অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূ-জল আৰু ইয়াৰ দুটামান প্ৰদূষক স্থলী

ভূ-জল (গ্ৰাউণ্ড ৱাটাৰ) বুলিলে ভূমি বা গেদ তথা শিলাস্তৰৰ মাজত পোৱা পানীভাগৰ কথাই আমাৰ মনলৈ আহে। সেয়ে হলেও অৱশ্যে ভূমিৰ তলৰ গেদ বা শিলাস্তৰৰ মাজৰ পাৰগৰ্ভী মণ্ডলত অৱস্থান কৰা জলভাগকহে প্ৰকৃত ভূ-জলৰ আখ্যা দিয়া হয়। এই জলভাগ গতিশীল অৱস্থাত থাকে। ঘাইকৈ অঞ্চল একোটাত সামগ্ৰিকভাৱে চলাই থকা ভূ-জলৰ আহৰণ আৰু ভূ-জলবাহী স্তৰৰ পৰা প্ৰাকৃতিক কাৰণত নিম্নস্থানলৈ চলি থকা জলপ্ৰৱাহৰ হেতুকেই ভূ-জলৰ গতিশীল অৱস্থাপ্ৰাপ্তি ঘটি থাকে। এই জলৰ দুই ধৰণৰ গতি দেখা যায়- অনুভূমিক আৰু উলম্বীয়। আৰু এনে গতিৰ হেতুকেই এলেকা একোটাত ভূ-জলপৃষ্ঠৰ উত্থান-পতনো সংঘটিত হৈ থাকে। বাস্তৱত এইটোও পৰিলক্ষিত হয় যে ভূ-জল  আহৰণৰ মাত্ৰা একে থকা স্বত্ত্বেও স্থান একোডোকৰত বাৰিষা কালত ভূ-জলপৃষ্ঠৰ ঊৰ্ধ্বগমন আৰু তাৰ বিপৰীতে খৰালি কালত ইয়াৰ নিম্নগমন সাধিত হয়। উল্লেখ নকৰিলেও হয় যে সেয়া সম্বৱ হয় ক্ৰমে সেই ঠাইত হোৱা বৰষুণৰ বৃদ্ধি আৰু হ্ৰাসৰ পৰিপ্ৰেক্ষিততে। পৰিৱেশত যেতিয়া বৰষুণৰ পৰিমাণ বাঢ়ে তেতিয়া ভূমিভাগৰ নিম্ন গভীৰতালৈ জলপৃষ্ঠ উঠি আহে আৰু তাৰ বিপৰীতে খৰালি বৰষুণৰ অভাৱত জলপৃষ্ঠ অধোগামী হৈ গৈ থাকে। গতিকে তেনে অৱস্থাত অঞ্চল একোটাত জলৰ নাটনি বাৰুকৈয়ে প্ৰকট হৈ উঠাটো স্বাভাৱিক প্ৰক্ৰিয়াত পৰিণত হ’ব ধৰিছে।

উল্লেখ্য, জনসাধাৰণৰ কুকৰ্মৰ বাবেই আজি পৃষ্ঠীয়জলৰ ব্যৱহাৰোপযোগিতা হ্ৰাস পাব ধৰিছে। আৰু তাৰ পৰিণতিতে বিশ্বৰ প্ৰতি কোণতে আজি ভূ-জল আহৰণে প্ৰাধান্য পোৱাটো জৰুৰী হৈ পৰিছে। দেখা যায় আদিতে ভূ-জল প্ৰদূষণমুক্ত অৱস্থাতে আছিল। কিন্তু জনসংখ্যাৰ বৃদ্ধি আৰু ঘাইকৈ কল-কাৰখানা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইভাগ জলতো প্ৰদূষণ বাঢ়িবলৈ ধৰিছে। ভূ-জলৰ প্ৰদূষণ ঘাইকৈ দুইধৰণে ঘটে- প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ বাবে। ভূ-জললৈ ক্ৰমধাৰিতভাৱে আগমন ঘটা আৰ্ছেনিক বা ফ্লৰাইডৰ ফলত হোৱা প্ৰদূষণ হৈছে প্ৰাকৃতিক উপায়েৰে হোৱা প্ৰদূষণ। ইয়াৰ বিপৰীতে মানুহৰ অপকৰ্ম, যেনে- বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ অৱশেষ পৰিৱেশত নিক্ষেপণ, কৃষিক্ষেত্ৰত ব্যাপকৰূপে ব্যৱহৃত ৰাসায়নিক কীটনাশকৰ আগমন, ভূ-জললৈ ঘটা আৰু বহু সময়ত মানুহৰ অলক্ষিতে কৰা আৱৰ্জনা নিষ্কাশনৰ ফলত ভূ-জলৰ প্ৰদূষণ অৱশ্যম্ভাৱী হয়। ইয়াত আমাৰ অলক্ষিতে জল প্ৰদূষণত ভাগ লোৱা কেইবিধমান কাৰকৰ বিষয়ে আলোচনা কৰা হ’ব।

প্ৰদূষিত নদীৰ পাৰৰ ভূ-জল

নদীৰ পানী প্ৰাকৃতিক অৱস্থাত প্ৰদূষণমুক্তই থাকে। কেৱল নদীৰ উচ্চভাগ বা পাৰত অৱস্থিত ক্ষতিকাৰক খনিজভিত্তিক উদ্যোগৰ পৰা প্ৰেৰিত ক্ষতিকাৰক পদাৰ্থই পানী প্ৰদূষিত কৰাত ভাগ লয়। বিশেষকৈ খনিজভিত্তিক উদ্যোগৰ পৰা এৰি দিয়া দোষণীয় পদাৰ্থ আৰু নদীৰ পাৰৰ বাসিন্দাই কৰা অপকৰ্ম, যেনে- ঘৰত উদযাপিত আনুষ্ঠানিক কৰ্ম অথবা ঘৰুৱা নিয়মীয়া কাৰ্যৰ ফলত বাহিৰ হোৱা গোটা-জুলীয়া আৱৰ্জনা, বিসৰ্জিত পূজাৰ মূৰ্তি, মৃত পশুৰ দেহ আদিক জধে-মধে নদীত বিসৰ্জন দি থকাৰ হেতুকে নদীৰ পানী সামূহিকভাৱে প্ৰদূষিত হোৱাটো অৱধাৰিত হ’ব ধৰিছে। বহু লোকে আজিকালি আকৌ নদীৰ ওপৰত পায়খানা-ঘৰ সাজি মুক্তভাৱে মল ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে। ফলশ্ৰুতিত নদীবোৰৰ অৱস্থা আজিকালি ‘ফাট দিয়া বসুমতী পাতালে লুকাও’ৰ পৰ্যায়লৈ অৱনতি হ’ব লাগিছে। ইয়াৰ ফলতে অসমৰ তিনিখন নৈ বিশেষভাৱে প্ৰদূষিত হ’ব ধৰিছে। সেই নদীকেইখন হৈছে ভৰলু, কলং আৰু ভোগদৈ। এইখিনিৰ ভিতৰত ভৰলু নদীৰ পানী সৰ্বাধিক পৰিমাণে প্ৰদূষিত। ভৰলু নদীত প্ৰধানকৈ গুৱাহাটী তেল শোধনাগাৰৰ পৰা এৰি দিয়া পেলনীয়া দ্ৰব্য মিহলি হোৱাৰ পাছৰ পৰাই নদীখনে নিৰ্মল পানীৰ সকলোবোৰ চৰ্ত হেৰুৱাই পূৰামাত্ৰাই বিষাক্ত জলত পৰিণত হ’ব ধৰিছে। যাৰ ফলত ভৰলুৰ নিম্নাংশত জলধাৰী প্ৰাণী, যেনে- মাছ, ভেকুলী, আনকি শামুকেও বৰ্তি থাকিব নোৱাৰা হোৱাত সেই পানী সম্পূৰ্ণভাৱে ব্যৱহাৰৰ অনুপযোগী হ’ব ধৰিছে। প্ৰণিধানযোগ্য এনে প্ৰদূষিত জল তকা নদী একোখনৰ পাৰৰ ফালে বাসিন্দাসকলে খন্দা কুঁৱা বা অগভীৰ নলীনাদৰ পানীভাগো দূষিত হোৱাটো অতি স্বাভাৱিক। কিয়নো, আমাৰ অজ্ঞাতে নদীৰ পানীৰ দোষণীয় উপাদানসমূহ মাটিৰ তলেৰে আহি কুঁৱা বা নলীনাদৰ পানীৰ লগত একীভূত হোৱাটো তেনেই সহজ কথা। সেয়েহে ভৰলু নদীৰ পাৰত কুঁৱা বা অগভীৰ নলীনাদ প্ৰতিষ্ঠা কৰিব বিচাৰিলে বা পানী আহৰণ কৰি থাকিলে সময়ে সময়ে ৰাসায়নিক পৰীক্ষা কৰোৱাই নিশ্চিত হোৱাটো যুগুত। তেনে নকৰিলে ব্যৱহাৰকাৰীয়ে গ্ৰহণী, জণ্ডিচ, টাইফয়ড আদি ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

কবৰস্থানৰ কাষৰীয়া ঠাইৰ ভূ-জল

এইটো সকলোৰে জ্ঞাত যে পানী (পৃষ্ঠীয়ই হওক বা ভূগৰ্ভীয় হওক)-ক সৰ্বগ্ৰাহী দ্ৰাৱকৰ আখ্যা দিয়া হয়। কাৰণ সকলো প্ৰকাৰৰ দ্ৰব্যই এটা সময়ত পানীত দ্ৰৱীভূত হোৱাটো অৱধাৰিত। সেই একে কাৰণতে কবৰস্থান দোষণীয় দ্ৰব্যবোৰৰ অংশবিশেষ ভূ-জলৰ মাধ্যমত সেৱনজললৈ প্ৰেৰিত হোৱাটো সম্ভৱ। কিয়নো, বাস্তৱত এইটো দেখা যায় যে কবৰস্থানত কেইপুটমান গভীৰতালৈ প্ৰায় ৫-৬ ফুটৰ গভীৰতাৰ এটা গাঁত খান্দি তাত মৃতদেহ ঢাকি ৰাখি তাক মাটিৰে পুতি পেলোৱা হয়। তেতিয়া কেইমাহমানৰ ভিতৰত বেক্টেৰিয়া আৰু ভূ-জলৰ প্ৰভাৱত মৃতদেহ পচি উৱলি যাব ধৰে। গতিকে বিশেষকৈ বাৰিষা যেতিয়া ভূ-জলপৃষ্ঠ ওপৰলৈ আহে, তেতিয়া কবৰৰ পৰা মানৱ দেহৰ উৱলি যোৱা অংশবোৰৰ কিছু অংশ ভূ-জলৰ মাধ্যমেৰে কাষৰীয়া ঠাইলৈ সঞ্চাৰিত হোৱাটো স্বাভাৱিক হৈ পৰে। সেয়েহে ঠাইৰ অভাৱত কবৰস্থানৰ নিকটৱৰ্তী স্থানত বহুওৱা কুঁৱা বা অগভীৰ নলীনাদৰ পানীলৈ সেই ক্ষতিকাৰক পদাৰ্থৰ সঞ্চালন ঘটাটো সম্ভৱ হৈ উঠে। সেয়েহে কবৰস্থানৰ গাতে লাগি থকা ঠাইত স্থাপন কৰা কুঁৱা অথবা অগভীৰ নলীনাদৰ পানী (বিশেষকৈ বাৰিষা) পৰীক্ষা কৰাই থকাটো জৰুৰীভাৱে প্ৰয়োজনীয়।

ছেফটী টেংক আৰু গোহালিৰ কাষৰ ভূ-জল

আমাৰ অনাময় ব্যৱস্থা সাধাৰণতে দুই প্ৰকাৰে কৰা হয়-

(১) কেঁচা পায়খানা আৰু

(২) ছেনিটেৰী পায়খানা।

ইয়াৰ প্ৰথমবিধৰ ক্ষেত্ৰত মানুহৰ মল-মূত্ৰ আৰু লেতেৰা পানী জমা হ’বলৈ ধৰে। গতিকে তেনে স্থানৰ কাষৰ কুঁৱা আৰু অগভীৰ নলীনাদৰ পানী পূৰামাত্ৰাই প্ৰদূষিত হোৱা স্বাভাৱিক। সেয়েহে এই দিশটোৰ প্ৰতি জনসাধাৰণে মনোযোগ দিয়াটো অত্যন্ত জৰুৰী। তাকে নকৰিলে পেটৰ অসুখ, ইকলি বেক্টেৰিয়াজনিত অসুখ, কলেৰা, জণ্ডিচ আৰু টাইফয়ড আদি ৰোগত ভূগিব লগা হ’ব পাৰে। আনহাতে পকা ছেফটী টেংক মজবুতভাৱে প্ৰস্তুত কৰিলে টেংকীৰ পৰা প্ৰদূষিত দ্ৰব্য বাহিৰ হোৱাটো সম্ভৱ। পিছে এইক্ষেত্ৰত বিপদবাহক ৰূপে থিয় দিয়ে ছকপিটসমূহে। কিয়নো, তাত গোট খায় বহু ক্ষতিকাৰক লেতেৰা দ্ৰব্য। তাতেই আকৌ বহুতে পায়খানাৰ পৰা বাহিৰ ওলোৱা দূষিত পানীভাগ ঠাইতে এৰি দিয়ে। ফলত তেনে ঠাইৰ কাষৰীয়া অঞ্চলৰ ভূ-জলত সিবিলাকৰ প্ৰৱেশ অৱশ্যম্ভাৱী হৈ উঠে। সেয়েহে তেনে ঠাইৰ পৰা কমেও ত্ৰিশ ফুট নিলগত কুঁৱা বা অগভীৰ নলীনাদ প্ৰতিষ্ঠাৰ পৰামৰ্শ দিয়া হয়। পিছে তালৈ ভ্ৰূক্ষেপ নকৰি আমি ছকপিটৰ কাষতে জল আহৰণৰ উপায় কৰিবলৈ যাওঁ। ফলত তেনে পানী প্ৰচুৰভাৱে গৰম নকৰি সাধাৰণভাৱে গ্ৰহণ কৰি থাকি আমি বহু আন্ত্ৰিক অসুখত ভুগি থাকিব লগা হয়।

তেনেকৈ গোহালিৰ কাষত গোবৰ আৰু গো-মূত্ৰ আমি বেপৰোৱাভাৱে বিসৰ্জন দি থাকো, নতুবা একে ঠাইত গোটাই ৰখাৰ ব্যৱস্থা কৰোঁ। এনে কৰাৰ ফলত বৰষুণৰ পানীৰ দ্বাৰা ঘাইকৈ নাইট্ৰেট জাতীয় পদাৰ্থ কাষত বহুওৱা, কুঁৱা, অগভীৰ নলীনাদৰ পানীলৈ যোৱাটো সম্ভৱপৰ হৈ উঠে। ফলত সেই পানী গ্ৰহণ কৰা লোকে সাধাৰণভাৱে পেটৰ অসুখ আৰু গৰ্ভৱতী মহিলাসকলে নীলা সন্তান (ব্লু- বেবী) জন্ম দিয়াৰ আশংকা থাকে। সেয়েহে এনে দিশলৈ আমি সজাগতা প্ৰকাশ কৰাৰ প্ৰাসংগিকতা আছে।

লেখক: অৰ্পণ দত্ত, জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate