰিদ্বাৰলৈকে ঠাইবোৰ বানৰ কৱলত পৰিছিল।এখন সম্পূৰ্ণ গাওঁ বানে উটূৱাই লৈ গৈছিল।

১৯৯৭ চনত হিমাচল প্ৰদেশৰ চিমলা জিলাৰ ছিৰগাওঁত ডাৱৰ-বিস্ফোৰণ ঘটাত বানপানীৰ কৱলত পৰি ১৫০০ লোকৰ মৃত্যু হৈছিল।

১৯৯৮ চনত ডাৱৰ-বিস্ফোৰণহৈ অতিপাত বৰষূণ আৰু ভয়ঙ্কৰ মাটি-পিচলন (landslide) হোৱাত মালপা গাওঁত ২৫০জন লোকৰ মৃত্যু হয়। উত্তৰাখণ্ডৰ কালি উপত্যকাৰ কুমায়ূন অঞ্চলৰ কৈলাশ মানহসৰোৱৰৰ ৬০ জন তীৰ্থযাত্ৰীয়েও প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰতে ভাৰতৰ ওডিছি নৰ্ত্তকী, হিন্দী চিনেমা জগতৰ এগৰাকী নামী অভিনেতা কবীৰ বেদীৰ পত্নী প্ৰতিমা বেদীও আছিল।

২০০৩ চনৰ ১৬ জুলাইত হিমাচল প্ৰদেশৰ কুল্লুৰ গোৰছা অঞ্চলৰ চিলাগড়ত ডাৱৰ-বিস্ফোৰণৰ ফলত হোৱা বানপানীয়ে ৪০ জন লোকক উটুৱাই লৈ যায়।

২০০৪ চনৰ ৬ জুলাইত ডাৱৰ-বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে তিনিখন তীৰ্থযাত্ৰীৰ গাড়ী উটুৱাই নি অলকানন্দা নদীত পেলোৱাৰ ফলত ১৭ জন লোকৰ মৃত্যু হয় আৰু ২৮ জন আঘাতপ্ৰাপ্ত হয়। প্ৰায় ৫০০০ তীৰ্থযাত্ৰী উত্তৰাখণ্ডৰ চাম’লি জিলাৰ বদ্ৰীনাথৰ ওচৰত আৱদ্ধ হৈ পৰে।

২০০৫ চনৰ ২৬ জুলাইত,এক ডাৱৰ বিস্ফোৰণৰ ফলত মোম্বাইত ৮ৰ পৰা ১০ ঘন্টাৰ ভিতৰত ৯৫০ মিঃমিঃ (৩৭ ইঞ্চি) বৰষূণ হয়। ফলত ১০০০জন লোকৰ মৃত্যু হয় আৰু ভাৰতৰ সৰ্ববৃহত ও অৰ্থনৈতিক নগৰখনৰ জন-জীৱনক সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়ে। বানপানীৰ অৰ্ধখিনিৰ কাৰণ আছিল, বহু ঠাইত ভূভাগৰ ভিতৰেদি পানী ওলাই যোৱা নলবোৰ মানুহৰ কূকৰ্মৰ বাবে বন্ধ হৈ পৰাৰ ফল।

২০০৭ চনৰ ১৪ অক্টোবৰত হিমাচল প্ৰদেশৰ গানভীৰ ১৫/২০ অৰ ভাভী গাওঁত ডাৱৰ বিস্ফোৰণ ঘটি ৫২ জন লোকৰ নিশ্চিত মৃত্যু হয়।

২০০৯ চনৰ ৭ আগষ্টত উত্তৰাখণ্ডৰ পিথূৰাগড় জিলাৰ মুনচিয়াৰীৰ ওচৰৰ নাছনি অঞ্চলত ডাৱৰ-বিস্ফোৰণৰ ফলত হোৱা মাটি-পিচলনৰ ফলত ৩৮ লোকৰ মৃত্যু হয়।

২০১০ চনৰ ৬ আগষ্টত জম্মু-কাশ্মীৰৰ লাডাখ অঞ্চলৰ লেহ নগৰৰ সীমা মূৰীয়া অঞ্চলত ধাৰাবাহিক ডাৱৰ-বিস্ফোৰণৰ ফলত ১০০০ জন ব্যক্তিৰ মৃত্যু হয় আৰু ৪০০ ৰো অধিক জন আঘাত-প্ৰাপ্ত হয়।

২০১০ চনৰ ১৫ চেপ্তেম্বৰত উত্তৰাখণ্ডৰ আলমোৰাত ডাৱৰ-বিস্ফোৰণ ঘটি বানে দুখন গাওঁ উটুৱাই নিয়ে। খূওব কম মানুহহে গাওঁ দুখনত জীয়াই থাকে। উত্তৰাখণ্ডৰ প্ৰাধিকাৰীয়ে আলমোৰাক ডাৱৰ-বিস্ফোৰণত আটাইতকৈ বেচি ক্ষতিগ্ৰস্থ নগৰ হিচাবে ঘোষণা কৰে।

২০১০ চনৰ ২৯ চেপ্তেম্বৰত মহাৰাষ্ট্ৰ ৰাজ্যৰ পূণাৰ খাডাকৱাচলা জিলাত NDA(National Defense Academy)ত ডাৱৰ-বিস্ফোৰণৰ ফলত অহা বানপানীয়ে কেবাশ যান-বাহন আৰু বিল্ডিংৰ ক্ষতি সাধন কৰে।

পুনৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ পূনাৰ পাচানত ডাৱৰ-বিস্ফোৰণৰ ফলত হোৱা বান পানীত ৪ জন লোকৰ মৃত্যু হয়। বহুতো মানুহ আঘাত-প্ৰাপ্ত হোৱাৰ লগতে কেইবাশ যান-বাহনৰ ক্ষতি হয়। এই সময়ত বৰষূণৰ মাত্ৰাই পূণা নগৰৰ ১১৮ বছৰৰ সকলো ৰেকৰ্ড ভঙ্গ কৰে (১৮৯২ চনৰ ২৪ অক্টোবৰত ২৪ ঘন্টাত হোৱা ১৪৯.১ মিঃমিঃ বৃষ্টিপাতৰ ৰেকৰ্ড)।

২০১০ চনৰ ৪ অক্টোবৰত পূনাৰ পূচানত হোৱা ডাৱৰ বিস্ফোৰণেই আছিল পৃথিৱীৰ প্ৰথম আগতীয়া জাননী দিয়া প্ৰথম বাস্তৱত সত্য হোৱা ডাৱৰ- বিস্ফোৰণ। কেইঘন্টামান আগতে দিনৰ ২-৩০ বজাত বতৰ বিজ্ঞানী কিৰণ কুমাৰ জোহৰে মহানগৰীৰ উচ্চ প্ৰাধিকাৰীলৈ পূচান এলেকাত ডাৱৰ বিস্ফোৰণ হব পৰাৰ এক আগতীয়া যথেষ্ঠ চিন্তনীয় SMS বাৰ্ত্তা প্ৰেৰণ কৰে। কিন্ত্ত লব লগা সাৱধানতা যা-যোগাৰ কৰাৰ আগতেই ৪ জন মানুহৰ মৃত্যুৰ লগতে এজন ডেকা বিজ্ঞানীকো বানৰ ঢলে উটূৱাই লৈ যায়।

২০১১ চনৰ ৯ জুনত জম্মুৰ ওচৰত ডাৱৰ-বিস্ফোৰণ হৈ ৪ জন মানুহৰ মৃত্যু হয় আৰু বহুত আঘাত-প্ৰপ্ত হয়, ডোডা-বাততে হাইৱেত, জম্মুৰ পৰা ১৩৫ নিলগত। ২খন ৰেষ্টুৰেন্ট আৰু বহুত দোকান বানৰ ঢলে উটুৱাই নিয়ে।

২০১১ চনৰ ২০ জুলাইত হিমাচল প্ৰদেশৰ মনালীৰ পৰা ১৮ কিঃমিঃ নিলগত ওপৰ মনালী চহৰত ডাৱৰ-বিস্ফোৰণৰ ফলত ২ জনৰ মৃত্যু আৰু ২২ জন সন্ধানহীন হয়।

২০১১ চনৰ ১৫ চেপ্তেম্বৰত, দিল্লীৰ ন্যেচনেল কেপিটেল টেৰীট’ৰীৰ পালাম অঞ্চলত ডাৱৰ-বিস্ফোৰণৰ হয়। ইন্দিৰাগান্ধী আন্তৰ্জাতিক বিমান বন্দৰটো বৰষূণৰ ঢলত প্লাবিত হৈ পৰে। যদিও এই তাণ্ডৱত কোনো মানুহৰ প্ৰাণ হানি নহল তথাপি এঘন্টা সময় ধৰি হোৱা বৰষূণে ১৯৫৯ চনৰ পৰা নগৰীত হোৱা সকলো তীব্ৰ বৰষূণৰ ৰেকৰ্ড ভঙ্গ কৰে।

২০১২ চনৰ ১৪ চেপ্তেম্বৰত ৰুদ্ৰপ্ৰয়াগ জিলাত ডাৱৰ বিস্ফোৰণ হৈ ৩৯ জন মানুহৰ মৃত্যু হয়।

২০১৩ চনৰ ১৫ জুনত উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু ৰামবাদাত ডাৱৰ-বিস্ফোৰণ হোৱাত বহু হাজাৰ তীৰ্থযাত্ৰী আৰু স্থানীয় মানুহৰ মৃত্যু হয়। যাৰ সঠিক হিচাব বৰ্ত্তমানো উলিয়াব পৰা হোৱা নাই।তাত এতিয়াও ভগ্ন স্ত্তূপবোৰৰ জাবৰ-জোথৰবোৰ সম্পূৰ্ণকৈ চাফা কৰিব পৰা হোৱা নাই। বহু হাজাৰ জন বৰ্ত্তমানো সন্ধানহীন হৈ আছে। এই প্ৰাকৃতিক দূৰ্যোগে ৮৪,০০০ জন লোকক বহুদিন ধৰি আৱদ্ধ কৰি ৰাখে। ভাৰতৰ ইতিসাহত ইয়েই আছিল ভাৰতীয় সেনাৰ আটাইতকৈ বৃহত উদ্ধাৰ অভিযান।৪০,০০০ বৰ্গ কিলোমিটাৰ জুৰি এক বিস্তৃত অঞ্চলত ৪৫খন হেলিকপ্টাৰ আৱদ্ধ হৈ পৰা মানুহখিনিৰ উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ৰিপোৰ্ট মতে কেদাৰনাথৰ ওচৰত বৃহত ২টা গ্লেচিয়াৰ গলাৰ বাবে প্লাৱন হোৱা বুলি কোৱা হৈছিল যদিও ই বহুখিনি ডাৱৰ-বিস্ফোৰণৰ ফলতহে হোৱা ঘটনা আছিল।
২০১৪ চনৰ ৩০ জুলাইত পূনা জিলাৰ আম্বেগাওঁ তালুকত, মালিনৰ এখন ভাৰতীয় গাওঁত মাটিৰ খহনীয়া হয়। এই খহনীয়া হয়, যেতিয়া মানুহবোৰ পূৱা টোপনিত লালকাল দি আছিল। যাৰ ফলত ২০ জনৰ মৃত্যু হয়। ১৬০ জন মানুহ, বেলেগ বেলেগ ৪৪টা ঘৰৰ বাসিন্দা, মাটিৰ তলত পোত যায়। আচলতে তেনে লোকৰ সংখ্যা ৭০ জন আছিল বুলি পিচৰ ৰিপৰ্টত কোৱা হয়। 
২০১৪ চনৰ ৩১ জুলাইত উত্তৰাখণ্ডৰ তেহৰি জিলাত ডাৱৰ-বিস্ফোৰণ হয়। অতি কমেও এই ঘটনাত ৪ জন লোকৰ মৃত্যু হয়।
এবাৰ জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণহৈ ভয়ঙকৰ ক্ষতি সাধন কৰে ।

এবাৰ গাৰো পাহাৰত ডাৱৰ বিস্ফোৰণ হৈ গৈছে।যাৰ বাবে অসম ভয়ঙ্কৰ বানৰ কৱলত পৰিছে।

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate