ৰাষ্ট্ৰত প্ৰয়োজনীয় সবৰ্মুঠ বিদ্যুতৰ প্ৰায় ২০ শতাংশ লাইট জ্বলোৱাৰ বাবে আৱশ্যক হয়৷ ৰাষ্ট্ৰৰ সৰহ সংখ্যক পৰিয়ালত লাইট জ্বলোৱাত শুভ্ৰ পোহৰৰ বাল্ব ব্যৱহাৰ কৰা দেখা যায়৷ এই বাল্বসমূহে অধিক পৰিমাণে শক্তি ক্ষয় কৰে যে ৯০ শতাংশ বিদ্যুত তাপলৈ ৰুপান্তৰিত হয় আৰু মাত্ৰ ১০ শতাংশ লাইট জ্বলোৱাৰ বাবে ব্যৱহাৰ হয়৷
কম্পেক্ট ফ্লৰ’চেন্ট লেম্প (চিএফএল) য়ে শুভ্ৰ পোহৰৰ লাইটৰ পৰিবৰ্তে শক্তি –সক্ষম লাইট আগবঢ়াইছে৷ বগা পোহৰৰ বাল্বৰ তুলনাত এই বাল্বসমূহে এক ভাগৰ পোন্ধৰ ভাগ বিদ্যুত ৰাহি কৰি সম পৰিমাণে আলোকিত কৰে৷ চিএফএল য়ে প্ৰায় সম্পূৰ্ণৰুলে বজাৰ দখল কৰিলে আৰু ভাৰতত ইয়াৰ বিক্ৰী ২০০৩ চনৰ ২০ মিলিয়নৰ পৰা ২০০৮ ত ২০০ মিলিয়নলৈ বৃদ্ধি পালে৷লাইটিং এচ’চিয়েচনৰ পৰিসাংখ্যা অনুযায়ী দেখা যায় যে, ঘৰুৱা ব্যৱহাৰত চিএফএলৰ প্ৰবেশ মাত্ৰ ৫ শতাংশ ৰ পৰা ২০ শতাংশ মাত্ৰ৷ ইয়াৰ ব্যৱহাৰৰ হাৰ তুলনামূলকভাৱে কম হোৱাৰ কাৰণ হ’ল, চিএফএলৰ উচ্চ মূল্য, যি শুভ্ৰ পোহৰৰ বাল্বৰ তুলনাত ৮-১০ শতাংশ বেছি৷
এইটো অনুমান কৰা হৈছে যে, ভাৰতত প্ৰায় ৪০০ মিলিয়ন লাইটৰ পইন্টত শুভ্ৰ পোহৰৰ বাল্ব ব্যৱহাৰ হৈ আছে; এই বিলাক চিএফএলৰ দ্বাৰা স্থানান্তৰ কৰিলে প্ৰয়োজনীয় বিদ্যুতৰ প্ৰায় ১০,০০০ মেগাৱাট হ্ৰাস কৰিব পৰা যাব৷
"বচট লেম্প যোজনা " ৰ লক্ষ্য হ’ল – ঘৰুৱা ব্যৱহাৰ কৰা শুভ্ৰ বাল্বসমূহ চিএফএলৰ দ্বাৰা উচ্চ হাৰত স্থানান্তৰকৰণ৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব চিএফএলৰ মূল্য সেই বাল্বসমূহৰ সমমূল্যৰ কৰা৷ ই চিএফএলৰ বজাৰ মূল্য আৰু এইবিলাক পৰিয়ালসমূহলৈ বিক্ৰী কৰা মূল্যৰ ভিন্নতা উদ্ধাৰ কৰিবলৈ কিট’ প্ৰট’ক’লৰ ক্লিন ডেভেলপমেন্ট মেচিন (চিডিএম) ব্যৱহাৰৰ পৰিকল্পনা কৰে৷ বচট লেম্প যোজনা ২০০৯ চনৰ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয়৷
বচট লেম্প যোজনা ভাৰত চৰকাৰ, ব্যক্তিগত খণ্ডৰ চিএফএল যোগানকাৰী আৰু ৰাজ্যিক খণ্ডৰ বিদ্যুত বিতৰণ কোম্পানীসমূহৰ ডিআইএচচিঅ’এম) ৰ মাজত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰ হিচাপত গঠন কৰা হৈছিল৷ চিএফএল যোগানকাৰীসকলে ডিআইএচচিঅ’এমৰ নিৰ্দ্ধাৰিত প্ৰজেক্ট এলেকাৰ ভিতৰত প্ৰতি চিএফএলত 15 টকা দৰত পৰিয়ালসমূহলৈ উচ্চমানৰ চিএফএল বিক্ৰি কৰিব৷ বিইইৰ দ্বাৰা কৰা তালিকৰ পৰা ডিআইএচচিঅ’এম য়ে চিএফএল যোগানকাৰীসকলক বাচনি কৰিব৷ এই আচঁনিৰ অধীনত ৬০ আৰু ১০০ ৱাটৰ শুভ্ৰ বাল্বসমূহহে ক্ৰমে ১১-১৫ ৱাট আৰু ২০-২৫ ৱাটৰ চিএফএলৰ দ্বাৰাহে মাত্ৰ স্থানান্তৰিত কৰিব পাৰি৷ বিইইয়ে প্ৰত্যেক প্ৰজেক্ট এৰিয়াৰ বিদ্যুত সঞ্চয়ৰ ওপৰত চোৱা-চিতা কৰে৷ এইটো আশা কৰা হৈছে যে, ডিআইএচচিঅ’এম এলেকাত প্ৰায় ৫০ লাখ চিএফএল স্থানান্তৰ কৰা হ”ব৷
উৎস:ইণ্ডিয়ান যোজনা
শেহতীয়া উন্নীতকৰণ: : 6/5/2020