অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ গাঁও আমাৰ আঁচনি:

আমাৰ গাঁও আমাৰ আঁচনি ৰ আলোচনা কৰা হৈছে

 

বিশেষ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ অভিযান

 

২০১৭-১৮ বৰ্ষৰ মহাত্মা গান্ধী এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত সকলো আঁচনি এই পৰিকল্পনাৰ পৰা লোৱাটো বাধ্যতামূলক। আহক- সকলো পঞ্চায়ত, ভিচিডিচি, ভিডিচিকে ধৰি সমগ্ৰ ৰাজ্যজুৰি চলিবলগীয়া পৰিকল্পনা প্ৰস্তুতিৰ এই অভিযানৰ প্ৰতিটো পদক্ষেপতে অংশ গ্ৰহণ কৰক আৰু আপোনাৰ গাঁওখনৰ উন্নয়নৰ অংশীদাৰ হওঁক।

১২ মে’, ২০১৭ৰ পৰা ১২ জুন, ২০১৭ লৈ

মন কৰিব:

 

পদক্ষেপ ১- অভিযানৰ প্ৰস্তুতিৰ বাবে পঞ্চায়ত কমিটিৰ বৈঠক(১২ মে’, ২০১৭)।

পদক্ষেপ ২- পৰিকল্পনাৰ বাবে ৰাইজৰ স্বত:ফূৰ্ত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৱাৰ্ড পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আয়োজন(১৩-১৪ মে’, ২০১৭)।

পদক্ষেপ ৩- ক)বিভিন্ন উৎসৰ পৰা গৌণ তথ্যৰাজি সংগ্ৰহ।

খ)বিভিন্ন আঁচনি বাছনিৰ বাবে ৰাইজৰ দ্বাৰা মানচিত্ৰ অংকন(১৫-১৭ মে’, ২০১৭)।

পদক্ষেপ ৪- ৱাৰ্ড পৰ্যায়ত সকলোৰে অংশগ্ৰহণেৰে মানচিত্ৰ অংকন(১৮-২৩ মে’, ২০১৭)।

পদক্ষেপ ৫- ৱাৰ্ডসমূহত গাঁওবাসীৰ সৈতে আঁচনি বাছনিৰ বাবে মত বিনিময় অনুষ্ঠান আৰু বিষয়ভিত্তিত আলোচনা(১৮-২৩ মে’, ২০১৭)।

পদক্ষেপ ৬- আন্ত:গাঁথনিমূলক আঁচনি বাছনিৰ বাবে ৰাইজৰ সৈতে পদব্ৰজে চুবুৰি ভ্ৰমণ(Transect walk)(১৮-২৩ মে’ ২০১৭)।

পদক্ষেপ ৭- ৰাইজৰ দ্বাৰা সংগৃহীত তথ্যসমূহৰ একত্ৰীকৰণ, অগ্ৰাধিকাৰ নিৰূপন আৰু অনুমোদনৰ বাবে ৱাৰ্ড সভা(২৪-২৯ মে’, ২০১৭)।

পদক্ষেপ ৮- ৱাৰ্ডসভাৰ পৰিকল্পনাসমূহৰ একত্ৰীকৰণৰ বাবে পঞ্চায়তৰ দ্বিতীয় বৈঠক(৩০ মে’-১ জুন, ২০১৭)।

পদক্ষেপ ৯- অগ্ৰাধিকাৰ ভিত্তিত আঁচনি গ্ৰহণৰ বাবে গাওঁসভাৰ বৈঠক(২-৩ জুন, ২০১৭)।

পদক্ষেপ ১০- খচৰা উন্নয়ন পৰিকল্পনা প্ৰস্তুতি(৪-৫ জুন, ২০১৭)।

পদক্ষেপ ১১- বাৰ্ষিক কৰ্ম পৰিকল্পনা বিশ্লেষণৰ বাবে পঞ্চায়তৰ তৃতীয় বৈঠক(৬ জুন, ২০১৭)।

পদক্ষেপ ১২- বাৰ্ষিক কৰ্ম পৰিকল্পনা অনুমোদন কৰাৰ বাবে গাঁওসভাৰ বৈঠক(৭-৮ জুন, ২০১৭)।

পদক্ষেপ ১৩- চূড়ান্ত গাওঁ পঞ্চায়ত/ ভিচিডিচি/ ভিডিচিৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ(৯-১২ জুন, ২০১৭)।

পদক্ষেপ ১৪- প্ৰাককলন প্ৰস্তুতি আৰু কাৰিকৰী অনুমোদন(১২ জুন, ২০১৭ৰ পিছৰ পৰা)।

অধিক তথ্যৰ বাবে আপোনাৰ গাওঁ পঞ্চায়ত/ ভিচিডিচি/ ভিডিচিৰ লগত যোগাযোগ কৰক। অথবা ফোন কৰক এই নম্বৰলৈ: ৯৯৫৪৪-৯৭৬৭৪/ ৯৪০১০-১৩২২২/ ৯৪০১২-৭১৭৭৭

আহক, আমি সকলোৱে মিলি গাঁৱৰ উন্নয়নত সহযোগ কৰো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম।

উৎস:অসমীয়া প্ৰতিদিন

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top