অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাগৰীয় সোঁতৰ চুম্বকীয় ক্ষেত্ৰ :

সাগৰীয় সোঁতৰ চুম্বকীয় ক্ষেত্ৰ :

 

আমাৰ পৃথিৱীখনকে ধৰি সৌৰজগতৰ কেইটামান গ্ৰহৰ একো-একোখন চুম্বকীয় ক্ষেত্ৰ আছে। বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন- গেছেৰে গঠিত এই গ্ৰহকেইটাৰ চুম্বকীয় ক্ষেত্ৰ অতি শক্তিশালী (স্বাভাৱিক কাৰণতে বৃহস্পতিৰ সবাতোকৈ শক্তিশালী), পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখন মধ্যমীয়া, বুধৰ তেনেই দুৰ্বল। শুক্ৰ আৰু মঙল গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰ নাই বুলিবই পাৰি, জুখি উলিয়াবলৈকে টান। গ্ৰহবোৰৰ চুম্বকীয় ক্ষেত্ৰ থকাৰ ঘাই কাৰণ হ’ল গ্ৰহবোৰৰ অন্তৰ্ভাগত থকা বিদ্যুৎ পৰিবাহী গলিত ধাতু আৰু শিলৰ সংবহন গতি (convection) আৰু গ্ৰহবোৰৰ নিজৰ ঘুৰ্ণন গতিৰ (rotation) মাজত হোৱা আন্ত:ক্ৰিয়া। বুধৰ চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল এই কাৰণে যে ইয়াৰ ঘুৰ্ণন অতি শ্লথ। শুক্ৰগ্ৰহৰ অন্তৰ্ভাগৰ গলিত ধাতু আৰু শিলৰ গতি তেনেই সামান্য পৰিমাণৰ, আৰু মঙল গ্ৰহৰ অন্তৰ্ভাগত গলিত ধাতু আৰু শিল বৰ্তমান নায়েই, গোটেই গ্ৰহটো গোটমৰা এই কথাবোৰৰ কাৰণে এই দুটা গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰ জুখি উলিয়াবই নোৱাৰি , ইমানেই দুৰ্বল।

এসময়ত মঙল গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰ আছিল, ইয়াৰ ভুপৃষ্ঠত থকা শিলে সেই স্বাক্ষৰ এতিয়াও বহন কৰি আছে।

পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনে এখন চাদৰৰ দৰে গ্ৰহটোক আৰু ইয়াৰ জীৱকুলক আবৰি-সামৰি ৰাখি ৰক্ষা কৰি আছে। বেলিৰ বিকিৰিত হোৱা সৌৰবায়ুৰ সৈতে অহা আধানযুক্ত কণিকাবোৰৰ পৰা এই চুম্বকীয় ক্ষেত্ৰখনেই আমাক ৰক্ষা কৰি আছে। যদি এই আধানযুক্ত কণিকাবোৰ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই দিকভ্ৰ্ষ্ট কৰি বিচ্যুত নকৰিলেহেঁতেন, তেনেহ’লে সেই বিকিৰণে মানুহকে ধৰি পৃথিৱীৰ জীৱজগতৰ কিমান অপায়-অমংগল সাধিলেহেঁতেন তাৰ সীমা নাই। এই চুম্বকীয় ক্ষেত্ৰখন নথকা হ’লে মানুহে আধুনিক প্ৰযুক্তিৰ বিকাশতো বাধাৰ উপৰি বাধা পালেহেঁতেন , কিয়নো সৌৰবায়ুৰ আধানযুক্ত কণিকাবোৰে বিদ্যুৎ পৰিবাহী ব্যৱস্থা বিকল কৰি তুলিলেহেঁতেন আৰু উৰাজাহাজ, কৃত্ৰিম উপগ্ৰহ আদিৰ বিস্তৰ ক্ষয়-ক্ষতি সাধন কৰিলেহেঁতেন।

ওপৰৰ ইতিমধ্যে কোৱা হৈছে যে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ উৎপত্তিৰ ঘাই কাৰণ হ’ল পৃথিৱীৰ অন্তৰ্ভাগত থকা আধানযুক্ত গলিত ধাতু আৰু শিলৰ সংবহন গতি। কিন্তু ইয়াৰ লগতে পৃথিৱীৰ সাগৰকেইখনেও এই চুম্বকীয় ক্ষেত্ৰখনলৈ অৰিহণা আগবঢ়ায়। এই অৰিহণা তেনেই সামান্য, কিন্তু বিভিন্ন কথাৰ কাৰণে সেই অৰিহণাৰো অপৰিসীম গুৰুত্ব আছে। সাগৰৰ পানীত থকা লোণে বিদ্যুৎ পৰিবহন কৰিব পাৰে। সাগৰৰ পানীত আহিত কণিকা দ্ৰৱীভুত হৈ থাকে। আৰু সাগৰ কাহানিও স্থিৰ হৈ নাথাকে। সাগৰৰ পানীৰ সোঁত আছে, আছে ঢৌ- জোৱাৰ –ভাটা। কবি দেৱকান্ত বৰুৱাৰ ভাষাত ক’বলৈ গ’লে ‘বাধাহীন উৰ্মিমালা আছে দুৰ দিগন্ত বিয়াপি’। এই গোটেইবোৰ কথা ইটো সিটোৰে সৈতে লগ লাগি সাগৰৰ পানীৰো এখন সুকীয়া চুম্বকীয় ক্ষেত্ৰ আছে। অলপতে এদল বিজ্ঞানীয়ে সাগৰেনো কেনে ধৰণে আচাৰ-আচৰণ কৰে, তাৰ এক প্ৰত্যয়জনক গোলকীয় প্ৰতিচ্ছবি দাঙি ধৰিছে। এই বিজ্ঞানীসকলে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱৰ কাৰণে পৃথিৱীৰ খোলাত বিভিন্ন কণিকাবোৰ কেনেদৰে সজ্জিত হৈ পৰে, সেই বিষায়েও বিস্তৃত গৱেষণা কৰিছে আৰু তাৰ ত্ৰিবীমীয় মানচিত্ৰও প্ৰস্তুত কৰি উলিয়াইছে।

এই গৱেষণাই এতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ বিদ্যুৎ চুম্বকীয় ঘটনাৰাজিৰ বিষয়ে বিজ্ঞানীসকলক অধিক কথা জানিবলৈ সুযোগ দিব। সাগৰীয় সোঁতৰ চুম্বকীয় সংকেতে সাগৰৰ গভীৰত এক প্ৰকাৰৰ দুৰ্বল চুম্বকীয় সঁহাৰিৰ (weak magnetic response) সৃষ্টি কৰে বুলি বিজ্ঞানীসকলে দাবী কৰিছে। এই সঁহাৰিৰ সহায় লৈ আমাৰ গ্ৰহটোৰ শিলামণ্ডল (lithosphere) আৰু ভুত্বকৰ (upper mantle) এতিয়ালৈকে ৰহস্যময় হৈ থকা বিদ্যুৎ চুম্বকীয় পৰিঘটনাবোৰ বুজি পাব পৰা যাবও পাৰে। এই পৰিঘটনাবোৰ বুজি পালে পৃথিৱীৰ অন্তৰ্ভাগৰ গঠনৰ বিষয়ে অধিক তথ্য আহৰণ কৰিব পৰা যাব। পৃথিৱীৰ অন্তৰ্ভাগৰ গঠনৰ বিষয়ে অধিক তথ্য আহৰণ কৰিব পাৰিলে আমি ভুমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণৰ দৰে প্ৰাকৃতিক ঘটনাবোৰৰ বিষয়ে ভালকৈ জানিব পাৰিম।

এই গৱেষণাৰ ফলাফলে সবাতোকৈ গুৰুত্বপুৰ্ণ অৱদান আগবঢ়াব জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়ে চলি থকা গৱেষণালৈ । জলবায়ুৰ পৰিৱৰ্তনে সাগৰৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায়, সেই সম্পৰ্কে এতিয়া অধিক কথা জানিব পৰা যাব। এই কথা সৰ্বজনবিদিত যে সাগৰৰ পানীয়ে বায়ুৰ পৰা তাপ শোষণ কৰে। এই শোষিত তাপ সাগৰে কেনেকৈ বিতৰণ কৰে আৰু সংৰক্ষণ কৰে, বিশেষকৈ ইয়াৰ গভীৰতাৰ বিভিন্ন স্তৰত-সেই তথ্যই বিজ্ঞানীসকলক জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়ে ভালকৈ জানিবলৈ সুযোগ প্ৰদান কৰিব।

সাগৰীয় সোঁতৰ সৈতে জড়িত চুম্বকীয় ক্ষেত্ৰৰ এই গৱেষণাত ভাগ লৈছে ছুইজাৰলেণ্ডৰ জুৰিখৰ ইনষ্টিটিউট অব জিঅ’ফিজিক্স , ডেনমাৰ্কৰ টেকনিকেল ইউনিভাৰ্ছিটী আৰু আমেৰিকা যুক্তৰাজ্যৰ নাছা জিঅ’ডেছী এণ্ড জিঅ’ফিজিক্স লেবৰেটৰীৰ পাঁচগৰাকী বিজ্ঞানীয়ে। বিজ্ঞানীসকলে আলোচিত গৱেষণাৰ ফলাফলবোৰ যোৱা ১০ এপ্ৰিল তাৰিখে ভিয়েনাত অনুষ্ঠিত হোৱা ইউৰোপীয়ান জিঅ’ছায়েন্সেছ ইউনিয়ৰ বাৰ্ষিক সভাত প্ৰকাশ কৰিছে।

লেখক: বিপুলজ্যোতি শইকীয়া (দৈনিক অসম)

 

 

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate