বাষ্প: মাটি, নদী, পুখুৰী আদিৰ পৰা পানী জলীয় বাষ্প হৈ আকাশলৈ উৰি যায়। আকাশলৈ গৈ এইবোৰে ডাৱৰৰ সৃষ্টি কৰে। পানী তপত হ’লে বাষ্প হয়। ই এটা চক্ৰ হৈ ঘূৰি থাকে।
আমি আমাৰ দৈনন্দিন কাম-কাজত অহৰহ পানীৰ ব্যৱহাৰ কৰো, যেনে খাবলৈ, কাপোৰ কানি আদি ধুবলৈ বা গা ধুবলৈ পানীৰ ব্যৱহাৰ কৰো। তদুপৰি জীৱ-জন্তু আৰু গছ-গছনিকো পানীৰ প্ৰয়োজন হয়।
বৰষুণ: ডাৱৰৰ পৰা পানীৰ টোপালবোৰ বৰষুণৰূপে পৃথিৱীত পৰেহি।
মাটিৰ তলত থকা পানী কুঁৱা খান্দি বাহিৰলৈ অনা হয়। বৰষুণৰ পানী মাটিৰ তলত জমা হৈ এই পানীৰ ভাণ্ডাৰৰ সৃষ্টি কৰে।
নৈ, পুখুৰী আদিত মাছ পোৱা যায়। জালেৰে বা বৰশীৰে বা আন মাছ ধৰা যতনেৰে মাছ ধৰিব পাৰি।
ডাঙৰ নদীসমূহত নাৱেৰে মানুহ-দুনুহ, খাদ্য সামগ্ৰী বা অন্যান্য বস্তু আদি অনা নিয়া কৰিব পাৰি।
নৈৰ পৰা পথাৰলৈ বোৱাই অনা পানীয়ে শস্য উৎপাদনত সহায় কৰে। গছ-গছনি, জীৱ-জন্তু আৰু মানুহ-সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। দেহত পানীৰ অভাৱ হ’লে সকলো জীৱিত প্ৰাণীয়েই অসুস্থ হৈ পৰে আৰু অৱশেষত মৃত্যুমুখত পৰে।
পানী সদায় পৰিষ্কাৰ আৰু নিৰ্মল অৱস্থাত পোৱা নাযায়। গতিকে পানী সদায় উতলাই খাব লাগে। নহ’লে টান অসুখত পৰিব পাৰোঁ।
পৰ্বত পাহাৰ আদিত পৰা বৰষুণৰ পানী জুৰি, নৈ আদি হৈ তললৈ নামি আহে।
উৎস: ইউনেস্ক’ (এচিচিইউ)।
শেহতীয়া উন্নীতকৰণ: : 7/12/2020