মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / বায়ু প্ৰদূষণ আৰু ভাৰত:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বায়ু প্ৰদূষণ আৰু ভাৰত:

বায়ু প্ৰদূষণ আৰু ভাৰতত ইয়াৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছে

 

গোলকীয় উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ভৱিষ্যতে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বিশ্ববাসী। ঠিক তেনেদৰে আমাৰ দেশেও এই প্ৰত্যাহ্বানৰ বাবে সাজু হোৱাৰ সময় সমাগত। বৃদ্ধি পোৱা জনসংখ্যা আৰু উদ্যোগীকৰণৰ ফলত দিনকদিনে প্ৰদূষণৰ মাত্ৰ অত্যাধিক হাৰত বাঢ়ি গৈছে। বিভিন্ন প্ৰদূষণৰ ভিতৰত শব্দ প্ৰদূষণ, জল প্ৰদূষণ আৰু বায়ু প্ৰদূষণ উল্লেখযোগ্য। এই আটাইকেইটা প্ৰদূষণৰ ভিতৰত বিশ্ববাসীৰ লগতে ভাৰতৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিছে বায়ু প্ৰদূষণৰ সমস্যা। বিচবৰ অনুন্নত দেচৰ কম জনমূৰি আয়ৰ দেশবোৰত বায়ু প্ৰদূষণৰ প্ৰাবল্য অতি বেছি। বিশ্বৰ এক কোটি মানুহে দূষিত বায়ু সেৱন কৰি আছে। বিশেষকৈ মধ্য পূব, দক্ষিণ পূব এছিয়া আৰু পশ্চিম প্ৰশান্তীয় অঞ্চল অত্যধিক হাৰত বায়ু প্ৰদূষণ বাঢ়ি আহিছে। ভাৰতবৰ্ষৰ নিচিনা অনুন্নত দেশত অন্য প্ৰদূষণৰ লগতে ভাৰতত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ লৈছে।

কোনো ৰাসায়নিক পদাৰ্থ বা বৰ্জনীয় বস্তু- যি মাটি, পানী, বায়ু বা অন্য প্ৰাকৃতিক সম্পদবোৰ বিনষ্ট কৰে অথবা অনুপযোগী কৰি তোলে- সেয়া হৈছে প্ৰদূষক। প্ৰদূষক দুই ধৰণৰ হ’ব পাৰে- প্ৰাথমিক প্ৰদূষক আৰু গৌণ প্ৰদূষক। প্ৰাথমিক প্ৰদূষকে পোনপটীয়াকৈ বায়ু প্ৰদূষনৰ সৃষ্টি কৰে। গৌণ প্ৰদূষকে পৰোক্ষভাৱে মানে প্ৰাথমিক প্ৰদূষকৰ সৈতে লগ লাগি বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। বায়ু প্ৰদূষক প্ৰাকৃতিক আৰু কৃত্ৰিমভাৱে সৃষ্টি হয়। বেছিভাগ প্ৰাথমিক প্ৰদূষক মানুহৰ ক্ৰিয়া-কলাপৰ যোগেদি সৃষ্টি হয়। প্ৰাথমিক প্ৰদূষণৰ উৎস হৈছে ঘৰৰ ভিতৰত ব্যৱহৃত চৌকা, বিভিন্ন শক্তি প্ৰকল্প, কল-কাৰখানা, কয়লাৰ দহন, গাড়ী-মটৰ, আকাশী বাহন, নিউক্লিয়াৰ কেন্দ্ৰ, ধাননি পথাৰ বা বনাঞ্চলত জুই জ্বলোৱা, আৱৰ্জনা জমা কৰা ঠাই ইত্যাদি। প্ৰাকৃতিক ভাৱে প্ৰাথমিক প্ৰদূষক সৃষ্টি হোৱা উৎস আগ্নেয়গিৰিৰপৰা উত্তপ্ত লাভা নিৰ্গত হোৱা কাৰ্য, গছ-বনবিহীন মুকলি ঠাই, ধাননি পথাৰ, বিভিন্ন জল পৰিৱেশ যেনে- খাল-বিল, জলাশয়, বনজুই ইত্যাদি। আমাৰ দেশৰ জনসংখ্যা হৈছে ১২১ কোটি। এই ১২১ কোটি জনসংখ্যাৰ আধাসংখ্যক লোক গ্ৰাম্য অঞ্চলত বসবাস কৰে। গ্ৰাম্য অঞ্চলত এতিয়াও মানুহে ভাত ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰি আহিছে চৌকা। এই চৌকাত জুইৰ সমল হিচাপে ব্যৱহাৰ কৰে গৰুৰ গোবৰ, কৃষিজাতীয় আৱৰ্জনা বা খৰি আৰু কয়লা। দেশৰ ১০০ নিযুত লোকে ৰান্ধনি ঘৰত চৌকা ব্যৱহাৰ কৰে, যিটো দিনে দুই বা তিনিবাৰ জ্বলায়। এই জুইৰপৰা ধোঁৱা, পাৰটিকুলেট মেটাৰ(পি এচ ২.৫), ছালফাৰ অক্সাইড, নাইট্ৰ’জেন অক্সাইড, কাৰ্বন-মনো-অক্সাইড, ফৰ্মেলডিহাইড, পলিএৰ’মেটিক যৌগ আৰু অন্যান্য বায়ু প্ৰদূষক গেছৰ সৃষ্টি হয়। অকল খাৰুৱা তেলৰ জ্বলনৰ ফলতে বিশ্বত বছৰেকত কেইবা বিলিয়ন মেট্ৰিক টন কাৰ্বন-ডাই-অক্সাইড গেছৰ উৎপন্ন হয়। বিভিন্ন কল-কাৰখানাত, কয়লা আৰু পেট্ৰ’লিয়াম জাতীয় সামগ্ৰীত ছালফাৰ নামৰ ৰাসায়নিক পদাৰ্থ থাকে। ইহঁতৰ দহনৰ ফলত এনে সামগ্ৰীৰপৰা ছালফাৰ-ডাই-অক্সাইড উৎপন্ন হয়। নাইট্ৰ’জেন অক্সাইডৰ অনুঘটকৰ সহায়ত ছালফাৰ-ডাই-অক্সাইডৰ জাৰণ ঘটি ছালফিউৰিক এচিড উৎপন্ন হোৱাৰ ফলত এচিড উৎপন্ন হোৱাৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়। শক্তি প্ৰকল্পবোৰত কয়লা ব্যৱহাৰ কৰাটো প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰাকৃতিক গেছ, কয়লা বা কাঠ-খৰি ইত্যাদি কম দহন কৰিলে কাৰ্বন-মনো-অক্সাইডৰ সৃষ্টি হয়। আমাৰ ধাননি পথাৰ আৰু মিঠাপানীৰ পৰিৱেশ তন্ত্ৰ যেনে- বিল, জলাশয় আৰু পুখুৰীবোৰে গ্ৰীণ হাউছ গেছ মিথেনৰ উৎপাদনত সহায় কৰি আছে। ক্ল’ৰ ফ্ল’ৰ কাৰ্বন গেছৰ উৎপন্ন হয় আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শীতাতাপ নিয়ন্ত্ৰক যন্ত্ৰ, ৰেফ্ৰিজেৰেটাৰ, এৰ’ছল ইত্যাদি ক্ল’ৰ ফ্ল’ৰ কাৰ্বন গেছ বায়ুমণ্ডললৈ গমন কৰে আৰু অন্য গেছৰ লগত লগ লাগি অ’জনৰ তৰপ ধ্বংস কৰে।

২০১৪ বৰ্ষৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে বিশ্বত ২০১২ বৰ্ষত অকল বায়ু প্ৰদূষণৰ ফলত সাত নিযুত লোকে মৃত্যুক সাবটিবলগীয়া হৈছে। ২০১৬ বৰ্ষৰ পৰিৱেশ সূচক তথ্যমতে বিশ্বৰ ১৮০ দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান আছিল ১৪১। এই ক্ৰম চালে স্পষ্টভাৱে দেখা পোৱা যায় যে ভাৰতবৰ্ষ মুঠেও নিৰাপদ নহয়। ১৯৮১ বৰ্ষত ভাৰতবৰ্ষই বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন আইন বলৱৎ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে অকল চৌকাৰপৰা নিৰ্গমণ হোৱা কাৰ্বন-মনো-অক্সাইড আৰু অন্য গেছৰপৰা ভাৰতত ৩,০০,০০০-৫,০০,০০০ লোকৰ প্ৰাণ হানি হয়। বায়ু প্ৰদূষণক আমাৰ দেশত ছাইলেন্ট কীলাৰ বুলি কোৱা হয়। আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত প্ৰতি মিনিটত দুজন লোকৰ মৃত্যু হয়। প্ৰতি বছৰে বায়ু প্ৰদূষণৰ ফলত আমাৰ দেশত দহ লাখ লোকৰ প্ৰাণহানি হয়। গতিকে বিশ্ব সংস্থাই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষক আটাইতকৈ প্ৰদূষিত অঞ্চলৰূপে চিনাক্তকৰণ কৰিছে। বায়ু প্ৰদূষণৰ ফলত আমাৰ শৰীৰত উশাহ-নিশাহত কষ্ট পোৱা, হৃদৰোগ, ষ্ট্ৰ’ক, হাঁওফাঁওৰ কৰ্কট ৰোগ হয়। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে হাবি-বনাঞ্চল কাটি উদ্যোগীকৰণৰ ফলত দিনক দিনে বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি যোৱা দেখা গৈছে। গাড়ী-মটৰচাইকেল ব্যৱহাৰ কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। গাড়ী-মটৰচাইকেলত ব্যৱহাৰ কৰা ভেজাল তেলজাতীয় সামগ্ৰীৰপৰা নিৰ্গত হোৱা ধোঁৱা, হাইড্ৰ’কাৰ্বন, কাৰ্বন মনো অক্সাইড, নাইট্ৰ’জেন অক্সাইড আদিয়ে বায়ুক অধিক প্ৰদূষিত কৰি তুলিছে। অধিক পুৰণি গাড়ী, মটৰচাইকেল ব্যৱহাৰ বন্ধ কৰাৰ আইন আছে যদিও এনেবোৰ গাড়ীৰপৰা নিৰ্গত হোৱা ধোঁৱাই অধিক ভয়ংকৰ কৰি তুলিছে বায়ু প্ৰদূষণ। অকল মানৱ শৰীৰৰপৰা উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইডে বায়ু প্ৰদূষণত ৫ শতাংশ অৰিহণা যোগান ধৰে। ভাৰতবৰ্ষৰ ৫০ শতাংশ বায়ু প্ৰদূষণ আহে শক্তি প্ৰকল্পৰপৰা। অকল পাৰ্টিকুলেট মেটাৰ(পি এম ২.৫)ৰ ফলত দক্ষিণ এছিয়াত ১৬ লাখ শিশু নিৰ্দিষ্ট সময়ৰ আগেয়েই জন্ম পায়। গৰমকালি পাৰ্টিকুলেট মেটাৰৰ পৰিমাণ বহু তলত থাকে যদিও শীতকালত ইয়াৰ পৰিমাণ বহুত বেছি থাকে। দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাই হৈছে আটাইতকৈ প্ৰদূষিত অঞ্চল। ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ ফলত হোৱা এষ্টমা ৰোগত সৰ্বাধিক লোকৰ মৃত্যু হয়। ২০১৩ বৰ্ষৰ তথ্য মতে চীন দেশত প্ৰতি বছৰে অকল বায়ু প্ৰদূষণৰ বাবে ৫,০০,০০০ লোকৰ প্ৰাণ হানি হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ বৰ্ষৰ তথ্যমতে বিশ্বত যিদৰে চহৰ-নগৰত উদ্যোগীকৰণৰ ফলত বনাঞ্চল সংকুচিত হৈ আহিছে এয়া চাই সঠিকভাৱে ক’ব পাৰি যে বায়ু প্ৰদূষণৰ বাবে সঠিক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে গোটেই বিশ্ববাসীয়ে তাৰ পৰিমাণ বেয়াকৈ ভুগিব লাগিব।

লেখক:লীলাকান্ত পায়েং(দৈনিক অসম)

3.48148148148
বিকাশ ওৰাং Oct 14, 2019 07:30 PM

মোক বায়ু প্ৰদূষণ পৰিচয় আৰম্ভনি আৰু সামৰণি লাগে

Biju nath Aug 03, 2019 08:45 AM

Thank you

ছফিকুল ইছলাম Mar 12, 2018 11:00 AM

এই পৰ্টেলৰ লেখাসমূহৰ পৰা মইও উপকৃৎ হৈছোঁ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top