অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৰলীকৃত পেট্ৰলিয়াম গেছ (এলপিজি) আৰু ইয়াৰ ব্যৱহাৰ

তৰলীকৃত পেট্ৰলিয়াম গেছ (এলপিজি) আৰু ইয়াৰ ব্যৱহাৰ

এলপিজি কি ?

তৰলীকৃত পেট্ৰলিয়াম গেছ (এলপিজি) হ‘ল হাইড্ৰ’কাৰ্বনৰ মিশ্ৰণ, যি পাৰিপাৰ্শ্বিক তাপ আৰু চাপত গেছীয় অৱস্থাত থাকে, কিন্তু এইবিলাক সহজে সংৰক্ষণ, নিয়ন্ত্ৰণ আৰু পৰিবহণ কৰিব পৰাকৈ নিয়ন্ত্ৰনাধীন তৰলীকৃত চাপত নলীকা সদৃশ পাত্ৰত ৰখা হয়৷ ইয়াক খাৰুৱা তেল শোধন কৰি বা প্ৰাকৃতিক গেছৰ দ্বাৰা লাভ কৰা হয়৷ বিউটেন আৰু প্ৰ’পেন হ’ল এলপিজিৰ মূল হাইড্ৰ’কাৰ্বন৷ সামান্য মাত্ৰাত অথবা আংশিক ভগ্নাংশত থকা আন আন উপাদানসমূহ হ’ল আইছ’- বিউটেন, বিউটিলিন, এন-বিউটেন, প্ৰ’পিলিন ইত্যাদি৷

এলপিজিৰ ব্যৱহাৰ সমূহ কি?

এলপিজিক নিৰাপদ, মিতব্যয়ী, পাৰিপাৰ্শ্বিক আৰু স্বাস্থ্যসন্মত ৰন্ধনৰ ইন্ধন হিচাপে গণ্য কৰা হয়৷ ঘৰুৱা ব্যৱহাৰৰ বাহিৰেও, এলপিজিক বিভিন্ন উদ্যোগিক আৰু ব্যৱসায় ভিত্তিক প্ৰয়োগত উপযুক্ত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়৷

বজাৰত উপলব্ধ এলপিজি চিলিণ্ডাৰৰ সঠিক আকাৰ কি?

সাধাৰণতে, এলপিজি চিলিণ্ডাৰসমূহ গ্ৰাম্য, পাহাৰীয়া আৰু দূৰ্গম অঞ্চলসমূহৰ বাবে ৫ কিলোগ্ৰামৰ চিলিণ্ডাৰত আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে ১৪.২ কিলোগ্ৰাম ওজনত পোৱা যায়৷ ব্যৱসায় আৰু উদ্যোগভিত্তিক ব্যৱহাৰৰ বাবে ১৯ কিলোগ্ৰাম আৰু ৪৭.৫ কিলোগ্ৰাম ওজনত পোৱা যায়৷ কিছুমান ব্যক্তিগত কোম্পানীয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে ১২ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ বিক্ৰী কৰে৷

ঘৰুৱা ব্যৱহৃত চিলিণ্ডাৰ বাহন, অন্য এলপিজি চালিত ব্যৱহাৰত অথবা অন্য অ-ঘৰুৱা উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি নেকি?

এলপিজি নিয়ন্ত্ৰণ নিৰ্দেশ অনুযায়ী ঘৰুৱা ব্যৱহাৰৰ এলপিজি বাহনত অথবা অন্যান্য অ-ঘৰুৱা ব্যৱহাৰ কৰা নিষেধ৷

ভাৰতবৰ্ষৰ ঘৰুৱা ব্যৱহৃত এলপিজিৰ বজাৰত কোন কোন কোম্পানী জড়িত হৈ আছে?

কিছুমান মূখ্য ব্যক্তিগত খণ্ডৰ কোম্পানী হৈছে:

ব্যক্তিগত খণ্ডৰ কোম্পানীৰ উদাহৰণ হৈছে

নতুন ঘৰুৱা এলপিজি সংযোগৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী

ঘৰুৱা সংযোগৰ বাবে, বজাৰত ঘৰুৱা এলপিজি সংযোগৰ বাবে উপলব্ধ কোম্পানীবিলাকৰ কোনো এটা ডীলাৰৰ লগত সংযোগ স্থাপন কৰক৷ আপোনাৰ কাষৰ ডীলাৰৰ বিষয়ে জানিবলৈ নিৰ্দিষ্ট কোম্পানীৰ ৱেবছাইট চাওঁক৷

যেতিয়া এটা নতুন সংযোগৰ বাবে আৱেদন কৰিব, তেতিয়া নিম্নলিখিত যিকোনো নথি-পত্ৰ আপোনাৰ বাসস্থানৰ প্ৰমাণ হিচাপে আগবঢ়োৱাৰ প্ৰয়োজন হ’ব:

ৰেচন কাৰ্ড, ইলেকট্ৰিচিটি বিল, টেলিফোন বিল, পাচপৰ্ট, নিয়োগকাৰীৰ প্ৰমান পত্ৰ, ফ্লেট অনুমোদন/আবন্টনৰ নথি-পত্ৰ, বাসগৃহ ৰেজিষ্ট্ৰেশ্যনৰ নথিপত্ৰ, এলআইচি পলিচি, ভোটাৰ পৰিচয় পত্ৰ, ভাড়াঘৰৰ ৰচিদ, আয়কৰ বিভাগে আগবঢ়োৱা পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ৷ কিছুমান নিৰ্দিষ্ট ৰাজ্যত নতুন সংযোগৰ ক্ষেত্ৰত ৰেচন কাৰ্ড দিয়াটো বাধ্যতামূলক৷

চিলিণ্ডাৰ আৰু ৰেগুলেটৰৰ বাবদ চিকিউৰিটী ডিপজিত কৰাটো বাধ্যতামূলক৷ চিকিউৰিটী ডিপজিটৰ বাবদ ক্ৰয় ৰচিদ আগবঢ়োৱা হ’ব৷ ৰচিদখন নিৰাপদভাৱে ৰখাটো আৱশ্যক, যিহেতু সংযোগটোৰ ভৱিষ্যতৰ স্থানান্তৰকৰণৰ বাবে ইয়াৰ প্ৰয়োজন হ'ব৷

ঘৰুৱা এলপিজি সংযোগ স্থানান্তৰকৰণৰ বাবে প্ৰয়োজনীয় পদ্ধতি কি?

ক্) নগৰৰ ভিতৰত অথবা নিৰ্দিষ্ট সংযোগী নগৰৰ মাজত

  • সংযোগ আগবঢ়োৱা ডিষ্ট্ৰিবিউটৰে সংযোগৰ ছাবস্ক্ৰীপচন ভাউচাৰ (এচভি)ওপৰত এখন স্থানান্তৰৰ পত্ৰ দিব৷
  • স্থানান্তৰকৰণৰ নথি-পত্ৰৰ সৈতে ছাবস্ক্ৰীপচন ভাউচাৰ নতুন ডিষ্ট্ৰিবিউটৰক সমৰ্পণ কৰা উচিত৷ নতুন ডিষ্ট্ৰিবিউটৰে মূল এচভি নিশ্চিত কৰিব আৰু স্থানান্তৰকৰণত অনুমোদন জনাব৷ স্থানান্তৰ আৰু এচভি নথি-পত্ৰ নিৰাপদভাবে থোৱা উচিত৷
  • ইয়াত, সামগ্ৰী (চিলিণ্ডাৰ+ৰেগুলেটৰ) সমৰ্পণ কৰাৰ প্ৰযোজন নাই, কিন্তু গ্ৰাহকে তেওঁ/তাইৰ নিজৰ স্থানলৈ কঢ়িয়াই আনিব লাগিব৷

খ্) বহু দূৰত্বৰ স্থানলৈ সংযোগ স্থানান্তৰিতকৰণ

  • এখন আৱেদন পত্ৰসহ ছাবস্ক্ৰীপচন ভাউচাৰ আগবঢ়ালে, চলিত স্থানৰ ডিষ্ট্ৰিবিউটৰে টাৰমিনেচন ভাউচাৰ (টিভি) দিব৷ তেওঁ/তাইক তেওঁৰ লগত থকা সামগ্ৰী (চিলিণ্ডাৰ আৰু ৰেগুলেটৰ) সমৰ্পণ কৰিলে এচভিত উল্লেখ থকা জমা ধনৰাশি ঘূৰাই দিব৷
  • টিভিত উল্লেখ থকা ধনৰাশি নতুন স্থানত জমা দিলে নতুন সংযোগ আগবঢ়াব পৰা যায়৷

এলপিজি স্থাপন কৰাৰ সময়ত মনত ৰাখিবলগীয়া বিষয়সমূহ কি কি?

যি স্থানত আপুনি গেছ স্থাপন কৰিব সেইয়া অতি প্ৰয়োজনীয়৷ যদি তলৰ সাৱধানতাখিনি অৱলম্বন কৰা হ’য়, তেন্তে ই ৰান্ধনিশালত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ এক বীমা হিচাপে পৰিগণিত হ’ব৷

  • এলপিজি ব্যৱহাৰ কৰা কোঠা/ৰান্ধনিশাল বায়ু চলাচলৰ উন্নত সুবিধাযুক্ত আৰু ই মূখা-মূখিকৈ বায়ু চলাচল কৰিব পৰা হোৱা উচিত৷ খিৰিকী আৰু দুৱাৰ বন্ধ কোঠাত কেতিয়াও এলপিজি ব্যৱহাৰ কৰিব নালাগে৷
  • ইয়াক এনে সুবিধাজনক স্থানত স্থাপন কৰা উচিত যাতে চিলিণ্ডাৰ, প্ৰেচাৰ প্ৰদান কৰা ৰেগুলেটৰ আৰু ৰবৰৰ টিউব সহজসাধ্য অৱস্থাত থাকে৷
  • চিলিণ্ডাৰ মজিয়াত স্থাপন কৰিব লাগে আৰু মজিয়াৰ নিম্নাংশত অথবা মাটিৰ তলত অথবা ভূগৰ্ভস্থ কক্ষত স্থাপন কৰিব নালাগে৷
  • যদি চিলিণ্ডাৰ কাপবৰ্ডৰ লগত স্থাপন কৰা হয়, তেতিয়া কাপবৰ্ড সংলগ্ন মজিয়া আৰু তাৰ ওপৰৰ দুয়ো স্তৰৰ মাজত  বায়ু চলাচল কৰিব পৰা ব্যৱস্থা থাকিব লাগে৷ আধা অংশৰ এটা ফোটাই ইয়াৰ বাবে যথেষ্ট৷
  • ৰন্ধন সামগ্ৰী মজিয়াত স্থাপন নকৰিব৷ এনে ব্যৱহাৰিক সামগ্ৰী সদায় এক সুবিধাজনক উচ্চতাত টেবুল অথবা শ্লেবত স্থাপন কৰা উচিত যাতে ঠিয় হৈ থকা অৱস্থাত ৰন্ধন সম্ভৱ হয় ৷কাঠেৰে ওপৰ অংশ আবৃত টেবুল ব্যৱহাৰ নকৰিব৷  যদি টেবুলখন কাঠৰ হয়,তেন্তে এটা এচবেচটচৰ চীট টেবুলৰ ওপৰত ব্যৱহাৰ কৰক আৰু ইয়াৰ ওপৰত স্তভ স্থাপন কৰক৷
  • ৰন্ধন সামগ্ৰী পোনপটীয়াকৈ খিৰিকীৰ সন্মুখত স্থাপন নকৰিব৷ এনে কৰিলে কোঠাটোৰ ভিতৰত বতাহৰ ফলত  এলপিজিৰ শিখা নুমাব বা বৃদ্ধি হ’ব পাৰে৷
  • ৰন্ধন সামগ্ৰী টেবুল বা শ্লেবৰ ওপৰত এখন মুকলি বেৰ সংলগ্ন কৰি স্থাপন কৰা উচিত৷ ৰন্ধন সামগ্ৰীৰ পিছৰ অংশ বেৰখনৰ ফালে হোৱা উচিত৷ বেৰখনত কোনো ধৰণৰ শ্লেভ অথবা চামুচৰ আদিৰ ৰেক থকা উচিত নহয়৷ বেৰখনৰ ওপৰত এনে কোনো সামগ্ৰী ৰখাৰ ফলত জ্বলি থকা স্তভৰ জুইয়ে ইয়াক অধিকৃত কৰাৰ সম্ভাৱনা থাকে৷
  • দুটাতকৈ অধিক চিলিণ্ডাৰ একেটা কোঠাতে ৰখা অনুচিত৷ দুটা চিলিণ্ডাৰ ৰাখিবলৈ ৰন্ধনশালৰ নুন্যতম পৰিসীমা ১০ বৰ্গফুট হোৱা আৱশ্যক৷
  • চিলিণ্ডাৰ সদায় ভাল্ভ ওপৰমুৱাকৈ ৰাখি উলম্বভাৱে ৰাখক৷ যদি অন্য কোনো বেলেগ ধৰণেৰে ৰখা হয় তেনেহোলে চিলিণ্ডাৰৰ মুকলি ভাল্ভৰে তৰলীকৃত এল পি জি নিৰ্গত হৈ ভয়ানক পৰিস্থিতিৰ উদ্ভব হব পাৰে৷
  • এক বৰগমিটাৰ পৰিসীমা ভিতৰত অন্য কোনো ধৰনৰ তপতোৱা সজুঁলি যেনে ইলেকট্ৰীক অ’ভেন, কেৰাচিন স্তভ ইত্যাদি ৰাখিব নালাগে৷
  • চিলিণ্ডাৰ ৰ’দ, বৰষুণ, ধূলি আৰু তাপ সংযোগত নাৰাখিব৷
  • চিলিণ্ডাৰৰ ওপৰত যিকোনো পাত্ৰ /সজুঁলি / কাপোৰ ইত্যাদি নাৰাখিব৷
  • সদায় নিৰাপত্তা বজাই ৰাখক/ ওপৰৰ ৰিং প্লেটৰ লগত ছিকিউৰিটী কেপ সংলগ্ন কৰি ৰাখক,যাতে কেতিয়াবা ভাল্ভৰ যোগেদি হ’ব পৰা নিৰ্গমন ওপৰত সংযোগীত হৈ থকা কেপটোৱে বন্ধ কৰিব পাৰে৷
  • খালী অথবা ভৰত্তি চিলিণ্ডাৰ ভাল্ভৰ ওপৰত কেপ বিহীন ভাৱে নাৰাখিব৷
  • প্ৰেচাৰ ৰেগুলেটৰ পৰিচালনাৰ ক্ষেত্ৰত তাৰ ওপৰৰ নিৰদেশক প্লেটত দিয়া নিয়মাৱলী সদায় মানি চলক৷

এলপিজি চিলিণ্ডাৰ ব্যৱহাৰৰ সাধাৰণ কৌশলসমূহ কি কি?

i. খালী হোৱা চিলিণ্ডাৰ সংযোগবিহীন কৰক

  • ৰান্ধনিশাল বা তাৰ লগত সংলগ্ন কোঠাৰ সকলোধৰণৰ শিখা যেনে,গন্ধযুক্ত শিখা, মম, পূজাৰ লেম্প আদি নুমাই ৰাখক৷
  • ৰন্ধন স্তভৰ সকলো টেপ বন্ধ কৰি ৰাখক৷
  • ৰেগুলেটৰৰ চুইটচ অন অৱস্থাৰ পৰা অফ অৱস্থালৈ নিয়ক
  • সাধাৰণ ঘূৰ্ণনৰ দ্বাৰা ৰেগুলটৰ ঘূৰাওঁক আৰু তাৰ বুশ্ব (ক’লা প্লাষ্টিক লকিং ৰিং) পৰিচালনা কৰক৷ এনে কৰাৰ ফলত ৰেগুলেটৰটো চিলিণ্ডাৰৰ ওপৰৰ ভাল্ভৰ পৰা সংযোগ বিচ্ছিন্ন হ’ব
  • চিলিণ্ডাৰৰ ওপৰত চেফটী প্লাষ্টিক কেপ স্থাপন কৰক৷ স্পষ্ট এটা শব্দ নুশুনালৈকে কেপটো তললৈ হেঁচি ৰাখক৷ এতিয়া খালী চিলিণ্ডাৰ আতঁৰাই আনক৷

iii. ভৰ্ত্তি চিলিণ্ডাৰ সংযোগ কৰক

  • চেফটী কেপটো আতঁৰাবলৈ, ইয়াক তললৈ হেঁচি ৰাখক, কৰ্ডডাল টানক আৰু  ধৰি ৰাখক, চিলিণ্ডাৰৰ ভাল্ভৰ কেপ ওপৰলৈ তুলি আনক
  • চিলিণ্ডাৰৰ ভিতৰত চীল কৰা ৰিং স্থাপন কৰা হৈছে নে নাই তাক আপোনাৰ কেঞাঁ আঙুলিটো ভৰাই চাই পৰীক্ষা কৰক৷ যদি চিলিণ্ডাৰত চেফটী কেপটো স্থাপন কৰা নাই তেন্তে তাক  ব্যৱহাৰ নকৰিব, চেফটী কেপ অফ কৰি ৰাখক আৰু চিলিণ্ডাৰটো সলনি কৰি দিবলৈ আপোনাৰ ড্ৰীষ্ট্ৰীবিউটৰৰ লগত যোগাযোগ কৰক
  • ভৰ্ত্তি চিলিণ্ডাৰত ৰেগুলেটৰ  লগোৱাৰ ক্ষেত্ৰত তলৰ স্তৰকেইটা মানি চলক:
  • ৰেগুলেটৰৰ চুইচটো অফ হৈ থকাটো নিশ্চিত কৰক৷
  • ৰেগুলেটৰটো হেচিঁ ধৰক আৰু প্লাষ্টীক অংশটো টানি আনক৷
  • ভাল্‌ভ ওপৰত ৰেগুলেটৰটো উলম্ব ভাৱে লগাওঁক আৰু চিলিণ্ডাৰৰ ওপৰৰ ভাল্‌ভৰ ছয়কোণীয়া কাষকেইটা সধাৰণভাৱে স্পৰ্শ নকৰালৈকে তাক হেচাঁ প্ৰয়োগ কৰি ধৰি ৰাখক৷ ক’লা প্লাষ্টিক বুশ্বডাল খুলি দিয়ক আৰু ইয়াৰ পিছত তললৈ হেঁচি দিয়ক৷ (আপুনি কিটিককৈ এটা শব্দ শুনা পাব)
  • প্ৰেচাৰ ৰেগুলেটৰটো চিলিণ্ডাৰটোত লক্ হৈ যাব৷

iv. বাৰ্ণাৰটো জ্বলাবৰ বাবে

  • ৰেগুলটৰটো অন্ নোহোৱালৈকে ঘড়ীৰ ওলোটা দিশত চুইচটো ঘুৰাওক৷
  • বাৰ্ণাৰটোৰ কাষত জ্বলি থকা জুইশলাৰ কাঠিডাল ৰাখক আৰু ষ্ট’ভৰ চুইচটো অন লিখা ঠাই টুকুৰালৈ ঘুৰাওক৷

v. অন্য

  • ৰন্ধা কাম কৰি থকাৰ সময়চোৱাত নাইলন বা তেনেধৰণৰ কাপোৰ নিপিন্ধিব৷
  • ব্যৱহাৰ কৰি থকাৰ সময়চোৱাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ এৰি থৈ নাযাব৷
  • গেছৰ সৈতে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ মেৰামতি কৰা, পৰীক্ষা কৰা বা নকল বস্তু নলগাব ৷
  • ৰন্ধন শেষ হোৱাৰ পিচত অথবা ৰাতিৰ সময়ছোৱাত কেতিয়াওঁ ৰেগুলেটৰ অন অৱস্থাত নাৰাখিব৷
  • স্তভ জলোৱাৰ আগমূহুৰ্ত্তত এলপিজিৰ নিৰগতৰ গোন্ধ পাই নেকি তাৰ উমান লওক৷
  • নিগনি, পইতাচোঁৰা আদিৰ পৰা হাত সাৰিব পৰাকৈ যত দূৰ সম্ভৱ পাকঘৰটো পৰিস্কাৰকৈ ৰাখক৷

গ্ৰাহকসকলৰ নিৰাপত্তাৰ সাধাৰণ কৌশলসমূহ কি কি?

i. ৰবৰ টিউব আৰু প্ৰেচাৰ ৰেগুলেটৰৰ বিষয়ে মনত ৰাখিবলগীয়া কথা

  • ই অনুমোদিত মানসম্পন্ন হোৱা উচিত৷ (ISI / BIS মাৰ্ক)
  • কোনো অনুমোদিত বিতৰণকাৰীৰ পৰা  BIS অনুমোদিত ৰবৰ টিউব আৰু ৰেগুলেটৰ ব্যৱহাৰ কৰক৷
  • ই যিমান সম্ভৱ চুটি হোৱা উচিত৷ সৰ্বাধিক দৈৰ্ঘ্য প্ৰায় ১.৫ মিটাৰ হোৱা উচিত৷
  • নিশ্চিত হওঁক যে আপোনাৰ ব্যৱহৃত সামগ্ৰীৰ নজেল আৰু ৰেগুলেটৰৰ নজেল একে দিশতে আছে আৰু আৰু ৰবৰৰ টিউবৰ ব’ৰ শুদ্ধভাৱে ব্যৱহাৰ হৈছে৷ আপোনাৰ ডীলাৰে আপোনাক এই দিশবিলাকৰ ব্যৱহাৰৰ উপদেশ আগবঢ়াব৷
  • পৰীক্ষা কৰিবলৈ ই সহজসাধ্য হোৱা উচিত৷
  • তাপ আৰু জুইৰ পৰা ইয়াক দূৰত্বত ৰাখক৷
  • স্তভ আৰু ৰেগুলেটৰৰ  নজেলে সম্পূৰ্ণ  দৈৰ্ঘ্য  অতিক্ৰম কৰিব পৰাকৈ ইয়াক হেচিঁ ধৰক৷
  • বাৰ্ণাৰৰ দ্বাৰা ই যাতে গৰম হ’ব নোৱাৰে অথবা ই মেৰ /পাক খাই আছে নেকি তাক নিশ্চিত কৰক৷
  • ইয়াক কেৱল মাত্ৰ সেমেকা কাপোৰেৰে পৰিষ্কাৰ কৰক৷ বিন্ধাটোৰ ওপৰেদি টিউবটো পৰিষ্কাৰ কৰিবৰ বাবে চাবোন ব্যৱহাৰ নকৰিব৷
  • ভঙা, বিন্ধা, কোমল হোৱা আদি নিয়মীয়াকৈ পৰীক্ষা কৰি থাকক৷
  • প্ৰতি দুইবছৰ বা ইয়াৰ পূৰ্বে টিউব সলনি কৰক৷
  • ৰাবাৰ টিউবৰ ঠাইটুকুৰা অন্য বস্তুৰ দ্বাৰা পূৰণ নকৰিব৷
  • প্ৰেচাৰ ৰেগুলেটৰটো অতি দৰকাৰী বস্তু৷ ই চিলিণ্ডাৰৰ ভেলভৰ সৈতে সংযোগ হৈ থাকে৷ চিলিণ্ডাৰৰ পৰা ওলাই অহা গেছক ই ৰেগুলেট কৰে আৰু ইয়াক একেধাৰে ইয়াক চৌকাটোলৈ যোগান ধৰে৷

ii. গেছ চিলিণ্ডাৰ লওঁতে মনত ৰাখিবলগীয়া কথা

  • কোম্পানীৰ ছিল আৰু ছেফটি কেপৰ সৈতে চিলিণ্ডাৰটো আহিছে নে নাই পৰীক্ষা কৰক
  • যদি আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰে, সেই বিষয়ে জ্ঞাত নহয়, তেতিয়া চিলিণ্ডাৰ দিয়া মানুহজনক সোধক
  • চিলিণ্ডাৰটো সমান ঠাইত ৰাখক

iii. গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ আগত মনত ৰাখিবলগীয়া কথা

  • ৰাবাৰৰ ‘O’ ৰিংটো চিলিণ্ডাৰ ভেলভৰ ভিতৰত সুমাই থকাটো নিশ্চিত কৰক
  • দেখা পোৱা কোনো লিকেজ আদি - চকুৰে চাই, চাবোন আদি লগাই, নাকেৰে গোন্ধ লৈ - আছে নেকি পৰীক্ষা কৰাওক
  • লিকেজ পৰীক্ষা কৰিবৰ বাবে জ্বলি থকা জুইশলা ব্যৱহাৰ নকৰিব
  • চিলিণ্ডাৰটো ওপৰ মুৱাকৈ মাটিৰ সমান বতাহ অহা-যোৱা কৰিব পৰা স্থানত ৰাখি পৰীক্ষা কৰক
  • কেবিনেটত এল.পি.জি. চিলিণ্ডাৰটো স্থাপন নকৰিব
  • এল.পি.জি. ষ্ট’ভটো সদায় পাকঘৰৰ শ্লেবত চিলিণ্ডাৰতকৈ ওপৰৰ স্থানত ৰাখক
  • অন্য গৰম হোৱা বস্তুৰ পৰা চিলিণ্ডাৰটো আঁতৰাই ৰাখক

iv. গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ পাছত কৰিবলগীয়া কাম

  • চিলিণ্ডাৰটো ব্যৱহাৰ নকৰাৰ সময়চোৱাত ৰেগুলেটৰৰ চুইচটো ‘অফ’ কৰি ৰাখক।
  • খালী হৈ থকা চিলিণ্ডাৰ ঠাণ্ডা আৰু ভালকৈ বতাহ চলাচল কৰিব পৰা ঠাইত চেফটী কেপ অন অৱস্থাত ৰখা উচিত৷

যদি কোনো এজনে গেছৰ গোন্ধ পাই, তেন্তে কি কৰা উচিত?

এলপিজি বৰণবিহীন আৰু গোন্ধবিহীনভাৱে গেছীয় অৱস্থাত থাকে৷ সেয়ে এক বিশেষ গোন্ধ ইয়াৰ লগত যোগ কৰা হয়, যাতে, কোনো প্ৰকাৰৰ নিৰ্গমন সংঘটিত হ’লে তাক গোন্ধৰ দ্বাৰা সহজে চিনাক্ত কৰিব পৰা যায়৷ ইয়াৰ গোন্ধ জ্বলন সীমাৰ ১/৫ গুণ লঘূততালৈকে বায়ুত চিনাক্ত কৰিব পৰা যায়৷
যদি গেছৰ গোন্ধ পোৱা যায়,

  • জুই নজ্বলাব
  • বৈদ্যুতিক ছুইটছসমূহৰ ব্যৱহাৰ নকৰিব৷প্ৰধান বৈদ্যুটিক সংযোগ বাহিৰৰ পৰা বিভক্ত কৰাৰ ব্যৱস্থা কৰক৷
  • স্তভ অফ অৱস্থাত থকাটো নিশ্চিত কৰক৷
  • এলপিজি নিৰ্গমণৰ উমান পালে জুইশলা কাঠি ব্যৱহাৰ নকৰিব৷ সকলো ধৰণৰ প্ৰজ্বলন শিখা, লেম্প, সুগন্দ্ধিত কাঠি আদি নুমুৱাই থওঁক৷
  • প্ৰেচাৰ ৰেগুলেটৰৰ ন্‌ব ঘড়ীৰ কাটাৰ দিশত ঘূৰাই অফ অৱস্থলৈ আনি চুইটচ অফ কৰি ৰাখক৷
  • সকলো দুৱাৰ আৰু খিৰিকী খুলি দিয়ক৷
  • যদি গোন্দ্ধ অব্যাহত থাকে,তেন্তে অফিচৰ সময়ৰ ভিতৰতে আপোনাৰ গেছ বিতৰণকাৰীক মাতক৷ অফিচ সময়ৰ পিচত আৰু বন্ধ বাৰত জৰুৰীকালীন সময়ত আপোনাৰ নিচেই কাষতে থকা জৰুৰী কালীন সেৱা কোষক অনুগ্ৰহ কৰি খবৰ দিয়ক৷
  • এজন অভিজ্ঞ ব্যক্তিয়ে ৰেগুলেটৰটো সংযোগবিহীন কৰিব পাৰিব৷ ভাল্ভৰ ওপৰত চেফটী কেপটো সংযোগ কৰক৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate