অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসূতি আইন ১৯৬১

প্ৰসূতি আইন ১৯৬১

প্ৰসূতি আইন ১৯৬১ অনুসৰি কিছুমান স্ংস্থাপনত মহিলা নিযুক্তি আৰু প্ৰসৱকালীন সুবিধা হিচাপে মজুৰি দিয়াৰ ব্যৱস্থা এই আইনে নিয়ন্ত্ৰণ কৰে। এই আইন কোনো কাৰখানা, বাগিছা নাইবা কোনো চৰকাৰী প্ৰতিষ্ঠানত কাম কৰা মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

২ ন্ং ধাৰা অনুসৰি, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে আগবঢ়াব পৰা সুবিধা হ’ল-

১) যিকোনো প্ৰতিষ্ঠান

২) প্ৰতিষ্ঠানৰ শ্ৰেণী- ঔদ্যোগিক, বাণিজ্যিক, কৃষি বা অন্যান্য খণ্ডত।

স্ংশোধিত প্ৰসূতি আইন ১৯৮৮ মতে যিসকল মহিলা শ্ৰমিকে ৮০ দিনৰ বেছি দিন কাম কৰে, সেইসকলে বাৰ মাহত তৎকালীনভাবে কিছুমান, সুবিধা পায়-

১) এগৰাকী মহিলা শ্ৰমিকে প্ৰসৱকালীন অনুপস্থিতিৰ কাৰণে সম্পূৰ্ণ মজুৰি সহ প্ৰসৱৰ ছয় সপ্তাহ আগতে আৰু ছয় সপ্তাহ পিছত ছুটী লাভ কৰিব।

২) নিযুক্তি চিকিত্সা ব’নাচ হিচাপে ২৫০,০০ টকা প্ৰসৱৰ আগত আৰু প্ৰসৱৰ পাছত দিব লাগিব।

৩) গৰ্ভপাত হ’লে এগৰাকী মহিলা শ্ৰমিকে, প্ৰসৱ কালীন ছুটীৰ নিচিনাকৈ সুবিধা পোৱাৰ লগতে গৰ্ভপাত হোৱাৰ দিন ধৰি তত্কালীনভাবে ছয় সপ্তাহৰ ছুটী পায়।

৪) গৰ্ভধাৰনৰ সময়ত যদি জ্বৰ ইত্যাদি প্ৰসৱকালীন সমস্যাৰ সৃষ্টি হয়, তেতিয়া মজুৰিসহ এমাহৰ ছুটী লাভ কৰিব।

৫) যদি প্ৰসৱৰ সময়ত মহিলা গৰাকীৰ মৃত্যু হয়, নাইবা গৰ্ভজাত সন্তানৰ মৃত্যু হয় তেতিয়াও প্ৰসৱকালীন সুবিধসমূহ লাভ কৰে।

উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate