অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আধাৰ কাৰ্ড

আধাৰ কাৰ্ডৰ বিষয়ে লিখা হৈছে

“আধাৰ’ৰ চলিত প্রকল্পটোৰ আৰম্ভণি ঘটিছিল ২০০৯ চনত। এই প্রকল্পৰ দায়িত্ব দিয়া হৈছিল Infosys ৰ সহঃ প্রতিষ্ঠাপক নন্দন নিলকেনীক। কেবিনেট মন্ত্রী এজনৰ সম মর্যাদাৰে তেওঁক Unique Identification Authority of India (UIDAI) ৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল। ২০১০ চনত নিলকেনীয়ে ‘'ব্ৰেণ্ড নেম আধাৰ’ (Aadhar) আৰু ল’গ’ৰ সূচনা কৰে। আধাৰ নম্বৰ হৈছে ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিলৈ ভাৰত চৰকাৰে প্ৰদান কৰা ১২টা সংখ্যাৰ একক পৰিচয়সূচক নম্বৰ। আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ লগত জড়িত সমগ্ৰ কাম-কাজৰ পৰিচালনাৰ দায়িত্ব আছে UIDAI ৰ হাতত। এই আধাৰ নম্বৰটোতে সোমাই থাকিব প্রতিজন ভাৰতবাসীৰ ডেম'গ্রাফিক আৰু বায়'মেট্রিক তথ্য। পাছপ'ৰ্ট, PAN, গাড়ী চলোৱাৰ অনুমতি-পত্ৰকে ধৰি বহু পৰিচয়-পত্র আমাৰ দেশত বহু বছৰ ধৰি চলি আহিছে। আধাৰ কার্ডে এই সকলোৰে বিকল্প প্রতিষ্ঠাপনক নুবুজায়। কিন্তু আন বহুতো সেৱাৰ বাবে আৱেদন কৰোঁতে এই আধাৰ কার্ডকে মূল পৰিচয়-পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতত বাস কৰা লোক এজনে যিকোনো এটা আধাৰ কেন্দ্ৰলৈ গৈ পৰিচয়ৰ চলিত প্রমাণ হিচাপে পাছপ'ৰ্ট, PAN কার্ড, ড্রাইভিং লাইচেন্স আৰু ঠিকনাৰ প্রমাণ হিচাপে ফোন অথবা বিদ্যুতৰ বিল, বেংক ষ্টেটমেন্ট জমা দিয়াৰ লগতে আইৰিচ আৰু আংগুঠা চাপ স্কেন কৰিলেই হ’ল। আইৰিচ আৰু অংগুঠা চাপ দুয়োটাই এই কাৰণে লোৱা হৈছে যে এজন মানুহৰ পৰিচয় নিশ্চিত কৰিবৰ বাবে অংগুঠা চাপ যথেষ্ট নহয়। বয়সৰ লগে লগে আইৰিচৰ অৱক্ষয় নহয়। আনকি চকুত ছানি পৰা লোকেও আইৰিচৰ স্কেন কৰাব পাৰে। সেয়ে বায়’মেট্ৰিক তথ্যৰ বাবে আইৰিচো লোৱা হৈছে।

আধাৰ প্ৰকল্পৰ উদ্দেশ্য ?

আধাৰ প্রকল্পৰ এটা উদ্দেশ্য হৈছে অন্তৰ্ভুক্তি। আমাৰ দেশত জন্ম পঞ্জীয়নৰ ব্যৱস্থাটো ইমান শক্তিশালী নহয়। বহু মানুহে আমাৰ দেশত জন্মৰ পঞ্জীয়ন নকৰায়। গতিকে তেওঁলোকৰ হাতত জন্মৰ প্রমাণ-পত্ৰ নাথাকে। গতিকে এক বৃহৎসংখ্যক জনসাধাৰণৰ কোনো ID নাই অথবা তেওঁলোকে ৰেচন কাৰ্ডৰ দৰে সমূহীয়া ID ৰ ওপৰত নিৰ্ভৰ কৰে বা ভোটাৰৰ পৰিচয় পত্ৰৰ ওপৰত নিৰ্ভৰ কৰে, যি কেৱল প্রাপ্তবয়স্কৰ বাবেহে । গতিকে দেশখনৰ যিকোনো ঠাইৰ পৰা সত্যাসত্য পৰীক্ষা কৰিব পৰা এক ডিজিটেল ID সকলোৰে বাবে বৰ কাৰ্যকৰী হ'ব। বিশেষকৈ কাম বিচাৰি অথবা দক্ষতা আহৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হোৱা শ্রমিকসকলৰ বাবে ই এটা ডাঙৰ সকাহ হ’ব।

দ্বিতীয় উদ্দেশ্যটো দক্ষতা তথা ব্যয় সংকোচনৰ লগত জড়িত। ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ, য’ত চৰকাৰে পেন্সন, নিয়োগ নিশ্চয়তা, জলপানি, বিনামূলীয়া সেৱা অথবা ৰেহাইৰ জৰিয়তে জনসাধাৰণক সকাহ দিবৰ চেষ্টা কৰে। চৰকাৰে বাজেটৰ এক বৃহৎ অংশ সামাজিক নিৰাপত্তা প্ৰদানত ব্যয় কৰে। এক উপযুক্ত ID ব্যৱস্থাৰ অভাৱত চৰকাৰৰ প্ৰতিখন কল্যাণ আঁচনিত বহু ভুৱা হিতাধিকাৰী সোমাই পৰিছে। আধাৰ কাৰ্ডৰ জৰিয়তে এই ভুৱা হিতাধিকাৰীসকল নোহোৱা কৰি চৰকাৰী ধনৰ সঞ্চয় কৰাটোও আধাৰ কাৰ্ড প্রকল্পৰ উদ্দেশ্য।

বাধ্যতামূলক কৰা হৈছে "আধাৰ”

আধাৰ নম্বৰ অবিহনে কৰিব নোৱৰা কেতবোৰ কামৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

  • বেংক একাউণ্ট এটা খুলিবৰ বাবে আধাৰ বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যে বেংক একাউণ্ট থকা সকলো লোকে তেওঁলোকৰ আধাৰ নম্বৰ বেংকক জনাব লাগিব।

আয়কৰৰ ৰিটার্ন পৰিপূৰণ কৰিবৰ বাবেও আধাৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক।

PAN ৰ বাবে আৱেদন কৰিবৰ বাবেও আধাৰ নম্বৰৰ আৱশ্যক। ইতিমধ্যে PAN থকা লোকসকলে তেওঁলোকৰ PAN আধাৰ নম্বৰৰ লগত সংযোজিত কৰিব লাগিব।

  • কৰ্মচাৰী ভবিষ্যনিধি সংস্থাই (EPFO) ইতিমধ্যে ভৱিষ্যনিধি একাউণ্ট আধাৰৰ লগত সংযোজিত কৰাটো বাধ্যতামূলক কৰিছে।

নতুন ফোন নম্বৰ এটা পাবলৈও আধাৰ নম্বৰ জনোৱাটো বাধ্যতামূলক।

  • কেন্দ্রীয় চৰকাৰৰ জলপানি আৰু আন বিত্তীয় সাহায্যৰ বাবে আৱেদন কৰিবৰ বাবেও ছাত্র-ছাত্ৰীসকলক আধাৰ নম্বৰৰ আৱশ্যক।

পাছপ'ৰ্টৰ বাবে আবেদন কৰিবৰ বাবেও আধাৰ নম্বৰৰ আৱশ্যক। আধাৰ নম্বৰ অবিহনে এতিয়া পাছপ'ৰ্ট পোৱাটো অসম্ভৱ।

  • ৰে’লৱে টিকটৰ দামৰ ক্ষেত্ৰত ৰেহাইৰ সুবিধা লাভ কৰিবৰ বাবেও আধাৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক।
  • চৰকাৰী স্কুলৰ ছাত্র-ছাত্রীয়ে মধ্যাহ্ণ ভোজন আঁচনিৰ সুবিধা পাবলৈ হ’লেও আধাৰ কাৰ্ড লাগিব।
  • ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সকলো সাহায্য আৰু সুবিধা পাবলৈ হ'লে আধাৰ নম্বৰক ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰিব লাগিব। দৰাচলতে চৰকাৰৰ সকলো কল্যাণ আঁচনিৰ বাবেই আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে।

কিদৰে উপকৃত হ’ব সৰ্বসাধাৰণ আৰু অর্থনীতি ?

বহু সেৱা যোগানধাৰী আৰু এজেন্সীয়ে আমাৰ পৰা পৰিচয়-পত্র বা অন্যান্য নথি-পত্র বিচাৰে। চৰকাৰে এই আধাৰ কাৰ্ডৰ জৰিয়তে এই কথাটো জনাইছে যে এনে এক পৰিচয় আছে, যিটো তোমালোকে গ্রহণ কৰা উচিত। অৱশ্যে এই এজেন্সীসমূহে যদি আন পৰিচয়-পত্র বিচাৰে, তেন্তে বিচাৰিব পাৰে। এই কথাটো বিশেষভাবে খাটে চৰকাৰীভাৱে আগবঢ়োৱা ৰেহাই বা সাহায্যৰ ক্ষেত্ৰত। এই কথাটো সকলোৱে স্বীকাৰ কৰিব যে চৰকাৰে যেতিয়া ধন ব্যয় কৰিছেই, গতিকে ই সঠিক ব্যক্তিৰ হাতলৈ যোৱা উচিত। অদূৰ ভবিষ্যতে নিশ্চয়কৈ আৰু অধিক এজেন্সীয়ে আধাৰ ব্যৱহাৰ কৰি সেৱা যোগান ধৰিবলৈ ল’ব। দৰাচলতে "আধাৰ কাৰ্ড” কেৱল চৰকাৰী সুবিধা আদায়ৰ বাবে ব্যৱহাৰ কৰিবলৈ সূচনা কৰা হোৱা নাই। ই হৈছে এখন পটভূমি, যাক সকলোৰে বাবে প্রস্তুত কৰা হৈছে। চৰকাৰীয়েই হওক অথবা ব্যক্তিগত খণ্ডই হওক। তদুপৰি আধাৰ কার্ডখন ৰেচন কাৰ্ডৰ দৰে এক বিশেষ উদ্দেশ্যত লগা পৰিচয়-পত্ৰ নহয়। ইয়াক যিকোনো উদ্দেশ্যতে ব্যৱহাৰ কৰিব পাৰি। চৰকাৰে ইতিমধ্যে কৰদাতাই আয়কৰৰ ৰিটার্ন পৰিপূৰণ কৰিবৰ বাবে আৰু PANৰ আৱেদন কৰিবৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক কৰিছে। এতিয়া চৰকাৰ আৰু SEBI য়ে বিত্তীয় বজাৰৰ লেনদেনৰ লগত “আধাৰ”ৰ সংযোগ ঘটোৱাৰ কথা ভাবিছে। UGC য়েও তেওঁলোকে প্রদান কৰা ডিগ্ৰীৰ প্ৰমাণ-পত্ৰত ফটো আৰু আধাৰ নম্বৰৰ দৰে চিনাক্তকৰণ প্রক্রিয়াৰ সূচনা কৰিবৰ বাবে সকলো বিশ্ববিদ্যালয়কে অনুৰোধ জনাইছে।

আগতে কোনো ধৰণৰ পৰিচয় নথকা হাজাৰজনৰ এতিয়া এটা আই ডি হ’ল। তেওঁলোকে এতিয়া সহজে কাম পাব পাৰিব, বেংক একাউণ্ট খুলিব পাৰিব। কামৰ বাবে ঘৰৰ পৰা আঁতৰত থকা শ্ৰমিক পৰিয়ালক ই বহুত সকাহ দিব পাৰিব। ধৰা হওক, হাৰিয়ানাৰ ভিতৰুৱা গাঁৱৰ এটা পৰিয়াল। স্বামীয়ে নগৰত শ্ৰমিকৰ কাম কৰে আৰু পত্নীয়ে গাঁৱতে বাস কৰে। তেওঁলোকে এতিয়া স্বতন্ত্ৰভাৱে তেওঁলোকৰ ৰেচনৰ অংশ উঠাব পাৰিব। আকৌ কাৰোবাৰ নামত থকা ভূমি আন কোনোবাই বিক্ৰী কৰাৰ অলেখ কাহিনী আমি প্রায়ে বাতৰিকাকতত পঢ়িবলৈ পাওঁ। ভুৱা পৰিচয় দি, নাম আৰু চহী জাল কৰি এই কাম কৰে। এতিয়া যদি সম্পত্তিৰ তথ্য আধাৰ নম্বৰৰ লগত সহযোগিতা কৰা হয়, তেন্তে কোনেও ভুৱা পৰিচয়াৰে কাকো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। মধ্যস্থতাকাৰী আৰু আন বাবুসকলৰ আৱশ্যকতা নোহোৱা কৰি এতিয়া এম জি এনৰেগাৰ পৰিশোধ, পেন্সন, সামাজিক কল্যাণমূলক আঁচনিৰ সাহায্য এতিয়া হিত্যাধিকাৰীৰ একাউন্টত প্রত্যক্ষভাবে পৰিশোধ কৰা হয়। ভুৱা হিতাধিকাৰীৰ অৱসান ঘটা কথাটোৰ নিশ্চয়কৈ কোনেও সমর্থন নকৰাকৈ নাথাকে। চৰকাৰী তথ্যৰ মতে আধাৰ কাৰ্ডৰ ব্যৱহাৰে ৫৭,০০০ কোটি টকাৰ ৰাহি কৰিছে। বেংক একাউণ্ট আৰু 'পেন’ৰ সৈতে আধাৰৰ সহযোগে অঘোষিত আয়ৰ ক্ষেত্ৰত এটা ডাঙৰ আঘাত হানিব। একেদৰে ভূমি নথি-পত্ৰৰ আধাৰ আৰু পেনৰ লগত সংযোগে ক’লাধনৰ সম্ভেদ পোৱাত সহায় কৰিব। গতিকে আধাৰ কার্ডে কেৱল সেৱাৰ যোগানৰ ক্ষেত্ৰতে দক্ষতা নিশ্চিত নকৰিব, ই চৰকাৰৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে ক’লাধনৰ সমস্যাৰ সমাধানৰ দিশত সহায় কৰিব।

অসমত আধাৰ কাৰ্ডৰ কাম হোৱা নাই

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৰেচনৰ পৰা আয়কৰৰ ৰিটার্ন পৰিপূৰণ কৰালৈকে বিভিন্ন ক্ষেত্ৰত আধাৰ কাৰ্ড বাধ্যতামূলক কৰা অৱস্থাতো অসম, মেঘালয় আৰু জম্মু-কাশ্মীৰক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম নোহোৱালৈকে অসমত আধাৰ কাৰ্ডৰ অন্তভুক্তিৰ কাম নহ’ব। আধাৰ কাৰ্ড খন হৈছে সকলো উদ্দেশ্যত ব্যৱহাৰ কৰিব পৰা এখন ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ। গতিকে অসম চৰকাৰে নিবিচাৰে যে অবৈধ অনুপ্ৰৱেশৰ সমস্যাত জৰ্জৰিত ৰাজ্যখনত অবৈধ বাংলাদেশীয়ে এই পৰিচয়-পত্ৰৰ সুবিধা লওক। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ পিছত চৰকাৰে এন আৰ চিৰ নথি-পত্ৰৰ আধাৰৰ সৈতে সংযোজিত কৰিব আৰু আনুষ্ঠানিকভাৱে "আধাৰ কার্ড”ৰ ব্যৱহাৰৰ আৰম্ভণি ঘটাব। কিন্তু ইতিমধ্যে অসমত এন আৰ চিৰ উন্নীতকৰণৰ কামত বিলম্ব হৈছে। নির্ধাৰিত সময়সীমা উকলি গৈছে। এইবছৰ এখন সভাত চন্দ্রমোহন পাটোৱাৰীয়ে কৈছিল যে অসমত অচিৰেই আধাৰ কাৰ্ডৰ কাম আৰম্ভ হ’ব।  সাধাৰণ প্ৰশাসন বিভাগে (General Administration Department)  “আধাৰ”ৰ ৰূপায়নৰ কাম কৰিব আৰু গৃহ বিভাগে ইয়াক পর্যবেক্ষণ কৰিব। আধাৰ কাৰ্ডৰ অভাৱত অসমৰ লোক, বিশেষকৈ ছাত্র-ছাত্ৰীসকলে ৰাজ্যৰ বাহিৰত সন্মুখীন হোৱা অসুবিধাৰ কথা মন্ত্রী ডাঙৰীয়াই স্বীকাৰো কৰিছিল। কিন্তু এন আৰ চিৰ উন্নীতকৰণৰ ক্ষেত্ৰত প্রয়োজনীয় তৎপৰতা পৰিলক্ষিত হোৱা নাই।

শংকা, সন্দেহ আৰু অসুবিধাৰ মাজত আধাৰ কাৰ্ড

আমাৰ অর্থনীতিত এনে বহু লোক আছে, যি সদায়েই অৱহেলিত আৰু বৰ্জিত হৈ আহিছে। আজিৰ বজাৰ অর্থনীতিত এই সকলো থাকিও নথকাৰ দৰেই। এমুঠি খাবৰ বাবে এইসকল লোকে ওৰেদিন পৰিশ্ৰম কৰিব লাগে। ৰেচন কার্ড, বেংক একাউন্ট, পেন্সন একোৱেই নথকা এইসকল লোকে এতিয়া আধাৰ কাৰ্ডো পোৱা নাই। এওঁলোকে নাজানে নথি-পত্ৰ নথকাকৈ কেনেকৈ আধাৰ কার্ড পাব পাৰি, কোন হ’ব পাৰে পৰিচয় কৰোঁতা। তদুপৰি দিনটোৰ কাম খতি কৰি আধাৰ কাৰ্ডৰ বাবে গ’লে ৰাতিটো লঘোণে থাকিব লাগিব তেওঁলোকে । এনে অবস্থাত কিমান সফল হ’ব অন্তৰ্ভুক্তিৰ উদ্দেশ্য। ইতিমধ্যে সংবাদ মাধ্যমে এনে লোকৰ কাহিনী পোহৰলৈ আনিছে। দক্ষতাৰে সেৱাৰ যোগান ধৰিবৰ বাবে কোনো নম্বৰৰ নহয়, ৰাজনৈতিক আৰু প্রশাসনিক ইচ্ছাৰহে প্রয়োজন। সেয়া আধাৰ কাৰ্ডৰ বাবে জনসাধাৰণে দেখুওৱা তৎপৰতাতে প্রমাণ হ’ল। এতিয়া প্রয়োজন প্রশাসনিক ইচ্ছাৰ। ইউ আই ডি বা আধাৰৰ উদ্দেশ্য আছিল চৰকাৰৰ আঁচনিত থকা দুর্নীতি আৰু শোষণৰ অৱসান ঘটোৱা। কিন্তু এতিয়া আধাৰৰ অন্তভুক্তি ব্যৱস্থাটোৱেই দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছে। যোৱা মাহত দিল্লীৰ মংগলপুৰী অঞ্চলৰ পৰা দিল্লী আৰক্ষীয়ে ছাদাম হুছেইন আৰু মোহিত নামৰ লোক দুজনক ঠিকনা আৰু পৰিচয়ৰ কোনো প্রমাণ নোহোৱাকৈ আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰাৰ অজুহাতত গ্রেপ্তাৰ কৰা কথাটোৱেই প্রমাণ কৰে ‘আধাৰ কাৰ্ড'ৰ এই ব্যৱস্থাটোত দুষ্ট চক্ৰ কিমান সক্রিয়। নামভৰ্তিৰ দায়িত্বত থকা এজেণ্টসকলৰ বিৰুদ্ধেই উত্থাপিত হৈছে উৎকোচ লোৱাৰ আৰু প্রয়োজনতকৈ অতিৰিক্ত দাম লোৱাৰ অভিযোগ। পীড়িত হৈছে দৰিদ্ৰসকল। দৈনিক হাজিৰা কৰা লোক এজনে যদি আধাৰ অন্তৰ্ভুক্তি কেন্দ্ৰ এটালৈ যায়, চিষ্টেমত তেওঁৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰাৰ পিছত তেওঁ তেওঁৰ ঠিকনা নিজেই সলনি কৰিব পাৰে, কিন্তু প্রাথমিক বিদ্যালয়ৰ ডেওনাখন পাৰ নোহোৱা আমাৰ দেশৰ হাজাৰজন শ্রমিকৰ বাবে অনলাইন ব্যৱস্থাৰ সুবিধা লোৱাটো সম্ভৱনে ? চৰকাৰে ইতিমধ্যে বিভিন্ন সামাজিক কল্যাণমূলক আঁচনিৰ সুবিধা ল’বৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে। গতিকে তথ্য-প্রযুক্তিৰ ভু-ভা নোপোৱা দৰিদ্র এইসকল লোকে যিকোনো উপায়েৰে “আধাৰত অন্তৰ্ভুক্তি কৰিব বিচাৰিছে। আধাৰ কাৰ্ডৰ বাবে ভেটী দিবলৈ সেইসকল লোকহে গৈছে, যিসকলে এই ব্যৱস্থাটোৰ নিয়ম-কানুন নাজানে। দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোক দুজনৰ পৰা জনা গৈছিল— চৰকাৰে বিনামূলীয়াকৈ আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকে ১০০ টকাৰ পৰা ১,০০০ টকালৈকে মাচুল লৈছিল। এয়া দিব লাগিছিল নগদ। ৰাজস্থানত চৰকাৰৰ নিজৰ হিচাপমতেই ১৫-২০। মানুহ, যাৰ আধাৰ কাৰ্ড পি ডি এছত সংযোজিত কৰা হৈছে, ৰেচন প্রদান কৰিবলৈ অস্বীকাৰ কৰা হৈছে, বায়’মেট্রিক্স (biometries) নিমিলাৰ বাবে অথবা নেটৱর্কৰ সমস্যাৰ বাবে ইউ আই ডি এ আইয়েও নিজে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ছাইটত অন্তর্ভুক্ত আধাৰ অন্তৰ্ভুক্তি কেন্দ্ৰ (Aaadhar Inrollment Centre) কিছুমানে এটা নহয় আন এটা অজুহাতত নাম অন্তৰ্ভুক্তি নকৰায় মানুহক ওভতাই পঠোৱাৰ অভিযোগ তেওঁলোকলৈ আহিছে। কিন্তু ডাঙৰ কথাটো হৈছে অন্তর্ভুক্তিৰ (enrollment) দায়িত্বত থকা এজেন্টসকল স্বেচ্ছাসেৱী নহয়। তেওঁলোকক পৰীক্ষাৰ জৰিয়তে নিৰ্বাচন কৰা হৈছে, প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰতিটো অন্তৰ্ভুক্তিৰ বিপৰীতে পৰিশোধ কৰা হৈছে, তাৰ পিছতো অন্তৰ্ভুক্তি নকৰি ওভতাই পঠোৱাটোৱে কি সূচায় ?

সাধাৰণ মানুহৰ মনত শংকা আৰু উদ্বেগৰ সৃষ্টি হৈছে আধাৰৰ তথ্যৰ নিৰাপত্তাক লৈ, গোপনীয়তাৰ অধিকাৰক লৈ। যোৱা মাহত কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী পি পি চৌধুৰীয়ে সদনত জনাইছিল যে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভাগ আৰু শিক্ষানুষ্ঠানৰ ২১০টা ৱেবছাইটে কল্যাণ আঁচনিৰ হিতাধিকাৰীৰ ঠিকনা আৰু আধাৰ নম্বৰেৰে সৈতে নাম প্রকাশ কৰিছে। অৱশ্যে চৰকাৰে ইউ ডি এ আইৰ পৰা আধাৰৰ কোনো তথা ফাদিল হোৱাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু আধাৰ নম্বৰ ফাদিল হোৱাৰ বাতৰি সঘনাই সংবাদ মাধ্যমে পৰিৱেশন কৰি আহিছে। অলপতে আই আই টি, কানপুৰৰ পৰা উত্তীর্ণ ছফট্‌ৱেৰ ইঞ্জিনিয়াৰ অভিনৱ শ্ৰীবাস্তৱ তেওঁৰ app, Asdhar E-KYC verification ৰ বাবে অবৈধভাৱে আধাৰ তথ্য সংগ্ৰহ কৰাৰ অভিযোগত বেংগালুৰুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। আকৌ পঞ্জাৱ চৰকাৰৰ Greater Ludhiana Area Development Authority (GLDA)  ৱেবছাইটটোত ২০,০০০ আধাৰ নম্বৰ প্রকাশ পাইছিল।

আটাইতকৈ উদ্বেগজনক কথাটো হৈছে ইলেক্ট্র’নিক্স আৰু তথ্য-প্রযুক্তিৰ ৰাজ্যিক মন্ত্ৰী পি পি চৌধুৰীয়ে সদনক জনোৱা অনুসৰি এজন পাকিস্তানী নাগৰিকেও আধাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। তথ্য পৰীক্ষা নকৰাকৈ প্রমাণ-পত্ৰ দিয়া চৰকাৰী বিষয়াৰ বাবেই যে এনে হৈছে ধুৰূপ। অকল সেয়ে নহয়, বেংক আৰু টেলি কোম্পানীৰ পৰা ফোন কৰা বুলি কৈ দুষ্টচত্রই ব্যক্তিৰ আধাৰ নম্বৰ জানিব বিচৰাৰ অভিযোগে উত্থাপিত হৈছে। এই গোটেইবিলাকে ভীতিগ্রস্ত কৰি তুলিছে সাধাৰণ মানুহক। নিৰাপদ নহয় নেকি তেওঁলোকৰ আধাৰৰ তথ্য ? আধাৰৰ সমগ্র অন্তর্ভুক্তি প্রক্রিয়াটো নিৰ্ভৰ কৰে ব্যক্তিগত এজেণ্টৰ ওপৰত, যাৰ দায়বদ্ধতাৰ ওপৰত ইতিমধ্যেই প্রশ্ন উত্থাপিত হৈছে। গতিকে অন্তৰ্ভুক্তিৰ কাৰণে অহা ব্যক্তিৰ বায়'মেট্রিক্সৰ ক'পী এটা সহজেই তেওঁলোকে ৰাখি থ'ব পাৰে আৰু "আধাৰ” নিৰ্ভৰশীল ব্যৱস্থাত পিছলৈ বিত্তীয় লেনদেনত এই বায়’মেটিক্স ব্যৱহাৰ কৰিব পাৰে। ‘আধাৰ’’ৰ দৰে এটা বৃহৎ প্রকল্প আমাৰ দেশত তথ্য সুৰক্ষাৰ এখন শক্তিশালী আইন অবিহনে আৰম্ভ কৰি দিয়া হ’ল। প্রশ্ন উত্থাপন হৈছে চৰকাৰৰ প্ৰকৃত উদ্দেশ্যক লৈও। কিছু লোকৰ মতে আধাৰ হৈছে এডাল শিকলি, যাৰ দ্বাৰা চৰকাৰে ব্যক্তিৰ পর্যবেক্ষণ কৰি থাকিব পাৰিব। এজন ব্যক্তিয়ে জানিব যে চৰকাৰে তেওঁক লক্ষ্য কৰি আছে তেওঁৰ কামত, কথাত সকলোতে সতর্ক নহ’বনে ? তেওঁৰ

মর্যাদা আৰু স্বাধীনতা খর্ব নহ’বনে? আধাৰ প্রকল্প আৰু ২০১৬ৰ আধাৰ আইনৰ সাংবিধানিক বৈধতাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত হোৱা বিচাৰত গোপনীয়তাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিৰ পৰিৱর্তন হোৱা দেখা গৈছে। ২০১১ চনত আইন মন্ত্রণালয়ে আইন অবিহনেই আধাৰ প্ৰকল্প ৰূপায়ণ কৰাক লৈ তোলা প্রশ্নত এটর্নী জেনেৰেল গোলাম বহন্বতীয়ে জনাইছিল যে গোপনীয়তাৰ অধিকাৰ সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত এটা মৌলিক অধিকাৰ।

২০১২ আৰু ২০১৪ৰ মাজত চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা কাউন্টাৰ এফিডেফিটতো চৰকাৰৰ একে স্থিতিকে অবলম্বন কৰা দেখা যায়। কিন্তু ২০১৫ চনৰে পৰা চৰকাৰে গোপনীয়তাৰ অধিকাৰক এটা মৌলিক অধিকাৰ হিচাপে অস্বীকাৰ কৰিবলৈ ধৰা দেখা যায়। এইবছৰ মে’ মাহত আধাৰ কেছৰ শুনানিত এটর্নী জেনেৰেল মুকুল ৰোহটাগীয়ে জে. জে. ৰৌচিয়ানৰ উল্লিখনেৰে কৈছিল-"The state is like a corporation. Individuals are members of a corporation. From the craddle to the grave we are in a contractual relationship with the state-you want to be forgotten, but the state doesn't want to forget you-you have no right to be invisible-we will go to DNA next.' তুষাৰ মেহতাৰ মতে অনলাইনৰ যুগত একোৱেই ব্যক্তিগত নহয়। কিন্তু ছ'চিয়েল মিডিয়াত প্রৱেশ কৰা লোকে স্বেচ্ছাই এই গোপনীয়তা ত্যাগ কৰে, তেওঁক বাধ্য কৰা নহয়।

উচ্চতম ন্যায়ালয়ৰ শেহতীয়া শুনানিত বায়’মেট্ৰিক তথ্যৰ দায়িত্বত থকা এজেন্সীয়ে চৰকাৰক জনাইছিল যে আধাৰৰ তথ্যৰ ভিত্তিত নাগৰিকক পর্যবেক্ষণ কৰা অথবা গোপনে নিৰ্ধাৰণ কৰা অসম্ভৱ। আনকি যদি ন্যায়ালয়ে চৰকাৰক এই ক্ষমতাও দিয়ে, তেতিয়াও এজন মানুহে কি কাৰণে তেওঁৰ পৰিচয়ৰ প্ৰমাণীকৰণ কৰাইছে, তাক জনাটো সম্ভৱ নহয়। প্রযুক্তিৰ এই উন্নতিৰ সময়ত এই উত্তৰৰ ব্যাখ্যাৰ প্রয়োজন। গোপনীয়তাৰ অধিকাৰৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বাবে আমি আৰু কেইদিনমান বাট চাব লাগিব। যদিহে উচ্চতম ন্যায়ালয়ে গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে তেন্তে আধাৰ কাৰ্ডৰ ব্যৱহাৰ আৰু তাৰ দায়িত্বত থকা ইউ আই ডি এ আই দুয়োটাৰ ওপৰতে প্ৰভাৱ পৰিব। গোপনীয়তাৰ অধিকাৰে ব্যক্তিৰ জন্মগত মর্যাদাৰ পুনৰ প্রতিষ্ঠা কৰিব। ইয়াৰ অবিহনে ব্যক্তি হৈ পৰিব এটা নম্বৰ মাত্র, তেওঁৰ পৰিচয় সেই নম্বৰৰ পৰা পৃথক কৰিব নোৱৰা হৈ পৰিব। ব্যক্তি স্বতন্ত্রতা কাঢ়ি নিয়াৰ পৰিপ্রেক্ষিতত ব্যক্তি হৈ পৰিব পণ্য।

লেখিকা: ড° সুস্মিতা প্ৰিয়দৰ্শিনী, পূৰ্বাচল।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
শ্ৰী দীপক হুণিপূৰ্ত্তী Mar 17, 2018 01:58 PM

চাৰ, মই আধাৰ কাৰ্ডৰ কাম কৰিব বিচাৰিছোঁ । কিন্তু জানিব পৰা মতে, কোনো ব্যক্তিগত প্ৰতিষ্ঠানে বা ব্যক্তিগতভাৱে কামটো কৰিব নোৱাৰি । গতিকে আপোনালোকে উক্ত বিষয়ত পৰামৰ্শ আগবঢ়াই উপকৃত কৰে যেন । মই ৮০% নম্বৰ লৈ EA পৰীক্ষাতো উত্তীৰ্ণ হʼলো । গতিকে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো যাতে কামৰ দিহা পৰামৰ্শ আগবঢ়ায় । ধন্যবাদ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top