অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভয়ংকৰ সুন্দৰ সুন্দৰবন

ভয়ংকৰ সুন্দৰ সুন্দৰবন

অমিতাভ ঘোষৰ বিখ্যাত গ্ৰন্থ ‘The Hungry Tide’ পঢ়ি থাকোতে হঠাৎ থমকি ৰ’লো সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কত তেওঁ লিখা ৰোমঞ্চকৰ বৰ্ণনা পঢ়ি। ‘মেনগ্ৰোভ’ (Mangrove) অৰণ্যৰ মাজত কিছু সময় কটাম বুলি এদিন কলকাতাত উপস্থিত হ’লো। তাৰ পৰা সংগ ল’লো অসীম তালুকদাৰৰ।

পৃথিৱীৰ অন্য কোনো মোহনাত সুন্দৰবনৰ দৰে ডাঙৰ মেনগ্ৰোভ অৰণ্য গঢ়ি উঠা নাই। বিদ্যাধৰী, মাতলা, ৰায়মংগল, কালিন্দী তথা ঠাকুৰাইন বৈ গৈছে নিজৰ গতিত। সাগৰলৈ নামি আহিছে অন্য বহু নদী-উপনদী, খাল-বিল আদি। এয়াই আচৰিত সৌন্দৰ্যৰে ভৰা বংগোপসাগৰ উপকূলৰ বিশ্ব প্ৰকৃতিৰ বিস্ময়- ‘সুন্দৰবন’। পানীত ঘঁৰিয়াল আৰু পাৰত বাঘ – এয়া অকল ইয়াতেই সাৰ্থক। সুন্দৰবনৰ নামটো মনলৈ আহিলে চকুৰ আগত ভাহি উঠে ৰয়েল বেংগল টাইগাৰৰ গহীন-গম্ভীৰ খোজৰ দৃশ্য। অকল ঢেকীয়াপতীয়াই নহয়, চিতল হৰিণ, নাহৰফুটুকী, বান্দৰ, সাপ তথা বিভিন্ন প্ৰজাতিৰ চৰাইৰ অবাধ বিচৰণ ইয়াত। ১৯৭৩ চনত সুন্দৰবনে টাইগাৰ ৰিজাৰ্ভ, ১৯৭৭ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৮৪ চনৰ ৪ মে’ত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পায়। অকল এয়ে নহয়, ১৯৮৯ চনত আয়োস্ফিয়াৰ ৰিজাৰ্ভৰ (Biosphere Reserve) আৰু ১৯৯৭ চনত ইউনেস্কোৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পায় সুন্দৰবনে। ১৯৯২ চনত সুন্দৰবনক আকৌ আন্তঃৰাষ্ট্ৰীয়  ভাৱে অতি গুৰুত্বপূৰ্ণ জলাশয় ৰুপে ৰামচৰ স্থানৰ মৰ্যাদা প্ৰদান কৰা হয়। সুন্দৰ্বন হ’ল ৪৫ টা সৰু-বৰ ব-দ্বীপৰ সমষ্টি।

জংঘল ছাফাৰীৰ বাবে এফালে আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ভগৱৎপুৰ, লোথিয়ান দ্বীপ, কলচ কেম্প, বণি কেম্প আৰু আনফালে আছে সুন্দৰবন টাইগাৰ ৰিজাৰ্ভৰ সজনে খালি, সূধন্যখালি, দোবাকি, বুৰিডাবৰি ইত্যাদি। অনুমতি-পত্ৰ অৱশ্যে সকলোতে প্ৰয়োজন। ভয়ংকৰ সুন্দৰ ইয়াৰ সৌন্দৰ্য। সজনেখালিত থকাৰ সুবিধা আছে। ইয়াৰ লজ আৰ বিট অফিচৰ মাজত কেইবাটাও পুখুৰী আছে। এই পুখুৰী কেইটাৰ আশে-পাশে হৰিণ বিনাদ্বিধাই ঘূৰি-ফুৰা দেখা যায়। সজনেখালিত থকা সংগ্ৰহালয়টো চাব লগীয়া। পৰ্যটকৰ আগ্ৰহ অনুযায়ী ইয়াত বন্যপ্ৰাণী বিষয়ক ভিডিঅ’ ছবিও প্ৰদৰ্শন কৰা হয়। কাষতে আছে বন বিবিৰ মন্দিৰ। ইয়াৰ সবাতোকৈ আকৰ্ষণ হ’ল চৰাইৰ বাবে থকা এটা নিৰ্দিষ্ট এলেকা, য’ত প্ৰায় ৪০০ ৰো অধিক প্ৰজাতিৰ চৰাই থকাৰ তথ্য আছে। ইয়াৰ ওচৰৰ হেম নগৰত বন্যপ্ৰাণী দৰ্শনৰ সুবিধাৰ্থে এটা ওৱাচ্ছ টাৱাৰ নিৰ্মাণ কৰিছে কৰ্তৃপক্ষই। সজনেখালিক কেন্দ্ৰ কৰি ঘূৰি আহিব পাৰে দয়াপুৰ দ্বীপ, জেমছ্‌পুৰ দ্বীপ, সুধন্যখালি আদি ঠাই। এই খিনিতে উল্লেখযোগ্য যে সুন্দৰবনৰ ভয়ংকৰ সৌন্দৰ্য উপভোগ কৰিবলৈ হ’লে কলচ দ্বীপলৈ যাবই লাগিব। কিন্ত সশস্ত্ৰ বনৰক্ষী অবিহনে তালৈ যাব নোৱাৰি। বন বিভাগৰ উদ্যোগত এই কলচ দ্বীপত স্থাপন হৈছে কলচ কেম্প প্ৰায় ১০ ফুট ওখ বেৰেৰে ঘেৰি ৰখা হৈছে। ইয়াৰ কাষতে থকা জলাশয়ত বাঘ দেখা পোৱাৰ সম্ভাৱনা যথেষ্ট। কলচৰ পৰা প্ৰায় ৩-৪ ঘণ্টা জলপথেৰে গ’লে পোৱা যায় বনি ইকোকেম্প। তাৰ কাষতে আছে অৰণ্য বেষ্টিত হলিডে দ্বীপ। ইয়াত ঐতিহাদিক এটা শিৱ মন্দিৰৰ ধ্বংসাৱশেষ পোৱা যায়। বুৰিডাবৰিতো এটা ওৱাচ্ছ টাৱাৰ আছে। বায়োস্ফিয়াৰ ৰিজাৰ্ভ ভগৱৎপুৰত থকা ঘঁৰিয়াল প্ৰকল্পটো চাবলৈ হ’লে নামখানাৰ পৰা জলপথেৰে প্ৰায় ২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগীয়া হয়। ইয়াৰ ওচৰৰ সুন্দৰীকাটিত আছে এটা সংগ্ৰহালয় আৰু ইকো ট্যুৰিজিম চেণ্টাৰ। লেথিয়ান দ্বীপ সম্পূৰ্ণৰুপে মেনগ্ৰোভ অৰণ্যৰে ভৰা। হৰিণ আৰু ৰ্ং-বিৰঙৰ বিভিন্ন পক্ষীৰ বাসস্থান বুলি বিবেচিত এই লোথিয়ান দ্বীপ। সেউজ দ্বীপ বুলি বিবেচিত এই লোথিয়ান দ্বীপ। সেউজ দ্বীপ বুলি পৰিচিত বালিলৈ যাবলৈ হ’লে সোণাখালিৰ পৰা নাৱেৰে এঘণ্টা পঞ্চলিশ মিনিটৰ দূৰত্ব অতিক্ৰম কৰিব লাগে। গংগাৰ পৰা ওলোৱা বিদ্যা, খনাখালি, তীৰখালি, গুমাদি তথা মাতলা নদী আহি মিলিত হৈছে ইয়াত। অসীমৰ সৈতে সম্পূৰ্ণ চাৰিটা দিন এই সুন্দৰবনৰ আভ্যন্তৰত কটাই যি বিৰল অভিজ্ঞতা লাভ কৰিলো, তাক ভাষাৰে বুজোৱা অসম্ভৱ।

সুন্দৰবন অভয়াৰণ্যত ঘূৰাৰ উপযুক্ত সময় হ’ল অক্টোবৰৰ পৰা মাৰ্চ। বিশ্ব প্ৰকৃতিৰ এই হেৰিটেজ ছাইটত সোমাবলৈ প্ৰথমে কানিং অথবা সোণাখালিলৈ যাব লাগিব। শিয়ালদহৰ পৰা ৰেল বা হাওৰা, ধৰমতলাৰ পৰা বাছ সেৱা আছে কানিঙলৈ। কানিং ষ্টেচনৰ ওচৰতে ব্যাঘ্ৰ প্ৰকল্পৰ কাৰ্যালয়। তাৰ পৰা অনুমতি লৈ বাছ, অটো আদিৰে সোণাখালিলৈ যাব পাৰি। পশ্চিমবংগ পৰ্যযটন উন্নয়ন নিগমৰ জাহাজত পেকেজ ট্যুৰত অংশ ল’বলৈ যোগাযোগ কৰিব পাৰে : West Bengle Tourism Development Corporation, Udayachal Tourism Lodge, Block – DG, Sector 2, Bidhan Nagar, Kolkata – 7000091, Phone : 033-23589347, E-mail : wbtdc@vsnl.com । সজনেখালিত থকা পৰ্যটক নিৱাসত ৰাত্ৰি যাপনৰ বাবে আগতীয়া বুকিঙৰ প্ৰয়োজন। যোগাযোগ কৰক :  Tourism Centre Kolkata, 3/2 Bibadi Bag (East), Kolkata- 700001, Phone : 033-22436440 / 22488271, E-mail : tourismcentrekolkata@gmail.com । বণি বা কলচ কেম্পত থাকিবলৈ হ’লে যোগাযোগ কৰক : DIvisonal Forest Officer, 35 Gopal Nagar Road, Alipore, Kolkata – 700027, Phone – 033-24799032 । ব্যক্তিগত খণ্ডটো বহু হোটেল ইয়াত গঢ়ি উঠিছে। অধিক জানিবলৈ লগ অন্‌ কৰক :

www.westbengaltourism.gov.in,

লেখক: হেমন্ত বেজবৰুৱা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate