অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অক্ষয় পাত্ৰ

অক্ষয় পাত্ৰ

অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ ইতিহাস

আমাৰ ফাউণ্ডেচনৰ ইতিহাস কৰুণা আৰু সহানুভূতিৰ এটি কাহিনীৰে আৰম্ভ হয় -

এদিন মায়াপুৰ নামৰ কোলকাতাৰ ওচৰৰ এখন গাওঁত, মহান দয়ালুএ.চি. ভক্তিবেদান্ত স্বামী প্ৰভুপদ দেৱে খাদ্যৰ টুকুৰাৰ বাবে শিশুৰ দল এটিয়ে বাটৰ কুকুৰৰ সৈতে কাজিয়া কৰি থকা দেখা পালে। এই সাধাৰণ অথচ হৃদয়বিদাৰক ঘটনাৰ পৰা এটি সংকল্পই জন্ম ললে যে : আমাৰ কেন্দ্ৰৰ দহ মাইল ব্যাসাৰ্ধৰ ভিতৰত কোনো শিশু ভোকত থাকিব নালাগিব।

তেখেতৰ অনুপ্ৰেৰণামূলক সংকল্পই আমাক Akshaya Patra ফাউণ্ডেচন সৃষ্টি কৰাত সহায় কৰিলে,ইয়াৰ আজিৰ ৰূপত।

জুন 2000 চনত, Akshaya Patra ফাউণ্ডেচনে বাংগালোৰ, কৰ্ণাটকাতমিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমআৰম্ভ কৰিলে।প্ৰণয়নৰ প্ৰাৰম্ভিক দিনসমূহ সংস্থাটোৰ বাবে সুকলমে আগুৱাই যাব পৰা বিধৰ নাছিল, কিন্তু সোনকালেই, দুজন লোকৰ সহায়ৰ হাত আগুৱাই আহিল, মোহনদাস পাইৰ , যিজনে বিদ্যালয়লৈ খাদ্য পৰিবহন কৰাৰ বাবে প্ৰথমখন গাড়ী দান কৰাৰ উদ্যোগ গ্ৰহণ কৰিলে আৰু অভয় জৈন, যিজনে কাৰ্য্যক্ৰমৰ বিস্তাৰৰ বাবে অৰিহণা যোগাবলৈ আৰু বেছিসংখ্যক দাতাপোৱাৰ প্ৰতিশ্ৰুতি দিলে।

এই মহান ইচ্ছাৰ অনুসৰণত, কাৰ্য্যক্ৰমটোৱে এই লক্ষ্য আকোঁৱালি ললে যে - “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব।”

বাংগালোৰৰ পাঁচখন চৰকাৰী বিদ্যালয়ৰ 1500 শিশুক মিড্-ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰাৰ দ্বাৰা এই বিনম্ৰ আৰম্ভণিৰ সূত্ৰপাত হল।

আজি, ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ অংশীদাৰী, তথা  কেইবাজনো পৰোপকাৰী দাতাৰ উদাৰতাৰ ফলস্বৰূপে; সংস্থাটোৱে বিশ্বৰ অন্যতম সৰ্ববৃহৎমিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম চলাই আছে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীৰ ওপৰত নিৰ্মিত, Akshaya Patra -ই বিদ্যালয়ত পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰ বিতৰণ কৰিবৰ বাবে ভাল পৰিচালনা, নতুনত্বপূৰ্ণ প্ৰযুক্তিবিদ্যা আৰু চতুৰ অভিযান্ত্ৰিকীৰসনম্বয়সাধন কৰিছে।

সংস্থাটোৱে প্ৰতিদিনে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইৰ 10,000 খন চৰকাৰী বিদ্যালয়ৰ যোগেদি 1.3 মিলিয়ন সুবিধাবঞ্চিত শিশুক সতেজভাৱে ৰন্ধা, স্বাস্থ্যকৰ আহাৰ বিতৰণ কৰে।

আমাৰ প্ৰসাৰ

আজি Akshaya Patraই ভাৰতবৰ্ষৰ 9 খন ৰাজ্যৰ 21 খন ঠাইৰ1,347,513 জন শিশুলৈ বিয়পি পৰিছে, যিসকলক এই সংস্থাই প্ৰতিটো বিদ্যালয় খোলা থকা দিনত সোৱাদযুক্ত, পুষ্টিকৰ, সতেজভাৱে তৈয়াৰী মধ্যাহ্ন ভোজন প্ৰদান কৰে। বৰ্তমানে, এইটো কাৰ্য্যক্ৰম দেশৰ 10,050 খন বিদ্যালয়ত প্ৰণয়ন কৰা হৈছে, আৰু 2020 চনলৈকে 5 মিলিয়নশিশুক আহাৰ প্ৰদান কৰাৰ আমাৰ মিছন পূৰণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতিখন ঠাইতে আমাৰ কাম-কাজ বিষয়ে বিশদভাৱে জানিবলৈ নিৰ্দিষ্ট ৰাজ্যখনত ক্লিক কৰক।

ৰাজ্য/অৱস্থান

শিশুৰ সংখ্যা

বিদ্যালয়ৰ সংখ্যা

ৰান্ধনীঘৰৰ প্ৰকাৰ

অন্ধ্ৰ প্ৰদেশ

60,098

461

বিশাখাপট্টনম

5,249

7

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

হাইদৰাবাদ

54,849

454

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

অসম

53,649

592

গুৱাহাটী

53,649

592

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

ছত্তীশগঢ়

23,674

160

ভিলাই

23,674

160

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

গুজৰাট

400,158

1,653

গান্ধীনগৰ

121,508

666

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

বদোদৰা

113,593

616

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

চুৰাট

165,057

371

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

কৰ্ণাটক

460,046

2,627

বাংগালোৰ

184,530

1,055

কেন্দ্ৰীভূত ৰান্ধনীঘ

বেলাৰী

115,945

575

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

হুবলী

126,693

789

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

মাংগালোৰ

19,043

145

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

মৈচুৰ

13,835

63

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

উৰিষ্যা

80,415

1,000

পুৰী

55,835

648

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

Nayagarh

24,580

352

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

ৰাজস্থান

129,493

1,682

জয়পুৰ

92,763

1,081

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

নাথদ্বাৰা

25,274

435

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

বাৰান

11,456

166

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

উত্তৰ প্ৰদেশ

139,262

1,874

বৃন্দাবন

139,262

1,874

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

তামিল নাডু

718

1

চেন্নাই

718

1

কেন্দ্ৰীভূত ৰান্ধনীঘৰ

সৰ্বমূঠ

1,347,513

10,050

প্ৰশাসন

Akshaya Patra-ৰ প্ৰশাসনীয় দৰ্শনে এনে কিছুমান আইন, নীতি আৰু নিয়মাৱলী আৰু ভাল পদ্ধতিৰ সমূহক বুজায় যিবোৰে এটি সংস্থাক কাৰ্য্যকাৰীভাৱে তথা নৈতিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু ইয়াৰ সকলো হিতধাৰকৰ বাবে মূল্য সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে।

Akshaya Patra ফাউণ্ডেচনত, আমি এই বিশ্বাসৰ প্ৰতি উৎসৰ্গীত হওঁ যে সৰ্বোত্তম প্ৰশাসন পদ্ধতিসমূহ গ্ৰহণ কৰাটোৱে আমাক বহুদূৰলৈ আগুৱাই নিব। আমি কেৱলমাত্ৰ প্ৰকৃত অৰ্থত বিশ্ব-শ্ৰেণীৰ অ-লাভজনক সংস্থাৰূপে পৰিগণিত হোৱাৰ আকাংক্ষা নকৰোঁ, কিন্তু লগতে আমি এনে প্ৰশাসন আৰ্হিও অনুসৰণ কৰোঁ যিটো বিশ্ব-শ্ৰেণীৰ হয়।

আমাৰ প্ৰশাসন অনুশীলনসমূহে আমাৰ মূল্য পদ্ধতিত গভীৰভাৱে বদ্ধমূল হৈ ৰোৱা ন্যাসৰক্ষা সংস্কৃতিক প্ৰতিফলিত কৰে। মূল দৰ্শন 4 টা প্ৰাথমিক সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত হয়:

  • ফাউণ্ডেচন আৰু হিতধাৰকসকলৰ প্ৰতি বোৰ্ডৰ দায়বদ্ধতা
  • সকলো হিতধাৰকক সমান আৰু ন্যায়নিষ্ঠ ব্যৱহাৰ
  • বোৰ্ডৰ দ্বাৰা ৰণনীতিক দিগদৰ্শন আৰু কাৰ্য্যকাৰী নিৰীক্ষণ
  • স্বচ্ছতা আৰু সময়মতে প্ৰকাশ কৰা

এই দৰ্শন অনুসাৰে, সৰ্বোত্তম প্ৰশাসনীয় পদ্ধতিসমূহ গ্ৰহণৰ দ্বাৰা Akshaya Patraফাউণ্ডেচনে নিয়মিতভাৱে উৎসৰ্ষলাভৰ বাবে কঠোৰ প্ৰয়াস কৰে।

এটি সফল ৰাজহুৱা - ব্যক্তিগত অংশীদাৰী

এই কাৰ্য্যক্ৰমটো কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ অংশীদাৰীৰে সম্পন্ন কৰা হয়। তেওঁলোকে আমাক খাদ্যশস্য আৰু নগদ ৰাজসাহায্য প্ৰদান কৰি মিড ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিখনসফলতাৰে চলোৱাত সাহায্য কৰে। তাৰোপৰি, কৰ্পোৰেট হাউচ আৰু ব্যক্তিগত দাতাসকলেও নিজৰ অকুণ্ঠ সাহায্য আগবঢ়ায়।

প্ৰভাৱ অধ্যয়ন

Akshaya Patraফাউণ্ডেচনৰ স্বপ্ন মন্তব্যই স্পষ্টভাৱে আহাৰ আৰু শিক্ষাৰ মাজত এটি সংযোগ তুলি ধৰিছে। নিজৰ স্বপ্নৰ প্ৰথম পদক্ষেপৰূপেফাউণ্ডেচনে 2000 চনত বিদ্যালয়সমূহত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰা আৰম্ভ কৰিলে। পাছত, 2003 চনতত যেতিয়া ভাৰত চৰকাৰে কেন্দ্ৰীয়ভাৱে মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাবে জনাদেশ প্ৰদান কৰিলে তেতিয়া চৰকাৰী বিদ্যালয়সমূহত ৰন্ধা আহাৰ পৰিবেশন কৰিবৰ বাবে Akshaya Patraই চৰকাৰৰ সতে অংশীদাৰী গঠন কৰিলে। শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰাৰ বাবে চৰকাৰৰ সহযোগত কাম কৰাটো সংস্থাটোৰ বাবে এক আদৰণীয় প্ৰগতি আছিল।

মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰাত Akshaya Patraৰ সতে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীয়েকেন্দ্ৰীয় মিড্-ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ তলত দিয়া ছয়টা লক্ষ্য পূৰণ কৰাত সফল হৈছে:

  • শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰা
  • বিদ্যালয়ৰ নামভৰ্তিকৰণ বৃদ্ধি কৰা
  • বিদ্যালয়ৰ উপস্থিতি বৃদ্ধি কৰা
  • জাতিসমূহৰ মাজত সামাজিকীকৰণ উন্নত কৰি তোলা
  • পুষ্টিহীনতাক সম্বোধন কৰা, আৰু
  • মহিলা সশক্তিকৰণ

সংস্থাটোৱে মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ ছয়টা লক্ষ্য কিমান দূৰলৈকে পূৰণ কৰিব পাৰিছে তাৰ মূল্যায়ন কৰিবৰ বাবে, বিভিন্ন সংস্থাই প্ৰভাৱ অধ্যয়ন সম্পন্ন কৰিছে। সম্পন্ন কৰা প্ৰভাৱ অধ্যয়নসমূহ তলত দিয়া ধৰণৰ হয়:

এ.চি.নিয়েলচনঅধ্যয়ন

হাৰ্ভাৰ্ড কেচ ষ্টাডী

চৰকাৰী অধ্যয়নসমূহ

প্ৰশাসনীয় জ্ঞান কেন্দ্ৰ

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

  • ৰাজস্থানত মিড্-ডে মিল কাৰ্য্যক্ৰমৰ পৰিস্থিতি বিশ্লেষণ
  • কৰ্ণাটকাৰ অক্ষৰাডাচোহা আঁচনিৰ ওপৰত প্ৰতিবেদন

আমাৰ ৰান্ধনীঘৰসমূহ

Akshaya Patra-ৰ হৃদয় আৰু আত্মা আমাৰ ৰান্ধনীঘৰসমূহত থাকে। এদিনত 1.3 মিলিয়নতকৈ বেছি আহাৰ প্ৰস্তুত কৰিবৰ বাবে উচ্চভাৱে বিশেষজ্ঞ, যন্ত্ৰচালিত আৰু পৰিমাপ্য আন্তঃগাঁথনিৰ প্ৰয়োজন হয়।

ঠাইডোখৰৰপ্ৰয়োজন, ভৌগোলিক পৰিস্থিতি আৰু বাট-পথৰ সুগমতাৰ ওপৰত নিৰ্ভৰ কৰি, Akshaya Patra-ই ৰান্ধনীঘৰৰআৰ্হি নিৰ্ধাৰিত কৰে। ভাৰতবৰ্ষত থকা আমাৰ 20 টাৰান্ধনীঘৰৰ ভিতৰত, 18 টাৰান্ধনীঘৰে কেন্দ্ৰীভূত আৰ্হি অনুসৰণ কৰে, আনহাতে দুখন ঠায়ে অকেন্দ্ৰীভূত আৰ্হি অনুসাৰে কাম-কাজ চলায়।

কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা

অ-কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা

বিশাখাপট্টনম

নয়াগড়

হাইদৰাবাদ

বাৰান

গুৱাহাটী

বৃন্দাবন

ভিলাই

গান্ধীনগৰ

বদোদৰা

বাংগালোৰ নৰ্থ - এইচকে হিল

বাংগালোৰ চাউথ –ৱ্সন্তপুৰ

বেলাৰী

হুবলী

মাংগালোৰ

মৈচুৰ

পুৰী

জয়পুৰ

নাথদ্বাৰা

চেন্নাই

অন্যান্য প্ৰয়াসসমূহ

বিদ্যালয়সমূহৰ অভিভূতকাৰী সহাঁৰি;নিয়মিত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ অন্তৰ্গত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰী আৰু আমাৰ পৰিহিতৈষীদাতাসকলৰ বিবেচনাপূৰ্ণ সাহায্যই আমাৰ পৰিসৰ এখন ঠাইৰ 1,500 শিশুৰ পৰা ভাৰতৰ নখন ৰাজ্য বিয়পা 20 খন ঠাইৰ 1.3 মিলিয়ন শিশুলৈ বৃদ্ধি কৰাত সহায় কৰিছে। 13 বছৰ সময়সীমাৰ ভিতৰত সংস্থাটোৱে 5 খন চৰকাৰী বিদ্যালয়ৰ শিশুসকলক খুওঁৱাৰ পৰা 10,000 খনতকৈ বেছি চৰকাৰী বিদ্যালয়ৰ শিশুসকলক আহাৰ প্ৰদান কৰালৈ বৃদ্ধি পাইছে।

নিয়মিত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাহিৰেও, Akshaya Patraই লগতে অনান্য খুওৱা (আহাৰ প্ৰদান) পদক্ষেপো হাতত লৈছে যেনে :

  • অংগনৱাদীক আহাৰ খুওঁৱা
  • সন্তান সম্ভৱা আৰু স্তনপান কৰাই থকা মাতৃসকলক আহাৰ খুওঁৱা
  • বিশেষ বিদ্যালয়সমূহত আহাৰ খুওঁৱা
  • অৰ্থনৈতিকভাৱে পিচপৰাসকলৰ বাবে ৰেহাই মূল্যৰ দুপৰীয়াৰ আহাৰ
  • ঘৰৰ পৰা পলাই যোৱা শিশুক আহাৰ খুওঁৱা
  • বৃদ্ধ আশ্ৰমতআহাৰ খুওঁৱা
  • গৃহহীনসকলক আহাৰ খুওঁৱা
  • দুৰ্যোগ সাহায্য

ওপৰত উল্লেখ কৰা পদক্ষেপসমূহৰ বাহিৰেও, ফাউণ্ডেচনে অনান্য সামাজিক প্ৰয়াসসমূহৰ বাবেও কাম কৰে যেনে:

  • শ্ৰেণীৰ পাছৰ টিউশ্যন
  • জীৱন-দক্ষতাকাৰ্য্যক্ৰম
  • ৰাজহুৱা স্বাস্থ্য শিবিৰ
  • বৃত্তি কাৰ্য্যক্ৰমসমূহ
  • স্বাস্থ্য পৰীক্ষা শিবিৰ

Akshaya Patraই 2020 চনলৈকে 5 মিলিয়ন শিশুক আহাৰ খুওঁৱাৰলক্ষ্য বাস্তৱায়িত কৰি তোলাৰ বাবে উৎসৰ্গীত। এই লক্ষ্য পূৰণ কৰাৰ কৰাৰ দ্বাৰা আমি আমাৰ “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব”স্বপ্ন সফল কৰাৰ দিশলৈ ওচৰ চাপি যাম। আমি নিশ্চিত যে আমাৰ হিতধাৰকসকলৰনিৰবিচ্ছিন্ন সাহায্যৰ দ্বাৰা, আমি ভাৰতবৰ্ষত শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিব পাৰিম।

ন্যাসৰক্ষকসকলৰ বোৰ্ড

দ্য Akshaya Patraফাউণ্ডেচন(টিএপিএফ)হৈছে বাংগালোৰত পঞ্জীয়নভূক্ত এটি ৰাজহুৱা, দাতব্য, ধৰ্মনিৰপেক্ষ ন্যাস। ইয়াৰ ন্যাসৰক্ষকৰ বোৰ্ডত ISKCON বাংগালোৰৰ মিছনেৰী,  কৰ্পোৰেট পেছাদাৰী আৰু উদ্যমী ব্যক্তিসকল সন্মিলিত হৈ আছে।

উত্তমভাৱে সংজ্ঞায়িত প্ৰক্ৰিয়াৰ দ্বাৰা সংস্থাটোক সুকলমে কাম-কাজ কৰাৰ বাবে সহায় কৰা সংস্থাটোৰ গাঁথনি তলত দিয়া হল।

বোৰ্ডৰ গঠন

Akshaya Patra-ত আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাল প্ৰশাসন আৰু নৈতিকতা হৈছে যিকোনো বে-চৰকাৰী সংস্থাৰ প্ৰয়োজনীয় ভেঁটি। এয়া অনুসৰণ কৰাৰ বাবে, ফাউণ্ডেচনৰ ন্যাসৰক্ষীসকলৰ বোৰ্ডে ভাল প্ৰশাসন নিশ্চিত কৰা আৰু ফাউণ্ডেচনৰ কাৰ্য্য সম্পাদনত প্ৰাথমিক ভূমিকা গ্ৰহণ কৰে।

ফাউণ্ডেচনৰ বোৰ্ড ন্যাসৰক্ষকসকলৰ বোৰ্ড আৰু পৰামৰ্শদাতাসকলৰ বোৰ্ডৰ দ্বাৰা গঠিত হয়। বৰ্তমানে, ফাউণ্ডেচনৰ বোৰ্ডত আঠজন ন্যাসৰক্ষক আৰু সাতজন পৰামৰ্শদাতা আছে।

আপোনাৰ ধন কেনেদৰে ব্যয় কৰা হয়?

গড় হিচাপত, সৰ্বমূঠ ব্যয়ৰ 82% কাৰ্য্যক্ৰমৰ খৰচ পূৰণ কৰিবৰ বাবে ব্যয় কৰা হয় আৰু 14% কাৰ্য্যক্ৰম পৰিচালনা ব্যয় হিচাপে ব্যৱহাৰ কৰা হয়। সৰ্বমূঠ ব্যয়ৰ 4% পুঁজি সংগ্ৰহ কৰা আৰু যোগাযোগ ব্যয়ৰ বাবে ব্যৱহাৰ কৰা হয়।

নিয়মিত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰবাহিৰেও, Akshaya Patra ফাউণ্ডেচনেঅন্যান্য খুওৱা (আহাৰ প্ৰদান) আৰু সামাজিক পদক্ষেপৰ ক্ষেত্ৰতো কাম-কাজ কৰে।

ফাউণ্ডেচনৰ কাৰ্য্যক্ৰম-ভিত্তিক ব্যয়

2013-14 বৰ্ষৰ বাবে সৰ্বমূঠ ৰাজহ ব্যয়ৰ বিশ্লেষণ

লেখাপৰীক্ষা আৰু প্ৰণালীসমূহ

আমি বিশ্বাস কৰোঁ যে আভ্যন্তৰীণ নিয়ন্ত্ৰণ হৈছে ভাল প্ৰশাসনৰ চাবি-কাঠি আৰু সেয়েহে আমি কঠোৰ পদ্ধতি গ্ৰহণ কৰোঁ আৰু স্বচ্ছতাৰ সৰ্বোচ্চ মানদণ্ড আয়ত্ব কৰাটো নিশ্চিত কৰোঁ।

আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ কাৰ্য্যকাৰিতা নিশ্চিত কৰাৰ বাবে, সংস্থাটোৱে শাখাৰ লেখাপৰীক্ষক হিচাপে মৰ্যদাপূৰ্ণচাৰ্টাৰ্ডএকাউণ্টেণ্টপ্ৰতিষ্ঠানক নিযুক্তি দিছে। শাখাৰ লেখাপৰীক্ষকসকলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তেওঁলোকৰ নিৰ্দিষ্ট শাখাৰ লেখাপৰীক্ষিত প্ৰতিবেদন প্ৰৱন্ধনৰ ওচৰত জমা দিয়ে। তাৰ পাছত এই প্ৰতিবেদনসমূহ সংস্থাৰ লেখাপৰীক্ষা বিভাগৰ যোগেদি লেখাপৰীক্ষা সমিতিয়ে পুনৰীক্ষণ কৰে।

এক কাৰ্য্যকৰী আভ্যন্তৰীণ নিয়ন্ত্ৰণ পৰিবেশ সৃষ্টি কৰিবৰ বাবে থকা লেখাপৰীক্ষা সমিতি বোৰ্ড অৱ ট্ৰাষ্টীৰ এটি উপ-সমিতি হয়। লেখাপৰীক্ষা সমিতিৰ গঠনত তলত দিয়া ট্ৰাষ্টীসকলঅন্তৰ্ভুক্ত থাকে:

ভি. বালাকৃষ্ণান - সভাপতি

ৰামদাস কামঠ - সদস্য

ৰাজ কুণ্ডুৰ - সদস্য

স্বচ্ছতা

স্বচ্ছতা হৈছে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাৰ চাবিকাঠী। Akshaya Patraফাউণ্ডেচনে নিজৰ সকলো গতিবিধিৰ সন্দৰ্ভত সম্পূৰ্ণ স্বচ্ছতাত বিশ্বাস কৰে। এই নীতিৰ সতে খোজ মিলাই আমি ইণ্টাৰনেচনেল ফাইনেন্সিয়েলৰিপৰ্টিংষ্টেণ্ডাৰ্ডচ্ (আইএফআৰএচ) ৰ অনুৰূপতা অনুসৰণ কৰোঁ। 2008-09-ত গ্ৰহণ কৰা আইএফআৰএচৰিপৰ্টিঙে সংস্থাটোৰ হিতাধিকাৰী সকলৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাত যথাৰ্থভাৱে অৰিহণা যোগাইছে।

আমি লগতে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ডএকাউণ্টেটচ্ অৱ ইণ্ডিয়া (আইচিএআই) ই জাৰী কৰা ইণ্ডিয়ান একাউণ্টিংষ্টেণ্ডাৰ্ডৰো অনুৰূপতা মানি চলোঁ। প্ৰেজেণ্টেচনসমূহৰ গুণগত মানদণ্ড উন্নত কৰি তুলিবৰ বাবে হিচাপ-নিকাচ আৰু বিত্তীয় প্ৰতিবেদনৰ নৱ মানদণ্ড গ্ৰহণ কৰাত সংস্থাটো নিয়মিতভাৱে আগৰণুৱা হৈ আছে। প্ৰতিটো বিত্তীয় বৰ্ষৰ সমাপ্তিত বিত্তীয় লেখাপৰীক্ষা আৰু মন্তব্যসমূহৰ সতে সংস্থাটোৱে নিজৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰে আৰু এয়া ইয়াৰ সকলো হিতাধিকাৰীৰ বাবে উপলব্ধ কৰি তোলে।

স্বচ্ছতাৰ ওপৰত নিয়মিত আৰু নিয়মনিষ্ঠ মনোযোগ কেন্দ্ৰীভূত কৰাৰ ফলস্বৰূপে সংস্থাটোৱে তলত দিয়া সন্মান আৰু স্বীকৃতিসমূহ লাভ কৰিছে।

  • একেৰাহে পাঁচ বছৰৰ বাবে “বিত্তীয় প্ৰতিবেদনৰ ক্ষেত্ৰত উৎকৃষ্টতা”ৰ বাবে আইচিএআইগোল্ডশ্বীল্ডএৱাৰ্ড যিয়ে আইচিএআই হ’ল অৱ ফেমলৈ সংস্থাটোৰ প্ৰৱেশৰ সূত্ৰপাত কৰিছিল।
  • চাউথ এচিয়ান ফেডাৰেচন অৱ একাউণ্টেটচ্ (এচএএফএ) গোল্ডএৱাৰ্ড 2011-12
  • তিনি বছৰৰ বাবেএনজিঅ শ্ৰেণীত বিশিষ্ট বাৰ্ষিক প্ৰতিবেদনৰ বাবে চিএচঅপাৰ্টনাৰচ এৱাৰ্ড
  • আমেৰিকান কমিউনিকেচনচ্প্ৰফেছনেলচ্ (এলএচিপি) ভিজন এৱাৰ্ডত একেৰাহে দুই বছৰৰ বাবে গোল্ড এৱাৰ্ড
  • প্ৰশাসন দৰ্শন আৰু স্বচ্ছতা নীতিৰ অনুৰূপে, সংস্থাটোৱে 2012-13 বিত্তীয় বৰ্ষৰ বাবে নিজৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে। অনুগ্ৰহ কৰি 2012-13 ৰ বাৰ্ষিক প্ৰতিবেদনৰ অনলাইন সংস্কৰণ চাওঁক।

কাৰ্য্যক্ৰম প্ৰণয়ন

মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰাৰ সময়ত, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হাতে-হাত ধৰি কাম কৰে। আঁচনিখন প্ৰণয়ন কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহে অনুসৰণ কৰিবৰ বাবে নিৰ্দেশাৱলী জাৰী কৰে। অৱশ্যে, এনে কেইখনমান ৰাজ্যও আছে যিয়ে কেন্দ্ৰীয় নিৰ্দেশাৱলীতকৈ পৃথক নিৰ্দেশাৱলী জাৰী কৰিছে।

কাৰ্য্যক্ৰমটোৰ নিৰীক্ষণ কৰিবৰ বাবে, ইয়াৰ প্ৰভাৱৰ মূল্যায়ন কৰিবৰ বাবে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নীতি সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰিবৰ বাবে এখন ৰাষ্ট্ৰীয় ষ্টীয়েৰিং কাম-মনিটৰিং কমিটি গঠন কৰা হৈছে। সমিতিৰ বাৰ্ষিক কৰ্ম পৰিকল্পনা জমা দিলে কাৰ্য্যক্ৰম অনুমোদন বোৰ্ডৰ দ্বাৰা চাবচিডীৰ ৰূপত কেন্দ্ৰীয় সাহায্য মূকলি কৰি দিয়া হয়।

ৰাজ্যিক স্তৰটো কাৰ্য্যক্ৰমটোৰ নিৰীক্ষণ কৰিবৰ বাবে, ষ্টীয়েৰিং কাম-মনিটৰিং কমিটি গঠন কৰা হৈছে। দায়িত্ব লোৱাৰ বাবে এটি নোডাল বিভাগক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। প্ৰণয়ন কোষসমূহ নোডাল বিভাগে সংগঠিত কৰে আৰু কাৰ্য্যক্ৰমটোৰ কাৰ্য্যকাৰী প্ৰণয়ন পৰ্য্যবেক্ষণ কৰিবৰ বাবে প্ৰতিখন জিলা আৰু খণ্ড স্তৰত এজন বিষয়া নিযুক্ত কৰা হৈছে।

তেনে ৰাজ্যত আঁচনিৰ ক্ষেত্ৰত পঞ্চায়ত/চহৰীয়া স্থানীয় সংস্থাসমূহ ভাৰপ্ৰাপ্ত হয় যত প্ৰাথমিক শিক্ষাৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পন কৰা হৈছে।

পুঁজিৰ নিয়মিত যোগান

ভাৰত চৰকাৰৰ হৈ ৰাজ্যসমূহক পুঁজি অনুমোদন কৰা আৰু খাদ্যশস্যৰ যোগান ধৰাৰ বাবে মানৱ সম্পদ মন্ত্ৰালয় নোডাল সংস্থা হয়।

খাদ্য শস্যৰ নিয়মিত যোগান

ছবিৰ উৎস: পৰিকল্পনা আয়োগ, ভাৰত চৰকাৰ

এনজিঅসমূহৰ ভূমিকা

এনজিঅ -সমূহেমিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ প্ৰণয়ন আৰু প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজ্যিক চৰকাৰী সংস্থাসমূহে তেওঁলোকে ঢুকি পাব পৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰিবৰ বাবে Akshaya Patra ফাউণ্ডেচনৰ দৰে এনজিঅসমূহৰ সতে জড়িত হয়। এনেদৰে বহুতো এনজিঅ -ই ক্ষুধা আৰু পুষ্টিহীনতা প্ৰতিৰোধ কৰিবৰ বাবে কাম কৰে।

কাৰ্য্যক্ৰমটোৰ গুণগত মানদণ্ড আৰু প্ৰসাৰ উন্নত কৰি তোলাত এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰী (পিপিপি) য়ে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিছে। অংশীদাৰী কৰিবৰ বাবে বে-চৰকাৰী সংগঠন নিৰ্বাচন কৰিবৰ সময়ত চৰকাৰে বিভিন্ন দিশৰ বিষয়ে বিবেচনা কৰে। এনে সংস্থাসমূহ নিশ্চয়েই স্বচ্ছ আৰু ‘প্ৰমাণিত অখণ্ডতালব্ধ’হব লাগিব। এটি এনজিঅ -ক নিৰ্বাচন কৰাৰ এনপি-এনএচপিই 2004 যোগ্যতাৰ পৰিমাপসমূহ তলত প্ৰদান কৰা হল:

এটি এজিঅ নিৰ্বাচন কৰাৰ বাবে এনপি-এনএচপিই 2004 যোগ্যতাৰ মাপকাঠী

  • স্বেচ্ছাসেৱী সংগঠনসমূহে কোনো ধৰণে ধৰ্ম, জাতি আৰু বিশ্বাসৰ ভিত্তিত বৈষম্য কৰিব নালাগিব আৰু কাৰ্য্যক্ৰমটো কোনো ধৰ্মীয় অনুশীলন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নালাগিব।
  • অ-লাভজনক ভিত্তিত যোগানৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি
  • ৰাজ্য চৰকাৰৰ প্ৰাসঙ্গিক নিৰ্দেশাৱলী অনুসাৰে পঞ্চায়তি ৰাজ প্ৰতিষ্ঠান/পৌৰ নিগম সংস্থাৰ সতে কাম কৰিবলৈ বাবে ইচ্ছুকতা
  • প্ৰয়োজনীয় পৰিসৰ অনুসাৰে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) যোগান ধৰাৰ বাবে বিত্তীয় আৰু লজিষ্টিকচ সক্ষমতা
  • এই সংস্থাটোৱে ইয়াক এইটো কাম প্ৰদান কৰা অনুষ্ঠানটোকএখন বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব,ইয়াত ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা সকলোবোৰ অনুদান, নগদ ধন আৰু সামগ্ৰী দুয়োটাৰ সন্দৰ্ভত,একাউণ্টৰ লেখাপৰীক্ষিত মন্তব্য থাকিব, লগতে এইখন প্ৰতিবেদন এজন অনুমোদিত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা সঠিকভাৱে প্ৰমাণিত কৰা হব।

 

 

খাদ্যশস্যৰ অনুদানৰ পৰা ৰন্ধা আহাৰলৈকে

এবাৰ নিৰ্বাচন কৰাৰ পাছত, এনজিঅ এটাই ৰান্ধনীঘৰ স্থাপন কৰিব লাগিব, আহাৰ প্ৰস্তুত কৰাৰ দৈনন্দিন কাম-কাজসমূহ  সম্পাদন কৰিব লাগিব আৰু ইয়াৰ পৰিচালনা ব্যয় বজাই ৰাখিব লাগিব। এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলী অনুসাৰে,

‘চহৰীয়া এলেকাত যত কেইবাখনো বিদ্যালয়ৰ বাবে এটা কেন্দ্ৰীভূত ৰান্ধনীঘৰ স্থাপন কৰাটো সম্ভৱ হয়, তাত ৰন্ধনৰ কাম-কাজ, যতেই উপযুক্ত হয়, এটি কেন্দ্ৰীভূত ৰান্ধীঘৰত সম্পন্ন কৰিব লাগে আৰু ৰন্ধা গৰম আহাৰ তাৰ পাছত স্বাস্থ্যসন্মত অৱস্থাত এক নিৰ্ভৰযোগ্য পৰিবহন ব্যৱস্থাৰ যোগেদি বিভিন্ন বিদ্যালয়সমূহলৈ পৰিবহন কৰিব পাৰি। এখন চহৰীয়া এলেকাত, তেওঁলোকে পৰিবেশন কৰা সমূহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এনে এটা বা একাধিক কেন্দ্ৰীয়ৰান্ধনীঘৰ থাকিব পাৰে।’

কাৰ্য্যক্ৰমটো কাৰ্য্যকাৰীভাৱে প্ৰণয়ন কৰিবৰ বাবে, সেয়েহে, এনে কাৰ্য্যক্ৰমৰ লজিষ্টিকচ (পৰিবহন আৰু ভঁৰাল ব্যৱস্থা) পৰিচালনা কৰাৰ বাবে এনজিঅ এটা নিশ্চয়েই ভালদৰে সুসজ্জিত হব লাগে। এটি অ-লাভজনক সংস্থাৰ নিশ্চয়েই ‘প্ৰয়োজনীয় পৰিমাণৰ মিড্ ডে মিল (মধ্যাহ্ন ভোজন) যোগান ধৰাৰ বাবে বিত্তীয় আৰু লজিষ্টিকচ সক্ষমতা থাকিব লাগিব’।

এয়া কেনেদৰে আয়ত্ব কৰিব পৰা যায় সেই বিষয়ে চৰকাৰে সমাধান প্ৰদান কৰে। মানৱ সম্পদ বিভাগৰ মন্ত্ৰালয়ে উল্লেখ কৰিছে:

“উপযুক্ত বিদ্যালয়সমূহত হয়তোবা ৰন্ধা আহাৰ বা পূৰ্বতে-ৰন্ধা প্ৰকাৰৰ খাদ্যএনজিঅসমূহৰ যোগেদি কাৰ্য্যক্ৰমটোৰ প্ৰণয়ন কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়িত্বশীল হব। এই পৰিসৰলৈকে সম্পৰ্কিত ৰাজ্য চৰকাৰ বা এনজিঅসমূহে, খাদ্য শস্য ৰন্ধা আহাৰলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰয়োজনীয় সম্পদ সংগ্ৰহ কৰিব পাৰে।”

-- নিৰ্দেশাৱলী, পৰিশিষ্ট IXদফা 7

এই সমাধানে Akshaya Patra  ৰ দৰে সংস্থাসমূহক, যাৰ দেশৰ সৰ্বত্ৰতে ৰান্ধনীঘৰ আছে, গড়ে 80 মিলিয়ন টকা (8 কোটি) ব্যয়ৰ, নিজৰ বিশাল আন্তঃগাঁথনি স্থাপন কৰা আৰু চৰকাৰৰ পৰামৰ্শাৱলী অনুসাৰে আঁচনিখন সম্পন্ন কৰিবলৈ সক্ষম কৰি তুলিছে। ই কাৰ্য্যক্ৰমটোৰ প্ৰণয়নৰ সময়ত হোৱা ঘাটিৰ বাবে এনজিঅসমূহক পুঁজি সংগ্ৰহ কৰিবৰ বাবে এটি মাধ্যম প্ৰদান কৰে।

2008-2009 কাৰ্য্যক্ৰম অনুমোদন বোৰ্ডৰ মিনিটসমূহত উল্লেখ কৰাৰ দৰে, “অনান্য ব্যয়সমূহ যেনে ৰান্ধনীৰ পাৰিশ্ৰমিক, বাচন-বৰ্তন আৰু ৰান্ধনীঘৰৰ নিৰ্মাণ, পৰিবহন আদিসমূহ এনজিঅ -ই বহন কৰিব লাগিব।”

চৰকাৰে আনকি সংগ্ৰহ কৰা দানৰ বাবেও নিয়মো তৈয়াৰ কৰি দিলে। উদাহৰণস্বৰূপে 2003 -ত, ভাৰতবৰ্ষৰ প্ৰাক্তন মূখ্য ন্যায়াধীশৰ সভাপতিত্বত (সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় সমিতি, ৰাজহ বিভাগ, বিত্ত মন্ত্ৰালয়, ভাৰত চৰকাৰ)এখন সমিতিয়ে অনুমোদন কৰিলে যে Akshaya Patra  এনে এটি যোগ্য প্ৰকল্প হয় যিয়ে 220 মিলিয়ন টকা (22 কোটি) লৈকে দান সংগ্ৰহ কৰিব পাৰে, দাতাসকলৰ বাবে 3 বছৰলৈকে 100% কৰ ৰেহাই সহ।

2006 চনত সমিতিখনে পুনৰাই Akshaya Patra  কাৰ্য্যক্ৰমৰ পুনৰীক্ষণ কৰিলে আৰু কৰবিহীন দানৰ ধনৰ পৰিমাণ 1,000 মিলিয়ন টকা (100 কোটি) লৈকে বঢ়াইদিয়ে। 2009 চনৰ অন্য এক পুনৰীক্ষণে এই সংখ্যা 3 বছৰৰ বাবে 2,000 মিলিয়ন টকা (200 কোটি) লৈকে বঢ়াইদিয়ে।

সংস্থাসমূহৰ ন্যাস দলিলসমূহে, যাৰ বিষয়ে চৰকাৰ জ্ঞাত হয়, তেওঁলোকক পুঁজি সংগ্ৰহ কৰাৰ বাবে অনুমতি দিয়ে। Akshaya Patra ’ৰ ন্যাস দলিলে তলত দিয়াসমূহ উ্ল্লেখ কৰে:

8.xiবিশ্বৰ সৰ্বত্ৰৰে ব্যক্তি, কৰ্পোৰেট আৰু অ-লাভজনক সংস্থাৰ পৰা উপহাৰ, দান বা অৰিহণা গ্ৰহণ কৰিবলৈ যেতিয়ালৈকে সেইবোৰ ন্যাসৰ লক্ষ্য অনুসাৰে অসঙ্গতিপূৰ্ণ নহয়।

এনজিঅ-সমূহক অনুপ্ৰেৰণা দিয়াৰ সন্দৰ্ভত চৰকাৰৰ দু-মূখীয়া কৌশল আছে। এনে কৰাৰ ফলত, ই কেৱলমাত্ৰ কাৰ্য্যক্ৰমটোৰ গুণগত মানদণ্ডকে উন্নত কৰি নোতোলে বৰঞ্চ ই সম্প্ৰদায়ৰ জড়িততাকো উদগনি যোগায়।এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলী অনুসাৰে,‘ৰাইজৰসক্ৰিয়জড়িততা নিশ্চিত কৰাৰ বাবে উপযুক্ত প্ৰক্ৰিয়াসমূহ সঠিকভাৱে ৰূপায়ন কৰিব লাগে যাতে এই মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম এক জনসাধাৰণৰ কাৰ্য্যক্ৰম হৈ পৰে।’

এনজিঅসমূহে সক্ৰিয় স্বেচ্ছাসেৱকতা আৰু পুঁজি সংগ্ৰহৰ যোগেদি সম্প্ৰদায়ৰ অংশগ্ৰহণত উদগনি যোগায়। তেওঁলোকে সমাজৰ সকলোবোৰ স্তৰক জড়িত কৰি তোলেআৰু চৰকাৰক মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিখন এখন‘জনসাধাৰণৰ কাৰ্য্যক্ৰম’ কৰি তোলাত সহায় কৰে।

ইয়াক স্বচ্ছ কৰি ৰখা

এতিয়া প্ৰশ্ন উঠে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীৰ অভিযানৰ স্বচ্ছতাক লৈ। এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টীয়েৰিং-কাম-মনিটৰিং কমিটি (পৰিচালন তথা নিৰীক্ষণ সমিতি) (এনএচএমচি) য়ে কাৰ্য্যক্ৰমটোৰ প্ৰৱন্ধন আৰু নিৰীক্ষণ পৰিদৰ্শন কৰে। এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলীত উল্লেখ কৰা অনুসাৰে, সমিতিৰ কৰ্তব্যসমূহত অন্তৰ্ভূক্ত হয়:

  • ‘কাৰ্য্যক্ৰমটোৰ বাবে ৰাজহুৱা সমৰ্থন সংগ্ৰহ কৰা আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীকউদগনি যোগোৱা’
  • ‘কাৰ্য্যক্ৰমৰ প্ৰণয়ন নিৰীক্ষণ কৰা, ইয়াৰ প্ৰভাৱৰ মূল্যায়ন কৰা আৰু সংশোধনীমূলক পদক্ষেপ গ্ৰহণ    কৰা’

যোগ্যতাৰ এটা চৰ্ত হল যে ‘সংস্থা বা অনুষ্ঠানৰ কাম-কাজ বা গতিবিধিসমূহৰ প্ৰৱন্ধন কৰোঁতা ব্যক্তিসকল প্ৰমাণিত অখণ্ডতাৰ ব্যক্তি হয়’ (সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় সমিতি, ভাৰত চৰকাৰ)।অন্য এটা হল যে ‘অনুষ্ঠান বা সংস্থাটোৱে নিজৰ ৰচিদ আৰু ব্যয়সমূহৰ নিয়মিত একাউণ্ট বজাই ৰাখিব’। স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা প্ৰতিবেদনসমূহ নিশ্চয়কৈ নিয়মিতভাৱে জমা দিব লাগিব।

ফলাফলসমূহ

মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ প্ৰণয়নত বিভিন্নসংখ্যক ব্যক্তিগত সংস্থাৰ জড়িততাই দৃশ্যমানভাৱে বেছি ভাল প্ৰদৰ্শনৰ ফলাফল দেখুৱাইছে।

  • এতিয়ালৈকে প্ৰায় 120 মিলিয়ন (12 কোটি) শিশুক এই আঁচনিৰ অন্তৰ্গত সামৰি লোৱা হৈছে, যিয়ে এই বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ কাৰ্য্যক্ৰমটোক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎকৰি তুলিছে। চৰকাৰৰ বহুমুখী প্ৰয়াসসমূহে এনেদৰে উৎকৃষ্ট ফলাফল দেখুৱাব পাৰিছে।
  • ইয়াৰ প্ৰণয়ন কৰোঁতা সংস্থাৰূপে বিভিন্ন সংস্থাসমূহ যেনে Akshaya Patra  ৰ দৰে সংস্থাৰ অতুলনীয় সম্পদসমূহৰ লাভ ব্যৱহাৰৰ দ্বাৰা আৰু সেইবোৰ যিমান সম্ভৱ সিমান আত্মনিৰ্ভৰ হোৱাৰ পদ্ধতি তৈয়াৰ কৰাৰ দ্বাৰা, চৰকাৰে আমাৰ দেশৰ শিশুসকলক সহায় কৰিবৰ বাবে সফলতাৰে সমগ্ৰ সমাজখনকে জড়িত কৰিব পাৰিছে। এই ফাউণ্ডেচনসমূহে পুঁজি সংগ্ৰহ আৰু স্বেচ্ছাসেৱকতাৰ যোগেদি সম্প্ৰদায়ৰ অংশগ্ৰহণত উদ্গনি যোগায়।
  • কাৰ্য্যক্ৰমটোৰ সফলতা সুনিশ্চিত কৰাৰ সন্দৰ্ভত ই অনুপ্ৰাণিত কৰা এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিছে। এই সংস্থাসমূহৰ সহায়েৰে, চৰকাৰে এই আঁচনিখনৰ পৰিসৰ ব্যাপক অনুপাতলৈ লৈ যাবলৈ সক্ষম হৈছে।
  • আঁচনিখনে শিশুসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পেলাইছে। বিদ্যালয়ত উপস্থিতি বৃদ্ধি পাইছে, শ্ৰেণীকোঠাৰ ক্ষুধা হ্ৰাস পাইছে, পুষ্টিহীনতা হ্ৰাস পাইছে আৰু সকলো জাতিৰ শিশুসকলৰ মাজত সামাজিকীকৰণ উন্নত হৈছে।
  • বৈশ্বিক স্তৰত, ভাৰত চৰকাৰে সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য পূৰণ কৰিবৰ বাবে কঠোৰ শ্ৰম কৰিছে।

অক্ষয় পাত্ৰৰ ভূমিকা

Akshaya Patraফাউণ্ডেচনেবাংগালৰ, কৰ্ণাটকাৰ 5 খন চৰকাৰী বিদ্যালয়ৰ 1,500 শিশুক বিনামূলীয়া মিড্ ডে মিল (মধ্যাহ্ন ভোজন) প্ৰদান কৰি জুন, 2000 ত মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰা আৰম্ভ কৰিলে। যোৱা 13 বছৰত, বিভিন্ন ৰাজ্য চৰকাৰ আৰু জড়িত সংস্থাসমূহৰ পৃষ্ঠপোষকতাৰ লগতে ভাৰত চৰকাৰৰ নিৰন্তৰ সাহায্যই কাৰ্য্যক্ৰমটোক দ্ৰুতভাৱে বৃদ্ধি পোৱাত সক্ষম কৰি তুলিলে। আজি, এইটো সংস্থাই 10,050খন চৰকাৰী বিদ্যালয় আৰুচৰকাৰী অনুদানপ্ৰাপ্ত বিদ্যালয়ৰ 1.3 মিলিয়ন শিক্ষাৰ্থীক বিনামূলীয়া মিড্ ডে মিল (মধ্যাহ্ন ভোজন) খুৱায়। ফাউণ্ডেচনৰ বৰ্তমানে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইত উপস্থিতি আছে। Akshaya Patraফাউণ্ডেচনক বিশ্বৰ সৰ্ববৃহৎএনজিঅ -ৰ দ্বাৰা পৰিচালিত মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম বুলি স্বীকৃতি দিয়া হৈছে।(উত্স)

মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰাত Akshaya Patraৰ ভূমিকাকেৱলমাত্ৰ বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ প্ৰদান কৰাতকৈ বহু বেছি হয়। সংস্থাটোৱে, এই কাৰ্য্যক্ৰমটোৰ মাধ্যমেৰে, দুটা সবাতোকৈ গুৰুতৰ সহস্ৰক উন্নয়ন লক্ষ্য পূৰণ কৰিবলৈ আগবাঢ়িছে: ক্ষুধানিবাৰণ আৰু প্ৰাথমিক শিক্ষাৰ বিশ্বজনীনকৰণ।

এই অ-লাভজনক সংস্থাটোৱে নিজৰ স্বপ্ন “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব”ৰ উদ্দেশ্য কাম কৰি আগবাঢ়ি গৈ আছে। এই স্বপ্ন সফল কৰি তোলাৰ বাবে, ই “শিক্ষাৰ বাবে অসীমিত আহাৰ” প্ৰদান কৰে। এই স্বাস্থ্যকৰ আহাৰ সঘনাই, সমগ্ৰ দিনটোত তেওঁলোকৰ পুষ্টিৰ একমাত্ৰ উৎসহয়। সেয়েহে, এই কথা নিশ্চিত কৰিবৰ বাবে যে প্ৰতিটো শিশুৱেই যাতে এই এটা সময়ৰ আহাৰৰ দ্বাৰা লাভৱান হয়, Akshaya Patraই পুষ্টিকৰ আহাৰ তৈয়াৰ কৰে যি লগতে স্থানীয় স্বাদ-অনুভূতিৰ সতেও খাপ খায়। উদাহৰণস্বৰূপে, উত্তৰ ভাৰতৰ ৰান্ধনীঘৰসমূহে ৰুটি পৰিবেশন কৰে আনহাতে দক্ষিণ ভাৰতৰ ৰান্ধনীঘৰসমূহে ভাত পৰিবেশন কৰে।

সংস্থাটোৱে নিজৰ কাম-কাজ দুটা পৃথক ৰান্ধনীঘৰ আৰ্হিৰ দ্বাৰা পৰিচালনা কৰে - কেন্দ্ৰীভূত আৰু অকেন্দ্ৰীভূত।

কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহ বিশাল কাৰখানা-সদৃশ ৰান্ধনীঘৰৰ একক হয় যাৰ সাধাৰণতে প্ৰতিদিনে 100,000 সাজলৈকে আহাৰ ৰন্ধাৰ সক্ষমতা আছে। প্ৰতিটো ৰান্ধনীঘৰে ইয়াৰ চৌপাশে অৱস্থিত বিদ্যালয়ৰ এটি সমূহক সেৱা প্ৰদান কৰে। এই এককসমূহ অৰ্ধ-স্বয়ংক্ৰিয় হয় যিয়ে ৰন্ধন প্ৰক্ৰিয়াৰ সময়ছোৱাত স্বাস্থ্যসন্মততা সুনিশ্চিত কৰে। কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহত ব্যৱহাৰ কৰা প্ৰযুক্তিবিদ্যা আৰু প্ৰক্ৰিয়াসমূহ অনান্যসমূহৰ লগতে, প্ৰখ্যাত বিশ্ববিদ্যালয় যেনে হাৰ্ভাৰ্ড (উৎস) ইত্যাদিৰ শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমৰ গৱেষণা আৰু অধ্যয়নৰ বিষয় হৈছে।

কঠিন ভৌগলিক ক্ষেত্ৰ আৰু অনুপযুক্ত বাট-পথ সংযোগ আদি কাৰকৰ বাবেডাঙৰ আন্তঃগাঁথনিৰনিৰ্মাণত অসুবিধা স্থানবোৰত, একঅ-কেন্দ্ৰীভূতৰান্ধনীঘৰ আৰ্হি আদৰ্শ ৰূপ হয়। এই অ-কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহ Akshaya Patraৰ ৰান্ধনীঘৰ প্ৰক্ৰিয়া আৰু পৰিচালনা মডিউলৰ দিগদৰ্শন আৰু পৰিদৰ্শনৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট (এচএইচজি)ৰ দ্বাৰা পৰিচালিত হয়।

শিশুৰ স্বাস্থ্য খণ্ডত বিভিন্ন প্ৰখ্যাত সংস্থাসমূহে সম্পন্ন কৰা সমীক্ষাসমূহৰ মতে, আমাৰ দেশৰ 40 শতাংশ জনসংখ্যা 18 বছৰতকৈ কম বয়সৰ হয়। ইয়াৰ ভিতৰত, 50 শতাংশতকৈ কম পৰিমাণে বিদ্যালয়লৈ যায়। অৰ্থনৈতিকআৰু সামাজিক পৰিস্থিতিয়ে, এদিনত এটা সময়ৰ আহাৰ উপাৰ্জন কৰিবৰ বাবে এই শিশুসকলক অকুশল বা নিম্নপৰ্যায়ৰ কাম-কাজ নিৰ্বাচন কৰিবলৈ জোৰ দিয়ে। গৱেষণাই লগতে দেখুৱায় যে প্ৰচলিত ক্ষুধা আৰু পুষ্টিহীন স্থিতিৰ কাৰণে বিশ্বজনীন শিক্ষা অতি ধীৰ গতিৰে আগবাঢ়ি গৈছে। এই দুটা কাৰকে বিদ্যালয়ত নামভৰ্তিকৰণ হ্ৰাস কৰে, প্ৰদৰ্শনৰ স্তৰৰ ক্ষতি কৰে আৰু মাজতে বিদ্যালয়ৰ শিক্ষা বাদ দিয়া হাৰ বৃদ্ধি কৰায়, বিশেষকৈ ছোৱালীসমূহৰ মাজত। ক্ষুধা, বিশেষকৈ শ্ৰেণীকোঠাৰ ক্ষুধাই আনকি শিশুবোৰে বিদ্যালয়লৈ আহিলেও তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল কৰি তোলে। এই সন্ধিক্ষণত, শিশুৰ শিক্ষাৰ সন্দৰ্ভত এনজিঅসমূহৰ ভূমিকাৰ বাহিৰেও, মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিয়ে এই শিশুসকলক বিদ্যালয়লৈ অনাৰ ক্ষেত্ৰত এক বৃহত্ অনুপ্ৰেৰণা হিচাপে কাৰ্য্য কৰে। ই তেওঁলোকক কাম কৰাটো প্ৰতিৰোধ কৰে আৰু তাৰ সলনি তেওঁলোকক অধ্যয়ন কৰিবলৈ আৰু শিক্ষিত হবলৈ অনুপ্ৰেৰণা যোগায়। এনেদৰে কাৰ্য্যক্ৰমটোৱে লগতে প্ৰাথমিক শিক্ষাৰ বিশ্বজনীনকৰণতো সহায় কৰে।

যেতিয়া গুণগত মানদণ্ডৰ কথা আহে তেতিয়া Akshaya Patraফাউণ্ডেচনত আমি কেতিয়াও আপোচ নকৰোঁ। প্ৰতিটো Akshaya Patraৰান্ধনীঘৰতেস্বাস্থ্যসন্মততা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সৰ্বাধিক গুৰুত্বপ্ৰদত্ত বিষয় হয়, লাগিলে এয়া কেন্দ্ৰীভূত ৰান্ধনীঘৰেই হওঁক বা অ-কেন্দ্ৰীভূত ৰান্ধনীঘৰেই হওঁক। এই অ-লাভজনক এককৰ কাম-কাজক মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাবে থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ তথা নিৰীক্ষণ সমিতিয়ে স্বীকৃতি প্ৰদান কৰিছে।

অক্ষয় পাত্ৰৰ ৰান্ধনীঘৰৰ আন্তঃগাঁথনি

Akshaya Patra ফাউণ্ডেচনে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইত কাম-কাজ কৰে

কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহ হৈছে বিশাল ৰান্ধনীঘৰ যিবোৰৰ সাধাৰণতে 100,000 লৈকে আহাৰ প্ৰস্তুত কৰাৰ সক্ষমতা আছে। এই ৰান্ধনীঘৰসমূহে ইয়াৰ চৌপাশে অৱস্থিত কেইবাখনো বিদ্যালয়ত আহাৰ যোগান ধৰে। এইবোৰ স্বয়ংক্ৰিয় হয় আৰু সেয়েহে এইবোৰে ৰন্ধন প্ৰক্ৰিয়াৰ সময়ত স্বাস্থ্যসন্মততা নিশ্চিত কৰে। আনহাতে, এনে ঠাইসমূহত যত কঠিন ভৌগলিক ক্ষেত্ৰ আৰু অনুপযুক্ত বাট-পথ সংযোগ আদি কাৰকে ডাঙৰ আন্তঃগাঁথনিৰনিৰ্মাণত সাহায্য নকৰে, তাৰ বাবে অকেন্দ্ৰীভূতৰান্ধনীঘৰ ৰূপআদৰ্শ হয়। এই ৰান্ধনীঘৰসমূহAkshaya Patraৰ ৰান্ধনীঘৰ প্ৰক্ৰিয়া আৰু পৰিচালনা মডিউলৰ দিগদৰ্শন আৰু পৰিদৰ্শনৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট (এচএইচজি)ৰ দ্বাৰা পৰিচালিত হয়।

Akshaya Patra ৰৰান্ধনীঘৰসমূহেছয় চিগমাপ্ৰণালী গ্ৰহণ কৰিছে

কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহত ৰন্ধনৰ কাম কাজ খুবেই ৰাতিপুৱাতে আৰম্ভ হয়। সংস্থাটোৱে পৰিচালনা কৰা সকলোবোৰ ৰান্ধনীঘৰে এক পূৰ্বনিৰ্ধাৰিত আহাৰ তালিকা অনুসৰণ কৰে। সকলোবোৰ কেন্দ্ৰীভূতৰান্ধনীঘৰত ডাঙৰ কেৰাহী বা টৌ, ট্ৰলী, চাউলৰ চ্ছুট, দালি/সাম্বৰ টেংক, কাটিং বোৰ্ড, ছুৰী-কটাৰী আৰু অনান্য একেধৰণৰ সা-সৰঞ্জামসমূহ থাকে আৰু এইবোৰ ব্যৱহাৰ কৰাৰ পূৰ্বে বীজাণুমুক্ত কৰা হয়। উত্তৰ ভাৰতীয় ৰান্ধনীঘৰসমূহত চাউলৰ ডাঙৰ কেৰাহী বা টৌ, দালিৰ ডাঙৰ কেৰাহী বা টৌ থাকে। প্ৰতিটো চাউলৰ ডাঙৰ কেৰাহী বা টৌৰ ধাৰণ ক্ষমতাকমেও 500 লিটাৰ হয়; আৰু প্ৰতিটো দালিৰ ডাঙৰ কেৰাহী বা টৌৰ 1,200 লিটাৰৰ পৰা 3,000 লিটাৰ দালি ৰান্ধিব পৰা ক্ষমতা থাকে। যিহেতু ৰুটী উত্তৰ ভাৰতীয় আহাৰৰ তালিকাৰ এক গুৰুত্বপূৰ্ণ অংগ হয় সেয়েহে ইয়াৰ ৰান্ধনীঘৰসমূহত ৰুটী তৈয়াৰ কৰা মেচিন থাকে, যিবোৰৰ 6,000 কিলোগ্ৰাম ঘেঁহুৰ আটাৰ পৰা 2,00,000 খন ৰুটি তৈয়াৰ কৰাৰ সক্ষমতা আছে।

দক্ষিণ ভাৰতীয় ৰান্ধনীঘৰসমূহত চাউলৰ ডাঙৰ কেৰাহী বা টৌ আৰু সাম্বৰৰ ডাঙৰ কেৰাহী বা টৌ থাকে। প্ৰতিটো চাউলৰ ডাঙৰ কেৰাহী বা টৌৰ ধাৰণ ক্ষমতা কমেও 500 লিটাৰ হয়; প্ৰতিটোসাম্বৰৰডাঙৰ কেৰাহী বা টৌৰ 1,200 লিটাৰৰ পৰা 3,000 লিটাৰ সাম্বৰ ৰান্ধিব পৰা সক্ষমতা থাকে।এই সকলোবোৰ বাচন-বৰ্তন ষ্টেইনলেছ ষ্টীলৰ 304 খাদ্য মান সামগ্ৰীৰ হয়।

কেঁচামাল আহৰণ কৰাৰ সময়ত গুণগত মানদণ্ডৰ নিশ্চয়তা

সঠিক আৰু সৰ্বোত্তম কেঁচামাল আহৰণ কৰাটো নিশ্চিত কৰিবৰ বাবে এচকিউএমএচ প্ৰক্ৰিয়াই বিভিন্ন উপ প্ৰক্ৰিয়াসমূহ যেনে যোগানকৰ্তা নিৰ্বাচন, যোগানকৰ্তা যোগ্যতা, যোগানকৰ্তাৰ মূল্যাংকন ইত্যাদিসামৰি লয়। আমাৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ প্ৰক্ৰিয়াই নিশ্চিত কৰে যে কেঁচামালসমূহ যাতে কেৱলমাত্ৰ বিশদ গুণগত মানদণ্ড পৰীক্ষণৰ পাছতহে গ্ৰহণ কৰা হয় যাতে আমি আমাৰ কেঁচামাল নিৰ্দেশনা বা বৰ্ণনা, যি সাধাৰণতে খাদ্য সুৰক্ষা মানদণ্ড আইন 2006 (এফএচএচএ)ৰ পৰা লোৱা আৰু গ্ৰহণ কৰা হয় অনুসৰি যাতে সকলোবোৰ প্ৰয়োজন পূৰণ কৰা হয়।

কেঁচামালৰ মজুতকৰণ, চোৱা-চিতা, সংৰক্ষণ

সতেজ শাক-পাচলিসমূহ দৈনিক ভিত্তিত ক্ৰয় বা আহৰণ কৰা হয়। আহৰণৰ পাছত, সৰ্বোত্তম গুণগত মানদণ্ড বজাই ৰাখিবৰ বাবে শাক-পাচলিসমূহ বিধে বিধে ভাগ কৰা হয়। সকলোবোৰ শাক-পাচলি খোৱাৰ বা উপযুক্ত পানীৰে পৰিষ্কাৰ কৰা হয় আৰু কটা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে পৰিষ্কাৰ কৰা হয়। সতেজতা ৰক্ষা কৰিবৰ বাবে কটা ৰান্ধিবলৈ প্ৰস্তুত হৈ থকা শাক-পাচলিসমূহ মজুত ৰাখিবৰ বাবে কোল্ড ষ্টোৰেজ ব্যৱহাৰ কৰা হয়। চাউল ভাৰতীয় খাদ্য নিগমে (এফচিআই) যোগান ধৰে। ৰন্ধন প্ৰক্ৰিয়াৰ পূৰ্বে, চাউলখিনি মেচিনেৰে পৰিষ্কাৰ কৰা হয় আৰু ভালকৈ ধোৱা হয়। সকলোবোৰ কেঁচামাল সতেজ হোৱাটো নিশ্চিত কৰিবৰ বাবে উৎপাদনৰ বাবে কেঁচামাল আবণ্টনৰ সময়ত সকলোবোৰ ৰান্ধনীঘৰে এফআইএফঅ (প্ৰথমতে অহা প্ৰথমতে যোৱা) আৰু এফইএফঅ (প্ৰথম ম্যাদ উকলি যোৱা প্ৰথমতে যোৱা) পদ্ধতিসমূহ অনুসৰণ কৰে।

এনে কৰাৰ ফলত, ৰান্ধনীঘৰসমূহে কেঁচামালসমূহ উপযুক্ত পদ্ধতিৰে সঠিকভাৱে চিনাক্তকৰণ, মজুত আৰু উলিয়াই আনিব পাৰে।

ৰন্ধনৰ সময়ত গুণগত মানদণ্ড আৰু সুৰক্ষা

Akshaya Patraৰ সকলোবোৰ ৰান্ধনীঘৰেমিড্ ডে মিল (মধ্যাহ্ন ভোজন) প্ৰস্তুত কৰাৰ বাবে এক মানক প্ৰক্ৰিয়া অনুসৰণ কৰে। এই প্ৰক্ৰিয়াটো ৰন্ধা আহাৰৰ স্বাস্থ্যসন্মততা আৰু গুণগত মানদণ্ড নিশ্চিত কৰা আৰু লগতে খাদ্য সুৰক্ষা মানদণ্ড মানি চলাৰ বাবে তৈয়াৰ কৰা হয়। ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে সকলোবোৰ ৰন্ধনৰ সা-সৰঞ্জাম যেনে ডাঙৰ কেৰাহী বা টৌ, ট্ৰলী, চাউলৰ চ্ছুট আৰু সাম্বৰ/দালিৰ টেংক, কাটিং বোৰ্ড, ছুৰী-কটাৰীইত্যাদি ভাপ ব্যৱহাৰ কৰি জীৱাণুমূক্ত কৰা হয়। ৰান্ধনীঘৰত ব্যৱহাৰ কৰা বাচন-বৰ্তনসমূহ 304 মানৰ ষ্টেইনলেছ ষ্টীলেৰে তৈয়াৰী হয় আৰু এইবোৰ খাদ্য ৰন্ধা আৰু খাদ্যৰ বাবে ব্যৱহাৰ কৰাৰ কাৰণে সৰ্বোত্তম হয়।

সকলোবোৰ বিকেন্দ্ৰীভূতৰান্ধনীঘৰ প্ৰয়োজনীয় ৰন্ধন আহিলা বা সা-সৰঞ্জাম যেনে চাপাতি পাত্ৰ, ভাত, দালি ৰন্ধা বাচন-বৰ্তন আৰু বিদ্যালয়লৈ ৰন্ধা মিড্ ডে মিল (মধ্যাহ্ন ভোজন) পৰিবহন কৰিবৰ বাবে পাত্ৰসমূহেৰে সুসজ্জিত হয়। স্বাস্থ্যসন্মততাৰ মানদণ্ড পূৰণ কৰাটো সুনিশ্চিত কৰিবৰ বাবে ৰান্ধনীঘৰৰ কৰ্মচাৰীসকলক নিয়মিতভাৱে স্বাস্থ্যসন্মততা আৰু খাদ্য সুৰক্ষা প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উৎপাদন পৰিচালনা আৰু পৰিদৰ্শন কৰিবৰ বাবে সকলোবোৰ ৰান্ধনীঘৰত সুপ্ৰশিক্ষিত ৰান্ধনী আৰু উৎপাদন পৰিদৰ্শক আছে। গুৰুতৰ নিয়ন্ত্ৰণ বিন্দু (চিপিপি) যেনে ৰন্ধন তাপমান ইত্যাদিসমূহ আহাৰৰ সঠিক গুণগত মানদণ্ড সুনিশ্চিত কৰিবৰ বাবে সময়ে সময়ে পৰীক্ষা আৰু লিপিবদ্ধ কৰা হয়।

খাদ্যৰ গুণগত মানদণ্ড বজাই ৰখাটো নিশ্চিত কৰিবৰ বাবে প্ৰতিটো ৰান্ধনীঘৰতে গুণমান বিষয়াসকলে গুণমান পৰীক্ষা কৰে।

খাদ্য পেকেটত ভৰোৱা আৰু পৰিবহন

ৰন্ধা খাদ্য ভাপেৰে বীজাণুমূক্ত কৰা পাত্ৰসমূহত পেকেট কৰা হয়। ষ্টেইনলেছ ষ্টীলৰ 304 মান পাত্ৰত পেকেট কৰা খাদ্যসমূহ বিতৰণ কৰাৰ বাবে আমি বিশেষভাৱে পৰিকল্পিত আৰু অনুকূলিত ভাৱে নিৰ্মাণ কৰা পৰিবহন বাহনব্যৱহাৰ কৰোঁ। সামগ্ৰী উঠোৱা প্ৰক্ৰিয়াৰ আগতে এই বাহনসমূহ ভাপেৰে বীজাণুমূক্ত কৰা হয়। এই বাহনসমূহে তাপমানৰ হানি হ্ৰাস কৰিবৰ বাবে ফুলি উঠা শৰীৰ ব্যৱহাৰ কৰা হয় আৰু বাচন আৰু পাত্ৰসমূহ ওপৰমূৱাকৈ ৰাখিবৰ বাবে তথা শিশুসকলক পৰিবেশন নকৰালৈকে ৰন্ধা আহাৰৰ সতেজতা অক্ষত ৰাখিবলৈ মৌমাখিৰ চাকৰ দৰে গাঁথনি ব্যৱহাৰ কৰোঁ।

বিতৰণ

সুৰক্ষা আৰু সময়ত বিতৰণ কৰাৰ উদ্দেশ্যত যাত্ৰাপথ অনুকূলনৰ বাবে লজিষ্টিকতালিকাকৰণ, বিতৰণ বাহনবোৰ অনুসৰণ কৰাৰ বাবে জিপিআৰএচ আদি ব্যৱস্থাসমূহ ৰান্ধনীঘৰসমূহত ক্ৰমান্বয়ে গ্ৰহণ আৰু ৰূপায়ণ কৰি থকা হৈছে।

বিতৰণ পশ্চাদ্ প্ৰক্ৰিয়া

আহাৰৰ গুণগত মানদণ্ড নিৰন্তৰভাৱে বজাই ৰখাৰ বাবে, আহাৰ প্ৰদান কৰাৰ সময়ত আমি বিদ্যালয়সমূহৰ পৰা দৈনিক ভিত্তিত প্ৰতিক্ৰিয়া গ্ৰহণ কৰোঁ। ৰান্ধনীঘৰৰ গুণমান বিষয়াসকলে প্ৰতিক্ৰিয়া পৰীক্ষা কৰে আৰু খাদ্যৰ গুণগত মানদণ্ড আৰু বিতৰণ উন্নত কৰি তুলিবৰ বাবে উপযুক্ত সংশোধনী বা উন্নয়ন পদক্ষেপ প্ৰাৰম্ভ বা সূত্ৰপাত কৰায়। লগতে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰাৰ সময়ত খাদ্য সুৰক্ষা আৰু স্বাস্থ্যসন্মততাৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ বাবে আমি নিয়মিতভাৱে সকলোবোৰ বিদ্যালয়ক ‘কৰিব’ আৰু ‘নকৰিব’ পাম্ফলেট বিতৰণ কৰোঁ।

লেখাপৰীক্ষা আৰু পুনৰীক্ষণপ্ৰণালীয়ে মূখ্য প্ৰক্ৰিয়াসমূহ আৰু পদ্ধতিসমূহ আৰু সেইবোৰৰ প্ৰদৰ্শন পৰ্যবেক্ষণ কৰাত এক প্ৰধান ভূমিকা নিৰ্বাহ কৰে। সেয়েহে, আমি সংস্থাগত ৰূপে গ্ৰহণ কৰা প্ৰণালীবোৰৰ ভিতৰত আছে ভাল প্ৰস্তুতকৰণ প্ৰক্ৰিয়া (জিএমপি) মাহেকীয়া লেখাপৰীক্ষা, খাদ্য সুৰক্ষা আৰু গুণমানৰ ওপৰত আকস্মিক লেখাপৰীক্ষা আদি। গুণমান মেট্ৰিক্স প্ৰদৰ্শনৰ মাহেকীয়া ভিত্তিত পুনৰীক্ষণ কৰা হয়। খাদ্য বিতৰণ কৰাৰ সময়ত আমি দৈনন্দিন ভিত্তিত গ্ৰহণ কৰা প্ৰতিক্ৰিয়াৰ উপৰিও সময়ে সময়ে গুণগত মানদণ্ডৰ কৰ্মচাৰীসকলৰ দ্বাৰা বিশদ গ্ৰাহক সন্তুষ্টি সমীক্ষাসমূহ সম্পন্ন কৰা হয়। প্ৰমাণিত ৰান্ধনীঘৰসমূহত, গুণগত মানদণ্ড আৰু এফএচএমএচ প্ৰৱন্ধকসকলৰ নেতৃত্বত অৰ্হতাসম্পন্ন আভ্যন্তৰীণ লেখাপৰীক্ষকসকলৰ দ্বাৰা বছৰত দুবাৰকৈ ISO 22000আভ্যন্তৰীণ লেখাপৰীক্ষা সম্পন্ন কৰা হয় আৰু আমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা সংস্থাই বছৰেকত দুবাৰকৈ তত্বাবধান লেখাপৰীক্ষা সম্পাদন কৰে। এই সকলোবোৰ সম্পৰ্কিত লেখাপৰীক্ষাৰ তথ্যসমূহ পুনৰীক্ষণ কৰা হয় আৰু উপযুক্ত উন্নয়নমূলক বা সংশোধনী পদক্ষেপসমূহ গ্ৰহণ কৰা হয়। এই সকলোবোৰ পদক্ষেপেই লগতে কাৰ্য্যকাৰীভাৱে প্ৰণয়ন হোৱালৈকে পৰ্যবেক্ষণ কৰা হয়।

নিৰন্তৰ উন্নয়ন পদ্ধতিসমূহ

যিহেতু আমি প্ৰদান কৰা মিড্ ডে মিল (মধ্যাহ্ন ভোজন)ৰ গুণগত মানদণ্ড নিৰৱিচ্ছিন্ন ৰাখি আমি নিজৰ সেৱাসমূহ বজাই ৰখা আৰু উন্নততৰ কৰি তোলাৰ বাবে লক্ষ্য গ্ৰহণ কৰিছোঁ সেয়েহে ইয়াৰ বাবে নিৰন্তৰভাৱে উন্নয়ন কৰাৰ প্ৰয়োজন আছে। আমি নিৰন্তৰভাৱে বিভিন্ন প্ৰক্ৰিয়াসমূহৰ প্ৰদৰ্শন উন্নততৰ কৰি তুলিব লাগিব যাতে উন্নয়নৰ প্ৰতিটো চক্ৰই যেন আমাক সফলতা অৰ্জনৰ পৰৱৰ্তী স্তৰলৈ লৈ যায়। আমি এক পূৰ্ণতাবাদী দৃষ্টিকোণ গ্ৰহণ কৰিছোঁ আৰু ‘অক্ষয়াপ্ৰগথি’ নামৰ এটি কাৰ্য্যক্ৰমৰ পৰিকল্পনা কৰিছোঁ। এই কাৰ্য্যক্ৰমটোৰ অংশস্বৰূপে প্ৰতিজন সদস্যকে এইবোৰ প্ৰয়াসৰ অংশ কৰি তোলাটো সুনিশ্চিত কৰাৰ বাবে আমি কাইজান, চিআই প্ৰকল্পসমূহ আৰু ছয় চিগমা প্ৰণালী গ্ৰহণ আৰু প্ৰণয়ন কৰিছোঁ।

প্ৰশিক্ষণ হৈছে নিৰন্তৰ উন্নয়ন কাৰ্য্যক্ৰমৰ এটি অবিচ্ছেদ্য অংগ। 2012-13 বিত্তীয় বৰ্ষত5এচ, জিএমপি, লীন আৰু কাইজান, আৰু ISO 22000সচেতনতাৰ ওপৰত ৰান্ধনীঘৰৰ কৰ্মচাৰীসকলৰ বাবে সকলোবোৰ অৱস্থানতে 6,000 ব্যক্তি ঘণ্টাতকৈ বেছি সময়ৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হল। গুণগত মানদণ্ড বিভাগে 2013-14 বিত্তীয় বৰ্ষত একেধৰণৰ বিষয়সমূহৰ ওপৰত 15,000 ব্যক্তি ঘণ্টাৰ প্ৰশিক্ষণ সম্পন্ন কৰাৰ লক্ষ্য ৰাখিছে।

এই ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীৰ সফলতা বিস্তৃতভাৱে প্ৰশংসিত হৈছে আৰু লগতে এয়া গ্ৰহণ কৰাৰ যোগ্য এক আদৰ্শ অংশীদাৰী বুলি বিবেচিত হৈছে। লগতে দ্য গ্লবেল জাৰ্ণালৰ দ্বাৰা বিশ্বৰ শীৰ্ষৰ 100 টা এনজিঅ -ৰ ভিতৰত 23তম এনজিঅ বুলি স্থান লাভ কৰি ফাউণ্ডেচনটোৱে বিশ্বব্যাপী স্বীকৃতিও লাভ কৰিছে।

কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহ

Akshaya Patra-ৰ কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহৰবিশাল মাত্ৰাতখুওঁৱা বা আহাৰ প্ৰদান কৰাৰ কাৰ্য্যভাৰ লোৱাৰ সক্ষমতা আছে, সাধাৰণভাৱে এদিনত 1,00,000মিড্-ডে মিল (মধ্যাহ্ন ভোজন) লৈকে। সুৰক্ষিত চোৱা-চিতা কৰা, প্ৰস্তুতকৰণ আৰু খাদ্য প্ৰদান নিশ্চিত কৰাৰ বাবে প্ৰতিটো ৰান্ধনীঘৰে খাদ্য সুৰক্ষা পৰিচালনা পদ্ধতি নিয়োগ কৰে।

এই উচ্চভাৱেযন্ত্ৰচালিত এককসমূহ ব্যৱহাৰ কৰি, Akshaya Patra-ই খাদ্যৰ সতে প্ৰত্যক্ষ মানৱ সংযোগ হ্ৰাস কৰি সৰ্বোচ্চ স্তৰৰ স্বাস্থ্যসন্মততা অৰ্জন কৰিবলৈ সফল হৈছে। ৰন্ধাৰ পাছত, হিতাধিকাৰী বিদ্যালয়সমূহলৈ লৈ যোৱাৰ বাবে, খাদ্যসমূহ ষ্টেইনলেছ ষ্টীলৰ পাত্ৰত ভৰোৱা হয় আৰু কনভেয়ৰবেল্টৰ যোগেদি এইবোৰ অনুকূলিত ভাৱে নিৰ্মাণ কৰা খাদ্য বিতৰণ কৰা গাড়ীসমূহলৈ পৰিবহন কৰা হয়।

অকেন্দ্ৰীভূত ৰান্ধনীঘৰ

অকেন্দ্ৰীভূতৰান্ধনীঘৰসমূহ তেনে ঠাইত স্থাপন কৰা হয় যত ভৌগলিক ক্ষেত্ৰ আৰু অনুপযুক্ত বাট-পথ সংযোগৰ বাবে ডাঙৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰাটো কঠিন হয়। এই ৰান্ধনীঘৰসমূহ মহিলা আত্মসহায়ক গোট (এচএইচজি)ৰ দ্বাৰা পৰিচালিত হয় যিসকলে Akshaya Patra-ৰ দিগদৰ্শন মতে ৰন্ধন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।

এই গোটসমূহৰ সদস্যসকল Akshaya Patra-ৰ ৰান্ধনীঘৰৰ প্ৰক্ৰিয়া আৰু পৰিচালনা মডিউলৰ ওপৰত প্ৰশিক্ষিত হয় আৰু শিশুসকলক যাতে সিঁহতৰ মিড্-ডে মিল (মধ্যাহ্ন ভোজন) ত সুৰক্ষিত, পুষ্টিকৰ খাদ্য প্ৰদান কৰা হয় সেই কথা নিশ্চিত কৰিবৰ বাবে এওঁলোকক Akshaya Patra-ৰ প্ৰতিনিধিসকলে পৰ্য্যবেক্ষণ কৰে।

উৎস: অক্ষয় পাত্ৰ

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate