অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোক দেখিছানে?

স্থান : বাহিৰ

গোটৰ আকাৰ : যিকোনো সংখ্যা

সময় : ৩০ মিনিট

উপযুক্ত সময় : যিকোনো

যোগাৰ : প্ৰায় ৬ চে.মি. x ৩ চে.মি. আকাৰৰ টুকুৰা কাগজ,

খোলামাটি হ’লেও হ’ব,

ৰং,

ৰঙীণ পেঞ্চিল বা খৈমাটি

উদ্দেশ্য

ছদ্ম বা ছদ্মৱেশৰ তত্বৰ প্ৰাৰম্ভিক আভাস দিয়া

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক দুদলত ভাগ কৰক। প্ৰতিজনকে একো ডুখৰি কাগজ দিয়ক। তেওঁলোকক ঘূৰিপকি চাই কাগজ টুকুৰা থ’বলৈ আনে সহজে নেদেখা ঠাই এটুকুৰা বাছি ল’বলৈ দিয়ক। এতিয়া কাগজ টুকুৰাত এনে ৰং দিবলৈ দিয়ক যাতে কাগজ টুকুৰা থোৱা ঠাইৰ ওচৰে পাজৰে থকা বস্তুৰ ৰঙৰ লগত মিলি যায় আৰু সহজে চকুত নপৰা হয়।

উদাহৰণ

এজনে যেনিবা কাগজ টুকুৰা আম গছৰ বাকলিৰ ওপৰত থ’ব খোজে। আম গছৰ বাকলিৰ লগত মিলি যাবলৈ হ’লে তেওঁ কাগজ টুকুৰাত কি ৰং দিব লাগিব?

ছাত্ৰ ছাত্ৰী সকলে নিজৰ দলৰ নম্বৰ তেওঁলোকৰ কাগজৰ টুকুৰাবোৰৰ পিচ পিনে লিখি থ’ব। দল ‘ক’ৰ ছাত্ৰ ছাত্ৰী সকলে বাছি লোৱা ঠাই বা বস্তুৰ ওপৰত টুকুৰাবোৰ থৈ দিব। টুকুৰাবোৰ সহজে চকুত নপৰিব পাৰে, কিন্ত দেখা হ’ব লাগিব। দল ‘খ’ই বিচাৰি যাব আৰু দল ‘ক’ৰ যিমানবোৰ টুকুৰা পাৰে বিচাৰি উলিয়াব। তেওঁলোকে কিমান টুকুৰা বিচাৰি পালে?

যদি কিছুমান টুকুৰা বিচাৰি উলিয়াব পৰা নাই, তেন্তে বিচৰাৰ সুবিধাৰ বাবে কিছু ইংগিতো দিব পাৰে।

এইবাৰ দল ‘খ’ই তেওঁলোকৰ টুকুৰাবোৰ লুকুৱাব আৰু দল ‘ক’ই বিচাৰি উলিয়াব।

যি দলে বেচি টুকুৰা বিচাৰি উলিয়াব পাৰিব, সেই দলেই জয়ী হ’ব।

পৰিৱৰ্তন/পৰিবৰ্ধন

তেওঁলোকৰ লগত আলোচনা কৰক- কেনেকৈ জীৱজন্ত, চৰাই চিৰিকতি আৰু কীটপতংগই এই কৌশল ব্যৱহাৰ কৰি নিজকে লুকুৱাই ৰাখে। এই চলতে ছদ্মৰ কাৰণ সোধক।

মূল্যায়ন

ছদ্ম কৰা কিছুমান জন্ত, চৰাই আৰু কীট পতংগৰ নাম ছাত্ৰ ছাত্ৰী সকলক ক’ব দিয়ক। ছদ্মবেশ ধৰাৰ কাৰণ কি?

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate